Class 12 ADAVANCE ASSAMESE Chapter 11 Short Question Answer | Chapter 11 চুটি গল্প আমাৰ ছাৰ Short Answer |

পাঠভিত্তিক (আৰ্হি) প্রশ্ন-উত্তৰ ঃ

১। ‘ আমাৰ ছাৰ’ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো লেখকে কেনেদৰে দাঙি ধৰিছে লিখা।

উত্তৰ : ‘আমাৰ ছাৰ’ নামৰ গল্পটিত লিখক যোগেশ দাসে সমসাময়িক গ্রাম্য সমাজখনত ছাত্ৰ আৰু শিক্ষকৰ মাজত থকা মধুৰ আৰু অকপট সম্পৰ্কৰ এক বাস্তৱ চিত্ৰ দাঙি ধৰিছে।

শিক্ষকজনৰ নাম আছিল ধৰণীধৰ বৰুৱা । কিন্তু সকলোৱে তেওঁক ‘ছাৰ’ বুলিয়েই সম্বোধন কৰিছিল। তেওঁ আছিল আদর্শবান, দায়িত্বশীল, কর্তব্যপৰায়ণ আৰু মৰমীয়াল। তেওঁৰ লগত অঞ্চলটোৰ সকলোৰে লগত এক সুমধুৰ আত্মিক সম্পৰ্ক আছিল। শিক্ষক হিচাপে তেওঁ আছিল কঠোৰ, নিয়মানুবর্তি, সংযমী, খঙাল আৰু একেসময়তে বৰ মৰমীয়াল। কোনো ছাত্ৰ লিখা-পঢ়াত অমনোযোগী হলে, স্কুল ক্ষতি কৰিলে আৰু স্কুলৰ নীতি- নিয়ম ভংগ কৰিলে তেওঁ বৰ কঠোৰ হৈ পৰিছিল। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াৰ প্ৰতি বৰ মনোযোগী আৰু দায়িত্বশীল আছিল । কোনোৱা ছাত্ৰ দুৰ্বল হ’লে প্ৰয়োজনত অতিৰিক্ত সময়ত পঢ়ুৱাইছিল বা ঘৰত গৈ হ’লেও তত্বাৱধান লৈছিল। কাৰোবাৰ অসুখ বিসুখ হ’লে তাৰো খবৰ কৰিছিল। তেওঁ সকলো ছাত্রকে নিজৰ সন্তানৰ দৰে মৰম কৰিছিল যদিও কোনো ছাত্ৰ স্কুলৰ নীতি-নিয়ম ভংগ কৰিলে তাৰ প্ৰতি কঠোৰ হৈ শাস্তিও দিছিল। কিন্তু তেওঁৰ মৰমীয়াল ব্যৱহাৰত ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ কঠোৰতা পাহৰি তেওঁক শ্রদ্ধা- ভক্তি কৰিছিল।

মুঠতে এজন দায়িত্বশীল আদর্শবান শিক্ষকৰ থাকিবলগীয়া আটাইবোৰ গুণেই শিক্ষকজনৰ আছিল।

২। ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম কি ? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুৱা।

উত্তৰঃ যোগেশ দাস ৰচিত ‘আমাৰ ছাৰ’নামৰ গল্পটিৰ প্ৰধান চৰিত্ৰটি হৈছে ‘আমাৰ ছাৰ’। তেওঁৰ প্ৰকৃত নাম ধৰণীধৰ বৰুৱা। গল্পটিত তেওঁক এজন আদর্শ শিক্ষকহিচাপে চৰিত্রাঙ্কন কৰাৰ উপৰিও এজন আদর্শ সামাজিক ব্যক্তি হিচাপে গল্পকাৰে উপস্থাপন কৰিছে।

শিক্ষক হিচাপে তেওঁ আছিল কঠোৰ, নিয়মানুবৰ্তি, সংযমী, খঙাল আৰু একেসময়তে বৰ মৰমীয়াল । কোনো ছাত্র লিখা-পঢ়াত অমনোযোগী হ’লে, স্কুল ক্ষতি কৰিলে আৰু স্কুলৰ নীতি-নিয়ম ভংগ কৰিলে তেওঁ বৰ কঠোৰ হৈ পৰিছিল। আনহাতে ছাত্ৰ-ছাত্ৰীসকলৰ লিখা-পঢ়াৰ প্ৰতি বৰ মনোযোগী আৰু দায়িত্বশীল আছিল । কোনোৱা ছাত্ৰ দুৰ্বল হ’লে প্ৰয়োজনত অতিৰিক্ত সময়ত পঢ়ুৱাইছিল বা ঘৰত গৈ হ’লেও তত্বাৱধান লৈছিল। অর্থাৎ এজন শিক্ষক হিচাপে থাকিবলগীয়া সকলোখিনি গুণেই তেওঁৰ আছিল ।

ধৰণীধৰ বৰুৱা এজন আদর্শ শিক্ষক হোৱাৰ উপৰিও ব্যক্তি হিচাপে তেওঁ আছিল মহান, মানৱ দৰদী আৰু দায়িত্বশীল । সেয়ে তেওঁ পয়সত্তৰ বছৰ বয়সতো এসময়ৰ ছাত্র পদ্মেশ্বৰৰ জীয়েক মিনুৰ বিয়ালৈ গৈছে। তেওঁ যে কেৱল নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ সেই বিয়ালৈ গৈছে সেয়া নহয়, তেওঁ বিয়া ঘৰৰ ইটো-সিটো তদাৰকো কৰিবলৈ লৈছে। বিয়া ঘৰত লগ পোৱা তেওঁৰ পুৰণি ছাত্ৰসকলক সিহঁতৰ কুশল বার্তা সুধিছে।

শিক্ষকজনক এজন মহানুভৱ ব্যক্তি হিচাপেও লিখকে অংকন কৰিছে। সেয়ে তেওঁ আশীষ বচনৰ সৈতে কইনাগৰাকীক এটি সোণৰ আঙঠি উপহাৰ দিছে। দৰালৈয়ো আশীর্বাদ স্বৰূপে তিনিগজ আদ্দি আগবঢ়াইছে। তেওঁ বিয়াৰ শেষলৈকে উপস্থিত থাকি বিয়াখন যাতে সুকলমে সম্পন্ন হয় তাৰো তদাৰক কৰিছে। কন্যাদানৰ সময়ত শোকত ভাঙি পৰা কইনাৰ দেউতাক পদ্মেশ্বৰক সান্ত্বনা বাণী শুনাইছে।

এইদৰে লিখক যোগেশ দাসদেৱে গল্পটিত শিক্ষকৰ চৰিত্ৰটি উজ্জ্বল ৰূপত অংকন কৰিছে।

অতিৰিক্ত প্রশ্ন-উত্তৰ :

১। তলত দিয়া প্রশ্নবোৰৰ চমু উত্তৰ দিয়া ঃ

(ক) কিমান চনত যোগেশ দাসৰ জন্ম হৈছিল ?

উত্তৰ : ১৯২৮ চনত।

(খ) যোগেশ দাস ক’ত জন্ম গ্ৰহণ কৰিছিল?

উত্তৰ ঃ ডুমডুমাৰ হাঁহচৰা চাহ বাগিছাত ।

(গ) যোগেশ দাস কি কি আলোচনী সম্পাদনা কৰিছিল ?

উত্তৰ : ‘প্ৰহৰী’ আৰু ‘অধিনায়ক’।

(ঘ) যোগেশ দাসে ৰচনা কৰা এখন উপন্যাসৰ নাম লিখা ।

উত্তৰ : ডাৱৰ আৰু নাই ।

(ঙ) যোগেশ দাসৰ এখন গল্প পুথিৰ নাম লিখা ৷

উত্তৰ : পৃথিৱীৰ অসুখ ।

(চ) কোনখন গ্ৰন্থৰ বাবে যোগেশ দাসে সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল ?

উত্তৰ ঃ পৃথিৱীৰ অসুখ ৷

(ছ) মনোৰঞ্জন হাজৰাক লগৰীয়াসকলে কি নামেৰে গালি পাৰিছিল ?

উত্তৰ : ‘নোমটেঙৰ বঙালি’ বুলি ।

২। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া :

(ক) ‘চাঞ্চটো ললো, বেয়া না পাবি ৷’ সংলাপফাকিৰ বক্তা কোন? তেওঁ কি চাঞ্চ লোৱাৰ কথা কৈছে?

উত্তৰ : প্ৰশ্নত উদ্ধৃত কথাষাৰৰ বক্তা হ’ল মনোৰঞ্জন হাজৰা ।

পদ্মেশ্বৰৰ জীয়ৰী মিনুৰ বিয়াত ধৰণীধৰ নামৰ শিক্ষকজন যোৱাত শিক্ষকজনৰ প্ৰাক্তন ছাত্রকেইজনে শিক্ষকজনক আলপৈচান ধৰাৰ সময়ত মনোৰঞ্জন হাজৰাই এখন বিচনীৰে শিক্ষকজনক বিচি দিয়াত শিক্ষকজনে তেওঁক প্ৰশংসা কৰে। হাজৰাই ছাৰৰ প্ৰশংসা পোৱাত আনবোৰ ছাত্ৰই ক্ষোভিত হোৱাত হাজৰাই লগৰীয়াবোৰক তেনেদৰে কৈছিল।

Type By Suman Bora