Class 12 ADAVANCE ASSAMESE Chapter 5 Short Question Answer | Chapter 5কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী Short Answer |

পাঠভিত্তিক প্রশ্ন-উত্তৰ :

১। মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজঙ্ঘাত কিয় আৰোপ কৰা হৈছে?

উত্তৰ : ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ প্রথম স্তৱকত কবিয়ে কাঞ্চনজঙ্ঘাৰ ওপৰত মহাদেৱ (শিৱ)ৰ গুণ আৰোপ কৰিছে। ইয়াৰ কাৰণ-

মহাদেৱ ভাৰতবৰ্ষৰ, বিশেষকৈ হিন্দুসকলৰ, এজন চিৰ উপাস্য দেৱতা৷ দেৱতাসকলৰ ভিতৰত তেওঁৰ স্থান অতি উচ্চ। তেওঁ জন্মলগ্নৰে পৰা হিমালয় আৰু পবিত্ৰ গংগা নদীৰ লগত জড়িত। জটাধাৰী বাঘৰ ছাল পৰিহিত মহাদেৱৰ দেহৰ সৌন্দৰ্যও অতি মনোৰম । মহাদেৱে গংগা নদীক নিজৰ জটাধাৰী মূৰত ধাৰণ কৰিছিল।

আনহাতে কাঞ্চনজঙ্ঘা হৈছে ভাৰতৰ এক অন্যতম সু উচ্চ পর্বত। ই হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত। গোটেই বছৰ ইয়াৰ শিখৰ শুভ্ৰ বৰফে ঢাক খাই থাকে। ইয়াৰ শিখৰৰ পৰা বৰফ গলি গলি বহুতো নদ-নদী,জান জুৰিৰ সৃষ্টি হৈছে। ভাৰতবৰ্ষত হিন্দুসকলৰ বাবে যেনেদৰে মহাদেৱৰ উচ্চ স্থান ঠিক তেনেকৈ পৰ্বতশৃঙ্গৰ ভিতৰত ভাৰতীয়সকলৰ বাবে কাঞ্চনজঙ্ঘাৰো সেই একে উচ্চ স্থান। গতিকে কবিয়ে কাঞ্চনজঙ্ঘাৰ ওপৰত মহাদেৱৰ গুণ আৰোপ কৰিছে।

২। কাঞ্চনজঙ্ঘাক ভাৰতৰ অতীত বৰ্তমানৰ সাক্ষী কিয় কৰা হৈছে?

উত্তৰ ঃ কাঞ্চনজঙ্ঘা হৈছে ভাৰতৰ উত্তৰ দিশত সগৌৰৱে থিয় হৈ থকা হিমালয় পর্বতশ্রেণীৰ এটি অন্যতম সুউচ্চ শৃঙ্গ। ই অতীতৰ কোনোবা এটি যুগত সৃষ্টি হৈ বৰ্তমানেলৈক গৌৰৱ ধ্বজা উৰুৱাই থিয় হৈ আছে। ইয়াৰ নামনিতে থকা ভাৰতবৰ্ষৰ প্ৰতিটো ঘটনা চক্ৰ ইয়াৰ চকুৰ আগতে ঘটি আছে। যুগে যুগে বহুতো ৰাজবংশ, ৰজা-মহাৰজ্ঞাৰ উত্থান পতনৰো ই সাক্ষী হৈ আছে। মঞ্চত যেনেকৈ মানুহে অলপ সময়ৰ বাবে ভাত দি গুচি যায় ঠিক তেনেদৰে ভাৰতবৰ্ষ নামৰ বিশাল ভূ মঞ্চখনত বহুতে বিভিন্ন ভাও দি দি গুচি গৈছে। এইখন ভাৰতবৰ্ষত যেন হাঁহি আৰু কান্দোনৰ নতুন নতুন খেলাবে নতুন নতুন অভিনয় হয়। মানুহৰ সকলো সুকীতি আৰু কুকীর্তির সাক্ষী হৈ ৰয় এই সুউচ্চ সুপ্রাচীন কাঞ্চনজথা।

সেয়ে করিয়ে কাঞ্চনজঙ্ঘাৰু ভাৰতবৰ্ষৰ অতীত আৰু বর্তমানৰ সাক্ষী হিচাপে কল্পনা কৰিছে।

৩। ‘মানুহক প্ৰকৃতিৰ অভিনয় পুতলা’ বুলি কিয় কৈছে?

উত্তৰ : কবি জ্যোতিপ্ৰসাদ আগৰৱালাই মানুহক প্ৰকৃতিৰ অভিনয় পুতলা বুলি কৈছে। আধ্যাত্ম-দৰ্শনত এই কথাষাৰৰ নিশ্চয় যুক্তিযুক্ততা আছে।

নাটকত সূত্ৰধাৰে যেনেদৰে পুতলা নচুৱাই কোনো কাহিনী মঞ্চস্থ কৰে ঠিক তেনেদৰে সৃষ্টিকৰ্তাৰ হাতত আমি একো একোটা পুতলা সদৃশ। চামে চামে মানুহৰ জন্ম হৈছে আৰু বিশ্ব নামৰ মঞ্চটোত নানান ভাও দি দি বিশ্বৰ মানৱী জনমৰ পৰা মেলানি মাগিছে। মানৱ জীৱনটো ক্ষন্তেকীয়া। ইয়াৰ কোনো স্থায়ীত্ব নাই। এই ক্ষন্তেকীয়া জীৱনত প্ৰকৃতিৰ নির্দেশত বিভিন্ন ভাও দিবলগা হয়। সেয়ে কবিয়ে যথাৰ্থভাৱেই মানুহক প্ৰকৃতিৰ অভিনয় আহিলা বুলি কৈছে।

৪। প্রাচীন আৰু নতুন ভাৰতৰ ছবি কবিয়ে কেনেদৰে কবিতাটিত দাঙি ধৰিছে?

উত্তৰ : কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিত কবি জ্যোতিপ্ৰসাদ আগৰৱালাই প্ৰাচীন আৰু নতুন ভাৰতবৰ্ষৰ ছবি অংকন কৰিছে।

প্রথমতে কবিয়ে কাঞ্চনজঙ্ঘাক মই কাঞ্চনজঙ্ঘা, তুষাৰ শুভ্ৰ শিৰ’ বুলি ভাৰতবৰ্ষৰ প্ৰাকৃতিক পৰিবেশৰ সুন্দৰ ছবি অংকন কৰিছে। কাঞ্চনজঙ্ঘাক ৰূপাত্মকভাৱে মহাদেৱ বা শিৱ বুলি পৰিচয় দিয়াইছে। শিৱ হৈছে ভাৰতীয়সকলৰ চিৰ উপাস্য ডাঙৰ দেৱতা। শিৱৰ লগত ভাৰতৰ প্ৰাচীন ইতিহাস জড়িত হৈছে। ভগীৰথে সূর্যবংশ ৰক্ষাৰ বাবে গংগাক সন্তুষ্ট কৰি স্বৰ্গৰ পৰা মৰ্ত্ত্যলৈ নমাই আনোতে গংগাৰ দৰ্পচূর্ণকাৰী মহাদেৱে গংগাক জটাৰ ভিতৰত বন্দী কৰি ৰাখিছিল। আকৌ ভগীৰথৰ অনুৰোধ ৰক্ষা কৰি সুৰধনী গংগাক বৈ যাবলৈ দিয়ে। এইদৰে ভগীৰথ, সূৰ্যবংশ, গংগা, শিৱ আদিৰ কাহিনী এই কবিতাটোত পৰোক্ষভাৱে বৰ্ণিত হৈছে।

আনহাতে কবিয়ে কবিতাটোত নতুন ভাৰতৰ ছবিও অংকন কৰিছে। সময় পাৰ হৈ যায়। সময় আগবাঢ়ি যোৱাৰ লগে লগে মানৱ সভ্যতাৰো পৰিৱৰ্তন হয়। মানুহৰ মনৰ পৰিৱৰ্তন হয়। ভাৰতৰ ক্ষেত্ৰতো ঠিক সেয়াই ঘটিছে।পুৰণিৰ স্থানত নতুন সভ্যতা, সংস্কৃতি জন্ম হ’ল। ইতিহাস এই পৰিবৰ্তনৰ সাক্ষী। কবির ভাষাত : “পিন্ধি পিন্ধি সভ্যতাৰ নতুন মেখেলা, নাচি নাচি উবায় সোণোৱালী ধূলা। সেই ধূলিনেই ঢাক খায় ধূলিতেই জহি যায়। পুৰণি ভঙ্গা।’ এনেদৰেই কবিয়ে কবিতাটিত প্রাচীন আৰু নতুন ভাৰতৰ ছবি অংকন কৰিছে।

অতিৰিক্ত প্রশ্ন-উত্তৰ :

১। তলত দিয়া প্ৰশ্নবোৰৰ অতি চমু উত্তৰ দিয়া :

(ক) জ্যোতিপ্ৰসাদ আগৰৱালাই ক’ত জন্ম গ্রহণ কৰিছিল?

উত্তৰ ঃ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত ।

(খ) ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ ৰচক কোন ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা ।

(গ) জ্যোতিপ্ৰসাদ আগৰৱালা কোন যুগৰ কবি ?

উত্তৰ : ৰমন্যাস যুগৰ কবি ।

(ঘ) প্ৰথম অসমীয়া কথাছবিৰ নিৰ্মাতা কোন ?

উত্তৰ : জ্যোতিপ্ৰসাদ আগৰৱালা ।

(ঙ) প্ৰথম অসমীয়া বোলছবিখনৰ নাম কি ?

উত্তৰ : জয়মতী।

(চ) জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা ।

উত্তৰ : ‘শোণিত কুঁৱৰী আৰু ‘কাৰেঙৰ লিগিৰী’।

(ছ) জ্যোতিপ্ৰসাদ আগৰৱালাই কোন চনত ‘ইন্দ্ৰমালতী’ কথাছবিখন নিৰ্মাণ কৰে ?

উত্তৰ : ১৯৩৯ চনত ।

(জ) জ্যোতিপ্রসাদ আগৰৱালাক কি নামেৰে অভিহিত কৰা হৈছে?

উত্তৰ : ৰূপকোঁৱৰ।

২। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা ঃ

(ক) ‘ৰূপান্তৰেদি আহি বৰণ সলাই হাঁহি মান পীয়ে নাচে এই ভাৰতৰ মঞ্চত।’

উত্তৰ : উক্ত কবিতাফাঁকি জ্যোতিপ্ৰসাদ আগৰৱালাই ৰচিত ‘কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ভাৰতবৰ্ষই যে ইতিহাসৰ মাজেদি ৰূপান্তৰ হৈ হৈ আজিৰ গৌৰৱময় অৱস্থাত উপনীত হৈছে সেই প্রসঙ্গত, উক্ত পংক্তিফাঁকিৰ অৱতাৰণা কৰিছে। কবিয়ে বিশ্বাস কৰে যে পুৰণিৰ বুকুত নতুনৰ জন্ম হয়। প্রচীনকালৰ পৰাই ভাৰতত নানান সভ্যতা গঢ়ি উঠিছে। যুগে যুগে বহুতো মহান মনীষীয়ে ভাৰত ভূমিত জন্ম গ্রহণ কৰি এই ভাৰত নামৰ মঞ্চত নানান অভিনয় কৰি বিদায় লৈছে। সিহঁতৰ অৱদান ভাৰতভূমিত ৰৈ গৈছে যাৰ বাবে ভাৰত আজি সভ্যতাৰ দিশত বহু দূৰ আগবাঢ়ি গৈছে। অর্থাৎ পুৰণিৰ বুকুত নতুনৰ জন্ম হৈ ভাৰতভূমি আজি বিশ্বৰ দৰবাৰত গৌৰৱময় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। 000

Type By Suman Bora