Chapter- 7
চুডাংফা
১) কিমান খ্ৰিষ্টাব্দত ত্যাওখামথিক আহোম ৰাজ্যৰ ৰজা পতা হয়?
(ক) ১৩৮০ খ্ৰিষ্টাব্দত
(খ) ১৩৭৬ খ্ৰিষ্টাব্দত
(গ) ১৩৮৯ খ্ৰিষ্টাব্দত
উত্তৰ- (ক) ১৩৮০ খ্ৰিষ্টাব্দত ।
২) আহোমৰ প্ৰায় ৬00 বছৰীয়া শাসন কালত মন্ত্ৰী পৰিষদে কেইবাৰ শাসন কৰিছিল
(ক) দুবাৰ
(খ) তিনিবাৰ
(গ) চাৰিবাৰ
উত্তৰ- (গ) চাৰিবাৰ ।
৩) কিমান খ্ৰিষ্টাব্দৰ পৰা কিমানলৈ প্ৰথমবাৰৰ বাবে মন্ত্ৰী পৰিষদৰ শাসন চলিছিল?
(ক) ১৩৭৬ খ্ৰিষ্টাব্দৰ পৰা ১৩৮০ খ্ৰিষ্টাব্দলৈ
(খ) ১৫৪৩ খ্ৰিষ্টাব্দৰ পৰা ১৫৮৬ খ্ৰিষ্টাব্দলৈ
(গ) ১২৮৯ খ্ৰিষ্টাব্দৰ পৰা ১৩৫৬ খ্ৰিষ্টাব্দলৈ
উত্তৰ- (ক) ১৩৭৬ খ্ৰিষ্টাব্দৰ পৰা ১৩৮০ খ্ৰিষ্টাব্দলৈ ।
৪) শিঙৰি শব্দটো কোন ভাষাৰ পৰা আহিছে ?
(ক) হোলোং
(খ) চেংৰী
(গ) চেংৰীয়া
উত্তৰ- (খ) চেংৰী ।
৫) শিঙৰি ঘৰত উঠাৰ আগতে ৰাজাই এটা মানুহক কিহেৰে কাটিব লাগিছিল?
(ক) হেঙাৰে
(খ) শিলৰ অস্ত্ৰৰে
(গ) হেংদাঙেৰে
উত্তৰ- (গ) হেংদাঙেৰে ।
৬) আহোম আৰু নৰাৰ দুয়োজনা বৰগোহঁয়ে কুকুৰা কাটি শপত খোৱাৰ পৰ্বতটো নাম কি?
(ক) ডয় কাও-ৰঙ
(খ) পাট-কাই-চেং-কান
(গ) পাট-কাই ৰং
উত্তৰ- (খ) পাট-কাই-চেং-কান ।
৭) ডয় কাও-ৰঙৰ অৰ্থ কি?
(ক) নটা পৰ্বত গোট খোৱা
(খ) কুকুৰা কাটি শপত লোৱা
(গ) ৰূপোৱালী জিন বন্ধা
উত্তৰ- (ক) নটা পৰ্বত গোট খোৱা ।
৮) চেংৰী শব্দৰ অৰ্থ কি?
(ক) আহোম সকলে সজাইতুলা ঘৰ
(খ) দেৱতাৰ ঘৰ বা মন্দিৰ
(গ) হোলোং ঘৰ বা শিঙৰি
উত্তৰ- (খ) দেৱতাৰ ঘৰ বা মন্দিৰ ।
৯) পাটকাই শব্দৰ অৰ্থ কি?
(ক) কুকুৰা কাটি শপত লোৱা
(খ) নটা পৰ্বত গোট খোৱা
(গ) দেৱতাৰ ঘৰ
উত্তৰ- (ক) কুকুৰা কাটি শপত লোৱা ।
১০) চুডাংফাই কোন ৰাজ্যৰ ৰজাৰ জীয়েকক বিবাহ কৰাইছিল?
(ক) আহোম ৰাজ্যৰ
(খ) কমতা ৰাজ্যৰ
(গ) চুকাফা
উত্তৰ- (খ) কমতা ৰাজ্যৰ ।
১১) কাৰ দিনৰ পৰাই মানুহ বলি দিয়া প্ৰথা অৱসান ঘটে?
(ক) ৰুদ্ৰসিংহ
(খ) চুত্যেওফা
(গ) চুবিনফা
উত্তৰ- (ক) ৰুদ্ৰসিংহ ।
১২) চুডাংফাই বিবাহ কৰা ৰাজ কন্যাগৰাকীৰ নাম কি?
(ক) বাৰুনী
(খ) লক্ষ্মীনী
(গ) ভাজনী
উত্তৰ- (গ) ভাজনী ।
১৩) চুডাংফাক অসমৰ ইতিহাসত কি কোঁৱৰ বুলি জনা যায়?
(ক) বামুণী
(খ) উজনিয়াল
(গ) নামনিয়াল
উত্তৰ- (ক) বামুণী ।
১৪) চুডাংফাই কাৰ ঘৰত প্ৰতিপালিত হৈছিল ?
(ক) কলিতা
(খ) বামুণ
(গ) মহন্ত
উত্তৰ- (খ) বামুণ ।
Type by- Bikul Mandal