প্ৰাকৃতিক সম্পদ । অধ্যায় ১৪ । Class 9 General Science Lesson 14 Question and Answer | Assamese Medium Class 9 General Science Chapter 14 Solution | নৱম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪ প্ৰাকৃতিক সম্পদ প্ৰশ্ন আৰু উত্তৰ ।

প্ৰাকৃতিক সম্পদ

প্ৰশ্নাৱলীঃ

1. আমাৰ পৃথিৱীৰ বায়ুমণ্ডল শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলৰ মাজত পাৰ্থক্য কেনে ধৰণৰ ?
উত্তৰঃ
আমাৰ পৃথিৱীৰ বায়ুমণ্ডলৰ তুলনাত শুক্ৰ আৰু মংগল গ্ৰহৰ বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সাইডৰ পৰিমান বেছি। এই দুটা গ্ৰহত কাৰ্বন-ডাই-অক্সাইডৰ শত কৰা পৰিমাণ 95-97 ভাগ। আনহাতে পৃথিৱী বায়ুমণ্ডলত কাৰ্বন-ডাই-অক্সঅডৰ পৰিমান 0.03%।

2. বায়ুমণ্ডলে এখন কম্বলৰ দৰে কেনেকৈ কাম কৰে ?
উত্তৰঃ
বায়ুমণ্ডলত যি বায়ু থাকে সেইয়া তাপৰ কু-পৰিবাহী। দিনৰ ভাগত বায়ুমণ্ডলে পৃথিৱীৰ উষ্ণতা হঠাৎ বহুত বাঢ়ি যোৱাত বাধা প্ৰদান কৰে আৰু ৰাতিৰ ভাগত পৃথিৱীৰ উষ্ণতা কমিযোৱাত বাধা প্ৰদান কৰে। বায়ু তাপৰ কু-পৰিবাহী হোৱাৰ বাবেই ইয়াৰ মাজেৰে তাপ শোষণ আৰু বিকিৰণ কৰাতো পৃথিৱীৰ বাবে সম্ভৱ নহয়। সেয়ে আমি কব পাৰো যে পৃথিৱীক বায়ুমণ্ডলে এখন কম্বলৰ দৰে আগুৰি আছে।

3. বতাহে  কি সৃষ্টি কৰে ?
উত্তৰঃ
 কোনো অঞ্চলত উষ্ণতা বৃদ্ধি পোৱাৰ লগে লগে সেই অঞ্চলৰ বায়ু গৰম হৈ ঊৰ্দ্ধগামী হোৱাৰ বাবে অঞ্চলটোত নিম্ন চাপৰ সৃষ্টি হয়। সেই অঞ্চলটোৰ তুলনাত কাষৰীয়া অঞ্চলৰ বায়ু শীতল আৰু গধুৰ অৰ্থাৎ কাষৰীয়া অঞ্চল সমূহত উচ্চ চাপ হৈ থাকে। ফলত বায়ু সেই উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে। বায়ুৰ এই প্ৰবাহকে বতাহ বুলি কোৱা হয়।

4. ডাৱৰ কেনেকৈ সৃষ্টি হয় ?
উত্তৰঃ
দিনৰভাগত সূৰ্যৰ তাপত জলমণ্ডলৰ পানী গৰম হৈ বাষ্প আকাৰ লাভ কৰে। এই বাষ্প গৰম বায়ুৰ সৈতে ওপৰলৈ যায়। এক নিৰ্দিষ্ট উষ্ণতাত গৰম বায়ু ঠাণ্ডা হোৱাৰ লগে লগে বাষ্পবোৰে বায়ু থকা ধূলিকমাক কেন্দ্ৰকৰি ঘনীভূত হৈ সৰু সৰু পানীৰ টোপালৰ সৃষ্টি কৰে। ইয়ে ডাৱৰ সৃষ্টি কৰে।

5. বায়ু প্ৰদূষণ সৃষ্টি কৰা যিকোনো তিনিটা কাৰ্যকলাপৰ তালিকা প্ৰস্তুত কৰা।

উত্তৰঃ বায়ু প্ৰদূষণ সৃষ্টি কৰা তিনিটা কাৰ্য হল –

১) জীৱাশ্ম ইন্দ্ৰনৰ দহন (কলকাৰখানাত আৰু যান বাহনত উৎপন্ন হয় কিছুমান অলাগতীয়াল গেছ)

২) গছ-গছনি কাটি বনাঞ্চল ধ্বংস কৰাৰ ফপলত বায়ু প্ৰদূষণ হয়। কাৰণ কায়ুমণ্ডলত CO2 ৰ পৰিমাণ বাঢ়ি যায়।

৩) প্ৰাকৃতিক দূৰ্যোগ যেনে আগ্নেয়গিৰিৰ উদ্ গিৰণৰ ফলত বায়ু প্ৰদূষণ হয়।

প্ৰশ্নাৱলীঃ

1. জীৱসমূহক পানীৰ কিয় প্ৰয়োজন হয় ?
উত্তৰঃ
জীৱৰ দেহৰ ভিতৰত সংঘটিত সকলো বিলাক জৈৱ ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা পদাৰ্থসমূহ কোষৰ ভিতৰত পানীত দ্ৰাৱীভূত হৈ থাকে। আনহাতে দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থৰ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয়। সেইকাৰণে জীৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্বৱ হৈছে।

2. নগৰ, মহানগৰ, গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস কি ? তুমি ক’ত বাস কৰা ?
উত্তৰঃ
নগৰ, মহানগৰ, গাঁও অঞ্চলৰ নিৰ্মল পানীৰ উৎস হ’ল সাগৰ, মহানগৰ, নদী আদি।
    মই গাওঁ অঞ্চলত বাস কৰো।

3. কি কি কাৰ্যকলাপৰ বাবে পানী প্ৰদূষণ হ’ব পাৰে ?
উত্তৰঃ
পানী প্ৰদূষণ হ’ব পৰা কাৰ্যবোৰ হ’ল
1. উদ্যোগ, কাৰখাৰ পৰা ওলোৱা ৰাসায়নিক পদাৰ্থ, কীটনাশক পদাৰ্থ পানীত মিহলি হৈ পানী প্ৰদূষণ কৰিব পাৰে।
2. শস্য–পথাৰত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰ, কীটনাশক আদি বৰষুণৰ পানীৰ লগত মিহলি হৈ নদী বা জলাশয়ত পৰে ফলত এইবোৰে নদী বা জলাশষৰ পানী দূষিত কৰে।
3. মানুহৰ ঘৰত দৈনন্দিন জীৱনত সৃষ্টি হোৱা ঘৰুৱা আৱৰ্জনাবোৰ নদী বা হৃদৰ পানীত নিক্ষেপ কৰা হয় ফলত পানী প্ৰদূষিত হয়।
4. কিছুমান উদ্যোগত যন্দ্ৰপাতি শীতল কৰিবলৈ ব্যৱহাৰ কৰা পানী আৰু জলবিদ্যুত প্ৰকল্প সমূহৰ পৰা অতিৰিক্ত পানীভাগ নদীত নিক্ষেপ কৰা হয়। ফলত নদীৰ পানীৰ উষ্ণতা বৃদ্ধি হয়।

প্ৰশ্নাৱলীঃ

1. মাটি কেনেকৈ গঠন হয় ?
উত্তৰঃ
অতীতৰ পৰা হাজাৰ কোটি বছৰ ধৰি বিভিন্ন ভৌতিক, ৰাসায়নিক আৰু জৈৱিক পৰিঘটনাৰ ফলত পৃথিৱীৰ উপৰিভাগত থকা কঠিন শিলাস্তৰ ভাগি চূৰ্ণ – বিচূৰ্ণ হৈ সৰু সৰু কণিকাত পৰিণত হয় আৰু এনেকৈয়ে মাটিৰ গঠন হয়। শিলাস্তৰৰ পৰা মাটি গঠন কৰা কাৰক কেইটা হ’ল- সূৰ্যৰ তাপ, পানী, বতাহ আৰু লাইকেন জাতীয় জীৱ।

2. মাটি ক্ষয়ীভৱন (soil erosion) কি ?
উত্তৰঃ
পানী বা বতাহৰ দ্বাৰা মাটিৰ ওপৰৰ স্তৰ এঠাইৰ পৰা আন এঠাইলৈ  লৈ যোৱাৰ ফলত মাটি ক্ষয় হোৱা প্ৰক্ৰিয়াক ক্ষয়ীভৱন বোলা হয়।

3. মাটি ক্ষয়ীভৱনৰ পৰা ৰক্ষা কৰিবলৈ কি কি ব্যৱস্থা হাতত ল’বা ?
উত্তৰঃ
 মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পৰা ব্যৱস্থাবোৰ হ’ল-
১। বৃক্ষৰোপনৰ জৰিয়তে মাটিৰ ক্ষয়ীভৱন ৰোধ কৰিব পৰা যায়।
২। মাটি সমূহ ঢাকি ৰখা শস্য কৰি ক্ষয়ীভৱন ৰোধ কৰিব পাৰি।

প্ৰশ্নাৱলীঃ

1. কি কি অৱস্থাত জলচক্ৰত পানী পোৱা যায় ?
উত্তৰঃ

জলচক্ৰত পানী এই তিনিটা ৰূপত পোৱা যায়-

→  গোটা অৱস্থাত বৰফ আকাৰে।

→ জুলীয়া অৱস্থাত নদী, হ্ৰদ, সাগৰ-মহাসাগৰ বা ভূগৰ্ভত পোৱা যায়। 

→  গেছীয় অৱস্থাত জলীয় বাষ্প হিচাপে পোৱা যায়।

2. জৈৱিক কাৰণত প্ৰয়োজনীয় অক্সিজেন আৰু নাই’ট্ৰজেনযুক্ত দুটা যৌগৰ নাম লিখা।
উত্তৰঃ
 প্ৰয়োজনীয় যৌগ হ’ল-  
১। নিউক্সিক এছিড (ডি এন এ আৰু আৰ এন এ)
২। প্ৰ’টিন বা এমিন’এছিড।

3. বায়ুত CO2 ৰ পৰিমাণ বৃদ্ধি কৰা মানুহৰ দ্বাৰা সংঘটিত তিনিটা কাৰ্যকলাপ উল্লেখ কৰা।

উত্তৰঃ CO2 ৰ পৰিমাণ বৃদ্ধি কৰা কাৰ্যবোৰ হল

১) বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলত CO2 ৰ পৰিমাণ বৃদ্ধি হয়।

২) জীৱাশ্ম ইন্দ্ৰন দহনৰ ফলত CO2 বৃদ্ধি হয়। যেনে- গাড়ী মটৰৰ চলাচলত দহন হোৱা পেট্ৰল, ডিজেলৰ পৰা CO2 উৎপন্ন হয় আৰু বায়ুমণ্ডলত খিতাপি লয়।

4. সেউজ গৃহ প্ৰভাৱ কি?

উত্তৰঃ প্ৰদূষণৰ বাবে বায়ুমণ্ডলত বাঢ়ি যোৱা CO2 গেছে পৃথিৱীৰ উষ্ণতা বৃদ্ধি কৰিছে কাৰণ CO2 গেছে সূৰ্যৰ তাপ শোষণ কৰি ৰাখে। ইয়াকে সেউজ গৃহ প্ৰভাৱ বোলে।

5. বায়ুমণ্ডলত কি কি দুটা অৱস্থাত অক্সিজেন পোৱা যায়?

উত্তৰঃ অক্সিজেন গেছ দ্বি-পাৰমাণৱিক অণু (O2)

অজন গেছ ত্ৰি-পাৰমাণৱিক অণু (O3)

অনুশীলনীঃ

1. জীৱৰ কাৰণে বায়ুমণ্ডলৰ প্ৰয়োজন কি ?
উত্তৰঃ জীৱৰ বাবে বায়ুমণ্ডলত প্ৰয়োজনীয়তা অধিক। বায়ু এটা মিশ্ৰ পদাৰ্থ। ইয়াত বিভিন্ন প্ৰকাৰৰ গেছ যেনে- নাইট্ৰজেন, অক্সিজেন, কাৰ্বন-ডাই-অক্সাইড আৰু জলীয় বাষ্প মিহলি হৈ থাকে। ইয়াত থকা প্ৰতিটো উপাদানয়েই জীৱজগতৰ বাবে উপযোগী। কোষত গ্লুকজ অনুৰ ভাঙি ইয়াৰ পৰা শক্তি বাহিৰ কৰিবলৈ অক্সিজেনৰ প্ৰয়োজন হয়। দহন প্ৰক্ৰিয়াতও অক্সিজেন যথেষ্ট প্ৰয়োজন হয়। আনহাতে ওপৰৰ দুয়োটা প্ৰক্ৰিয়াতে অক্সিজেন দহনৰ ফলত কাৰ্বন-ডাই-অক্সাইড উৎপন্ন হয়। কাৰ্বন-ডাই-অক্সাইড আকৌ উদ্ভিদৰ সালোক-সংশ্লেষণ প্ৰক্ৰিয়াত প্ৰয়োজন হয় কাৰণ CO2 আৰু পানীৰ মাজত বিক্ৰিয়া ঘটি গ্লুকজ প্ৰস্তুত হয়। উদ্ভিদৰ বাবে নাইট্ৰজেন গেছও অতি প্ৰয়োজনীয়। আনহাতে বায়ুমণ্ডলে আমাৰ পৃথিৱীৰ ওপৰিভাগৰ গড় উষ্ণতা স্থিৰ ৰখাত সহায় কৰে।

2. পানী জীৱৰ কাৰণে কিয় প্ৰয়োজনীয় ?
উত্তৰঃ
 পানী জীৱৰ কাৰণে প্ৰয়োজনীয় কাৰণ –
১। আমাৰ দেহৰ জৈৱ-ৰাসায়নিক বিক্ৰিয়াত ভাগ লোৱা সকলোবোৰ পদাৰ্থ কোষৰ ভিতৰত পানীত দ্ৰৱীভূতা।
২। দ্ৰৱীভূত অৱস্থাতেই সকলোবিলাক পদাৰ্থ দেহৰ এঠাইৰ পৰা আন ঠাইলৈ পৰিবহন হয়। সেইকাৰণে জাৱসমূহে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি জীয়াই থকা সম্ভৱ হৈছে।

3. কেনেকৈ জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে ? পানীত বাস কৰা জীৱসমূহ মাটিৰ পৰা সম্পূৰ্ণভাৱে আত্মনিৰ্ভৰশীলনে ?
উত্তৰঃ
 সকলো জীৱই মাটিৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে। কাৰণ মাটিতেই উদ্ভিদ সমূহ গজে। তেনেদৰে সকলো স্থলচৰ প্ৰাণীৰ বাবে মাটি হ’ল মূল আবাস। আকৌ সকলো প্ৰণীয়ে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে খাদ্যৰ বাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল বাবে মাটিয়েই প্ৰাণী সমূহক খাদ্যৰ যোগান ধৰে।
    পানীত থকা জীৱ সমূহৰ মাটিৰ ওপৰত সম্পূৰ্ণ আত্মনিৰ্ভৰশীল নহয়। কাৰম নদীয়ে মাটিৰ পৰা সাগৰলৈ কঢ়িয়াই নিয়া বহুতো খনিজ লৱন সাগৰীয় জীৱ সমূহে ব্যৱহাৰ কৰে।

4. তোমালোকে নিশ্চয় দূৰদৰ্শ আৰু বাতৰি কাকতত বতৰৰ আগলি বতৰাৰ প্ৰতিবেদন দেখিছা। বতৰৰ আগলি বতৰা কেনেকৈ পাওঁ বুলি ধাৰণা কৰা ?
উত্তৰঃ 
বৰষুণৰ পৰিমাণ আৰু প্ৰকাৰ নিৰ্ভৰ কৰে বতাহৰ প্ৰকৃতিৰ ওপৰত। বতাহৰ পৰিমাণ আৰু দিশে বৰষুণৰ পৰিমাণৰ ওপৰত প্ৰভাৱ পেলাই। বতৰৰ আগলি বতৰা আৰু বৰষুণৰ ভৱিষ্যতবাণী কৰা হয় বতাহৰ ধৰণ- বৰষুণৰ ওপৰত ভিত্তি কৰি। ভাৰতবৰ্ষৰ বেছিভাগ অংশত দক্ষিণ-পশ্চিম বা উত্তৰ-পূৱ মৌচুমী বায়ুৰ প্ৰভাৱৰ কাৰণে প্ৰচুৰ বৰষুণ হয়।
আনহাতে কিছুমান ঠাইত বংগোপসাগৰৰ নিম্ন চাপৰ কাৰণে বৰষুণ হয়।

5. মানুহৰ বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ু, পানী আৰু মাটিভাগত প্ৰদূষণ সৃষ্টি হয়। তোমালোকে ভাবা নেকি যে কোনো নিৰ্দিষ্ট অঞ্চলত এই কাৰ্যকলাপৰ চিনাক্ত কৰিব পৰিলে প্ৰদূষণৰ মাত্ৰা কমিব বুলি ?
উত্তৰঃ
 কোনো নিৰ্দিষ্ট অঞ্চলত এনে কাৰ্যকলাপ চিনাক্ত কৰিব পাৰিলেও প্ৰদূষণৰ মাত্ৰা নকমে-কাৰণ বায়ু প্ৰদূষণ বা পানী প্ৰদূষণ কোনো এটা নিৰ্দিষ্ট অঞ্চলত সীমাবদ্ধ নাথাকে। এটা অঞ্চলত বায়ু প্ৰদূষিত হ’লে গোটেই বায়ুমণ্ডলত য়ে বিয়পি পৰাৰ লগতে প্ৰভাৱ ও পেলাব। আনহাতে কোনো নিৰ্দিষ্ট অএঞ্চলত পানী প্ৰদূষিত হলে সেই দুযিত পানী নলা-নদীৰে আন ঠাইলৈ বিয়পি পৰিব আৰু আন এটা অংশ শোযিত হৈ ভূ-গৰ্ভৰ পানী স্তৰৰ লগত মিলিব। আকৌ কোনো এটা অঞ্চলৰ মাটি প্ৰদূষিত হ’লে সি সেই অঞ্চলৰ উদ্ভিদ আৰু প্ৰণী ক্ষতি সাধন কৰি সামগ্ৰীক ভাবে প্ৰকৃতিৰ ভাৰসাম্য বিনষ্ট কৰাৰ লগতে জৈব বৈচিত্ৰ হ্ৰাস কৰিব।

6. বনাঞ্চল সমূহে বায়ু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত কেনেকৈ প্ৰভাৱ পেলায় এটা টোকা লিখা।

উত্তৰঃ বনাঞ্চল সমূহে বাযু, মাটি আৰু পানীৰ গুণাগুণৰ ওপৰত বহু ধৰণে প্ৰভাৱ পেলায়। তাৰ ভিতৰত সেউজীয়া উদ্ভিদবোৰে বায়ুমণ্ডলৰ CO2 (কাৰ্বন-ডাই-অক্সাইড) ব্য়ৱহাৰ কৰি সালোক সংশ্লেষণ প্ৰক্ৰিয়াৰে খাদ্য় প্ৰস্তুত কৰে আৰু লগতে সালোক-সংশ্লেষণ প্ৰক্ৰিয়াত উৎপন্ন হোৱা অতিৰিক্ত অক্সিজেন (O2) বায়ুমণ্ডললৈ এৰি দিয়ে। এনেকে বায়ুমণ্ডলৰ গুণাগুণ ঠিকে থাকে।

আকৌ উদ্ভিদৰ শিপাই মাটিত খামোচ মাৰি ধৰি থাকি মাটি ক্ষয়ীভৱনত বাধা দিয়ে। তেনেকৈ উদ্ভিদৰ বিভিন্ন অংশ মাটিত সৰি পচি হিউমাচ সৃষ্টিত অৰিহণা যোগায়। এনে দৰে বনাঞ্চলে মাটি উৰ্বৰতা বৃদ্ধি কৰে।

আনহাতে বনাঞ্চল বৰষুণৰ মাত্ৰা বঢ়াই ভূ-গৰ্ভই পানীৰ স্তৰৰ অধোগামী হোৱাৰ পৰা ৰক্ষা কৰে। আনহাতে মাটিৰ উপৰি পৃষ্ঠৰ ঘাঁহ বন জাতীয় উদ্ভিদ মাটিৰ দ্বাৰা বৰষুণৰ পানী শোষিত হোৱাত যথেষ্ট সহায় কৰে।

Answer Type – Boby Bora