Class 12 ADAVANCE ASSAMESE Chapter 9 Short Question Answer | Chapter 9 বহাগ বিহুৰ পৰম্পৰা Short Answer |

পাঠভিত্তিক (আৰ্হি) প্রশ্ন-উত্তৰ ঃ

১। বিহু অসমৰ জাতীয় উৎসৱ বুলি কোৱাৰ কাৰণ কি, তোমাৰ পাঠ্য প্ৰৱন্ধৰ সহায়ত আলোচনা কৰা ।

উত্তৰ : বিহু অসমৰ জাতীয় উৎসৱ। ‘বহাগ বিহুৰ পৰম্পৰা’ নামৰ প্ৰৱন্ধটিতো প্ৰৱন্ধকাৰ ড° প্রফুল্ল দত্ত গোস্বামীয়ে বিহুক জাতীয় উৎসৱ হিচাপে প্ৰতিপন্ন কৰিছে। বিহুক জাতীয় উৎসৱ বুলি কোৱাৰ কিছু কাৰণো আছে।

বিহু উৎসৱ হৈছে কৃষিমুখী উৎসৱ। এই কৃষি ভিত্তিক উৎসৱটো কালক্ৰমত বিভিন্ন সংস্কৃতিৰ সংস্পৰ্শলৈ আহি অসমৰ জাতীয় উৎসৱত পৰিণত হৈছে। কৃষি উৎসৱৰ লগত জড়িত গৰু বিহু অর্থাৎ গো পূজা, বিহুৱান দিয়া, মান সৎকাৰ কৰা, নাম-কীৰ্তন কৰা আদি সামাজিক পৰম্পৰাত পৰিণত হৈছে। এইবোৰৰ মূল উদ্দেশ্য হ’ল ৰাইজ, জীৱ- জন্তু, খেতি-বাতি আদিৰ মংগল সাধন কৰা ।

বিহু উৎসৱত অসমীয়া লোকে ঘৰ-বাৰী পৰিস্কাৰ কৰা, কাপোৰ-কানি ধোৱা, গৰুৰ যতন লোৱা আদি কাম কৰা দেখা যায় ৷ এইবোৰ কাৰ্যৰ লগত ধৰ্মীয় সম্পর্ক আছে যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ দৃষ্টিভংগীৰো পৰিবৰ্তন হৈ বিহু ধৰ্মীয় উৎসৱৰ পৰিবৰ্তে সাংস্কৃতিক উৎসৱত পৰিণত হৈছে। বৰ্তমান বহাগ বিহু উৎসৱৰ যোগেদি সকলো অসমীয়াই একেগোট হোৱাৰ সুযোগ লাভ কৰিছে। লিখক ড. প্রফুল্ল দত্ত গোস্বামীৰ মতে ই বিভিন্ন খেলৰ বিভিন্ন লোকৰ মিলনৰ ক্ষেত্ৰ হিচাপে সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক হৈ পৰিছে।

সেয়ে ক’ব পাৰি বিহু এতিয়া আগৰ দৰে ধৰ্মমূলক উৎসৱ নহৈ ই ঘাইকৈ অসমৰ জাতীয় উৎসৱ আৰু সংস্কৃতিৰ প্ৰতীক স্বৰূপ হৈ পৰিছে।

২। বিহুৰ উৎপত্তিআৰু বিহু নৃত্য সম্বন্ধে বিভিন্নজনে আগবঢ়োৱা মন্তব্যসমূহ চমুকৈ আলোচনা কৰা।

উত্তৰ : বিহু আৰু বিহু নৃত্যৰ উৎপত্তি কেতিয়া, ক’ত, কেনেদৰে হৈছিল তাক সঠিককৈ ক’ব পৰা নাযায় যদিও বিভিন্ন পণ্ডিতে বিভিন্ন ধৰণে তলত উল্লেখ কৰা মতে মন্তব্য আগবঢ়াইছে।

প্রথমতে, কিছুমান পণ্ডিতে ঠাৱৰ কৰিছে যে বিহুৰ উৎপত্তি সংস্কৃত বিষুৱণ’ শব্দৰ পৰা আহিছে। ‘অথর্ববেদ’ আৰু ‘ঐতৰেয় ব্ৰাহ্মণ’ আদি পুৰণি শাস্ত্ৰত পোৱা যায় যে সেই সময়ত বিষুৱণ’আছিল যাগ-যজ্ঞ কৰা এটা দিনৰ নাম । যাগ-যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে বুলি সিহঁতে বিশ্বাস কৰিছিল। অর্থাৎ খেতি-বাতিৰ সুব্যৱস্থাৰ কাৰণেই এই বিষুৱ দিনত যাগ-যজ্ঞৰ আয়োজন কৰা হৈছিল।

দ্বিতীয়তে, প্রাচীন অসমত বিষুৱ সংক্ৰান্তিৰ দিনত ৰজাসকলে ব্ৰাহ্মণক ভূমিদান কৰিছিল। বিষুৱ সংক্ৰান্তিৰ সময়ত পালন কৰা এনে মাংগলিক অনুষ্ঠানৰ সোঁৱৰণ যে ভাৰতৰ উত্তৰ-পূৱ চুকৰ অসমতে হৈছিল এনে নহয়, ভাৰতৰ অন্যান্য অঞ্চলতো এই অনুষ্ঠান পতা হৈছিল। বিষুৱ সংক্ৰান্তিৰ দিনা পালন কৰা উত্তৰ পৰাও বিহুৰ উৎপত্তি হোৱা বুলি ভবাৰ থল আছে।

তৃতীয়তে, দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে৷ সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ মাজতো বিষু মেলা’ বুলি এক উৎসৱৰ প্ৰচলন আছে। তেনেদৰে মধ্য ভাৰতৰ ওৰাওঁসকলে গ্রীষ্ম কালত ‘বিষ্ণু চিকাৰ’ৰ ব্যৱস্থা কৰে – ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে । ইয়াক কোনো কোনো অঞ্চলত বিহু নুবুলি বৈশাখী’ বোলে। –

মুঠতে বিহু উৎসৱটো কেতিয়া ক’ত কেনেদৰে উৎপত্তি হৈছিল তাৰ সঠিক তথ্য আজিলৈ উদ্ধাৰ হোৱা নাই যদিও ই যে পোনতে এক কৃষি উৎসৱ হিচাপে উৎপত্তি লাভ কৰিছিল তাত অৱশ্যে কাৰো সন্দেহ নাই। কালক্ৰমত এই কৃষি উৎসৱটোত আৰ্য আৰু অনাৰ্যৰ উপাদান লগলাগি এক জাতীয় সাংস্কৃতিক উৎসৱত পৰণিত হয়।

নিহু নৃত্য সম্পর্কেও এই খিনি জনা যায় যে কৃষি বৃত্তি অৱলম্বন কৰা লোকৰ মাজত স্ত্ৰী-পুৰুষৰ আনুষ্ঠানিক মিলন আৰু নৃত্য-গীত পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি কৰাৰ এক প্রাচীন ব্যৱস্থা আছিল। সপ্তম শতিকাত এজন মুছলমান ভ্ৰমণকাৰীয়ে লিখি থৈ যোৱা বৰ্ণনাৰ পৰা জনা যায় যে ভ্ৰমণ কালত অসমৰ ৰাজধানীত স্ত্ৰী-পুৰুষ উভয়ে নৃত্য আৰু গীতেৰে ৰং-ধেমালি কৰা তেওঁ প্ৰত্যক্ষ কৰিছিল। ঢোল, পেঁপা, টকা আদি বাদ্য যন্ত্ৰৰো ব্যৱহাৰ তেওঁ লক্ষ্য . কৰিছিল বুলি উল্লেখ আছে। তেওঁ আকৌ উল্লেখ কৰিছে যে এই উৎসৱৰ সময়ত ডেকা-গাভৰুৰ মনৰ আদান- প্রদানো হয়। পিছলৈ আহোম ৰজাসকলে এই উৎসৱক পৰিপোষণ কৰি বিহু উৎসৱক জাতীয় উৎসৱ হিচাপে গঢ় দিয়াত সহায় কৰিলে ।

৩। ‘বিহু এক ধর্মীয় অনুষ্ঠান’ বিহুক ধর্মীয় অনুষ্ঠান বুলি কোৱাৰ যুক্তিযুক্ততা প্রতি পন্ন কৰা ।

উত্তৰ : ওপৰৰ ১ নং প্রশ্নোত্ত্বৰ চোৱা।

৪। অসমত বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত দেখা যায় নে, আলোচনা কৰা ।

উত্তৰ : অসমত বিষুৱ সংক্ৰান্তিৰ কালত পালন কৰা বিহু অনুষ্ঠানৰ সমপৰ্যায়ৰ অনুষ্ঠান ভাৰতৰ আন আন ঠাইত বিভিন্ন ৰূপত পালিত হোৱা দেখা যায়। যেনে

দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষ্ণু’ বোলে। সেইদৰে হিমালয়ৰ নামনি অঞ্চলৰ খচ সকলৰ মাজতো ‘বিষু মেলা’ বুলি এক উৎসৱৰ প্ৰচলন আছে। তেনেদৰে মধ্য ভাৰতৰ ওৰাওঁসকলে গ্রীষ্ম কালত ‘বিষু চিকাৰ’ৰ ব্যৱস্থা কৰে – 1 ঠিক যেনেকৈ মাঘ বিহুৰ সময়ত অসমৰ ৰাইজে সমূহীয়াকৈ মাছ মৰা বা পহু চিকাৰৰ ব্যৱস্থা কৰে। ইয়াক কোনো কোনো অঞ্চলত ‘বিহু’নুবুলি বৈশাখী’ বোলে। আকৌ মণিপুৰত বৈষ্ণৱ পন্থী হিন্দুসকলে কৃষি উৎসৱৰ লগত সংগতি ৰাখি নৃত্য-গীতৰ আয়োজন কৰে ৷

অতিৰিক্ত প্রশ্ন-উত্তৰ ঃ

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া :

(ক) ‘বহাগ বিহুৰ পৰম্পৰা প্ৰৱন্ধটিৰ লিখক কোন ?

উত্তৰ ঃ ড° প্ৰফুল্ল দত্ত গোস্বামী।

(খ) লক্ষ্মীধৰ শৰ্মাৰ এখন গল্প পুথিৰ নাম লিখা।

উত্তৰ ঃ ব্যৰ্থতাৰ দান ৷

(গ) ড° প্রফুল্ল দত্ত গোস্বামী ক’ত জন্ম গ্রহণ কৰিছিল ?

উত্তৰ : দক্ষিণ কামৰূপৰ নহিৰা সত্ৰত ।

(ঘ) ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন গৱেষণামূলক গ্ৰন্থৰ নাম লিখা ।

*

উত্তৰ : ‘অসমীয়া জন সাহিত্য’ আৰু ‘সাহিত্য আৰু জীৱন’।

(ঙ) ড° প্রফুল্ল দত্ত গোস্বামীয়ে ৰচনা কৰা দুখন ইংৰাজী গ্ৰন্থৰ নাম লিখা ।

উত্তৰ : Folk Literature of Asssam and Bihu Songs of Assam.

(চ) দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক কি বোলে ?

উত্তৰ : বিষ্ণু।

(ছ) অসমীয়া কোনগৰাকী ঔপন্যাসিকৰ উপন্যাসত প্ৰথম বিহুৰ নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা আছে?

উত্তৰ : ৰজনীকান্ত বৰদলৈৰ উপন্যাসত।

(জ) বিহু নাচ আৰু গীত সম্পৰ্কে বহল আলোচনা কৰা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি ?

উত্তৰ : ৰজনীকান্ত বৰদলৈৰ ‘মিৰি জীয়ৰী 000

Type By Suman Bora