Class 12 ADAVANCE ASSAMESE Chapter 6 Short Question Answer | Chapter 6 অন্বেষণ Short Answer |

পাঠভিত্তিক প্রশ্ন-উত্তৰ ঃ

১। কবি পৰিচয়সহ কবিতাটিৰ সাৰাংশ লিখা ।

উত্তৰ : ওপৰৰ কবি পৰিচয় চাই পিছত তলৰখিনি যোগ দিয়া ।

সীতানাথ ব্ৰহ্মচৌধুৰীৰ অন্বেষণ’শিৰোনামাৰ কবিতাটি এক প্ৰেমৰ কবিতা। কবিতাটিৰ মাজেৰে কবিয়ে প্ৰেয়সীৰ সতে হোৱা বিচ্ছেদ বেদনাৰ ছবি প্রকট কৰি তুলিছে।

কবি পূর্বজন্মত বিশ্বাসী। কবিয়ে জাতিষ্মৰৰ দৰে পূৰ্বজনমৰ প্ৰেয়সীৰ কথা মনত পেলাইছে। তাই আছিল অনুপমা সৌন্দৰ্যৰ প্ৰতিমা। পূৰ্বজনমত তাই যৌৱনৰ প্ৰথম ঢৌ তুলি কবিৰ প্ৰেম সত্বাক জোকাৰি দিছিল। কবিয়ে এই জনমতো তাইক পাবলৈ ব্যাকুল হৈ পৰিছে। সমস্ত জগত বিচাৰি চলাথ কৰিছে। কিন্তু তাইক ক’তো হ’লে বিচাৰি পোৱা নাই। পূৰ্ব জনমত তাইৰ সৌন্দৰ্যময়ী লাৱণী দেহত যৌৱনৰ বসন্তই খেলা কৰিছিল। প্ৰেমৰ ৰঙেৰে জিলিকি উঠিছিল কবিৰ প্ৰেয়সীৰ দেহৰ প্ৰতিটো অংগ। কবিৰ ওঁঠৰ এটি মাথো প্ৰেমভৰা চুমাত প্ৰেয়সী প্ৰেমত মতলীয়া হৈ পৰিছিল।

পূৰ্ব জনমৰ বিদায় লগ্নত প্ৰিয়তমা আৰু কবিৰ দুচকু দুখৰ চকুলোৰে ভৰি পৰিছিল। কবিয়ে তেওঁৰ পূৰ্ব জনমৰ সেই প্ৰেয়সীজনী এতিয়া ক’ত কেনেদৰে আছে সেয়া নাজানে । সেই মোহময়ী প্রেয়সীক কবিয়ে ক’তো বিচাৰি নাপাই বিৰহত কাতৰ হৈ পৰিছে।

২। কবিৰ বিৰহৰ কাৰণ কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে?

উত্তৰ : ওপৰৰ ১ নং প্রশ্নোত্তৰ চোৱা।

অতিৰিক্ত প্রশ্ন-উত্তৰ :

১। তলত দিয়া প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ

(ক) সীতানাথ ব্ৰহ্ম চৌধুৰী কিমান চনত জন্ম গ্রহণ কৰিছিল?

উত্তৰঃ ১৯০৮ চনত।

(খ) সীতানাথ ব্ৰহ্ম চৌধুৰীয়ে ক’ত জন্ম গ্রহণ কৰিছিল ?

উত্তৰ ঃ গোৱালপাৰাৰ ভালুকমাৰীত ৷

(গ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে ৰচনা কৰা দুখন কবিতা’ পুথিৰ নাম লিখা ।

উত্তৰ : ‘কমলকলি’ আৰু ‘চকুলো’।

(ঘ) সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত কি ভাৱৰ প্রকাশ ঘটিছে?

উত্তৰ ঃ সীতানাথ ব্ৰহ্মচৌধুৰীৰ কবিতাত ৰোমান্টিক ভাবাদর্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে।

(ঙ) অসম সাহিত্য সভাৰ কোনখন অধিবেশনত সীতানাথ ব্ৰহ্মচৌধুৰীয়ে সভাপতিত্ব কৰিছিল ?

উত্তৰ ঃ তিনিচুকীয়া আৰু ডিফু অধিবেশনত ৷

(চ) সীতানাথ ব্ৰহ্ম চৌধুৰীয়ে কলেজীয়া শিক্ষা ক’ত গ্ৰহণ কৰিছিল ?

উত্তৰ : গুৱাহাটীৰ কটন কলেজত ।

(ছ) সীতানাথ ব্ৰহ্মচৌধুৰীয়ে কিমান চনত মৃত্যু বৰণ কৰিছিল ?

উত্তৰ : ১৯৮২ চনত। 000

Type By Suman Bora