Class 12 ECONOMICS Chapter 3 Short Question Answer | Chapter 3 মুদ্ৰা আৰু বেংক ব্যৱস্থা Short Answer

ক. অতি চমু উত্তৰৰ প্ৰশ্ন ঃ

১। মুদ্ৰাৰ প্ৰচলন বেগ কি ?

উত্তৰ : এক একক মুদ্ৰাই এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰা লেনদেনৰ সংখ্যাই হ’ল মুদ্ৰাৰ প্ৰচলন বেগ’।

২। ‘অভাৱৰ দুবাৰ মিল’ বুলিলে কি বুজা ?

উত্তৰ : বিনিময় প্রথাত লেনদেন হোৱা দুয়োপক্ষৰ অভাৱৰ সঙ্গতি থকাটোকে অভাৱৰ দুবাৰ মিল’ বুলি কোৱা হয়।

৩। আদেশী মুদ্রা কি ?

উত্তৰ : চৰকাৰে আদেশৰ জৰিয়তে বিনিময়ৰ মাধ্যম হিচাপে পৰিণত কৰা মুদ্ৰাক ‘আদেশী মুদ্ৰা’ বুলি কোৱা হয়।

৪। মুদ্ৰাৰ যোগান বুলিলে কি বুজায় ?

উত্তৰ : কোনো এক বিশেষ সময়ত জনসাধাৰণৰ হাতত থকা সকলো প্ৰকাৰৰ মুদ্ৰাক একেলগে ‘মুদ্ৰাৰ যোগান’ বুলি কোৱা হয় ৷

৫। কাৰেন্সী জমা অনুপাত কি ?

উত্তৰ : কাৰেন্সী জমা অনুপাত হ’ল কাৰেন্সীৰ ৰূপত জনসাধাৰণৰ হাতত থকা মুদ্ৰা আৰু বেংকত থকা জনসাধাৰণৰ জমা অনুপাত ।

৬। সংৰক্ষিত জমা অনুপাত কি ?

উত্তৰ ঃ সংৰক্ষিত জমা অনুপাত হ’ল বাণিজ্যিক বেংকে ইয়াৰ মুঠ জমাৰ সংৰক্ষিত ৰূপত ৰখা অনুপাত ।

৭। বজাৰ সুদৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ মাজত সম্পর্ক কি ?

উত্তৰ ঃ ৰজাৰ সুন্দৰ হাৰ আৰু ঋণপত্ৰৰ দামৰ মাজত বিপৰীতমুখী সম্পর্ক আছে।

৮। সংৰক্ষিত আমানত অনুপাতৰ অৰ্থ কি ?

উত্তৰ : বাণিজ্যিক বেংকসমূহে সৰ্বমুঠ আমানতৰ যিটো অংশ ঋণ প্ৰদান কৰাৰ পৰিৱৰ্তে জমা ৰাখিব লাগে তাকে ‘সংৰক্ষিত আমানত অনুপাত’ বুলি কোৱা হয়।

৯। মুদ্রা আমানত অনুপাতৰ অৰ্থ কি ?

উত্তৰ : জনসাধাৰণৰ হাতত থকা মুদ্ৰা আৰু জনসাধাৰণে বেংকত জমা থোৱা আমানত অনুপাতকেই ‘মুদ্ৰা আমানত অনুপাত’বুলি কোৱা হয় ৷

১০। বিস্তৃত মুদ্ৰা বুলিলে কি বুজা ?

উত্তৰ : কাগজী নোট, কম মূল্যৰ পইচা, চাহিদা আমানত • আৰু ব্যৱসায়িক বেংকৰ স্থিৰ আমানত বা কাল আমানত সমষ্টিকেই ‘বিস্তৃত মুদ্ৰা’ বুলি কোৱা হয়।

১১। সংকীর্ণ মুদ্ৰা বুলিলে কি বুজা ?

উত্তৰ : কাগজী নোট, কম মূল্যৰ পইচা, চাহিদা আমানত আৰু ব্যৱসায়িক বেংকত থোৱা সঞ্চয় আদিৰ সমষ্টিকেই ‘সংকীর্ণ মুদ্ৰা’ বুলি কোৱা হয়।

12। SLR ৰ সম্পূৰ্ণ ৰূপটো লিখা ।

উত্তৰ : Statutory Liquidity Ratio .

13। CRR ৰ সম্পূৰ্ণ ৰূপটো লিখা ?

উত্তৰ: Cash Reserve Ratio. ।

১৪। সীমিত বিহিত মুদ্রা কি ?

উত্তৰ : যি বিহিত মুদ্ৰাৰ যোগেদি সীমিত মুলাৰ বিনিময়হে সম্পাদন কৰিব পাৰি, তাক সীমিত বিহিত মুদ্রা বুলি কোৱা হয় ৷

১৫। অসীম ৰিহিত মুদ্ৰা কাক বোলে ?

উত্তৰ : যি মুদ্ৰাৰ সহায়ত যিকোনো মূল্যৰ বিনিময় সম্পাদন কৰিব পাৰি তাক ‘অসীম বিহিত মুদ্ৰা’ বোলে।

১৬। বিহিত মুদ্ৰা কেই প্ৰকাৰৰ আৰু কি কি ?

উত্তৰ : বিহিত মুদ্রা দুই প্ৰকাৰৰ। যেনেঃ অসীম বিহিত মুদ্ৰা আৰু সসীম বিহিত মুদ্রা।

১৭। হিচাপ নিকাচৰ মুদ্রা কি ?

উত্তৰ : যি মুদ্ৰাৰ সহায়ত হিচাপ-নিকাচ চলোৱা হয়। তাকে ‘হিচাপ নিকাচৰ মুদ্ৰা’ বোলে।

১৮। ভাৰতৰ কেন্দ্ৰীয় বেংকৰ নাম কি ?

উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংক।

১৯। তাৰল্য ফান্দ কি?

উত্তৰ : অতি নিম্ন সুদৰ হাৰত মুদ্ৰাৰ চিন্তাপ্রসূত অভিপ্ৰায় অসীম হ’লে মুদ্ৰাৰ চাহিদা ৰেখাডাল আনুভূমিক হৈ পৰে ৷ ৰেখাডালৰ এই আনুভূমিক অংশটোকে ‘তাৰল্য ফান্দ’ বুলি কোৱা হয়।

২০। বজাৰ সুদৰ হাৰৰ অৰ্থ কি ?

উত্তৰ : বাণিজ্যিক বেংকে যি সুদৰ হাৰত ব্যক্তি আৰু ব্যৱসায়িক প্রতিষ্ঠানক ঋণ প্ৰদান কৰে, সেই সুন্দৰ হাৰকেই “বজাৰ সুদৰ হাৰ’ বোলে।

২১। বর্তমান ভাৰতত কেইটা ৰাষ্ট্ৰীয়কৃত বেংক আছে?

উত্তৰ : ১৯ টা।

২২। ১৯৬৯ চনৰ ১৪ জুলাইত কেইটা বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয় ?

উত্তৰ : ১৪ টা।

২৩। কেন্দ্রীয় বেংক কি ?

উত্তৰঃ এখন দেশৰ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ শীৰ্ষতম বিত্তীয় প্রতিষ্ঠনটোক ‘কেন্দ্রীয় বেংক’ বুলি কোৱা হয় ।

২৪। বেংক হাৰ বুলিলে কি বুজা ?

উত্তৰ : সুদৰ হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্ৰদান কৰে তাকে ‘বেংক হাৰ’ বুলি কোৱা হয়।

২৫। স্থায়ী জমা হিচাপ কি ?

উত্তৰ : যি জমা হিচাপত বেংকত এটা নিৰ্দিষ্ট সময়লৈ ধন জমা ৰখা হয়, সেই হিচাপকে স্থায়ী জমা হিচাপ’ বুলি কোৱা হয়।

২৬। বাণিজ্যিক বেংকৰ সংজ্ঞা দিয়া।

উত্তৰ : যি প্রতিষ্ঠানে জনসাধাৰণৰ টকা জমা ৰাখে আৰু প্রযোজন সাপেক্ষে টকা ধাৰে দিয়ে তেনে প্রতিষ্ঠানক “বাণিজ্যিক বেংক” বুলি কোৱা হয়।

২৭। নগদ সংৰক্ষণ অনুপাত মানে কি?

উত্তৰ : বাণিজ্যিক বেংকসমূহে মুঠ আমানতৰ যিটো অংশ কেন্দ্রীয় বেংকত জমা থব লাগে, তাকে নিগদ সংৰক্ষণ অনুপাত’ বুলি কোৱা হয়।

২৮। বিধিবদ্ধ তাৰল্য অনুপাত কি ?

উত্তৰ : বাণিজ্যিক বেংকসমূহে সৰ্বমুঠ চাহিদা আৰু কাল আমানতৰ যিটো অংশ নগদ সদৃশ পৰিসম্পদ ৰূপত জমা ৰাখিক লাগে সেই অনুপাতটোকেই ‘বিধিবদ্ধ তাৰল্য অনুপাত’ বুলি কোৱা হয়।

২৯। মুদ্ৰাৰ লেনদেনৰ চাহিদাৰ সমীকৰণত M! = KT ত সোঁফালে থকা T ৰ অৰ্থ কি ?

উত্তৰ : T ৰ অৰ্থ হ’ল এক নিৰ্দিষ্ট সময়ৰ ভিতৰত হোৱা মুঠ লেনদেনৰ মূল্য।

৩০। এজন মানুহে মাহিলি ৭০০ টকা উপার্জন কৰে। তেওঁৰ গড় নগদ জমা কি ?

উত্তৰ : মানুহজনৰ মাহিলি আয় = ৭০০ টকা । গড় নগদ জমা হ’ল = (৭০০ + ০ টকা) + 2 = ৩৫০ টাকা।

৩১। বাণিজ্যিক বেংকে কেনেদৰে কোনো ব্যক্তিৰ ঋণ লাভ কৰাৰ যোগ্যতা নিৰূপন কৰে ?

উত্তৰঃ বাণিজ্যিক বেংকে কোনো ব্যক্তিৰ ঋণ লাভ কৰাৰ যোগ্যতা তেওঁৰ চলিত সম্পত্তি বা তেওঁ প্ৰদান কৰা আনুসঙ্গিক পত্ৰ যেনে – ঋণ পৰিশোধৰ বাবে দিয়া বন্ধকী পত্ৰৰ দ্বাৰা নিৰূপণ কৰে। ৩

২। বাণিজ্যিক বেংকৰ ধাৰ কৰা হাৰ কি ?

উত্তৰ : বাণিজ্যিক বেংকে আমানতকাৰীক যি সুদৰ হাৰ দিয়ে, তাক ‘বাণিজ্যিক ধাৰ কৰা হাৰ’ বোলে।

৩৩। ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ পৰা সংৰক্ষিত পুঁজি ৰখাটো প্ৰয়োজনীয় কিয় ?

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংকে বাণিজ্যিক বেংকসমূহৰ সংৰক্ষিত আমানত অনুপাত সুচলভাৱে আগবঢ়াই নিবলৈ সেই বেংকসমূহৰ পৰা সংৰক্ষিত পুঁজি ৰখাটো প্ৰয়োজনীয় ।

খ. চমু উত্তৰৰ প্ৰশ্ন ঃ

১। মুদ্রাস্ফীতি কি?

উত্তৰ : মুদ্রাস্ফীতি হ’ল দ্রব্য-সামগ্ৰীৰ সাধাৰণ মূল্যস্ত বৃদ্ধি পোৱা আৰু মুদ্ৰাৰ মূল্য হ্ৰাস পোৱা অৱস্থা । মুদ্ৰাৰ যোগান বৃদ্ধি, ঘাটি বিত্তীয় ব্যবস্থা, কলা মুদ্রার প্রচলন, জনসংখ্যাৰ বৃদ্ধিৰ ফলত হোৱা সামগ্ৰীৰ চাহিদা বৃদ্ধি, বর্ধিত বিনিয়োগ, চৰকাৰৰ বায় বৃদ্ধি আদি কাৰণৰ বাবে মুদ্রাস্ফীতি হয়।

২। সময় জমা আৰু চাহিদা জমাৰ মাজত পাৰ্থক্য কি।

উত্তৰ : সময় জমা আৰু চাহিদা জমাৰ মাজত পাৰ্থক্য হলঃ

সময় জমাৰ স্থায়ী, ম্যাদী বা নির্দিষ্ট এটা সময় থাকে। কিন্তু চাহিদা জমাৰ ক্ষেত্ৰত কোনো সীমাবদ্ধতা নাথাকে।

সময় জমাত জমাকাৰীয়ে নিজৰ প্ৰয়োজন অনুসৰি টকা উলিয়াব নোৱাৰে। কিন্তু চাহিদা জমাত জমাকাৰীয়ে নিজৰ ইচ্ছা অনুযায়ী টকা উলিয়াব পাৰে । সময় জমাত চেক ব্যৱহাৰ কৰা নহয়। কিন্তু চাহিদা জমাত চেক ব্যৱহাৰ কৰাৰ সুবিধা আছে।

৩। RBI এক হাতিয়াৰ হিচাপে বেংক হাৰৰ তাৎপৰ্য কি?

উত্তৰ : ভাৰতীয় ৰিজাৰ্ভ বেংক হ’ল সকলোবোৰ বেংকৰ মুখ্য বেংক। ইয়াৰ দ্বাৰা সকলো বাণিজ্যিক বেংকসমূহে ধন সুদত লৈ ব্যৱসায় কৰে। ৰিজাৰ্ভ বেংকে সুদৰ হাৰ নিৰ্দ্ধাৰণ কৰে আৰু ইয়ে সুদৰ হাৰৰ পৰিবৰ্তনো কৰিব পাৰে। সুদৰ হাৰৰ পৰিৱৰ্তন হ’লে সকলো বেংককে সেই হাৰতে লেনদেন কৰিব লাগে । যেতিয়া ৰিজাৰ্ভ বেংকৰ হাৰ নিম্ন বা উচ্চ হয়, তেতিয়া বেংকসমূহক কম বা বেছি পৰিমাণে ঋণ ৰাখিবলৈ প্ৰেৰণা যোগায়। কাৰণ এই ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লোৱাটো আগতকৈ কম বা বেছি ব্যয়বহুল হ’ব। সেয়ে বাণিজ্যিক বেংকসমূহক ৰিজাৰ্ভ বেংকে সৰহ বা কমকৈ ঋণ দিবলৈ ইচ্ছা কৰে। এনেদৰে সুদৰ হাৰ অৰ্থাৎ বেংক হাৰৰ ওপৰত নিৰ্ভৰ কৰি সকলো বেংকে লেনদেন কৰে।

৪। বিনিময় প্রথাৰ ত্ৰুটি উল্লেখ কৰা ।

উত্তৰ : বিনিময় প্রথাৰ ত্ৰুটি হ’ল :

(ক) অভাৱৰ সামঞ্জস্য নাথাকিলে বিনিময় কাৰ্যকৰী নহয়।

(খ) অবিভাজনীয় সামগ্ৰীৰ ক্ষেত্ৰত বিনিময় প্রথা সফল নহয়।

(গ) বিনিময় প্রথাত দ্রব্য-সামগ্ৰীৰ উপযুক্ত মূল্য নিৰ্ধাৰণত অসুবিধাৰ সৃষ্টি হয় ।

(ঘ) স্থগিত লেনদেন নিষ্পত্তিৰ ক্ষেত্ৰত বিনিময় প্রথা সুচল নহয় ।

৫। সংৰক্ষণ জমা অনুপাতৰ ব্যাখ্যা আগবঢ়োৱা ৷

উত্তৰ : বেংকত জমা ৰখা জনসাধাৰণৰ আমানতৰ এটা অংশ বেংকে বিনিয়োগত ব্যৱহাৰ কৰি বাকী অংশ জমা ৰাখে । এনেদৰে ৰখা মুদ্ৰাত বেংকসমূহত থকা নগদ জমা মুদ্ৰা আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকত থকা বাণিজ্যিক বেংকসমূহৰ আমানতসমূহ নিহিত হৈ থাকে। বাণিজ্যিক বেংকসমূহে সংৰক্ষণত ৰখা মুঠ আমানত সমানুপাতকে সংৰক্ষিত আমানত অনুপাত বুলি কোৱা হয়। এনেদৰে বেংকসমূহে সংৰক্ষিত মুদ্রা আমানতকাৰীৰ মুদ্ৰাৰ চাহিদা পূৰাবলৈ ব্যৱহাৰ কৰে।

৬। জমা মুদ্ৰা অনুপাত কি ? উৎসৱৰ সময়ত ই কিয় বৃদ্ধি পায় ?

উত্তৰ : মুদ্রা জমা অনুপাত হ’ল জনসাধাৰণৰ হাতত নগদ ৰূপত ৰখা মুদ্ৰাৰ পৰিমাণ আৰু বেংক আমানতত ৰখা মুদ্ৰাৰ পৰিমাণৰ অনুপাত। উৎসৱৰ সময়ত জনসাধাৰণে অতিৰিক্ত খৰচ পূৰণ কৰিবৰ বাবে আমানতবোৰ নগদ মুদ্ৰালৈ ৰূপান্তৰ কৰা হয়। সেয়েহে প্রচলিত মুদ্ৰাৰ আমানত অনুপাত উৎসৱৰ সময়ত বৃদ্ধি পায় ।

৭। কেন্দ্ৰীয় বেংকৰ দুটা কাৰ্য উল্লেখ কৰা ।

উত্তৰ : কেন্দ্ৰীয় বেংকৰ দুটা কাৰ্য হ’ল –

(ব) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰাৰ যোগান ধৰে অৰ্থাৎ ই নোট ছপা কৰে ৷

(চ) কেন্দ্ৰীয় বেংকে চৰকাৰৰ বেংক হিচাপে আন আন বেংকৰ মুৰব্বী বেংক হিচাপে কাৰ্য কৰে ।

৮। বাণিজ্যিক বেংকৰ দুটা কাৰ্য উল্লেখ কৰা।

উত্তৰ : বাণিজ্যিক বেংকৰ দুটা কাৰ্য হ’ল –

(১) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে আৰু ঋণৰ যোগান ধৰে।

(২) ই ঋণমুদ্রা বা আমানত মুদ্ৰাৰ সৃষ্টি কৰে ৷

৯। ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ তিনিটা উদ্দেশ্য লিখা ।

উত্তৰ : ভাৰতবৰ্ষত বেংক ৰাষ্ট্ৰীয়কৰণৰ তিনিটা উদ্দেশ্য হ’ল –

(১) সস্তীয়া কৃষি ঋণৰ যোগান ধৰা ।

(২) বেংকসমূহৰ ব্যক্তিগত মালিকীস্বত্ব আৰু একচেতীয়া নিয়ন্ত্ৰণৰ বিলোপ সাধন কৰা ৷

(৩) গাওঁ আৰু পিছপৰা অঞ্চলত দ্ৰুত গতিত শাখা সম্প্ৰসাৰণ কৰাৰ লগতে সঞ্চয় সংগ্ৰহ কৰা ।

গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ

১। ‘অভাৱৰ পাৰস্পৰিক সংগতিহীনতা’ বুলিলে কি বুজা ?

উত্তৰ : এজন ব্যক্তিৰ অভাৱ আন এজন ব্যক্তিৰ অভাৱৰ সৈতে সংগতি নথকাটোৱেই ‘অভাৱৰ পাৰস্পৰিক সংগতিহীনতা’বুলি কোৱা হয়। অর্থাৎ বিনিময় প্রথা কাৰ্যকৰী হোৱাৰ বাবে দুজন ব্যক্তিৰ অভাৱ পৰস্পৰৰ পৰিপূৰক হ’ব লাগে। উদাহৰণ স্বৰূপে এজন ব্যক্তিয়ে কাপোৰৰ সলনি চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ সলনি কাপোৰ বিচাৰিলে অভাৱৰ পৰস্পৰ সংগতি থকা বুলি কোৱা হয়। কিন্তু কাপোৰৰ গৰাকীয়ে যদি কাপোৰৰ পৰিৱৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰে, তেতিয়া তাক ‘অভাৱৰ পাৰস্পৰিক সংগতিহীনতা’ বুলি কোৱা হয়। বিনিময় প্রথাত অভাৱৰ এই পাৰস্পৰিক সংগতিহীনতা লক্ষ্যণীয় বিষয় ।

২। মুদ্ৰাৰ চাৰিটা কাৰ্য, উল্লেখ কৰা।

উত্তৰ : মুদ্ৰাৰ কাৰ্য চাৰিবিধ, যেনেঃ

(১) বিনিময়ৰ মাধ্যম : মুদ্ৰাক সকলো সামগ্ৰী বা সেৱা কাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ যোগেদি বজাৰত ক্ৰেতা আৰু বিক্রেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। ক্রেতা এজনে এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰা প্ৰদান কৰি এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য সংগ্ৰহ কৰে।

(২) মূল্যৰ মাপকাঠি ঃ মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য কৰে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱা কাৰ্যৰ মূল্য নিৰূপণ কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ ‘দাম’ বুলি কোৱা হয়।

(৩) মূল্যৰ ভাণ্ডাৰ ঃ মানুহে উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে। মুদ্ৰাৰ যোগেদি এই সঞ্চয় কার্য সম্পাদন কৰা হয়। ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ হয়। অন্যান্য সামগ্ৰীৰ দৰে মুদ্রা সহজে নষ্ট নহয়। সঞ্চয়ৰ জৰিয়তে মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি।

(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ড ঃ মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্রদান আদি সকলো লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে।

৩। মুদ্ৰাৰ তিনিটা কুফল লিখা ।

উত্তৰ ঃ মুদ্ৰাৰ তিনিটা কুফল হৈছেঃ

(১) মুদ্ৰাৰ অনুপযুক্ত ব্যৱহাৰৰ ফলত অৰ্থনীতিত মুদ্রাস্ফীতি বা মুদ্রা সংকোচনৰ দৰে অৱস্থাৰ সৃষ্টি হয়। মুদ্রাস্ফীতিৰ সময়ত ক্রেতা লোকচানৰ সন্মুখীন হয় আৰু মুদ্রা সংকোচনৰ সময়ত বিক্ৰেতা লোকচানৰ সন্মুখীন হয় ।

(২) মুদ্ৰাৰ জৰিয়তে আয় বন্টন ব্যৱস্থাত বৈষম্য হয়। ফলত সমাজত ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্যই দেখা দিয়ে।

(৩) বহুতো মানুহৰ মুদ্ৰাৰ প্ৰতি লোভ থকা দেখা যায় । ফলত লোভৰ বশৱৰ্তী হৈ কিছুমান লোকে সমাজত অপৰাধ সংগটিত কৰে আৰু এনেদৰে সমাজৰ নৈতিক মূল্যবোধৰ অৱক্ষয় হয়।

৫। অন্তিমমূহুৰ্তৰ ঋণদাতা হিচাপে ভাৰতীয় ৰিজার্ভ বেংকৰ ভূমিকা ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতীয় মুদ্ৰা ব্যৱস্থাত ৰিজাৰ্ভ বেংক বাণিজ্যিক বেংকসমূহৰ জামিনদাৰ বা প্ৰতিভূ স্বৰূপ। যেতিয়া বাণিজ্যিক বেংকৰ পৰা ঋণ প্ৰদানৰ মাধ্যমত আমানত ওলাই যায় আৰু বেংকটোৰ তাৰল্যৰ অৱস্থাৰ অৱনতি ঘটে তেতিয়া ৰিজাৰ্ভ বেংকে সেই বেংকটোলৈ ঋণ আগবঢ়ায়। এনেদৰে বেংকৰ আমানতকাৰীসকলে বেংকৰ পৰা সঞ্চয় উলিয়াই অনাটো নিশ্চিত হৈ পৰে। গতিকে ৰিজাৰ্ভ বেংক বাণিজ্যিক বেংকসমূহৰ ত্ৰাণকৰ্তাস্বৰূপ।

ঘ. ৰচনাধর্মী উত্তৰৰ প্ৰশ্ন ঃ

১। মুদ্ৰাৰ কাৰ্যাৱলী বর্ণনা কৰা ।

উত্তৰ : মুদ্ৰাৰ প্ৰধান কাৰ্যাৱলী তলত আলোচনা কৰা হ’ল

(১) বিনিময়ৰ মাধ্যম : মুদ্ৰাক সকলো সামগ্রী বা সেৱা কাৰ্যৰ বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হয়। মুদ্ৰাৰ যোগেদি বজাৰত ক্ৰেতা আৰু বিক্ৰেতাই বস্তুৰ বিনিময় সম্পন্ন কৰে। ক্রেতা এজনে এক নিৰ্দিষ্ট পৰিমাণৰ মুদ্ৰা প্ৰদান কৰি এক নিৰ্দিষ্ট পৰিমাণৰ দ্ৰব্য সংগ্ৰহ কৰে।

(২) মূল্যৰ মাপকাঠি : মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য কৰে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱা কাৰ্যৰ মূল্য নিৰূপণ কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয় ৷

(৩) মূল্যৰ ভাণ্ডাৰ : মানুহে উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে। মুদ্ৰাৰ যোগেদি এই সঞ্চয় কার্য সম্পাদন কৰা হয়। ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়ীত্ব গুণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ হয়। অন্যান্য সামগ্ৰীৰ দৰে মুদ্ৰা সহজে নষ্ট নহয়। সঞ্চয়ৰ জৰিয়তে মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি।

(৪) স্থগিত দেনা-পাওনাৰ মানদণ্ড ঃ মুদ্ৰাই ঋণ গ্রহণ, ঋণ প্রদান আদি সকলো লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে।

২। আধুনিক অর্থ ব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব আলোচনা কৰা।

উত্তৰ : আধুনিক অর্থ ব্যৱস্থাত মুদ্ৰাৰ যথেষ্ট গুৰুত্ব আছে, যেনে –

(১) অর্থনৈতিক লক্ষ্য নির্ধাৰণ ঃ মুদ্রাই অর্থনৈতিক লক্ষ্য নিৰ্ধাৰণত বিশেষ ভূমিকা গ্ৰহণ কৰে। এখন দেশে কি উৎপাদন কৰিব, কেনেকৈ উৎপাদন কৰিব আৰু কেনেকৈ সেইবোৰ বিতৰণ কৰিব – এই বোৰ দিশ মুদ্ৰাৰ ব্যৱহাৰে সহজসাধ্য কৰি তোলে।

(২) বিত্তীয় ব্যৱস্থাত মুদ্ৰাৰ গুৰুত্ব : মুদ্ৰাই সঞ্চয় আৰু ঋণ ব্যৱস্থাৰ আনুষ্ঠানিক সুবিধা আগবঢ়াই প্রত্যেক দেশৰ বেংক বা অন্যান্য তেনে বিত্তীয় অনুষ্ঠান গঢ়ি তোলাত সহায় কৰে। চৰকাৰৰ বছৰেকীয়া বাজেটত মুঠ আয়-ব্যয়ৰ হিচাপ আৰু ঋণ সংগ্ৰহৰ পৰিমাণ মুদ্ৰাৰ মাধ্যমেৰে উত্থাপিত হয়।

(৩) অর্থনৈতিক উন্নয়নত মুদ্ৰাৰ গুৰুত্বঃ পৰিকল্পনাৰ বিভিন্ন প্রকল্পসমূহ ৰূপায়নৰ বাবে সম্পদ সংগ্ৰহ কৰিব লাগে । পৰিকল্পনাৰ সম্পদৰাজি মুদ্ৰাৰ মাধ্যমেৰে সংগ্ৰহ কৰা হয়। সঞ্চয় বৃদ্ধি কৰি উন্নয়নশীল দেশসমূহে দ্রুত হাৰত মূলধন গঠন কৰি অৰ্থনৈতিক অনগ্ৰসৰতা দূৰ কৰিব পাৰে।

(৪) দৰ নিৰ্ধাৰণ : বজাৰত উপভোক্তা আৰু বিক্ৰেতাৰ মাজত বস্তুৰ দৰ মুদ্ৰাৰ মাধ্যমেদি নির্ণয় করা হয়। পৰিমাণেৰে স্থিৰ কৰা বস্তুৰ দৰে ক্ৰেতা আৰু বিক্রেতার মাজত ভাৰসাম্য স্থাপন কৰে।

(৫) বিতৰণৰ ক্ষেত্ৰত মুদ্ৰাৰ গুৰুত্বঃ উৎপাদন কাৰ্যন্ত প্রয়োজন হোৱা বিভিন্ন সামগ্রী বা উৎপাদনৰ মূল্য মুদ্ৰাৰ ৰূপত পৰিমাপ কৰা হয়। উৎপাদকৰ আয় ব্যয়ৰ হিচাপ, ব্যৱসায় বাণিজ্যৰ লাভ- লোকচান আদি মুদ্ৰাৰ মাধ্যমত প্ৰকাশ কৰা হয়।

৩। মুদ্ৰাৰ কুফলসমূহ কি কি ?

উত্তৰ ঃ মুদ্ৰাৰ কুফলসমূহ তলত উল্লেখ কৰা হ’ল ঃ

(১) মুদ্ৰাৰ অনুপযুক্ত ব্যৱহাৰৰ ফলত অৰ্থনীতিত মুদ্রাস্ফীতি বা মুদ্রা সংকোচনৰ দৰে অৱস্থাৰ সৃষ্টি হয়। মুদ্রাস্ফীতিৰ সময়ত ক্রেতা লোকচানৰ সন্মুখীন হয় আৰু মুদ্রা সংকোচনৰ সময়ত বিক্ৰেতা লোকচানৰ সন্মুখীন হয়।

(২) মুদ্ৰাৰ জৰিয়তে আয় বন্টন ব্যৱস্থাত বৈষম্য হয়। ফলত সমাজত ধনী আৰু দুখীয়াৰ মাজত পাৰ্থক্যই দেখা দিয়ে।

(৩) সৰহভাগ মানুহৰ মুদ্ৰাৰ প্ৰতি লোভ থকা দেখা যায় ফলত লোভৰ বশৱৰ্তী হৈ কিছুমান লোকে সমাজত অপৰাধ সংগটিত কৰে আৰু এনেদৰে সমাজৰ নৈতিক মূল্যবোধৰ অৱক্ষয় হয় ।

(৪) মুদ্ৰা ব্যৱস্থাৰ আন এক কুফল হৈছে- কলা টকাৰ প্রাদুর্ভাব। অসৎ উপায় অৱলম্বন কৰি উপাৰ্জন কৰা কলা টকাই মুদ্রাস্ফীতি, অর্থনৈতিক শোষণ, অর্থনৈতিক বৈষম্য আদিৰ সৃষ্টি কৰে ৷

৪। বাণিজ্যিক বেংকৰ কাৰ্যাৱলী বর্ণনা কৰা ।

উত্তৰ : বাণিজ্যিক বেংকৰ প্ৰধান কাৰ্যাৱলী তলত আলোচনা কৰা হ’ল:

(১) সঞ্চয় সংগ্রহ : বাণিজ্যিক বেংকৰ প্ৰধান কাম হ’ল- জনসাধাৰণৰ ধন জমা ৰখা । ই ব্যক্তি, কোনো অনুষ্ঠান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা মুদ্ৰা বা সঞ্চয় সংগ্ৰহ কৰি জমাকাৰীক সুদ প্ৰদান কৰে ।

(২) ঋণৰ যোগান: বাণিজ্যিক বেংকে জনসাধাৰণৰ পৰা সংগ্ৰহ কৰা মুদ্ৰাখিনি অধিক সুদত ব্যক্তি বা কোনো ব্যৱসায়িক প্ৰতিষ্ঠানক ঋণৰ যোগান ধৰে। বাণিজ্যিক কোকে সাধাৰণতে হ্রস্বকালীন ঋণৰ যোগান ধৰে যদিও কেতিয়াব ই দীৰ্ঘকালীন ঋণৰো যোগান ধৰে।

(৩) ঋণ মুদ্রা বা আমানতৰ সৃষ্টি : বাণিজ্যিক বেকে। ঋণ মুদ্রা বা আমানত সৃষ্টি কৰে। আমানত দুই প্ৰকাৰৰ প্রাথমিক বা নগদ আমানত আৰু মাধ্যমিক বা উচু আমানত। সঞ্চয়কাৰীৰ জমাক নগদ আমানত বোলে। বেংকে এই নগত আমানতৰ পৰা মাধ্যমিক বা উদ্ভুত আমানত সৃষ্টি কৰে। এই উদ্ভুত আমানত সৃষ্টিকেই ঋণমুদ্রা সৃষ্টি কৰা বুলি কোৱা হয়।

(৪) অন্যান্য কার্য : বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যৰ ভিতৰত আমানতকাৰীৰ টেলিফোন বিল, বিদ্যুৎ বিল পৰিশোধ, মূল্যবান অলংকাৰ-পাতি জমা ৰখা, নথি-পত্ৰ নিৰাপদে ৰখা, এঠাইৰ পৰা আন ঠাইলৈ টকা প্ৰেৰণ কৰা আদি কাম সম্পাদন কৰে ।

৫। কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলী বৰ্ণনা কৰা।

উত্তৰ : কেন্দ্ৰীয় বেংকৰ প্ৰধান কাৰ্যাৱলী তলত আলোচনা কৰা হ’ল :

(১) কাগজী মুদ্রা প্রচলন : কেন্দ্রীয় বেংকে কাগজী মুদ্ৰাৰ প্ৰচলন কৰিব পাৰে । ই কেন্দ্ৰীয় বেংকৰ একচেতীয়া অধিকাৰ। বৰ্তমান নিম্নতম জমা ব্যৱস্থাৰ নীতিত মুদ্রা ছপোৱা হয় ৷ ভাৰতৰ ৰিজাৰ্ভ বেংকে এই নীতিত মুদ্ৰা ছপা কৰে। নিম্নতম জমা ব্যৱস্থাৰ ক্ষেত্ৰত এক নিৰ্দিষ্ট পৰিমাণৰ সোণ আৰু বৈদেশিক মুদ্রা জমা ৰাখিব লাগে ।

(২) বেংকসমূহৰ বেংক ঃ কেন্দ্রীয় বেংক হৈছে বেংকসমূহৰ বেংক। বাণিজ্যিক বেংকসমূহে মুঠ আমানত এটা অংশ কেন্দ্রীয় বেংকত জমা ৰাখিব লাগে। কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকসমূহৰ হিচাপ পৰীক্ষা কৰে, ঋণ প্ৰদান কৰে, বাণিজ্যিক বেংকসমূহৰ পাৰস্পৰিক লেন-দেন বা হস্তান্তৰ আৰু দাবীসমূহৰ নিষ্পত্তি কৰে। সেয়ে কেন্দ্রীয় বেংকক বাণিজ্যিক বেংকসমূহৰ অন্তিম পৰ্যায়ৰ ঋণদাতা হিচাপে গণ্য কৰা হয় ।

(৩) চৰকাৰৰ বেংক : বাণিজ্যিক বেংক হ’ল চৰকাৰৰ বেংক। চৰকাৰৰ বেংক হিচাপে ই চৰকাৰক বিত্তৰ যোগান ধৰে, চৰকাৰক বিত্ত সম্পৰ্কে পৰামৰ্শ দান কৰে, চৰকাৰৰ প্রতিনিধি হিচাপে আর্থিক কাৰ্য সম্পাদন কৰে, চৰকাৰী ঋণৰ তদাৰক কৰে, চৰকাৰৰ ৰাজহ আৰু ব্যয়ৰ হিচাপ আদি কাৰ্য সম্পাদন কৰে।

(৪) ঋণ নিয়ন্ত্রণ : কেন্দ্ৰীয় বেংকে দেশৰ ঋণ ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। কেন্দ্ৰীয় বেংকে নিয়ন্ত্রণমূলক ব্যৱস্থাসমূহ প্রয়োগ কৰি মুদ্রাস্ফীতিৰ হাৰ হ্ৰাস কৰে ।

(৫) উন্নয়ন কাৰ্য : দেশৰ বেংকসমূহক উন্নয়নমুখী কৰি তোলাটো কেন্দ্ৰীয় বেংকৰ দায়িত্ব। দেশৰ ঋণ ব্যৱস্থাক উৎপাদনৰ লগত জড়িত কৰি কেন্দ্ৰীয় বেংকে অর্থনৈতিক উন্নতিৰ হাৰ বৃদ্ধি কৰাত সহায় কৰে। ই কৃষি আৰু উদ্যোগ খণ্ডত দীর্ঘকালীন ঋণ প্ৰদান কৰে।

(৬) অন্যান্য কার্য : কেন্দ্রীয় বেংকৰ অন্যান্য কাৰ্যৰ ভিতৰত উল্লেখযোগ্য কাৰ্যসমূহ হ’ল – বৈদেশিক বিনিময় মুদ্ৰাৰ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰা, দেশৰ অৰ্থনৈতিক তথ্যপাতি সংগ্ৰহ কৰা, বিশ্ব থেকে আৰু অন্যান্য আন্তর্জাতিক বিত্তীয় প্ৰতিষ্ঠানসমূহত চৰকাৰৰ প্ৰতিনিধিত্ব কৰা ইত্যাদি ।

৫। ভাৰতবৰ্ষৰ বাণিজ্যিক বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণৰ উদ্দেশ্যসমূহ চমুকৈ বৰ্ণনা কৰা ।

উত্তৰ ঃ ১৯৬৯ চনৰ ১৯ জুলাই তাৰিখে ভাৰতবৰ্ষত পোন প্ৰথমতে ১৪ টা বাণিজ্যিক বেংক ৰাষ্ট্ৰীয়কৰণ কৰা হয়। ভাৰতবৰ্ষৰ বাণিজ্যিক বেংকসমূহৰ ৰাষ্ট্ৰীয়কৰণৰ প্ৰধান উদ্দেশ্যসমূহ তলত চমুকৈ আলোচনা কৰা হ’ল ঃ

(১) কৃষকসকলক সস্তীয়া কৃষি ঋণৰ যোগান ধৰা

(২) বেংকসমূহৰ ব্যক্তিগত মালিকীস্বত্বৰ আৰু একচেতীয়া নিয়ন্ত্ৰণৰ বিলোপ সাধন কৰা ।

(৩) গাওঁ আৰু পিছপৰা অঞ্চলত দ্রুত শাখা সম্প্ৰসাৰণ কৰা ।

(৪) ক্ষিপ্র গতিত সঞ্চয় সংগ্ৰহ কৰা ।

(৫) অগ্ৰাধিকাৰ খণ্ডলৈ গুৰুত্ব আৰোপ কৰি ঋণৰ যোগান ধৰা।

(৬) দেশৰ বেংক সেৱা উন্নয়নমুখী কৰা ।

৬। ঘাটি বিত্তীয় ব্যৱস্থাৰ ধাৰণাটো ব্যাখ্যা কৰা ।

উত্তৰঃ ভাৰতীয় ৰিজাৰ্ভ বেংক হ’ল ভাৰতত থকা বেংক ব্যৱস্থাৰ শীৰ্ষতম বেংক। ইয়াক চৰকাৰৰ বেংক বুলিও কোৱা হয়। কেতিয়াবা কেতিয়াবা চৰকাৰে উপার্জিত কৰ – ৰাজহৰ পৰা চৰকাৰে ঘাটি বাজেট পূৰাব নোৱাৰি নতুন মুদ্ৰা ছপা কৰে। ফলত চৰকাৰৰ সকলো প্ৰয়োজনীয় অসুবিধা তথা সমস্যাসমূহ ৰিজাৰ্ভ বেংকৰ দ্বাৰা সমাধান কৰাত সহায়ক হয়। অৱশ্যে এইদৰে মুদ্ৰা ছপোৱাৰ কোনো বৈধ অধিকাৰ চৰকাৰৰ নাই। সেয়েহে ই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ওচৰত চৰকাৰী ঋণপত্ৰ বিক্ৰী কৰি মুদ্ৰা ধাৰ কৰে। ফলত ভাৰতীয় ৰিজাৰ্ভ বেংকে চৰকাৰলৈ মুদ্ৰা যোগান ধৰে। চৰকাৰে সেইখিনি মুদ্ৰাৰে ইয়াৰ খৰচসমূহ পৰিশোধ কৰে। এইদৰে চৰকাৰৰ ঘাটি বাজেটৰ বাবে বিত্ত যোগান ধৰাকে কেন্দ্ৰীয় বেংকৰ ‘ঘাটি বিত্তায়ন’বুলি কোৱা হয় ।০০০

Type By Suman Bora