Class 12 ADAVANCE ASSAMESE Chapter 7 Short Question Answer | Chapter 7 বুৰঞ্জীৰ দৌৰাত্ম্য Short Answer |

পাঠভিত্তিক (আৰ্হি) প্রশ্ন-উত্তৰ ঃ

১। অতীত ভাৰতবৰ্ষত আর্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াই ব্যংগাত্মকভাৱে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা ।

উত্তৰ : ‘বুৰঞ্জীৰ দৌৰাত্ম্য’ শিৰোনামাৰ প্ৰৱন্ধটিত অতীত ভাৰতবৰ্ষত আর্য ঋষিমুনিসকলে বুৰঞ্জী নিলিখাৰ সন্দৰ্ভত বেজবৰুৱা ডাঙৰীয়াৰ দৃষ্টিভংগী ব্যংগাত্মকভাৱে তলত দিয়া ধৰণে প্ৰকাশ পাইছে।

জ্ঞান চৰ্চাত প্রাচীন যুগৰ আৰ্যসকল অতি আগবঢ়া আছিল। আৰ্যসকলে জ্ঞান-বিজ্ঞানৰ প্ৰায় সকলোবোৰ শাখাতেই পাৰদৰ্শিতা অৰ্জন কৰিছিল। আর্য সভ্যতাৰ জ্ঞান বিস্তাৰৰ নিদৰ্শন স্বৰূপ বেদ, বেদান্ত, দৰ্শন, জ্যোতির্বিদ্যা, আৰ্যবিদ্যা, ৰসায়ন, ধুনবিদ্যা, গীত, নৃত্য, পুৰাণ, সংহিতা, মহাকাব্য আদি ৰচনা হোৱাৰ বিপৰীতে আধুনিক অৰ্থৰ “হিষ্টৰী’কিয় ৰচনা হোৱা নাছিল বেজবৰুৱাদেৱে তাৰ যথাযথ কাৰণ নিৰ্ণয় কৰিছে। বেজবৰুৱাদেৱে কৈছে যে ইমানবোৰ তত্ত্বপূৰ্ণ সুগভীৰ জ্ঞান-বিজ্ঞানৰ বিভিন্ন বিষয়ৰ মৌলিক গ্রন্থ ৰচনা কৰা লিখকসকলৰ বুৰঞ্জী ৰচনা কৰাৰ প্ৰতিভাৰ অভাৱ নিশ্চয় হোৱা নাছিল ।

পাশ্চাত্যৰ কিছুমান পণ্ডিতে ক’ব খোজে যে ভাৰতীয়সকলৰ ইতিহাস চেতনা নাই। তাৰ আধাৰত বেজবৰুৱাদেৱে কৈছে যে ভাৰতীয়সকলৰ বুৰঞ্জীতকৈ ভাৰতৰ প্রাচীন শাস্ত্ৰসমূহৰ মহত্ব অতি গভীৰ। তেওঁৰ মতে সেইবোৰ ভঙুৱাৰ গল্প, কাণীয়াৰ কীৰ্তন অথবা পাগলৰ প্রলাপ নহয়। বৰং সেইবোৰ জীৱনজোৰা সাধনৰ অমূল্য ইতিহাস, য’ত মানুহৰ হেজাৰ হেজাৰ বছৰৰ সভ্যতা সংস্কৃতিৰ উৎকৃষ্ট সাৰখিনি সংৰক্ষিত হৈ আছে।

সাম্প্ৰতিক যুগত ভাৰতীয়সকলৰ ইতিহাস চেতনা আহিছে আৰু ভাৰতীয়সকলে ইতিহাস চর্চাও কৰিবলৈ লৈছে।ই অৱশ্যে ইংৰাজসকলৰ দান । আজিকালি ইতিহাস, বুৰঞ্জী আৰু হিষ্টুৰীৰ ধাৰণা প্ৰায় একাকাৰ হৈ গৈছে। গতিকে আধুনিক যুগৰ তথাকথিত বুৰঞ্জীবিদসকলে লাংপুং ৰচিত বুৰঞ্জী, ৰবিন্সনৰ হিষ্টুৰী, মঞ্চপৰ ‘একচন্দ্ৰ স্তমোহস্তি’ আদিকহে বুৰঞ্জী বুলি কয়। বেজবৰুৱাদেৱে এনে বুৰঞ্জীক সমালোচনা কৰি কৈছে যে প্রাচীন যুগৰ ভাৰতীয় গ্ৰন্থসমূহত উচ্চ মূল্যবোধ যুক্ত আধ্যাত্মিক গুণৰাশিৰ তুলনাত আধুনিক যুগৰ বুৰঞ্জীসমূহ কেৱল বৈষয়িক আশা-আকাংক্ষাৰ মাজতে সীমাবদ্ধ । এই ইতিহাসসমূহ আধ্যাত্মিক জ্ঞানশূণ্য। ই হৈছে মানুহৰ কাৰ্যকলাপ, যুদ্ধ-বিগ্ৰহ, সেইবোৰৰ চন তাৰিখ আদিৰ লিপিবদ্ধ বিৱৰণ। এনে ইতিহাস পক্ষপাতমূলক দোষত দোষযুক্ত। বহু সময়ত এনে ইতিহাস বা বুৰঞ্জীত সত্যক -বিকৃত কৰা হৈছে। সত্য ৰ অপলাপ কৰা এনে ইতিহাস বা বুৰঞ্জীত সত্য কি, অসত্য কি তাক বিচাৰ কৰিবলৈ জ্ঞানী- সজ্জ্বন লোকৰ ক্ষেত্ৰতো সমস্যা হোৱা দেখা যায়। সেয়ে বেজবৰুৱাদেৱে কৈছে যে ইতিহাসত ভুল তথ্য দাঙি ধৰি বিভ্রান্তি সৃষ্টি কৰাতকৈ প্ৰাচীন আর্য ঋষিমুনিসকলে ইতিহাস ৰচনা নকৰি আধ্যাত্মিক ভাবাপন্ন জ্ঞান-বিজ্ঞানৰ সুগভীৰ গ্ৰন্থ ৰচনা কৰি ভাল কামকে কৰিছিল।

২।’বুৰঞ্জীৰ দৌৰাত্ম্য’ লেখাটোৰ মূল কথাখিনি তোমাৰ ভাষাত লিখি বেজবৰুৱাৰ ব্যংগাত্মক ভাবধাৰা কেনেদৰে প্ৰকাশ পাইছে, আলোচনা কৰা ।

উত্তৰ : ওপৰৰ ১ নং প্রশ্নোত্তৰ চোৱা ।

অতিৰিক্ত প্রশ্ন-উত্তৰ ঃ

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া :

(ক) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰ: ১৮৬৮ চনত ।

(খ) লক্ষ্মীনাথ বেজবৰুৱাই অসমীয়া সাহিত্য জগতত কি উপাধিৰে বিভূষিত ?

উত্তৰ : ৰসৰাজ ।

(গ) অসমীয়া ভাষাত প্ৰথম চুটি গল্পৰ প্ৰণেতা কোন ?.

উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱা ।

(ঘ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা দুখন চুটিগল্পৰ পুথিৰ নাম লিখা ।

উত্তৰ : ‘সুৰভি’আৰু ‘সাধু কথাৰ কুঁকি’।

(ঙ) লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা ।

উত্তৰ : পদুম কুঁৱৰী।

(চ) লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নামকি?

উত্তৰ : মোৰ জীৱন সোঁৱৰণ।

(ছ) লক্ষ্মীনাথ বেজবৰুৱাৰ দুখন কবিতা পুথিৰ নাম লিখা।

উত্তৰ : ‘কদম কলি’আৰু ‘পদুমকলি’।

(জ) বেজবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।

উত্তৰ : ‘বেলিমাৰ’ আৰু ‘চক্ৰধ্বজ সিংহ।

(ঝ) লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰা এখন আলোচনীৰ নাম লিখা ।

উত্তৰ : বাঁহী ।

(ঞ) বাঁহী আলোচনীখন কোন চনৰ পৰা প্ৰকাশ পায় ?

উত্তৰ : ১৯০৯ চনৰ পৰা ৷

(ট) লক্ষ্মীনাথ বেজবৰুৱা কোনখন অসম স সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল ?

উত্তৰ : ১৯২৪ চনত গুৱাহাটীত বহা অসম স সভাৰ সপ্তম অধিবেশনৰ ।

(ঠ) লক্ষ্মীনাথ বেজবৰুৱাই কিমান চনত মৃত্যু কৰিছিল ?

উত্তৰ : ১৯৩৮ চনত ।

(ক) লক্ষ্মীনাথ বেজবৰুৱাৰ দেউতাকৰ নাম আছিল ?

উত্তৰ : ডাঙৰীয়া দীননাথ বেজবৰুৱা ৷

(ক) লক্ষ্মীনাথ বেজবৰুৱাই ইংৰাজী ভাষাত কৰা এখন গ্ৰন্থৰ নাম লিখা ।

উত্তৰ : History of Vaishnavism in dia. 000

Type By Suman Bora