সম্ভাব্য আৰ্হি প্রশ্ন-উত্তৰ :
১। ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ মূল কথাখিনি চমুকৈ তোমাৰ নিজৰ ভাষাত লিখা ।
উত্তৰ : ‘কপিলীপৰীয়া সাধু’ উপন্যাসটো এটি নদী ভিত্তিক উপন্যাস। উপন্যাসখনৰ কাহিনীভাগৰ সময়কাল ১৯৩০ চনৰ পিছৰ ছোৱা সময়। উপন্যাসখনত লিখকে নগাওঁ জিলাৰ কপিলীপৰীয়া অঞ্চল, বিশেষকৈ ভূৰবন্ধা গাওঁৰ দুখীয়া ৰাইজৰ জীৱন-যাত্ৰাক কেন্দ্ৰ কৰি ৰচনা কৰিছে। উপন্যাসখনত কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত সেই অঞ্চললৰ ৰাইজে ভোগ কৰা দুখ-দুৰ্দ্দশাৰ চিত্ৰ অতি সকৰুণ কাব্যিক ৰূপত উপস্থাপন কৰিছে। ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ কাহিনী থুলমূলভাৱে তলত বৰ্ণনা কৰা হ’ল।
ৰূপাই হৈছে উপন্যাসখনৰ প্ৰধান চৰিত্ৰ । তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ পুত্ৰ । ঔপন্যাসিকে তেওঁক উপন্যাসখনত এজন অঘাইতং ল’ৰা, বৃত্তি পৰীক্ষাত বহিব পৰা ছাত্র, এজন গোলাম, স্বাধীনতা যুদ্ধত যোগদানকাৰী, এজন মানৱতাবাদী, সমাজ সচেতন আৰু অৱশেষত এজন প্রেমিক হিচাপে চিত্ৰিত কৰিছে।
তেওঁ নিজ গাওঁতে থকা বেথাৰাম পণ্ডিতৰ স্কুলত পঢ়িছিল। তেওঁৰ লগৰ ছাত্ৰবোৰ আছিল অনাহতং। সিহঁতৰ লগতে ৰূপায়ো দুষ্টালি কৰি ফুৰিছিল। তেওঁ পঢ়া-শুনা কৰাতকৈ কপিলী নৈত মাছুৱৈসকলে মাছ মাৰি থকা দৃশ্য চাই আনন্দ উপভোগ কৰিছিল। কিন্তু অন্যান্য ছাত্ৰসকলৰ তুলনাত তেওঁ লিখা-পঢ়াত কিছু উন্নত আছিল বাবে তেওঁ বৃত্তি পৰীক্ষা দিবলৈ চহৰলৈ গৈছিল। পৰীক্ষাৰ কেইদিন তেওঁ চহৰৰ দীনবন্ধু উকীলৰ ঘৰত আছিল। কিন্তু বৃত্তি নোপোৱাত দেউতাক বীৰ সিঙে তেওঁক খেতিৰ কামত লগাব বিচৰাত ভঙুৱা ভকতৰ পৰামৰ্শ মতে তেওঁক দীনবন্ধু উকীলৰ ঘৰত থৈ বাংলা স্কুলত নাম লগাই দিয়ে। উকীলৰ ঘৰত তেওঁ ইটো-সিটো ঘৰুৱা কাম কৰিব লগা হোৱাত পঢ়া-শুনা কৰিবলৈ সময় নাপাই পৰীক্ষাত ফেইল করে। সেই ঘৰত থকা সময়খিনিত তেওঁ উকীলনী আৰু হাবিয়া নামৰ এজন লগুৱাৰ ভাবি- ধমকনি খাব লগা হয়।
ইয়াৰ পিছত তেওঁ গান্ধীজীৰ নেতৃত্বত চলা সৰ্বভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি ফাটেকলৈ যায়। ফাটেত তেওঁ গান্ধীবাদী আদৰ্শৰ লগত পৰিচয় হয়। তাৰ পৰা মুক্তি পাই তেওঁ ১৯৩৪ চনৰ বলিয়া বানত ইংরাজ বিষয়া এজনৰ লগত বানপানী বিধ্বস্ত অসহায় গাওঁবাসীক উদ্ধাৰ কৰা অভিযানত অংশ গ্রহণ কৰে। সেই অভিযানত তেওঁ সোণপাহী নামৰ এজনী গাভৰু ছোৱালীক নাঠ অৱস্থাত উদ্ধাৰ কৰে।
সেই একে বছৰতে ৰূপাইৰ পিতৃ ধীৰ সিঙৰ মৃত্যু হয়। তেওঁৰ দেউতাকৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত জানিব পাৰে যে তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ তোলনীয়া পুতেকহে। তেতিয়া সেই গাওঁৰ সাতোলা নামৰ ব্যক্তি এজনে তেওঁৰ জন্ম ৰহস্য তলত দিয়া ধৰণে দাঙি ধৰে।
সাতোলাই কয় যে ধীৰ সিং নিঃসন্তান আছিল। ধীৰ সিৰ দেউতাকে নাতি এজনৰ মুখ চাবলৈ বহু দিন আশা পালি আছিল যদিও বহু বছৰলৈ ধীৰ সিঙৰ ঔৰষত কোনো পুত্ৰ সন্তান জন্ম নোহোৱা বাবে নাতিৰ মুখ দেখাৰ আশা পূৰ্ণ নোহোৱাকৈয়ে মৃত্যু মুখত পৰে। পিছলৈ এবাৰ এক প্রলয়ংকৰী বানপানীৰ সময়ত উদ্ধাৰ অভিযানত ধীৰ সিঙে এক পানী কেঁচুৱাক এটি ঘৰৰ চালত লাগি থকা দেখা পাই শিশুটিক তুলি আনি নিজ পুত্ৰ হিচাপে পালন কৰিবলৈ লয়।
সাতোলাৰ মুখত নিজৰ জন্ম বৃত্তান্ত শুনি ৰূপাই সিং মনৰ বেজাৰত কপিলী নদীত জাপ দি আত্ম হত্যা কৰিবলৈ লোৱাত সোণপাহী আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে। পিছলৈ সোণপাহীৰ লগত তেওঁৰ প্ৰেম হয়। দুয়োজনৰ মিলনৰ ফলত সোণপাহী অন্তসত্ত্বা হয়। কিন্তু ৰূপায়ে তাইক বিয়া কৰাবলৈ মান্তি নোহোৱাত সোণপাহীয়ে কপিলীত জাপ দি আত্মহত্যা কৰে।
২। ‘কপিলী পৰীয়া সাধু’ উপন্যাসত ঔপন্যাসিক নৱকান্ত বৰুৱাই কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ চিত্ৰটো কেনেদৰে অংকন কৰিছে, তোমাৰ নিজৰ ভাষাত চমুকৈ লিখা।
অথবা
কপিলী পৰীয়াৰ সাধু’ নামৰ উপন্যাসখনক নদী ভিত্তিক উপন্যাস বুলি ক’ব পাৰিনে ? আলোচনা কৰা । অথবা কপিলী দুখৰো চকুলো আনন্দৰো চকুলো। এই উক্তিৰ আধাৰত ‘কপিলী পৰীয়া সাধু’ উপন্যাসৰ এটি আলোচনা আগবঢ়োৱা ।
উত্তৰ : কপিলীপৰীয়া সাধু’ উপন্যাসটো এটি নদী ভিত্তিক উপন্যাস। উপন্যাসখনৰ কাহিনীভাগৰ সময়কাল ১৯৩০ চনৰ পিছৰ ছোৱা সময়। উপন্যাসখনত লিখকে নগাওঁ জিলাৰ কপিলীপৰীয়া অঞ্চল, বিশেষকৈ ভূৰবন্ধা গাওঁৰ দুখীয়া ৰাইজৰ জীৱন-যাত্ৰাক কেন্দ্ৰ কৰি ৰচনা কৰিছে। উপন্যাসখনত কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত সেই অঞ্চলৰ ৰাইজে ভোগ কৰা দুখ-দুৰ্দ্দশাৰ চিত্ৰ অতি সকৰণ কাব্যিকৰূপত উপস্থাপন কৰিছে।
উপন্যাসখনৰ আৰাম্ভণিৰ পৰা শেষলৈ দেখা যায় যে কপিলী নৈখন সেই অঞ্চলৰ ৰাইজৰ সুখ-দুখৰ লগৰী, ৰীতি-নীতি সংস্কাৰ বিশ্বাসৰ কাৰক, সিহঁতৰ আশা আৰু আকাঙ্খাৰ উৎস। উপন্যাসখনত কপিলী নৈখনৰ সংহাৰী ৰূপটোহে চিত্ৰিত হৈছে। উপন্যাসখনৰ আৰম্ভণিতেই লেখক নৱকান্ত বৰুৱাই নদীখনৰ সম্পৰ্কে বৰ্ণনা কৰিছে, ‘মানুহে জানে কপিলী দুখৰো চকুলো : আনন্দৰো চকুলো। কপিলীয়েই কপিলীপৰীয়া মানুহৰ জীৱন । কপিলী জীয়া নৈ।. . সিহঁতৰ জীৱন আৰু মৃত্যুৰ সৈতে এই জীয়া নৈখন মিহলি হৈ আছে।’
কপিলীয়ে প্ৰতিবছৰেইকপিলীপৰীয়া অঞ্চলৰ ৰাইজক জীয়াতু ভোগায়। বহুতৰ অকাল মৃত্যু ঘটায়। উপন্যাসখনৰ চৰিত্ৰ ৰূপাই আৰু নায়িকা সোণপাহীক উপন্যাসিকে কপিলীৰ সন্তান বুলি কৈছে।
নদীখনৰ সংহাৰী ৰূপৰ এক অবর্ণনীয় চিত্র উপন্যাসখনত ফুটি উঠিছে। উপন্যাসখনত বৰ্ণিত হৈছে যে ইংৰাজ বিষয়া এজনৰ লগত ৰূপাই সিং আৰু তিলক গোসাঁয়ে বানপানীত বিধ্বস্ত গাওঁবোৰলৈ উদ্ধাৰ অভিযান চলাই সোণপাহী আৰু তাইৰ দেউতাকক গছৰ ওপৰৰ পৰা উদ্ধাৰ কৰিছে।
দেখা যায় উপন্যাসখনৰ মূল বক্তব্য বিষয় কপিলী নৈক কেন্দ্ৰ কৰি আৰম্ভ হৈছে আৰু কপিলী নৈক কেন্দ্র কৰিয়েই শেষ হৈছে। সেয়ে ইয়াক এক নদী ভিত্তিক উপন্যাস বুলি ক’ব পাৰি ৷
৩। কপিলী পৰীয়া সাধু’উপন্যাসখনত থকা গোসাঁই পুখুৰীটোৰ লগত জড়িত থকা জনবিশ্বাসটো চমুকৈ আলোচনা কৰা ।
উত্তৰ : ঔপন্যাসিক নৱকান্ত বৰুৱাই ‘কপিলীপৰীয়া সাধু’নামৰ উপন্যাসটোত গোসাঁই পুখুৰী’ নামৰ এটি পুখুৰী আৰু ইয়াৰ লগত জড়িত জনবিশ্বাসৰ এক বর্নণা দাঙি ধৰিছে।
গোসাঁই পুখুৰীটো ৰূপাইহঁতৰ ঘৰৰ পৰা দুমাইলমান দূৰত থকা সোণপাহীহঁতৰ গাওঁৰ বাহিৰৰ এটি অন্যতম ঐতিহ্যময় পুখুৰী। পুখুৰীটো কোনে কেতিয়া খন্দাইছিল তাৰ ইতিহাস অজ্ঞাত। পুখুৰীটোৰ দুয়োপাৰ অতি ওখ। পাৰত থকা ফল-মূলৰ গছবোৰৰ পৰা সৰি পৰা ফলবোৰ কোনেও নাখায় । সকলোৱে ভয় কৰে কিবা কালিকা থকা বুলি। তাত থকা কাছবোৰৰ পিঠিত শেলুৱৈ গজিছে। খাজখাই থকা মাছবোৰো ৰাইজে নামাৰে ।
পুখুৰীটোৰ লগত এটি কিংবদন্তী জড়িত হৈ আছে। কিংবদন্তীটো হ’ল গাওঁত কালীয় দমনৰ ভাওনা হ’লে গোসাঁই ঘৰৰ ল’ৰাই ভাও লোৱাটো হেনো এটি পৰম্পৰা । ভাওত কিবা ছিদ্র থাকিলে গোসাঁই অসন্তুষ্ট হয়। কুহিলাৰে সজা কালীয় নাগে হোলোকা হোলোকে তেজ বতিয়ায়। কৃষ্ণই ফণাত উঠি থকা ঠাইডোখৰত. এটা পুখুৰী হয় আৰু সাপডালৰ সৈতে কৃষ্ণৰ ভাও লোৱা ল’ৰাজন পাতাললৈ সোমাই যায়। তেনেকৈয়ে হেনো সৃষ্টি হৈছে পুখুৰীটো। এনেদৰে গোসাঁই পুখুৰীটোৱে যুগ যুগ ধৰি চুবুৰীয়া গাওঁবাসীৰ মনত ভয়, শ্ৰদ্ধা আৰু সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে।
‘কপিলীপৰীয়া সাধু’ৰ মূল চৰিত্ৰ ৰূপাই আৰু সোণপাহীৰ প্ৰেমৰ কাহিনীভাগ এই গোসাঁই পুখুৰীটোৰ লগত জড়িত। সিহঁতৰ গোপন অভিসাৰ আৰু মিলন এই গোসাঁই পুখুৰীটোৰ পাৰত সংঘটিত হৈছে। সোণপাহীৰ আমন্ত্রণক্রমে নির্জন জয়াল নিশা ৰূপায়ে কপিলীৰে নাও বাই এই পুখুৰীটোৰ পাৰলৈ আহে। পুখুৰীটোৰ পাৰত ৰাতি চাকি জ্বলাই সোণপাহীয়ে অপেক্ষা কৰে ৰূপাইৰ বাবে। তাতেই ৰূপাই আৰু সোণপাহীৰ দৈহিক মিলন ঘটে। সোণপাহী অন্তঃসত্ত্বা হয়।
এনেদৰে ঔপন্যাসিকে উপন্যাসটোত গোসাঁই পুখুৰীৰ লগত জড়িত জনবিশ্বাসৰ এক মায়াবী বর্ণনা দাঙি ধৰিছে।
৪। ‘কপিলী পৰীয়া সাধু’ উপন্যাসখনত থকা প্রধান চৰিত্ৰ ৰূপাইৰ জন্ম ৰহস্যৰ আঁৰত থকা সত্যটো দাঙি ধৰা। নাইবা ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ প্ৰধান চৰিত্ৰ ৰূপাইৰ চৰিত্ৰাংকনৰ ওপৰত এটি টোকা লিখা।
উত্তৰ : ৰূপাই হৈছে নৱকান্ত বৰুৱাৰ দ্বাৰা ৰচিত ‘কপিলীপৰীয়া সাধু’উপন্যাসখনৰ প্ৰধান চৰিত্ৰ। তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ পুত্ৰ । ঔপন্যাসিকে তেওঁক উপন্যাসখনত এজন অঘাইতং ল’ৰা, বৃত্তি পৰীক্ষাত বহিব পৰা ছাত্র, এজন গোলাম, স্বাধীনতা যুদ্ধত যোগদানকাৰী, এজন মানৱতাবাদী, সমাজ সচেতন আৰু অৱশেষত এজন প্রেমিক হিচাপে চিত্ৰিত কৰিছে।
তেওঁ নিজ গাওঁতে থকা বেথাৰাম পণ্ডিতৰ স্কুলত পঢ়িছিল। তেওঁৰ লগৰ ছাত্ৰবোৰ আছিল অঘাইতং। সিহঁতৰ লগতে ৰূপায়ো দুষ্টালি কৰি ফুৰিছিল। তেওঁ পঢ়া-শুনা কৰাতকৈ কপিলী নৈত মাছুৱৈসকলে মাছ মাৰি থকা দৃশ্য চাই আনন্দ উপভোগ কৰিছিল। কিন্তু অন্যান্য ছাত্ৰসকলৰ তুলনাত তেওঁ লিখা-পঢ়াত কিছু উন্নত আছিল বাবে তেওঁ বৃত্তি পৰীক্ষা দিবলৈ চহৰলৈ গৈছিল। পৰীক্ষাৰ কেইদিন তেওঁ চহৰৰ দীনবন্ধু উকীলৰ ঘৰত আছিল। কিন্তু বৃত্তি নোপোৱাত দেউতাক ধীৰ সিঙে তেওঁক খেতিৰ কামত লগাব বিচৰাত ভঙুৱা ভকতৰ পৰামৰ্শ মতে তেওঁক দীনবন্ধু উকীলৰ ঘৰত থৈ বাংলা স্কুলত নাম লগাই দিয়ে। উকীলৰ ঘৰত তেওঁ ইটো-সিটো ঘৰুৱা কাম কৰিব লগা হোৱাত পঢ়া-শুনা কৰিবলৈ সময় নাপাই পৰীক্ষাত ফেইল কৰে। সেই ঘৰত থকা সময়খিনিত তেওঁ উকীলনী আৰু হাৰিয়া নামৰ এজন লগুৱাৰ ডাবি- ধমকনি খাব লগা হয়।
ইয়াৰ পিছত তেওঁ গান্ধীজীৰ নেতৃত্বত চলা সৰ্বভাৰতীয় স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰি ফাটেকলৈ যায়। ফাটেকত তেওঁ গান্ধীবাদী আদৰ্শৰ লগত পৰিচয় হয়। তাৰ পৰা মুক্তি পাই তেওঁ ১৯৩৪ চনৰ বলিয়া বানত ইংৰাজ বিষয়া এজনৰ লগত বানপানী বিধ্বস্ত অসহায় গাওঁবাসীক উদ্ধাৰ কৰা অভিযানত অংশ গ্ৰহণ কৰে।
সেই অভিযানত তেওঁ সোণপাহী নামৰ এজনী গাভৰু ছোৱালীক নাঙঠ অৱস্থাত উদ্ধাৰ কৰে। সেই একে বছৰতে ৰূপাইৰ পিতৃ ধীৰ সিঙৰ মৃত্যু হয়। তেওঁৰ দেউতাকৰ অন্তেষ্টিক্ৰিয়াৰ সময়ত জানিব পাৰে। যে তেওঁ ধীৰ সিং আৰু ৰঙিলীৰ তোলনীয়া পুতেকহে। তেতিয়া সেই গাওঁৰ সাতোলা নামৰ ব্যক্তি এজনে তেওঁৰ জন্ম ৰহস্য তলত দিয়া ধৰণে দাঙি ধৰে।
সাতোলাই কয় যে ধীৰ সিং নিসন্তান আছিল। ধীৰ সিঙৰ দেউতাকে নাতি এজনৰ মুখ চাবলৈ বহু দিন আশা পালি আছিল যদিও বহু বছৰলৈ ধীৰ সিঙৰ ঔৰষত কোনো পুত্ৰ সন্তান জন্ম নোহোৱা বাবে নাতিৰ মুখ দেখাৰ আশা পূৰণ নোহোৱাকৈয়ে মৃত্যু মুখত পৰে। পিছলৈ এবাৰ এক প্রলয়ংকৰী বানপানীৰ সময়ত উদ্ধাৰ অভিযানত ধীৰ সিঙে এক পানী কেঁচুৱাক এটি ঘৰৰ চালত লাগি থকা দেখা পাই • শিশুটিক তুলি আনি নিজ পুত্ৰ হিচাপে পালন কৰিবলৈ লয়।
সাতোলাৰ মুখত নিজৰ জন্ম বৃত্তান্ত শুনি ৰূপাই সিং মনৰ বেজাৰত কপিলী নদীত জাপ দি আত্ম হত্যা কৰিবলৈ লোৱাত সোণপাহী আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে। পিছলৈ সোণপাহীৰ লগত তেওঁৰ প্ৰেম হয়। দুয়োজনৰ মিলনৰ ফলত সোণপাহী অন্তসত্ত্বা হয়। কিন্তু ৰূপায়ে তাইক বিয়া কৰাবলৈ মান্তি নোহোৱাত সোণপাহীয়ে কপিলীত জাপ দি আত্মহত্যা কৰে।
৫। কপিলী পৰীয়া সাধু’ উপন্যাসখনত থকা প্রধান চৰিত্ৰ কেইটাৰ চমু পৰিচয় দাঙি ধৰা ।
উত্তৰ : কপিলীপৰীয়া সাধু’ উপন্যাসটো এটি নদী ভিত্তিক উপন্যাস। উপন্যাসখনৰ কাহিনীভাগৰ সময়কাল ১৯৩০ চনৰ পিছৰ ছোৱা সময়। উপন্যাসখনত লিখকে নগাওঁ জিলাৰ কপিলীপৰীয়া অঞ্চল, বিশেষকৈ ভূৰবন্ধা গাওঁৰ দুখীয়া ৰাইজৰ জীৱন-যাত্ৰাক কেন্দ্ৰ কৰি ৰচনা কৰিছে। উপন্যাসখনত কপিলী নদীয়ে সৃষ্টি কৰা বানপানীৰ ফলত সেই অঞ্চলৰ ৰাইজে ভোগ কৰা দুখ-দুৰ্দ্দশাৰ চিত্ৰ অতি সকৰণ কাব্যিকৰূপত উপস্থাপন কৰিছে। উপন্যাসখন চৰিত্ৰ প্ৰধান বুলি ক’ব পাৰি। উপন্যাসখনত বহুতো চৰিত্ৰ যেনে – ৰূপাই, ধীৰ সিং, বেথাৰাম পণ্ডিত, মিনাৰাম দোকানী, ভাঙুৰী ভকত, হেমো গাওঁবুঢ়া, দীন বন্ধু উকীল, হাৰিয়া, তিলক গোসাঁই, সোণপাহী আদি চৰিত্ৰৰ সাধাৰণ পৰিচয় তলত দাঙি ধৰা হ’ল ।
ধীৰ সিং : ধীৰ সিং হৈছে উপন্যাসখনৰ এটি সৰু চৰিত্ৰ। তেওঁ মান সিঙৰ পুত্ৰ। মানৰ আক্ৰমণৰ সময়ত থান-বান হোৱা কোনোবা এটি পৰিয়ালৰ পৰা অহা মন সিং পুতেক ধীৰ সিঙৰ সৈতে কপিলীপৰীয়া ভূৰবন্ধা গাওঁত বসবাস কৰি আছিল । ধীৰ সিঙ এবাৰ ক্ষেত্ৰীৰ পিনে উঠি যাব খুজিছিল। কিন্তু কপিলীয়ে সেই গাওঁৰে ভকত ধূলি বৈৰাগীক সপোনত দেখুৱালে যে ধীৰ সিং উঠি গ’লে কপিলীয়ে তেওঁৰ পিছে পিছে যাব। সেইবাবে ধীৰ সিঙ গাওঁ এৰি গুচি নগ’ল । মান সিংৰ পুত্ৰ ধীৰ সিং সন্তানহীন আছিল। এবাৰ তেওঁ কপিলীলৰ বানত উঠি অহা পানী কেঁচুৱা এটি পাই পত্নী ৰঙিলীক দিয়ে। ৰঙিলীয়ে সেই কেঁচুৱাকে নিজৰ বুলি লালন পালন কৰিবলৈ লয়। ল’ৰাজনৰ নাম ৰূপাই সিং ৰজা। ১৯৩৪ চনৰ প্ৰচণ্ড বানৰ পিছত ধীৰ সিঙৰ মৃত্যু হয় ।
বেথাৰাম পণ্ডিত : কপিলীপৰীয়া অঞ্চলৰ ভূৰবন্ধা গাওঁৰ পাতচেলা স্কুলৰ শিক্ষকজনৰ নাম বেথাৰাম পণ্ডিত। তেওঁ স্কুলত সোমোৱা দিনৰ পৰা ভূৰবন্ধা গাওঁতে থাকে। ৰূপাই, ভেদৌং, নোমল, কোমল আদি ল’ৰাবোৰ তেওঁৰ স্কুলৰ ছাত্ৰ। তেওঁ নিজৰ পথাৰত কাম বন ঠিক ৰাখি স্কুলখন চলাই থাকে। ছাত্র-ছাত্রীসকল নামতহে ছাত্র। সিহঁত স্বভাৱত অঘাইতং। সিহঁতৰ চকু থাকে কপিলী নদীখনলৈহে। স্কুলৰ চৌহদত থকা জৰি গছজোপাৰ ছাঁটো নিৰ্দিষ্ট ঠাইখনত পৰিলেই অৰ্থাৎ প্ৰায় এঘাৰ বজাতেই শিক্ষকজনে স্কুল ছুটি দিয়ে। যিয়েই নহওক শিক্ষকজনৰ ওচৰত শিক্ষা লাভ কৰি ছাত্ৰসকলে আখৰ কেইটাৰ লগত পৰিচয় হ’ব পাৰিছিল। গান্ধীজীৰ নেতৃত্বত গোটেই ভাৰতবৰ্ষত আৰম্ভ হোৱা স্বাধীনতা আন্দোলনত বেথাৰাম পণ্ডিতে অংশ গ্ৰহণ কৰি জেললৈ গৈছিল আৰু তাতেই তেওঁৰ মৃত্যু হয়।
মিনাৰাম দোকানী : মিনাৰাম দোকানী হৈছে ‘কপিলীপৰীয়া সাধু’উপন্যাসখনৰ এটি সৰু হাস্যৰসাত্মক চৰিত্ৰ ৷ তেওঁ হৈছে ভূৰবন্ধা গাওঁৰ এজন দোকানী। তেওঁ সলমনা। এদিনাখন ভৰ বাৰিষাকালত ৰূপাই ঘৰৰ পৰা নোহোৱা হোৱাত ককায়েক- দদায়েকহঁতে ৰূপাইক বিচাৰিবলৈ লেম্পৰ প্ৰয়োজন হোৱাত মিনাৰাম দোকানীৰ ঘৰলৈ গৈছে। মিনাৰামে সেই সময়ত সপোন দেখি আছিল । সপোনত তেওঁ দেখা পাইছিল যে তেওঁৰ আম কাঠৰ বাকচটো কপিলীৰ বানে উটুৱাই লৈ গৈছে। এনেতে ৰূপাইৰ দদাইহঁতে মতাত তেওঁ টোপনিৰ পৰা সাৰ পাই সিহঁতক লেম্পটো দি দিয়ে ৷ তেওঁ সাধাৰণতে লেম্পটো কাৰোবাক দিলে ভাড়া লয় যদিও সিদিনাখন ভাড়া নললে ।
মুঠতে তেওঁ উপন্যাসখনত এটা মাথো দৃশ্যত আৱিৰ্ভাব হ’লেও তেওঁৰ আৱিৰ্ভাবে হাস্যৰসৰ যোগান দিছে।
ভাঙুৰী ভকতঃ ভাঙুৰী ভকত হৈছে উপন্যাসখনৰ এক প্ৰধান চৰিত্ৰ। তেওঁ ভূৰবন্ধা গাওঁৰ এক চুকত ভকতনীৰ সৈতে বসবাস কৰে। তেওঁ সন্তানহীন। তেওঁ ৰূপাইক গীত- মাত শিকায় । ভাওনা সবাহৰ প্ৰতি তেওঁৰ বৰ আগ্রহ। বাৰ মাইল বাট কুৰি বাই হ’লেও তেওঁ ভাওনা চাবলৈ যায়। ৰূপাইক তেওঁ ভালকৈ জানে, মৰমো কৰে। ভাঙুৰী ভকতক ঔপন্যাসিকে এজন প্রগতিশীল মনৰ মানুহ হিচাপে অংকন কৰিছে। ৰূপায়ে বৃত্তি নোপোৱাত দেউতাক ধীৰ সিঙে তেওঁক খেতিৰ কামত লগাই দিব খোজাত ভাঙুৰী ভকতে ৰূপাইৰ মঙ্গল চিন্তা কৰি পুনৰ স্কুললৈ পঠাবলৈ ধীৰ সিঙক বুজনি দিছে। আনকি বেথাৰাম পণ্ডিতৰ মৃত্যু হোৱাত তেওঁ ৰূপাইৰ হতুৱাই পুনৰ স্কুল ঘৰটো নিৰ্মাণ কৰাইছে। তেওঁ বানপানীৰ সময়ত ইংৰাজ বিষয়াৰ লগত সাহাৰ্য অভিযানত সহযোগ আগবঢ়াইছে।
এনেদৰে তেওঁ উপন্যাসখনত এক প্রগতিশীল মানসিকতাৰ ব্যক্তি হিচাপে অংকিত হৈছে।
হেমো গাওঁবুঢ়া ঃ হেমো গাওঁ বুঢ়া অন্ধবিশ্বাসত বিশ্বাসী এজন আৰ্হিমূলক গাঁৱলীয়া চৰিত্ৰ। ৰূপাই শোৱাপাটীৰ পৰা নোহোৱা হোৱা ৰাতি তেওঁ ৰূপাইক বিচাৰি অকলে কপিলী নৈৰ পাৰলৈ গৈছে। তাত তেওঁ ৰূপাইক অকলশৰে নদীৰ পাৰত বহি থকা দেখা পাই তেওঁক লৈ আহোতে ৰূপাইক ভূত-যখিনীয়ে পালে বুলিও সন্দেহ কৰিছে আৰু তেওঁক ‘ৰাম’ নাম জপিবলৈ কৈছে। এওঁৰ চৰিত্ৰতো ঔপন্যাসিকে হাস্য ৰসৰ সমাবেশ ঘটাইছে।
দীনবন্ধু উকীল : ‘কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ এটি আৰ্হিমূল চৰিত্ৰ হৈছে দীন বন্ধু উকীল। তেওঁ জাতত বঙালী। শ্রীহট্টৰ ফালৰ মানুহ। তেওঁ একুৰি বছৰ ধৰি অসমত আছে যদিও অসমীয়া ভাষাটোকো শিকিব নোৱাৰিলে। ৰূপাইৰ দেউতাক ধীৰ সিঙে তেওঁক ভালকৈ চিনি পায় ৷
এবাৰ ৰূপাইৰ দেউতাকে ৰূপাইক উকীলৰ ঘৰত কিছুদিন থৈছিল। তাত থাকি তেওঁ বৃত্তি পৰীক্ষা দিছিল যদিও বৃত্তিটো নাপালে । পিছত দেউতাকে ৰূপাইক খেতিৰ কামত লগোৱাব খুজিলত ভাঙুৰী ভকতৰ বুজনিত ৰূপাইক দীন বন্ধু উকীলৰ ঘৰত থৈ বঙালী স্কুলত নাম লগাই দিয়ে । কিন্তু দীনবন্ধু উকীলে ৰূপাইক তেওঁৰ ঘৰৰ কামত লগাই দিয়াত পঢ়া-শুনা কৰিব নোৱাৰি পৰীক্ষাত ফেইল কৰিলে।
দীনবন্ধু উকীলক উপন্যাসিকে এজন সুবিধাবাদী আৰ্হি চৰিত্ৰ হিচাপে অংকন কৰাত সফল হৈছে।
হাৰিয়া : হাৰিয়া হৈছে দীনবন্ধু উকীলৰ ঘৰত কাম কৰা লগুৱা। তেওঁ কামৰূপৰ ফালৰ মানুহ। তেওঁ হৈছে বিচিত্ৰ অভিজ্ঞতাৰ ভঁৰাল । ৰূপায়ে উকীলৰ ঘৰত থকা সময়ছোৱাত হাৰিয়াৰ লগত একেখন কোঠালীতে শুইছিল। হাৰিয়াই ৰূপাইক নানা কাহিনী কৈ নিজৰ পাণ্ডিত্য প্রদর্শন কৰিছিল। সি ৰূপাইক মৰম কৰাৰ পৰিৱৰ্তে ডাবি-ধমক দি কামত লগাইছিল। তেওঁ ৰূপাইক আনকি ৰেডলেট ছিগাৰেট খাবলৈকো শিকাইছিল। এবাৰ ৰপাইক তেওঁৰ কাৰণে গান্ধী বিড়ি আনিবলৈ দিয়াত ৰূপাই ধৰা পৰি উকীলনীৰ গালি আৰু চৰ খাবলগা হৈছিল। হাৰিয়ায়ো ৰূপাইক কাণমুচুৰি দিছিল। উপন্যাসিকে উকীল-উকীলনীৰ লগতে হাৰিয়াৰো ভণ্ডামি আৰু অমানৱীতা উপন্যাসখনত অংকন কৰিবলৈ সমৰ্থ হৈছে।
তিলক গোসাঁই : তিলক গোসাঁই হৈছে ‘কপিলীপৰীয়া সাধু’নামৰ উপন্যাসখনৰ এজন আদর্শ গান্ধীবাদী, মানৱতাবাদী, পূৰ্ণ বৈষ্ণৱ চৰিত্ৰ । ৰূপায়ে তিলক গোসাঁইক জেলত লগ পাইছে। জেলৰ ভিতৰতে তেওঁ গান্ধীবাদী আদর্শ আৰু স্বাধীনতা আন্দোলনৰ বাণী প্ৰচাৰ কৰিছে। ৰূপাইক তেওঁ গান্ধীজীৰ অহিংসা নীতিৰ মহিমা, সত্যাগ্ৰহীৰ ধৰ্ম, স্বাৱলম্বীতাৰ তত্ত্ব আদি জটিল বিষয়বোৰ বুজাই দিছে। ৰূপায়ে তেওঁৰ ব্যক্তিত্বত ইমানেই মোহিত হৈছে যে তেওঁ তিলক গোসাঁইত শৰণ ল’বলৈ দৃঢ়সংকল্প লৈছে।
জেলৰ পৰা বাহিৰ হৈ কিছুদিন পিছত ৰূপায়ে তিলক গোসাঁইত শৰণ ল’বলৈ হাবিয়াস কৰি তেওঁক বিচাৰি তেওঁৰ গাওঁখনলৈ গৈছে । কিন্তু তিলক গোসাঁইয়ে কৈছে যে তেওঁ ৰূপাইক শৰণ দিব নোৱাৰে৷ তেওঁ নিজে মহাত্মা গান্ধীৰ অহিংসা নীতি আৰু আদৰ্শৰ ওচৰতহে শৰণ লৈছে। তেওঁ অন্যান্য গোসাঁইৰ দৰে শৰণ দি শৰণ দিয়াৰ নামত শিষ্যক ঠগাব নোৱাৰে। ইয়াতে তেওঁৰ মানৱতাবাদ, নৈষ্ঠিকতা, স্বদেশপ্রেম আদি গুণ প্রকাশ পাইছে।
সোণপাহী : সোণপাহী হৈছে ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসৰ এটি আকর্ষণীয় চৰিত্ৰ। তাই ক্ষণিকৰ বাবে আবির্ভাব হৈছে যদিও তেওঁ উপন্যাসখনৰ শেষাংশক পৰিণতিৰ ফালে আগবঢ়াই লৈ গৈছে।
সোণপাহীক ১৯৩৪ চনত হোৱা প্ৰলয়ংকৰী কপিলী নৈৰ বানত বিধ্বস্ত হৈ গছৰ ডালত আশ্ৰয় লোৱা কৰুণ, অসহায় নাঙঠ অৱস্থাত ৰূপাই আৰু তিলক গোসাঁইয়ে উদ্ধাৰ কৰে।
ইয়াৰ কিছুদিন পিছত ৰূপায়ে আত্মহত্যা কৰাৰ উদ্দেশ্যে কপিলী নৈত জাপ দিয়াত সোণপাহি আৰু তাইৰ দেউতাকে ৰূপাইক উদ্ধাৰ কৰে। তেতিয়াৰ পৰা ৰূপাই আৰু সোণপাহীৰ মাজত প্ৰণয় হয়। সিহঁতে প্রায় প্রতি নিশাই গোসাঁই পুখুৰীৰ পাৰত লগ লাগি প্রণয় মিলন সম্ভোগ কৰাত সোণপাহী অন্তঃসত্বা হয় ।
পিছত সোণপাহীয়ে ৰূপাইক বিয়াৰ প্ৰস্তাৱ দিয়াত ৰূপায়ে অস্বীকাৰ কৰাত তাই দুখে-বেজাৰে, অপমান-অভিমানত ‘কপিলীৰ বুকুত জাপ দি আত্মহত্যা কৰে।
এইদৰে ঔপন্যাসিক নৱকান্ত বৰুৱাই সোণপাহীক এজনী কাব্যিক আৰু কৰুণ চৰিত্ৰ হিচাপে অংকন কৰিছে ।
চামগুৰীয়া ঃ চামগুৰীয়া হৈছে তিলক গোসাঁইৰ ঘৰত কাম-বন কৰা আৰু তিলক গোসাঁইক আলপৈচান ধৰা লগুৱা। তেওঁ ঘৰখনৰ বজাৰ-সমাৰ কৰি দিয়ে। তেওঁৰ আচাৰ-আচৰণ সন্তোষজনক। রূপায়ে তিলক গোসাঁইৰ। ওচৰত শৰণ ল’বলৈ যোৱাত চামগুৰীয়াই ৰূপাইক থকা- খোৱাৰ যত্ন লৈছে।
উপন্যাসখনত তেওঁৰ ভূমিকা কম যদিও তেওঁক এজন ভাল চৰিত্ৰ হিচাপে ঔপন্যাসিকে অংকন কৰিছে।
৫। ‘মই তেওঁৰ সত্ৰত শৰণ ল’ব খোজা নাই নহয় পিতাই, তেওঁতহে শৰণ ল’ম।’ – ইয়াত কোনে কাৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে?
উত্তৰ : ইয়াত ৰূপাইয়ে তেওঁৰ পিতাক ধীৰ সিঙক উক্ত কথাষাৰ কৈছে। তেওঁ ফাটেকত লগ পোৱা তিলক গোসাঁই নামৰ গোসাঁই এজনৰ ব্যক্তিত্বত মোহিত হৈ তেওঁৰ ওচৰত শৰণ ল’ব বুলি ইচ্ছা ব্যক্ত কৰিছে।
৬। ৰূপায়ে চুধাংচু বাবুক ক’ত লগ পাইছিল ?
উত্তৰ : ৰূপায়ে চুধাচু বাবুক গুৱাহাটীৰ জেলত লগ পাইছিল।
৭। সোণপাহী আৰু ৰূপাইৰ অন্তিম সাক্ষাৎ ক’ত আৰু কিদৰে হৈছিল লিখা ।
উত্তৰ : কপিলী নৈৰ পাৰত ৰূপাই আৰু সোণপাহীৰ অস্তিম সাক্ষাৎ হৈছিল । এদিনাখন ৰাতি ৰূপায়ে চিন্তাগ্রস্ত হৈ কপিলী নৈৰ পাৰত গৈ নানা কথা ভাৱি বহি আছিল । এনেতে এখন টুলুঙা নাওত উঠি সোণপাহী ৰূপাইৰ ওচৰত উপস্থিত হয়। বহুদিন সিহঁতৰ দেখা-দেখি নোহোৱা বাবে সোণপাহী নিজে ৰূপাইৰ ওচৰ পাইছিলগৈ । সেই সাক্ষাতত সোণপাহীয়ে ৰূপাইক জানিবলৈ দিয়ে যে তাই তেওঁৰ দ্বাৰা অন্তঃসত্ত্বা হৈছে। কিন্তু ৰূপায়ে তাইক বিয়া কৰাবলৈ মান্তি নোহোৱাত তাই কপিলী নৈত জাপ দি আত্মহত্যা কৰে ।
৮। ‘কপিলীয়েই আমাক চিনাকী কৰিলে কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব।’ কোনে কাক এনেদৰে কৈছিল ?
উত্তৰ ঃ কপিলীপৰীয়া সাধু’ উপন্যাসখনৰ শেষৰ পিনে ৰাপাই আৰু সোণপাহীৰ শেষ সাক্ষাতৰ সময়ত সোণপাহীয়ে উক্ত কথাষাৰ কৈছিল।
৯। সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই কি কথা কৈছিল, চমুকৈ লিখা ?
উত্তৰ : ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাৰ দিনা চামগুৰীয়াই সুলভ দোকানীৰ বিষয়ে ৰূপাইক কৈছিল যে সুলভ দোকানী মানুহজন বৰ স্বাৰ্থপৰ, হিংসুক আৰু চতুৰ লোক আছিল। তেওঁ বসু গোসাঁই নামৰ লোক এজনৰ দোকান পুলিচৰ হতুৱাই ভাঙি দি নিজৰ সুবিধা কৰি লৈছিল। দোকানৰ বাকীৰ নামত তেওঁ দুৰ্বলীৰ পৰা মাটি পর্যন্ত কাঢ়ি লৈছিল। তিলক গোসাঁইৰ প্ৰতিও তেওঁ আখেজী আছিল।
১০। ৰূপাইহঁতৰ গাঁৱৰ দোকানীজনৰ নাম কি ?
উত্তৰ : মিনাৰাম দোকানী।
১১। ধীৰচিংহঁতৰ গাওঁখনৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰ : ধীৰচিংহঁতৰ গাওঁখনৰ নাম ভুৰবন্ধা গাওঁ । গাওঁখন বৃহত্বৰ কপিলীপৰীয়া অঞ্চলৰ অন্তৰ্গত । গাওঁখন কৃষিভিত্তিক। গাওঁৰ মানুহবোৰ দুখীয়া। নৱকান্ত বৰুৱাই এই গাওঁখনৰ পটভূমিতেই ‘কপিলীপৰীয়া সাধু’ নামৰ উপন্যাসখন ৰচনা কৰিছে। গাওঁখনৰ ৰাইজৰ জীৱন- সম্পত্তি, সুখ-দুখ, আশা-আকাঙ্খা কপিলী নৈখনক কেন্দ্ৰ কৰি গঢ়ি উঠিছে। কপিলী নৈয়ে প্ৰতি বছৰ গাওঁখনৰ ৰাইজক জীয়াতু ভোগায়। তথাপি গাওঁখন সিহঁতৰ অতি আপোন ৷ উপন্যাসখনৰ নায়ক ৰূপাই সিঙ এই ভূৰবন্ধা গাওঁৰে বাসিন্দা।
১২। ‘মই শিচ ভজাবলৈ এৰিলো নহয়, এজনৰ শিচহে।’ কোনে, কাক এনেদৰে কৈছিল?
উত্তৰ : ৰূপায়ে তিলক গোসাঁইৰ ওচৰত শৰণ ল’বলৈ যোৱাত তিলক গোসাঁয়ে উক্ত কথাষাৰ ৰূপাইক কৈছিল।
১৩। ৰূপাইহঁতৰ গাওঁৰ দোকানীজনৰ নাম কি ? ‘কপিলী পৰীয়া সাধু’নামৰ উপন্যাসখনত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে কাৱৈমাছ একুৰিৰ মূল্য কিমান ?
উত্তৰ : ৰূপাইহঁতৰ গাওঁৰ দোকানীজনৰ নাম মিনাৰাম দোকানী।
উপন্যাসখনত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে একুৰি কাৱৈ মাছৰ মূল্য ২ আনা ৬ পাই।
১৪। বসু কোন? তেওঁৰ শিক্ষাগত অৰ্হতা কি ?
উত্তৰ : বসু আছিল তিলক গোসাঁইৰ ভতিজা ল’ৰা ৷ তেওঁ মেট্ৰিক পাছ আছিল। বেথাৰাম পণ্ডিতৰ মৃত্যুৰ পিছত তেওঁ ভূৰবন্ধা গাওঁৰ স্কুলৰ শিক্ষক হৈছিল ।
১৫। ‘সেইগুলান কি হা?’ এনেকৈ কোনে কাক কৈছিল ?
উত্তৰ : উক্ত কথাখিনি হৰিয়াই ৰূপাইক কৈছিল।
১৬। মোৰ কথাবোৰ বাৰু বেঁকা ঃ তই চিধা বাট ল।’ কোনে, কাক এনেদৰে কৈছিল ?
উত্তৰ : উক্ত কথাষাৰ সুলভ দোকীনয়ে ৰূপাইক কৈছিল ।
১৭। কোন? সেই কৈদী গোসাঁই ?” কোনে কাক কৈদী গোসাঁই’ বুলি কৈছিল ?
উত্তৰ : সুলভ দোকানীয়ে গোসাঁইক ‘কৈদী গোসাঁই’ বুলি কৈছিল। ০ ০ ০
Type By Suman Bora