ক. অতি চমু উত্তৰৰ প্ৰশ্ন ঃ
১। মধ্যৱৰ্তীৰ দ্ৰব্য বুলিলে কি বুজা ?
উত্তৰ ঃ যিবিলাক দ্ৰব্য চূড়ান্ত উপভোগৰ বাবে যোগান ধৰা নহয়, তাক ‘মধ্যৱৰ্তী দ্রব্য’ বুলি কাৱা হয়।
2। An Enquiry into the Nature and Cause of Wealth of Nations নাৰ গ্ৰন্থখনৰ লিখক কোন ?
উত্তৰ : আদাম স্মিথ।
৩। চূড়ান্ত দ্রব্য কাক কয় ?
উত্তৰ : কোনো এক অর্থনীতিত উৎপাদিত দ্ৰব্যৰ যিখিনি দ্রব্য বা সেৱা চূড়ান্ত উপভোগৰ বাবে ব্যৱহাৰ কৰা হয়, তাকে চূড়ান্ত দ্রব্য’ বুলি কোৱা হয় ৷
৪। হস্তান্তৰ পৰিশোধ কি ?
উত্তৰ : উৎপাদনমূলক সেৱা আহৰণ কৰাৰ বাবে যিবিলাক দেনা পৰিশোধ কৰিবলগীয়া হয়, তাকে ‘হস্তান্তৰ পৰিশোধ’ বোলা হয়।
৫। চলিত মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা ?
উত্তৰ ঃ চলিত দৰ সূচীত ৰাষ্ট্ৰীয় আয়ৰ বাৰ্ষিক হিচাপেই হৈছে ‘চলিত মূল্যত ৰাষ্ট্ৰীয় আয়’।
৬। স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা ?
উত্তৰ : কোনো এক ভিত্তি বছৰৰ দৰসূচীৰ আধাৰত গণনা কৰা ৰাষ্ট্ৰীয় আয়েই হৈছে ‘স্থিৰ মূল্যত ৰাষ্ট্ৰীয় আয়’।
৭। ব্যয়যোগ্য ব্যক্তিগত আয় কি ?
উত্তৰ ঃ চৰকাৰক কৰ প্ৰদান কৰাৰ পিছত ব্যক্তিগত আয়ৰ যিখিনি অবশিষ্ট থাকে, তাকে ‘ব্যয়যোগ্য ব্যক্তিগত আয় বোলে।
৮। হৰণ-ভগনৰ ব্যয় বা প্রতিষ্ঠাপন ব্যয় বুলিলে কি বুজা?
উত্তৰ: মূলধনী সামগ্ৰীসমূহ মেৰামতিৰ ক্ষেত্ৰত হোৱা ব্যয়ক ‘হৰণ-ভগন ব্যয়’ বা ‘প্রতিষ্ঠাপন ব্যয়’ বুলি কোৱা হয়।
৯। সৰ্বমুঠ বিনিয়োগ কি ?.
উত্তৰ: উৎপাদন প্রতিষ্ঠান এটিত ব্যৱহৃত মূলধনজাত ‘সামগ্ৰীৰ মুঠ পৰিমাণ হ’ল ‘সৰ্বমুঠ বিনিয়োগ’।
১০। ক্ষয়-ক্ষতিৰ বানচ কি ?
উত্তৰ ঃ মুঠ বিনিয়োগৰ পৰা মূলধনৰ চলিত ক্ষয়-ক্ষতিৰ বাবদ যি পৰিমাণৰ মূল্য বাদ দিয়া হয়, সেই অংশটোকে ‘ক্ষয়-ক্ষতিৰ ৰানচ’ বুলি কোৱা হয় ।
১১। সৰ্বমুঠ ঘৰুৱা উৎপাদন মানে কি ?
উত্তৰ : বিত্তীয় বছৰ এটাৰ ভিতৰত দেশখনৰ ভিতৰত উৎপাদিত সা-সামগ্ৰীৰ মুদ্রাগত মূল্যৰ যোগফলেই হ’ল, ‘সৰ্বমুঠ ঘৰুৱা উৎপাদন’।
১২। মূলধনী দ্রব্যৰ আকস্মিক ক্ষতি মূলধনৰ ক্ষয়- ক্ষতিৰ অন্তৰ্ভূক্ত হয়নে ?
উত্তৰ ঃ নহয় ।
১৩। মুঠ ৰাষ্ট্ৰীয় উৎপাদন কি ?
উত্তৰ : এখন দেশত এবছৰত উৎপাদিত হোৱা সকলো দ্রব্য-সামগ্ৰী আৰু সেৱাৰ যোগফলেই মুঠ ৰাষ্ট্ৰীয় উৎপাদন।
১৪। উপাদানৰ ব্যয়ত ৰাষ্ট্ৰীয় আয় বুলিলে কি বুজা ?
উত্তৰ : এখন দেশৰ উৎপাদন ক্ষেত্ৰত ব্যৱহৃত উপাদান যেনেঃ ভূমি, শ্রম, মূলধন আৰু সংগঠকে এবছৰৰ ভিতৰত যি পাৰিশ্রমিক লাভ কৰে তাৰ মুঠ যোগফলকেই উপাদান ব্যয়ত ৰাষ্ট্ৰীয় আয়’ বুলি কোৱা হয় ৷
১৫। এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য কি ?
উত্তৰ : প্ৰতিষ্ঠান এখনৰ ক্ষেত্ৰত মূল্য সংযোজন বুলি ক’লে প্রতিষ্ঠানখনে ব্যৱহাৰ কৰা উপাদানৰ মূল্যৰ পৰা মধ্যৱৰ্তীকালীন মূল্য বাদ দিলে যি পোৱা যায়, সেয়াই “ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য’।
১৬। কাৰ মাজত এটা ব্যৱসায়িক প্ৰতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয় ?
উত্তৰ : ভূমি, শ্রম, মূলধন আৰু উদ্যোগীৰ মাজত ব্যৱসায় প্ৰতিষ্ঠানৰ সংযোজিত মূল্য বিতৰণ কৰা হয় । এই ক্ষেত্ৰত মূল্য সংযোজনে প্ৰতিষ্ঠানখনৰ প্ৰতিটো ভাগতে এক সক্রিয় ভূমিকা গ্রহণ কৰে।
১৭ । ৰাষ্ট্ৰীয় আয় গণনা কৰাৰ সময়ত সংযোজিত মূল্য কিয় গণনা কৰা প্ৰয়োজন ?
উত্তৰ : জাতীয় আয় হ’ল এটা নিৰ্দিষ্ট বছৰত উৎপাদিত দ্ৰব্য আৰু সেৱা কাৰ্যৰ মুঠ সমষ্টি। আকৌ দেশ এখনৰ এটা বছৰত সকলো উৎপাদন প্ৰতিষ্ঠানৰ মূল্য সংযোজন সমষ্টিক মুঠ ঘৰবা উৎপাদন বুলি কোৱা হয়। গতিকে জাতীয় আয় নির্ণয় কৰোতে মুঠ ঘৰুৱা উৎপাদনৰ হিচাপ লোৱাৰ বাবে সংযোজিত মূল্য গণনা কৰা হয়।
১৮। খালী ঠাই পূৰণ কৰাঃ
(ক) এটা বছৰত এটা অৰ্থনীতিৰ চূড়ান্ত দ্ৰব্যৰ মুঠ উৎপাদন উপভোগ বা ———-ৰূপত হ’ব পাৰে।
উত্তৰ : বিনিয়োগ ।
(খ) অবক্ষয় হ’ল স্থায়ী মূলধনৰ ———–।
উত্তৰ: উপভোগ।
(গ) ক্ষয় ক্ষতিক স্থিৰ মূলধনৰ———-বুলিও কোৱা হয়।
উত্তৰ : উপভোগ।
(ঘ) মুঠ জাতীয় উৎপাদন মুঠ ঘৰুৱা উৎপাদন +———-।
উত্তৰ : উপাদানৰ বিদেশৰ পৰা হোৱা নিশুটি আয়।
(ঙ) শুদ্ধ জাতীয় উৎপাদন = মুঠ জাতীয় উৎপাদন – ———–।
উত্তৰ : মূলধনৰ ক্ষয়-ক্ষতি।
১৯। শুদ্ধনে অশুদ্ধ লিখা :
(ক) এটা ব্যৱসায় প্ৰতিষ্ঠানৰ সংযোজিত মূল্য হ’ল এটা প্ৰৱাহ চলক।
উত্তৰ : শুদ্ধ।
(খ) সম্পদ তালিকা হ’ল এক মজুত চলক, কিন্তু সম্পদ তালিকাৰ পৰিৱৰ্তন হ’ল এক প্রবাহ চলক।
উত্তৰ : শুদ্ধ।
(গ) সম্পদ তালিকাক মূলধন হিচাপে ধৰা হয়।
উত্তৰ : শুদ্ধ। ।
খ. চমু উত্তৰৰ প্ৰশ্নঃ
১। নিওট সংযোজিত মূল্য কি ?
উত্তৰ ঃ মুঠ বা স্থূল মূল্য সংযোজনৰ পৰা ক্ষয়-ক্ষতিৰ পৰিমাণ বাদ দিলে যি মূল্য পোৱা যায়, তাকে নিওট সংযোজিত মূল্য’ বোলে।
২। পূর্বৱর্তী দ্রব্য কি?
উত্তৰ : উৎপাদন প্রতিষ্ঠান এখনে এটা বছৰৰ পৰা আন এটা বছৰলৈ কঢ়িয়াই নিয়া বিক্রী নোহোৱা সম্পূর্ণ বা অসম্পূর্ণ দ্রব্য বা কেঁচামালৰ মজুতক ‘পূৰ্বৱৰ্তী দ্রব্য’ বোলে।
৩। GDP গণনাত মধ্যবর্তী দ্ৰব্যৰ মূল্য অন্তৰ্ভূক্ত কৰা নহয় কিয় ?
উত্তৰ: GDP গণনাত অস্তিম ব্যৱহাৰৰ সামগ্ৰীবোৰৰ মূল্য নিৰূপণ কৰোঁতে মধ্যবর্তী সামগ্ৰীবোৰৰ মূল্য অন্তর্ভূক্ত কৰা হয়। অর্থাৎ অস্তিম ব্যৱহাৰ সামগ্ৰীৰ মূল্যত মধ্যৱৰ্তী দ্ৰব্যৰ মূল্যও সোমাই থাকে। গতিকে মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য, বেলেগকৈ অন্তর্ভুক্ত নহয় ।
৪। (I -A) + 9G-T) = M-X
এই সমীকৰণটোৰ M-X অংশটোৱে কি বুজাইছে?
উত্তৰ : M-X ক বাণিজ্যিক ঘাটি বুজোৱা হয়। M হ’ল দেশৰ পৰা হোৱা বহিঃপ্রবাহ আৰু X হ’ল দেশলৈ অহা আন্তঃপ্রবাহ। ইয়াৰ সহায়ত ৰপ্তানি আয়ৰ তুলনাত অর্থনীতিখনে কিমান অধিক পৰিমাণৰ আমদানি ব্যয় বহন কৰিব লাগে সেইটো গণনা কৰা হয় ।
৫। তলৰ সমীকৰণটোৰ কোনটো অংশই ঘাটি বাজেট সূচায় ?
(I-S) + (G-T) = M-X
উত্তৰ : সমীকৰণটোৰ (G-T) ৰ সহায়ত চৰকাৰে লাভ কৰা ৰাজহৰ তুলনাত চৰকাৰী ব্যয়ৰ পৰিমাণ কিমান বেছি সেইটো গণনা কৰা হয়। ইয়াক ঘাটি বাজেট বোলে।
৬। GDP সংকোচক কি ?
উত্তৰ ঃ সাধাৰণ আৰু প্ৰকৃত GDP ৰ অনুপাতকেই GDP সংকোচক বুলি কোৱা হয় ৷ GDP গতিকে GDP সংকোচক = gdp য’ত GDP = আর্থিক GDP gdp= প্রকৃত GDP
৭। মুঠ বিনিয়োগ আৰু নিগুট বিনিয়োগৰ মাজত পার্থক্য কি ? লিখা ।
উত্তৰ : যেতিয়া মুলধন সামগ্ৰীৰ অন্তিম ব্যৱহাৰৰ উপযোগী অংশ বিনিয়োগ কাৰ্যত ব্যৱহাৰ কৰা হয়, তেতিয়া সেই বিনিয়োগক সৰ্বমুঠ বিনিয়োগ বুলি কোৱা হয়। যন্ত্রপাতি, ৰাস্তা-ঘাট, পদূলি, দলং, বন্দৰ, ভঁৰাল ঘৰ আদি সৰ্বমুঠ বিনিয়োগৰ অন্তৰ্ভূক্ত। কিন্তু সৰ্বমুঠ বিনিয়োগৰ পৰা ক্ষয়- ক্ষতিৰ পৰিৱৰ্তনৰ মোকাবিলা কৰিবলৈ আছুতীয়াকৈ ৰখা বিনিয়োগৰ পৰিমাণ বিয়োগ কৰিলে আমি নিগুট বিনিয়োগ পাওঁ।
৮। সবল অৰ্থনীতিত আয়ৰ চক্ৰীয় প্ৰৱাহৰ ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰ : এখন সবল অর্থনীতিত উৎপাদনৰ উপাদানসমূহে উৎপাদন প্ৰক্ৰিয়াত পালন কৰা দায়িত্বৰ বাবে প্ৰতিষ্ঠানৰ পৰা আয় অৰ্জন কৰে আৰু এই সমূদায় আয় উৎপাদন কৰা দ্ৰব্য আৰু সেৱাসমূহ ক্ৰয় কৰাত ব্যয় কৰে । উৎপাদনৰ উপাদানসমূহৰ কোনো সঞ্চয় নাথাকে ৷ অর্থনীতিখনৰ পৰিয়াল গোটসমূহে কৰা মুঠ উপভোগৰ ব্যয়ৰ পৰিমাণ প্ৰতিষ্ঠানসমূহে দ্ৰব্য আৰু সেৱাসমূহ উৎপাদন কৰোতে হোৱা মুঠ ব্যয়ৰ সমান হয়। বছৰৰ পিছত বছৰ, ধৰি অৰ্থনীতি এখনৰ মুঠ আয়, উৎপাদন প্রতিষ্ঠানসমূহ আৰু পৰিয়ালৰ গোটসমূহ দুই খণ্ডৰ মাজেৰে চক্ৰীয়ভাৱে প্রবাহিত হৈ থাকে।
গ. মজলীয়া উত্তৰৰ প্ৰশ্নঃ
১। মূল্য সংযোজন, মুঠ মূল্য সংযোজন আৰু নিগুট মূল্য সংযোজনৰ ধাৰণা ব্যাখ্যা কৰা ।
উত্তৰ : এটা প্ৰতিষ্ঠানৰ উৎপাদনৰ মূল্যৰ পৰা উৎপাদন প্রতিষ্ঠানে ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য বিয়োগ কৰিলে মূল্য সংযোজন পোৱা যায়। এনেদৰে পোৱা মূল্য সংযোজনখিনি খাজনা, মূলধনৰ গৰাকী, শ্ৰমিক আৰু সংগঠকৰ মাজত বিতৰণ কৰা হয় ।
মূল্য সংযোজনৰ লগত ক্ষয়-ক্ষতিৰ মূল্য অন্তৰ্ভূক্ত কৰিলে মুঠ মূল্য সংযোজন পোৱা যায়।
আনহাতে ক্ষয়-ক্ষতিৰ মূল্য মুঠ সংযোজিত মূল্যৰ পৰা বাদ দিলে যি মূল্য সংযোজন পোৱা যায় তাক নিগুট মূল্য সংযোজন বোলা হয় ।
২। এটা প্রতিষ্ঠানে প্রতি বছৰে ৫০০ টকা মূল্যৰ দ্ৰব্য উৎপাদন কৰে। উৎপাদন কার্যত ব্যৱহাৰ কৰা মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য হ’ল ২৫০ টকা । প্ৰতিষ্ঠাপন ব্যয় বা অৱক্ষয় আছিল ২০ টকা। স্থূল মূল্য সংযোজন নিওট মূল্য সংযোজন উলিওৱা ।
উত্তৰ ঃ স্থূল মূল্য সংযোজন
GVA উৎপাদন প্ৰতিষ্ঠানৰ উৎপাদিত মূল্য মধ্যৱৰ্তী দ্ৰব্যৰ মূল্য
= ৫০০- ২৫০ টকা ।
নিগুট মূল্য সংযোজন NVA = স্থূল মূল্য সংযোজন – অৱক্ষয়
= ২৫০ – ২০ টকা
= ৩২০ টকা।
৩। উৎপাদন মূল্যত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন কি ?
উত্তৰ : দ্ৰব্য আৰু সেৱাৰ উৎপাদনত আগবঢ়োৱা অৱদানৰ বাবে উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা খাজনা, মজুৰি, সুদ আৰু লাভৰ সমষ্টি অর্থাৎ এখন দেশত এবছৰত উৎপাদন কার্যত যি ব্যয় কৰা হয়, সেয়ে হৈছে উপাদান দৰত শুদ্ধ ৰাষ্ট্ৰীয় উৎপাদন । ইয়াক এনেদৰে ব্যাখ্যা কৰিব পাৰি :
জাতীয় আয় = বেতন, মজুৰি আৰু পৰিপূৰক উপাৰ্জন নিগম, অনিগম আৰু চৰকাৰী ব্যৱসায় প্ৰতিষ্ঠানৰ মুনাফা + + সকলো প্ৰকাৰৰ খাজনা + সকলো প্ৰকাৰৰ সুদ + বিদেশৰ পৰা হোৱা উপাদানৰ পৰিশোধ + হস্তান্তৰিত পৰিশোধ।
৪। ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় কি ?
উত্তৰ : ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় হ’ল বজাৰ মূল্যত নিওট জাতীয় আয় + বিশ্বৰ অন্যান্য প্রাস্তৰ পৰা প্ৰবাহিত হোৱা হস্তান্তৰযোগ্য আয় । ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয়ৰ ধাৰণাটোৱে অর্থনীতি এখনৰ সৰ্বোচ্চ পৰিমাণৰ ব্যৱহাৰযোগ্য দ্ৰব্য আৰু সেৱাৰ পৰিমাণৰ বিষয়ে জানিবলৈ দিয়ে। ৰাষ্ট্ৰীয় আয়ব দুটা ধাৰণা আছে। যেনেঃ
(ক) স্থূল জাতীয় ব্যয়যোগ্য আয় আৰু
(খ) নিগুট ৰাষ্ট্ৰীয় ব্যয়যোগ্য আয় ।
৫। মুঠ ঘৰুৱা উৎপাদনৰ পৰা কেনেদৰে মুঠ জাতীয় উৎপাদন পাব পাৰি?
উত্তৰ : এটা বিত্তীয় বছৰত দেশৰ ভিতৰত সৰ্বমুঠ অস্তিম ব্যৱহাৰ উপযোগী সামগ্ৰী আৰু সেৱা কাৰ্যৰ বজাৰ মূল্যই হ’ল মুঠ ঘৰুৱা উৎপাদন। আনহাতে সর্বমুঠ জাতীয় উৎপাদন হ’ল সৰ্বমুঠ ঘৰুৱা উৎপাদন +বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ ৷ গতিকে সৰ্বমুঠ ঘৰুৱা উৎপাদনৰ লগত বিদেশৰ পৰা লাভ কৰা শুদ্ধ আয়ৰ পৰিমাণ যোগ দিলে মুঠ জাতীয় উৎপাদন পোৱা যায় ।
৬। উপভোগ্য দ্রব্য আৰু মূলধনী দ্ৰব্যৰ মাজৰ পার্থক্য নিৰূপণ কৰা ।
উত্তৰ ঃ পার্থক্য হ’ল ঃ
(ক) উপভোক্তাই অভাৱ দূৰ কৰিবৰ কাৰণে যিবিলাক সামগ্রী ক্রয় কৰে, সেইবোৰ সামগ্ৰীকে উপভোগ্য সামগ্রী বুলি কোৱা হয় । আনহাতে, যিবোৰ সামগ্রী উৎপাদন কার্যত ব্যৱহাৰ কৰা হয়, তেনে সামগ্ৰীকে মূলধনী সামগ্ৰী বুলি কোৱা হয় ৷
(খ) উপভোগ্য সামগ্রীসমূহৰ কোনো স্থায়ীত্ব নাই। আনহাতে মূলধনী সামগ্ৰীসমূহ উৎপাদন কার্যত বহুবাৰ ব্যৱহাৰ কৰিব পাৰি। এনে সামগ্ৰীৰ স্থায়ীত্ব আছে।
৭। জাতীয় আয়ৰ প্ৰসঙ্গত মজুত আৰু প্ৰবাহৰ পাৰ্থক্য লিখা ।
উত্তৰ : উৎপাদন প্রতিক্ৰয়াত ব্যৱহাৰ হোৱা এনে কিছুমান উপাদান আছে যি সামগ্রীকভাৱে সকলো সময়তে উৎপাদন প্রক্রিয়াত জড়িত হৈ থাকে। প্রয়োজন হোৱা মাত্ৰকে তেনে উপাদানক ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰি ৷ জাতীয় আয়ৰ প্ৰসঙ্গত তেনে সামগ্ৰীকে মজুত বুলিব পাৰি। উদাহৰণ স্বৰূপে, উৎপাদন কাৰ্যত নিয়োজিত হৈ থকা যন্ত্ৰ- পাতিৰ পৰিমাণ, আচবাব আদি কোনো নির্দিষ্ট সময়ৰ বাবে ব্যৱহাৰ নকৰি যিকোনো সময়তে প্রয়োজন অনুসৰি ব্যৱহাৰ কৰা হয় ।
আনহাতে এনে কিছুমান উপাদান আছে যিবোৰৰ এক নিৰ্দিষ্ট সময়ৰ বাবে ব্যৱহাৰ কৰা হয় ।
৮। উপভোক্তাৰ দৰ সূচাংক আৰু পাইকাৰী দৰ সূচাংকৰ মাজৰ পাৰ্থক্য লিখা ।
উত্তৰ : উপভোক্তাৰ দৰ সূচাংক আৰু পাইকাৰী দৰ সূচাংকৰ মাজৰ পাৰ্থক্য হ’ল ঃ
(ক) উপভোক্তাৰ দৰ সূচাংক সামগ্ৰীৰ খুচুৰা দৰব ভিত্তিত সংগ্ৰহ কৰা হয়। কিন্তু পাইকাৰী দৰ সূচাংক গঠন কৰিবলৈ সামগ্ৰীৰ পাইকাৰী দৰ সংগ্ৰহ কৰা হয়।
(গ) কেনো এক শ্ৰেণীৰ জীৱন নিৰ্বাহৰ মানদণ্ড জুখিবলৈ উপভোক্তাৰ দৰ সূচক ব্যৱহাৰ কৰা হয়। আনহাতে, দেশৰ মুদ্রা মূল্য নিৰূপণৰ বাবে পাইকাৰী দৰ সূচক ব্যৱহাৰ কৰা হয় ।
(খ) দৈনন্দিন জীৱনত পাইকাৰী দৰ সূচকতকৈ উপভোক্তাৰ দৰ সূচাংকৰ গুৰুত্ব অধিক ।
ঘ. ৰচনাধর্মী উত্তৰৰ প্ৰশ্নঃ
১। উৎপাদনৰ উপাদান চাৰিটাৰ নাম লিখি বৈশিষ্ট্যসমূহ আলোচনা কৰা ।
উত্তৰঃ উৎপাদনৰ উপাদান চাৰিটা হ’ল : ভূমি, শ্রম, মূলধন আৰু সংগঠন। উক্ত উপাদানসমূহৰ কিছুমান বৈশিষ্ট্য আছে, যেনেঃ
(১) ভূমি : ভূমি হ’ল প্ৰকৃতিৰ মুক্ত অৱদান। ইয়াৰ যোগানৰ হ্ৰাস বা বৃদ্ধি কৰিব পৰা নাযায়। ঠাই বিশেষে ভূমিৰ গুণাগুণৰ পাৰ্থক্য দেখা যায়। ইয়াৰ ভৌগোলিক গতিশীলতা নাই। উৎপাদন কার্যত ব্যৱহাৰ কৰা বাবে ই খাজনা লাভ কৰে।
(২) শ্ৰম : উৎপাদনৰ এক গুৰুত্বপূৰ্ণ উপাদান হ’ল শ্ৰম। শ্ৰম সাঁচি ৰাখিব নোৱাৰি। শ্ৰমিকৰ দৰ-দাম কৰাৰ সুবিধা কম। কামৰ পৰিবেশ, সময়, অৱসৰ-বিনোদন আদিয়ে শ্ৰমৰ ওপৰত প্ৰভাৱ পেলায়। শ্রমিকে শ্ৰমৰ বিনিময়ত মজুৰি লাভ কৰে।
(৩) মূলধন : মূলধন হৈছে মানৱসৃষ্ট উপাদান । ইয়াক হ্রাস-বৃদ্ধি কৰিব পাৰি। সকলো মূলধনেই সম্পদ আৰু উৎপাদনমূলক। মূলধনক সঞ্চয় কৰাৰ উপৰিও ইয়াৰ দ্বাৰা উৎপাদন কার্যত অধিক উৎপাদন বৃদ্ধিৰ বাবে নিয়োগ কৰিব পৰা যায়। উৎপাদন কার্যত অংশ গ্ৰহণ কৰাৰ বাবে মূলধনে সুদ লাভ কৰে।
(৪) সংগঠক ঃ উৎপাদন কার্যত ব্যৱহাৰ হোৱা আন এক অতি গুৰুত্বপূৰ্ণ উপাদান হ’ল সংগঠক। ইয়াৰ দ্বাৰা উৎপাদনৰ সকলো কাৰ্য নিয়ন্ত্ৰণ কৰা হয়। সংগঠকে অনিশ্চয়তা লাভ কৰে আৰু ব্যৱসায়ৰ লাভাংশ অৰ্জন কৰে।
২। এখন সৰল অৰ্থনীতিৰ পৰিয়াল আৰু উদ্যোগ প্ৰতিষ্ঠানৰ ক্ষেত্ৰত আয়ৰ চক্ৰবৎ প্ৰবাহৰ ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰ : অৰ্থনীতিৰ দুটা খণ্ড – পৰিয়াল আৰু প্ৰতিষ্ঠান থাকিলে উদ্যোগ প্রতিষ্ঠানসমূহে দ্রব্য উৎপাদন কৰে। দ্রব্য উৎপাদনত ঘৰুৱা খণ্ডৰ উপাদান যেনেঃ ভূমি, শ্রম, মূলধন, সংগঠক আদিক ব্যৱহাৰ কৰা হয়। ইয়াৰ বাবদ উপাদানসমূহে পাৰিশ্রমিক লাভ কৰে। এইবোৰে সেই পাৰিশ্রমিক দ্রব্য- সামগ্ৰী ক্ৰয় কৰোতে ব্যয় কৰে। গতিকে উৎপাদনৰ উপাদানসমূহে পাৰিশ্ৰমিক হিচাপে লাভ কৰা আয়, বস্তু আৰু সেৱাৰ মূল্য পুনৰ উৎপাদন প্ৰতিষ্ঠানসমূহলৈ ঘূৰি যায়। প্রতিষ্ঠানসমূহে এনেভাৱে দ্রব্য সামগ্ৰী আৰু সেৱা বিক্ৰী কৰি পোৱা ধন পুনৰ সেৱা মূল্য হিচাপে প্ৰদান কৰে। গতিকে জাতীয় আয় চক্ৰাকাৰ গতিৰে উদ্যোগ প্ৰতিষ্ঠান আৰু ঘৰুৱা খণ্ডৰ মাজত ঘূৰি থাকে। ইয়াকে ‘জাতীয় আয়ৰ চক্ৰবৎ প্রবাহ’ বুলি কোৱা হয়।
যিহেতুকে দ্রব্য সামগ্ৰী আৰু সেৱাৰ মূল্য নিৰ্দেশ করা একে পৰিমাণ মুদ্ৰাই চক্ৰাকাৰে ঘূৰি থাকে, গতিকে এটা বছৰত উৎপাদিত দ্রব্য সামগ্ৰীৰ মুঠ মূল্য তিনি ধৰণে জুখিব পাৰি। যেনেঃ
(ক) মুঠ ব্যয় নির্ণয়ৰে।
(খ) সকলোবোৰ উৎপাদন প্রতিষ্ঠানে উৎপাদন কৰা দ্ৰব্য আৰু সেৱাৰ মুঠ মূল্য নির্ণয় কৰি।
(গ) উৎপাদনৰ উপাদানসমূহক পৰিশোধ কৰা মুঠ আয় নির্ণয়েৰে।
৩। GDP ক এখন দেশৰ কল্যাণৰ এক সূচকৰূপে ব্যৱহাৰ কৰিব নোৱাৰাৰ কাৰণ কি ?
উত্তৰ : GDP ক এখন দেশৰ কল্যাণৰ সূচক ৰূপে গণ্য কৰিব নোৱাৰি । ইয়াৰ কাৰণ –
(ক) GDP যদি সীমিত সংখ্যক ব্যক্তি বা প্রতিষ্ঠানৰ হাতত কেন্দ্ৰীভূত হৈ থাকে, তেন্তে সমাজৰ বাকী মানুহৰ আয়ৰ পৰিমাণ হ্ৰাস পাব পাৰে। এনে ক্ষেত্ৰত দেশত কল্যাণৰ হাৰ বৃদ্ধি পোৱা বুলি ক’ব নোৱাৰি ।
(খ) অর্থনীতিত এনে বহু কার্যপ্রণালী আছে যিবোৰ মুদ্ৰা ৰূপত পৰিমাপ কৰা নহয়। গতিকে GDP গণনাৰ পৰা দেশখনৰ প্ৰকৃত কল্যাণৰ হিচাপ পাব নোৱাৰি ।
(গ) এজন ব্যক্তি বা উৎপাদনৰ উপাদান এটাই প্ৰতিষ্ঠানৰ কার্যকলাপত বা উৎপাদনত প্ৰভাৱ পেলোৱাটোক বাহ্যিকতা বুলি কোৱা হয়। উদাহৰণে স্বৰূপে কল-কাৰখানাৰ পৰা ওলোৱা বাহ্য পদার্থ যেনে ধোঁৱাই পৰিবশে নষ্ট কৰে। কিন্তু সুন্দৰ বাগিছা এটাই মনত আনন্দ বা সন্তুষ্টি দিব পাৰে ৷ এনে বাহ্যিকতা GDP ৰ হিচাপত ধৰা নহয় ।
সেয়ে GDP দেশ এখনৰ কল্যাণৰ সূচক হিচাপে ধৰিব নোৱাৰি। 000
Type By Suman Bora