পাঠভিত্তিক (আৰ্হি) প্রশ্ন-উত্তৰ ঃ
১।’ বৰ্ষা কালৰ বৰ্ণনাৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে ?
উত্তৰ : ‘বর্ষা বর্ণন’কাতাটিত কবিয়ে বর্ষা ঋতুক ৰূপক হিচাপে গ্ৰহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিবলৈ চেষ্টা কৰিছে।
বৰ্ষা ঋতুত আকাশৰ গ্ৰহ নক্ষত্র মেঘে ঢাকি ধৰে । ফলত সেইবোৰ দেখা নাযায় ৷ কবিৰ ভাষাত,
“চন্দ্ৰজ্যোতি প্রকাশিত যিটো মেঘগণ।
নজলন্ত চন্দ্ৰো সেহি মেঘে হুয়া ছন্ন ।।’
উক্ত ৰূপকৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে মানৱ আত্মা ক্ষণভঙ্গুৰ শৰীৰৰ লগত মিলি যায় অৰ্থাৎ শৰীৰে অমৰ আত্মাক খন্তেকীয়া সময়ৰ বাবে আচ্ছন্ন কৰি ৰাখে ।
তেনেদৰে কবিয়ে পৰ্বতৰ ৰূপকৰ মাজেৰে বুজাব বিচাৰিছে যে যেনেদৰে মুষলধাৰে বৰ্ষণ কৰা মেঘে পর্বতক একো ক্ষতি কৰিব নোৱাৰে, ঠিক তেনেদৰে হৰিভক্তিপৰায়ণ লোক এজনকো বৈষয়িষ্ক শোক-দুখ, যন্ত্রণা আদিয়ে টলাব নোৱাৰে। কবিৰ ভাষাত,
‘যদ্যপি মুষলধাৰে মেঘে বৰষিল ।
তথাপি পর্বতে পীড়া কিছো নজানিল ।।
বর্ষা ঋতুত আকাশত ৰামধেনু ওলায়৷ ই দেখাত অতি সুন্দৰ। কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। এই ৰূপক (উপমা) টোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো গুণ নাই। ই ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে। অর্থাৎ বিশ্বব্ৰহ্মাণ্ডৰ জীৱ আৰু প্ৰাণীজগতৰ মাজেৰে ভগবানৰ । অস্তিত্ব উপলব্ধি কৰিব পাৰি ৷
এনেদৰে কবি শ্ৰীশংকৰদেৱে ‘বর্ষা বর্ণন’ কবিতাটির জৰিয়তে বর্ষা ঋতুক ৰূপক হিচাপে লৈ ইয়াৰ মাজেৰে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে।
৩। ‘বর্ষা বর্ণন’কবিতাত থকা দুটা উপমাৰ ভিতৰুৱা ভাৱ বুজাই লিখা ।
উত্তৰ : বৰ্ষা বৰ্ণন’ কবিতাটিত কবিয়ে কেইবাটাও উৎকৃষ্ট উপমাৰ সুপ্রয়োগ কৰিছে। যেনে-
(ক) ‘যদ্যপি মুষলধাৰে মেঘে বৰষিল ।
তথাপি পর্বতে পীড়া কিছো নজানিল ।
(খ) ‘নাদ শুনি মেঘৰ, বেঙৰ ৰোল চৰে।
গুৰু পাঠ দিলে যেন শিষ্যে পাছে পঢ়ে ।।’
ওপৰত উদ্ধৃত প্ৰথম উপমাটোৰ মাজেৰে কবিয়ে বুজাব বিচাৰিছে যে যেনেদৰে মুষলধাৰে বৰ্ষণ কৰা মেঘে পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে, ঠিক তেনেদৰে হৰিভক্তিপৰায়ণ লোক এজনকো বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে টলাব নোৱাৰে ।
ওপৰোদ্ধৃত দ্বিতীয় উপমাটোৰ জৰিয়তে কবিয়ে ক’ব বিচাৰি ছে যে বাৰিষা কালত মেঘৰ গুজৰনি শুনি ভেকুলীয়ে টোৰটোৰাবলৈ আৰম্ভ কৰে। ই যেন ঠিক এজন শিষ্যৰ দৰে যি শিষ্যই গুৰুৱে পাঠ পঢ়ি যোৱাৰ পিছে পিছে পঢ়িবলৈ (আখৰা কৰিবলৈ ধৰে ।
৪। প্রসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।
(ক) ‘বহুৱৈ বিপথে আতি ক্ষুদ্র নদী যত ৷
কৰৈ অকাৰ্য্যক যেন ধনৰ গৰ্বত ।।’
উত্তৰঃ উদ্ধৃত কবিতাফাকি উচ্চতৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা ‘বর্ষা বর্ণন’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
মানুহে যে ধনৰ গৰ্বত অকাৰ্য বা অধৰ্ম আচৰণ কৰিবলৈ লয় সেই কথা বুজাবলৈ কবিয়ে উক্ত কবিতা ফাকিৰ অৱতাৰণা কৰিছে ।
বাৰিষা কালত বৰষুণৰ পানীয়ে নদ-নদী উপচাই পাৰ ভাঙি মানুহৰ শস্য পথাৰৰ বিস্তৰ ক্ষতি সাধন কৰে। কিন্তু বাৰিষা কাল পাৰ হৈ যোৱাৰ লগে লগে নদীৰ সেই অহংকাৰ চূৰ্ণ হৈ যায়।
ঠিক তেনেদৰে হৰিভক্তিহীন মানুহে ধনৰ গৰ্বত বহু সময়ত নানান অকার্য বা অধৰ্ম আচৰণ কৰিবলৈ লয়। ফলত সিহঁতে অজ্ঞানতাবশতঃ নিজৰেই ক্ষতি কৰে অৰ্থাৎ পিছলৈ অশেষ দুখ-যন্ত্রণা ভোগ কৰিব লগা হয় ৷
(খ) যদ্যপি মুষলধাৰে মেঘে বৰষিল ৷
তথাপি পর্বতে পীড়া কিছো নজানিল ।।
যিজনৰ মন ভৈল কৃষ্ণত প্ৰৱেশ।
তাক যেন লঙ্ঘিব ন পাৰে দুখক্লেশ ।।
উত্তৰ : উদ্ধৃত কবিতাফাকি উচ্চতৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা ‘বর্ষা বর্ণন’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
হৰিভক্তিপৰায়ণ লোকক যে কোনো বৈষয়িক দুখ- কষ্টই পীড়ন কৰিব নোৱাৰে তাকে বুজাবলৈ কবিয়ে কবিতাটোত উক্ত কবিতাফাঁকিৰ অৱতাৰণা কৰিছে।
বাৰিষা কালত মুষলধাৰে বৰষুণ পৰিবলৈ ধৰে। বৰষুণে নদ-নদীৰ পাৰ উপচাই মানুহৰ অশেষ ক্ষতি কৰে যদিও ই পৰ্বতৰ একো ক্ষতি কৰিব নোৱাৰে ঠিক তেনেদৰে হৰিভক্তিপৰায়ণ লোক এজনকো বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে টলাব নোৱাৰে। অৰ্থাৎ যিসকল লোকৰ মন-প্ৰাণ কৃষ্ণ ভক্তিত মজি থাকে সেইসকল লোকক কোনো ধৰণৰ সাংসাৰিক দুঃখ, ক্লেশে মষিমূৰ কৰিব নোৱাৰে।
(গ) ‘পঞ্চবৰ্ণে ৰঞ্জিত নির্গুন ইন্দ্ৰধনু।
গুণৱন্ত মেঘত প্ৰকাশে পুনু পুনু।।
যেন তিনি গুণময় জগত যতেক।
নির্গুণ পুৰুষ তাত প্রকাশৈ প্রত্যেক ।।’
উত্তৰ ঃ উদ্ধৃত কবিতাফাঁকি উচ্চতৰ অসমীয়া সাহিত্য সংকলনৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা ‘বৰ্ষা বৰ্ণন’ শিৰোনামাৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
নিৰ্গুণ ভগৱানে যে ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে এই তত্ত্বক প্রকাশ কৰিবলৈ কৰিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে ।
বর্ষা ঋতুত আকাশত ৰামধেনু ওলায় । ই দেখাত অতি সুন্দৰ। কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। এই ৰূপক (উপমা) টোৰ জৰিয়তে কবিয়ে বুজাব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো গুণ নাই । ই ইয়াৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে। অৰ্থাৎ কৃষ্ণ ভক্তিপৰায়ণ লোক এজনে বিশ্বব্ৰহ্মাণ্ডৰ জীৱ আৰু প্রাণী জগতৰ মাজেৰে ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰে।
এনেদৰে কবি শ্ৰীশংকৰদেৱে কবিতাফাকিৰ জৰিয়তে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে।
অতিৰিক্ত প্রশ্ন-উত্তৰ :
(ক) শ্ৰীশংকৰদেৱে ৰচনা কৰা দুখন কাব্যপুথিৰ নাম লিখা ।
উত্তৰ : (১) হৰিশ্চন্দ্ৰ উপাখ্যান আৰু (২) ৰুক্মিণীহৰণ কাব্য ।
(খ) শ্ৰীশংকৰদেৱ কিমান চনত জন্ম গ্রহণ কৰিছিল ?
উত্তৰ : ১৪৪৯ চনত।
(গ) শ্ৰীশংকৰদেৱ ক’ত ইহলীলা সম্বৰণ কৰিছিল ?
উত্তৰ : কোচবিহাৰৰ ভেলা মধুপুৰ সত্ৰত ।
(ঘ) শ্ৰীশংকৰদেৱ কোন যুগৰ কবি ?
উত্তৰ : বৈষ্ণৱ যুগৰ কবি ।
(ঙ) ‘বর্ষা বর্ণন’ কবিতাটিৰ কৰি কোন ?
উত্তৰ : শ্ৰীশংকৰদেৱ ৷
(চ) শ্ৰীশংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি ?
উত্তৰ : এক শৰণনাম ধৰ্ম বা নৱ বৈষ্ণৱ ধৰ্ম।
(জ) শ্ৰীশংকৰদেৱৰ ‘বৰ্ষা বর্ণন’ কবিতাংশ ভাগৱতৰ কোনটো স্কন্ধত পোৱা যায় ?
উত্তৰ : ভাগৱতৰ দশম স্কন্ধত ৷
(ঝ) শংকৰদেৱে ৰচনা কৰা এখন তাত্ত্বিক গ্ৰন্থৰ নাম লিখা ।
উত্তৰ : কীৰ্তন ঘোষা। ০০০
Type By Suman Bora