Class 12 ADAVANCE ASSAMESE Chapter 17 Short Question Answer | Chapter 17 চুটি গল্প Short Answer

১। অসমীয়া চুটি গল্প সাহিত্যলৈ লক্ষ্মীনাথ বেজবৰুৱাৰ অৱদান আলোচনা কৰা ।

উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱা (১৮৬৪-১৯৩৮) হৈছে বহুমূখী প্ৰতিভাধাৰী এজন অসমীয়া সাহিত্যিক। কবিতা, নাটক, উপন্যাস, চুটিগল্প, ৰম্য ৰচনা, প্ৰৱন্ধ, সমালোচনা, জীৱনী আদি সাহিত্যৰ সকলেবোৰ শাখালৈ তেওঁ সৃষ্টিশীল অৱদান দি অসমীয়া ভাষা আৰু সাহিত্যক বিশ্বৰ দৰবাৰত প্রতিষ্ঠা কৰে। তেওঁ হৈছে অসমীয়া ভাষাত প্ৰথম চুটিগল্প ৰচিয়তা। ঊনবিংশ শতিকাৰ শেষ ভাগত তেওঁ ‘জোনাকী’ কাকতৰ যোগেদি চুটি গল্প ৰচনাত হাত দিয়ে। তেওঁৰ গল্পসমূহ চাৰিখন পুথিত সন্নিবিষ্ট হৈছে। সেইকেইখন হ’ল : জোনবিৰি, সাধুকথাৰ কুঁকি, কেহোঁকলি আৰু সুৰভি। বেজবৰুৱাই তেওঁৰ গল্পসমূহৰ মাজেদি সেই সময়ৰ অসমীয়া সমাজৰ অৱক্ষয়ৰ সকলো দিশ হাস্য আৰু ব্যঙ্গাত্মক ৰূপত প্রতিভাত কৰি তুলিছে। উদাহৰণ স্বৰূপে ‘মিলাৰামৰ আত্ম জীৱনী’, ‘পাতমুগী’ আদি উল্লেখ কৰিব পাৰি। অসমীয়া সমাজৰ অন্ধ বিশ্বাস, বিদ্যাভিমানী, পুৰুষ প্ৰধান সমাজত নাৰীৰ স্থান, ধর্মীয় গোড়ামী, নেতৃত্বত ভণ্ডামী আদিক লৈ তেওঁ ৰসাল ব্যঙ্গ গল্প ৰচনাত সিদ্ধ হস্ত আছিল।

আঙ্গিক আৰু চৰিত্ৰাংকনত বেজবৰুৱাৰ গল্পসমূহ পূৰ্ণাঙ্গ বুলি ক’ব নোৱাৰি। ইয়াৰ উপৰিও তেওঁৰ গল্পত সাধু কথাৰ ছাপো পৰিছে। তথাপি অসমীয়া গল্প সাহিত্যৰ জনক হিচাপে লক্ষ্মীনাথ বেজবৰুৱাৰ এক সুকীয়া স্থান আছে।

২। তলত উল্লেখ কৰা গল্পকাৰসকলৰ গল্প সাহিত্যৰ পৰিচয় দাঙি ধৰা ।

(ক) হোমেন বৰগোহাঞি (খ) যোগেশ দাস

(ঘ) সৌৰভ কুমাৰ (গ) ভবেন্দ্ৰনাথ শ‍ইকীয়া চলিহা

(ঙ) লক্ষ্মীধৰ শৰ্মা (চ) শীলভদ্ৰ

উত্তৰঃ

(ক) হোমেন বৰগোহাঞি : দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আত্ম প্রকশ কৰা হোমেন বৰগোহাঞি এজন বহুমুখী প্ৰতিভাধৰ অসমীয়া সাহিত্যক। তেওঁ একেধাৰে কবি, গল্পকাৰ, উপন্যাসকি, প্ৰৱন্ধকাৰ আৰু সাংবাদিক।

হোমেন বৰগোহাঞিয়ে ৰচনা কৰা গল্পৰ পুথিসমূহ হৈছেঃ বিভিন্ন ক’ৰাচ, প্ৰেম আৰু মৃত্যুৰ কাৰণে, বিভিন্ন নৰক, স্বপ্ন-স্মৃতি বিষাদ আদি। বৰগোহাঞিদেৱে সমাজৰ অন্ধকাৰ দিশটো তেওঁৰ গল্পসমূহৰ গোগেদি পোৰহলৈ আনিছে। মানৱতাৰ অপমান, দুৰ্বলীৰ ওপৰত বলীৰ শোষণ আৰু অত্যাচাৰ, সহজ সৰল আৰু হোজা গাৱঁলীয়া লোকৰ দুখ-কষ্ট আদি দিশ তেওঁৰ গল্পত মূৰ্ত হৈ উঠিছে। তেওঁৰ কিছুমান গল্পত প্ৰজন্মৰ ব্যৱধান অতি কৰুণ আৰু মর্মস্পর্শী ৰূপত ফুটাই তুলিছে।

বৰগোহাঞিৰ ভাষা, শব্দ চয়ন, কাহিনী বিন্যাস, চৰিত্ৰাংকন আদিত এক স্বকীয় ৰূপ প্ৰকাশ পাইছে। অসমীয়া গল্প সাহিত্যৰ পৰম্পৰাত তেওঁৰ অৱদান স্মৰণযোগ্য।

(খ) যোগেশ দাস : ৰামধেনু যুগৰ শ্ৰেষ্ঠ গল্পকাৰ সকলৰ ভিতৰত যোগেশ দাস অন্যতম। তেওঁ ৰচনা কৰা গল্প পুথিসমূহ হৈছেঃ পপীয়া তৰা, আন্ধাৰৰ আঁৰে আঁৰে, সঁহাৰি পাই, মদাৰৰ বেদনা, পৃথিৱীৰ অসুখ আদি। তেওঁৰ গল্পসমূহত সমাজৰ দুৰ্বল আৰু অৱহেলিত লোকসকলৰ প্রতি সহানুভূতিশীল চিত্র আছে। তেওঁৰ গল্প সমূহৰ ভিতৰত ‘কলপটুৱাৰ মৃত্যু’ গল্পটোক শ্ৰেষ্ঠ গল্প বুলি কোৱা হয়। গল্পটিত গাঁৱলীয়া জীৱনৰ দুখ-যন্ত্ৰণা আৰু সংঘাতৰ ছবি চিত্ৰিত হৈছে।

যোগেশ দাসৰ ভাষা সৰল, কাহিনী হোজা, চৰিত্ৰাংকন আৰ্হিমূলক আৰু সহানুভূতিসূচক আৰু কাহিনী বিন্যাস প্রায়ে শিথিল।

(গ) ভবেন্দ্ৰনাথ শ‍ইকীয়া : অসমীয়া গল্প সাহিত্যত বলিষ্ঠ আৰু দৃষ্টিভংগীৰ দিশত অভিনৱত্ব আনয়ন কৰা এজন স্বনামধন্য গল্পকাৰ হৈছে ভবেন্দ্ৰনাথ শ‍ইকীয়া। তেওঁৰ প্রকাশিত গল্প সংকলনসমূহ হৈছে ঃ প্ৰহৰী, গহ্বৰ, সেন্দুৰ, শৃঙ্খলা, তৰঙ্গ আদি।

তেওঁ গল্পৰ সহস্ৰভাগ চৰিত্ৰই নিম্ন মধ্যবিত্ত শ্ৰেণীৰ পৰা বুটলি লৈছে। এই শ্ৰেণীৰ দুখ দুৰ্দ্দশা, সামাজিক সংঘাত, শোষণ, অত্যাচাৰ আদি প্ৰতিটো দিশ তেওঁৰ গল্পত ভাস্বৰ হৈ উঠিছে।

তেওঁ চৰিত্ৰাংকনত পটু। তেওঁৰ গল্পৰ নায়কে নিজকে অৱলীলা ক্ৰমে প্ৰকাশ কৰিছে। তেওঁৰ অসংখ্য গল্প সমূহৰ মাজত ‘বৃন্দাবন’, ‘আবৰ্জনা’আৰু ‘গংগাস্নান’ আদি গল্পবোৰ শ্রেষ্ঠ ।

তেওঁৰ ভাষা সৰল আৰু পোনাপুনি আৰু কাহিনী। বর্ণনাবহুল। তেওঁৰ সংলাপ ভাৱবাহী আৰু যথাযথ। অসমীয়া গল্প সাহিত্যলৈ তেওঁৰ স্থান নিশ্চয় তেওঁৰ সমসাময়িক মামনি ৰয়চম গোস্বামীৰ সমপৰ্যায়ৰ।

(ঘ) সৌৰভ কুমাৰ চলিহা : অসমীয়া গল্প সাহিত্যাকাশত ভোটাতৰা সদৃশ এজন গল্পকাৰ হৈছে সৌৰভ কুমাৰ চলিহা। তেওঁ এক অভিনৱ দৃষ্টিভংগীৰে অসমীয়া গল্প সাহিত্যত আৱিৰ্ভাৱ হৈছে। তেওঁৰ গল্পসংকলনসমূহ হৈছে : অশান্ত ইলেকট্রন, দুপৰীয়, এহাত দাবা, গোলাম আদি।

সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ কষ্ট, যন্ত্ৰণা, হাহাকাৰ আদি তেওঁৰ গল্পসমূহৰ প্ৰতিপাদ্য বিষয়। তেওঁ বিদেশী চৰিত্ৰ আৰু পৰিবেশো তেওঁৰ কেইখনমান গল্পত ৰূপায়িত কৰিছে। গল্পসমূহৰ কাহিনী উপস্থাপনত তেওঁৰ বুদ্ধিনিষ্ঠ একাগ্ৰতা, ভাষাৰ সাৱলীলতা, চৰিত্ৰৰ সুক্ষ্ম বিশ্লেষণ আৰু সংলাপৰ মননশীলতা লক্ষণীয় বিষয়। তেওঁ কিছুমান গল্পত “বৈজ্ঞানিক ভাষা আৰু সংকেতো ব্যৱহাৰ কৰিছে।

(ঙ) লক্ষ্মীধৰ শৰ্মা : অসমীয়া গল্প সাহিত্যৰ ইতিহাসত এক সুকীয়া আসন লাভ কৰিবলৈ সমৰ্থ হোৱা এজন আগশাৰীৰ গল্পকাৰ হৈছে লক্ষ্মীধৰ শৰ্মা। বাঁহী, বস্তি, চেতনা, আৰু আৱাহন আলোচনীৰ পাতত আত্ম প্ৰকাশ কৰা গল্পকাৰ লক্ষ্মীধৰ শৰ্মাৰ গল্পবোৰ ‘ব্যৰ্থতাৰ দান’ নামৰ গল্প সংকলনখনত সন্নিবিষ্ট হৈছে। তেওঁৰ কিছুমান গল্প এতিয়াও আলোচনীৰ পাততে সিঁচৰতি হৈ আছে।

তেওঁৰ গল্পৰ এক বলিষ্ঠ সুৰ হৈছে মানৱাতাবাদৰ সুৰ। মানৱ প্ৰমূল্যক সমাজত প্ৰতিষ্ঠা কৰাৰ ঐকান্তিক প্রচেষ্ঠা তেওঁৰ গল্পত পোৱা যায়। চিৰাজ, বিদ্রোহিনী, পৰাজয়, ব্যৰ্থতাৰ দান আদি তেওঁৰ প্ৰতিনিধিত্বশীল গল্প। এই গল্পসমূহৰ ভিতৰত ‘চিৰাজ’নামৰ গল্পটি তেওঁৰ সৰ্বশ্ৰেষ্ঠ গল্প বুলি ক’ব পাৰি। গল্পটিত তেওঁ সাম্প্রদায়িক সংঘাত, প্ৰেমৰ সহজাত অভিব্যক্তি, অসম প্ৰেমৰ কৰুণ পৰিণতি মর্মস্পর্শী ৰূপত চিত্ৰিত কৰিছে।

লক্ষ্মীধৰ শৰ্মাই ৰচিত গল্পৰ সংখ্যা কম যদিও তেওঁৰ গল্পত এক স্বকীয়তা আছে যিয়ে সমসাময়িক আন আন গল্পকাৰৰ পৰা তেওঁক পৃথক কৰিছে।

(চ) শীলভদ্র : অসমীয়া গল্প সাহিত্যৰ ইতিহাসত শীলভদ্র এটি উজ্জ্বল তাৰকা সদৃশ। তেওঁ বিংশ শতিকাৰ সপ্তম দহকৰ পৰা বিভিন্ন কাকতত গল্প লিখিবলৈ আৰম্ভ কৰে। তেওঁৰ বহুতো গল্প ‘নৱযুগ’ আলোচনীৰ পাতত প্ৰকাশ পায়। তেওঁৰ প্ৰথম গল্প সংকলনখনৰ নাম ‘বাস্তৱ’।

শীলভদ্ৰই তেওঁৰ গল্পসমূহত ৰুঢ় বাস্তৱ আৰু অতীতৰ মর্মস্পর্শী ৰোমন্থন আছে। তেওঁ তেওঁৰ জন্মস্থান গোৱালপাৰা অঞ্চলৰ ওপৰত ভিত্তি কৰি ৰচনা কৰা ‘মধুপুৰ বহু দূৰ’ গল্পটি আত্মজীৱনীমূলক। গল্পটিত সেই অঞ্চলৰ অতীত মূৰ্ত হৈ উঠছে। তেওঁৰ গল্পত প্ৰেম, ঈর্ষা, শ্ৰেণী সংগ্রাম, শোষিতৰ চিত্ৰ, অৰ্থনৈতিক দৈন্যতাত ভোগা -সমাজৰ দুৰ্বল শ্ৰেণীৰ ছবি তেওঁ আন্তৰিকতাৰ সৈতে ফুটাই তুলিছে। তেওঁৰ গল্পৰ ভাষাত গোৱালপৰীয়া অঞ্চলৰ জতুৱা ঠাচৰ প্ৰভাৱ আছে। ০০০

Type By Suman Bora