গাৰোসকল

গাৰোসকল প্রাচীন কালৰে পৰা অসমত বসবাস কৰি অহা এটা জনগোষ্ঠী। এওঁলোকৰ কিছুমানে বৃহত্তৰ মঙ্গোলীয় ঠালৰ বুলি দাবী কৰে। গাৰোসকল ভাষিক দিশৰ পৰা ইন্দো-চীনৰ অন্তৰ্গত তিব্বত বৰ্মীয় বড়ো ঠালৰ লোক । বৰ্তমান এই জনগোষ্ঠীৰ লোকসকলে পশ্চিম বঙ্গৰ পৰা আদিকাৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যত সিঁচৰতি হৈ থকাৰ উপৰিও বাংলাদেশতো বহু ঠাইত এই জনগোষ্ঠীৰ লোক সিঁচৰতি হৈ আছে। বসতিস্থান আৰু ভাষাৰ ফালৰ পৰা গাৰোসকলক আমবেং, মাতছি, মাতাবেং, গাৰাগানচি, দুৱাল, ৰুগা আৰু মেগাম উপজনগোষ্ঠীত ভাগ কৰা হয় । কিংবদন্তী অনুসৰি গাৰোসকলৰ পূৰ্বপুৰুষ তিব্বতৰ থৰুৱা নামৰ ঠাইত আছিল। এসময়ত দুৰ্ভিক্ষই দেখা দিয়াত জাপফা, জালিমফা, চুকফা, বঙ্গিফা আৰু বিঞ্জিফা এওঁলোকৰ নেতৃত্বত এইখন ঠাই এৰি হিমালয় পর্বত অতিক্ৰম কৰি পোনতে কোচবিহাৰ পায়হি আৰু তাতে ভালেকেইবছৰ বসবাস কৰিছিল। কিন্তু তাৰে পৰা অসমলৈ আহোঁতে সৰু সৰু ৰাজ্যৰ ৰজাবোৰ, যেনে— ধুবুৰী আৰু বিজনীৰ ৰজাসকলৰ লগত যুঁজ কৰি অৱশেষত ৰজা আব্ৰাচেনে হাব্রাঘাটত নিজৰ ঘাটি স্থাপন কৰিছিল আৰু চুবুৰীয়া ঠাই বিলাক নিজৰ নামত অন্তর্ভুক্ত কৰিছিল। কিছুমানে পৰস্পৰে অসন্তুষ্ট হৈ বেলেগ ফালে ফালৰি কাটি গাৰো পাহাৰত আৰু আন এটা গোটে বাংলাদেশত বাস কৰিবলৈ লয়। ধাৰ্মিক দিশৰ পৰা গাৰোসকলৰ পূৰ্বপুৰুষে পূজা-অৰ্চনা কৰিছিল। এইদৰে পূজা কৰা লোকসমূহক গাৰোসকলে সংসাৰেক বুলি কয়। এওঁলোকৰ দেৱ-দেৱী আছিল চালজং, গৱেৰা, খালখামে, আসিমা, ডিংসিমা, সুসিমে আদি। দেৱ-দেৱী পূজা কৰোঁতে ঘৰচীয়া জীৱ-জন্তুক বলি দিয়া হৈছিল। কিন্তু ঊনৈশ শতিকাৰ আৰম্ভণিৰ পৰা গাৰোসকল খ্ৰীষ্টধৰ্মলৈ ধৰ্মান্তৰিত হ’বলৈ ধৰে আৰু পূজা-অৰ্চনা লুপ্ত হ’বলৈ ধৰে। গাৰোসকলৰ জাতীয় উৎসৱ ওয়ানগালাও। গাৰোসকলৰ ব্যৱহৃত বাদ্য যন্ত্ৰবোৰ হৈছে ঢামা গ্রাম (ঢোল), গগনা, মহৰ শিঙেৰে নিৰ্মিত বাঁহৰ পাইপ লগোৱা বাংসী-বাঁহী আদি। তদুপৰি ৰংবিৰঙৰ কানি-কাপোৰ ব্যৱহাৰ কৰিছিল আৰু আঁঠুৰ ওপৰলৈকে কাপোৰ পিন্ধিছিল। বর্তমান গাৰোতিৰোতা সকলৰ ব্যৱহৃত কানি-কাপোৰবোৰ দাগাবান্দা, দাগশাৰী, চুনী আদি। সামাজিক ফালৰ পৰা গাৰোসকলৰ পৰিয়ালৰ গাঠনি মাতৃসূত্ৰৰ পৰা আৰম্ভ হয়। একাধিক পৰিয়াল বা ব্যক্তিৰ মাজত লগ লাগি এটা মাহাৰী গঠন কৰা হয়। পৰম্পৰাগতভাৱে গাৰোসকলৰ জন্মগত মাহাৰী অৰ্থাৎ উপাধি থকাৰ উপৰিও ওপৰঞ্চি উপাধি থাকে। উদাহৰণ স্বৰূপে আগিতক মাহাৰীৰ এজন ব্যক্তিয়ে লগত ছাংমা লিখিব লাগে বা কিছুমানে নিলিখাকৈ কেৱল ছবাংমাকেই ব্যৱহাৰ কৰে। গাৰো সমাজত মাহাৰীক ইমানেই গুৰুত্ব দিয়া হয় যে বেলেগ বেলেগ দুখন ঠাই বা দুখন ৰাষ্ট্ৰৰ হ’লেও একে মাহাৰী বা উপাধিধাৰীৰ মাজত বৈবাহিক সম্বন্ধ কৰা নিষিদ্ধ, কাৰণ একে গোত্ৰৰ বুলি ধৰা হয়। আগৰ দিনত পাহাৰীয়া গাৰোসকলৰ ডেকা কালত শিক্ষাৰ প্ৰাণকেন্দ্ৰ আছিল নকপান্থে বা ডেকাচাং । ইয়াতে গাঁৱৰ সমূহ ডেকা গোট খাই বাঁহ-বেত আদি বিভিন্ন হাতৰ কাম কৰা, বাদ্যযন্ত্ৰ বজোৱা, খেল- ধেমালি কৰা আদি কাৰ্য কৰিছিল। এইবোৰ এজন জ্যেষ্ঠ ভাতৃৰ দ্বাৰা পৰিচালিত হৈছিল। স্বভাৱতে গাৰোসকল খঙাল আৰু উগ্ৰধৰণৰ আছিল। যাৰ ফলত চুবুৰীয়া ৰজাই শাসনাধীন কৰিব শৰা নাছিল। এনেকি উপায়ন্তৰ হৈ ব্ৰিটিছসকলেও দমন নীতিৰ পৰিৱৰ্তে মিছনাৰীসকলৰ দ্বাৰা ধৰ্ম চাৰ কৰিবলৈ ধৰিলে। উপাসনালয়, বিদ্যালয় আদি স্থাপন কৰি ঠায়ে ঠায়ে মিছনাৰীসকলৰ দ্বাৰা মিছন পৰিচালনা কৰিবলৈ দিয়া হ’ল। এইদৰে ঊনবিংশ শতিকাৰ আৰম্ভণিৰে পৰা গাৰোসকলৰ সামাজিক পৰিৱৰ্তন হোৱা বুলি ক’ব পাৰি। খাদ্যাভাসত আমিষ ভোজীসকলে কুকুৰা, গাহৰি আৰু গোমাংস গ্ৰহণ কৰে। গাৰোসকলৰ অতি প্রিয় খাদ্য শুকান মাছ আৰু খাৰ। বিভিন্ন ধৰণৰ সোৱাদ-যুক্ত আঞ্জা থকা সত্ত্বেও গাৰোসকলৰ খাদ্য- তালিকাত শুকান মাছ আৰু খাৰৰ আঞ্জা অতি আৱশ্যক। গাৰোসকলৰ কেইগৰাকীমান বিশিষ্ট ব্যক্তিৰ বিষয়ে চমুকৈ উল্লেখ কৰা হ’ল— ৰামখে ওৱাথ্ৰে মোমিন মেঘালয়ৰ বৰ্তমান উত্তৰ গাৰো পাহাৰত অৱস্থিত মাটছক গ্ৰে নামৰ সৰু এখন পাহাৰীয়া গাঁৱত ১৮৩৪ চনত ৰামখে ওৱাৰ্থে মোমিনে জন্ম গ্ৰহণ কৰিছিল। ১৮৬৩ চনৰ ৮ ফেব্ৰুৱাৰীত ৰামখেই ৰেভাৰেণ্ট ড° মাইলচ ব্ৰনচনৰ দ্বাৰাই গুৱাহাটীৰ শুক্লেশ্বৰ ঘাটত খ্ৰীষ্টান ধৰ্মত বাপ্তিষ্ট লৈছিল। তাৰ কিছুদিনৰ পিছতে দামৰালৈ আহি ৰামখেই এখন স্কুল স্থাপন কৰিছিল আৰু অধ্যক্ষ হিচাপে কাম কৰিছিল। ৰামখে ওৱাথে মোমিনে খ্ৰীষ্টান মিচনসমূহৰ ভাৰপ্ৰাপ্ত মিচনাৰী হিচাবেও কাম কৰিছিল। মিচনসমূহৰ ভিতৰত বৰ্তমান উত্তৰ গাৰো পাহাৰত অৱস্থিত ৰাজা শিমলা গাৰো বসতি `ৱত চল্লিশজনীয়া সদস্যৰে পোন প্ৰথমে এখন খ্ৰীষ্টান মিচন হিচাবে এটি গীর্জা ঘৰ স্থাপন কৰিছিল। ইয়াৰ পিছত ডামৰাত মিচন সংস্থাপন কৰিছিল আৰু এখন স্কুল স্থাপন কৰিছিল। পিছত ডামৰাৰ স্কুলখন শিক্ষক প্রশিক্ষণ কেন্দ্ৰলৈ উন্নীতকৰণ কৰা হৈছিল। অৱশ্যে সকলো দিশৰ পৰা সুবিধাজনক নোহোৱাৰ বাবে গোৱালপাৰালৈ উঠাই নিয়া হৈছিল। ৰামখে ওৱাথে মোমিন কেবল মিচন আৰু স্কুল প্রতিষ্ঠাতাই নহয়, তেওঁ গোৱালপাৰা আৰু তুৰা নৰ্মাল স্কুলৰ প্ৰধান শিক্ষক হিচাবেও কাম কৰিছিল। ৰামখে এজন শিক্ষাবিদ, লেখক, গীতিকাৰ হিচাবে গাৰো সমাজৰ প্ৰথমজন ব্যক্তি আছিল। সেয়ে তেওঁ গাৰো সমাজৰ পথ প্ৰদৰ্শক বুলি পৰিগণিত হৈছিল। তেওঁৰ হাতে লিখা ‘কলা আৰু সংস্কৃতি’ বিষয়ক কিতাপখন মেঘালয় চৰকাৰে ১৯৯০ চনত প্ৰকাশ কৰিছিল। তেওঁৰ লিখিত ৪৫০০০ শব্দৰে বঙালী-গাৰো অভিধানখন চিৰস্মৰণীয় হৈ থাকিব । ৰামখে ওৱাে মোমিনে লিখা কবিতাসমূহ হ’ল — (১) ১৮৮১ চনত ‘বিচিক থ্রিতা’ (২) ১৮৮২ চনত ‘চিমানো আটছিয়ানি’ (৩) ১৮৮৩ চনত ‘ৰিপেংতাংখো নিকগ্ৰিকানি’ (৪) ১৮৮৪ চনত ‘আ. আকো দাকানি’ আৰু (৫) ‘ড’অৰাং’। ৰামখে ওৱাথ্ৰে মোমিনে ২১-টা গীত লিখি থৈ গৈছিল। যিবোৰ গীত খ্ৰীষ্টান সম্প্ৰদায়ৰ মানুহে গীৰ্জাত উপসনাৰ সময়ত গায়। গীতৰ নাম ‘আছিনি ৰিঙানিৰাং’ বুলি নামকৰণ কৰা হৈছিল। গোৱালপাৰা জিলাৰ অন্তৰ্গত দুধনৈৰ দক্ষিণ প্ৰান্তত অৱস্থিত নিচানগ্রাম গাঁওখন গাৰো বসতি প্রধান গাঁও আছিল আৰু ৰামখে মমিনে এই গাঁওখন আদৰ্শ গাঁও বুলি পৰিচিত কৰিছিল। ভাৰতৰ উত্তৰ-পূৱ প্ৰান্তৰ জনজাতীয় লেখকসকলৰ ভিতৰত ৰামখেও এজন আছিল। তদুপৰি ৰামখে এজন সমাজ কৰ্মী আৰু অৰ্থনৈতিক সংস্কাৰক আছিল। সেয়ে কিছুমান মিছনাৰীয়ে তেওঁক ‘Father of Modern Garo Community’ বুলি আখ্যা দিছিল।

ৰেভা. গিলবার্থ কে মাৰাক

১৯২৫ চনত গিলবার্থ কে মাৰাক পশ্চিম খাচিয়া পাহাৰ আৰু দক্ষিণ কামৰূপ জিলাৰ সীমান্তত অৱস্থিত ৰাংসাপাৰা গাঁৱত জন্ম গ্ৰহণ কৰিছিল। তেওঁ ৰেভা ৰামখে আৰু ছাংমাৰ একমাত্ৰ পুতেক আছিল। তেওঁ ১৯৩৩ চনত প্ৰাথমিক শিক্ষা সাং কৰিছিল। ১৯৪১ চনত উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা মাত্ৰে ড° ভিক্টৰ হিউগ’স্বৰ্ড ৰ সহযোগত চেৰাপুঞ্জি থিয়লজিকেল কলেজত পঢ়িবলৈ সুবিধা লাভ কৰিছিল আৰু ১৯৪৯ চনত এল. টি. এইচ. পৰীক্ষাত উত্তীৰ্ণ হৈছিল। গিলবাৰ্থ কে মাৰাক ১৯৬০ চনত লিনার্ড থিওলজিকেল কলেজৰ পৰা ‘ডিগ্ৰী অব বেচালৰ অৱ ৰেলিজিয়াচ ইডুকেশন’ লাভ কৰিছিল। গিলৱাৰ্থ কে মাৰাক কামৰূপ জিলাৰ গোহালকোনা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰিছিল। তেওঁ শিক্ষকতা কৰি থকা সময়ছোৱাত যোৰহাট চেমিনাৰিৰ অধ্যক্ষ ড° ডুফিচাই তেওঁক চিৰস্তাদাৰ (Registrar) পদত নিযুক্তি দিছিল। গিলবার্থ কে মাৰাক আৰু ড° ডুফিচা দুয়ো একমত হৈ ‘লিউ অব দা চেমিনাৰি স্কুল’ নামৰ পৰিৱৰ্তে ‘ইষ্টাৰ্ণ থিওলজিকেল কলেজ’ নামেৰে নতুন নাম দিছিল । গিলবার্থ কে মাৰাক চুইজাৰলেণ্ডৰ জেনেভাৰ ৱৰ্ল্ড কাউন্সিল অব খ্রীষ্টিয়ান ইডুকেশ্বনৰ মুখ্য কাৰ্যালয়ত ভাৰতৰ এজন পৰামৰ্শদাতা পদত নিযুক্ত হৈছিল । কিছুদিন পিছত ৱৰ্ল্ড কাউন্সিল অব চাৰ্জৰ এজন সদস্য হিচাবেও তেওঁক নিয়োগ কৰিছিল। তাৰে এজন সদস্য হিচাপে তেওঁ পৃথিৱীৰ বহু দেশ ভ্ৰমণ কৰিছিল। সেয়েহে তেওঁ থাইলেণ্ডৰ গীর্জাসমূহ, বৰ্তমানৰ ম্যানমাৰ, হংকং, জাপান, পাকিস্তান, ইজিপ্ত, লেবানন, এডেন, থিওপিয়া, কেনিয়া, তাঞ্জানিয়া, কঙ্গো, ইটালি, চুইজাৰলেণ্ড, ফ্ৰান্স আৰু জাৰ্মানি আদি ঠাইও ভ্ৰমণ কৰিছিল। গিলবার্থ কে মাৰাকৰ কৰ্মদক্ষতাৰ বাবে খ্ৰীষ্টিয়ান সংগঠনে তেওঁলৈ সসন্মানে ‘ৰেভাৰেণ্ড’ উপাধি প্ৰদান কৰে আৰু তেতিয়াৰ পৰা তেওঁ ভো. গিলবার্থ কে মাৰাক বুলি পৰিচিত হৈছিল। ১৯৭২ চনত খ্ৰীষ্টিয়ান লিটাৰেচাৰ ছোচাইটি অব ইণ্ডিয়ানৰ অনুৰোধমৰ্মে ইংৰাজী ভাষাৰ পবিত্ৰ বাইবেলখন আকৌ গাৰো ভাষালৈ অনুবাদ কৰিছিল। ৰেভা. গিলবার্থ কে মাৰাক কেৱল ঈশ্বৰ পৰায়ণ ব্যক্তিয়ে নহয়, তেওঁ সমূহীয়া শিক্ষাৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে সাহিত্য, কাব্য আদি চিন্তা-চৰ্চাৰ ক্ষেত্ৰত বৰঙণি যোগাইছিল। তেওঁ লিখা কবিতাসমূহ এইদৰে নামকৰণ কৰা হৈছিল—’আং গিসিক খু আনিং বিদল-১ আৰু বিদল-২’ আৰু তেওঁৰ লিখা প্ৰবন্ধসমূহৰ ভিতৰত ‘গাৰোহিলচ দ্যা আদাৰ ডেজার্ট’ এইখনেই অন্যতম আছিল। ২০০৭ চনত মেঘালয়ৰ পশ্চিম গাৰো পাহাৰ জিলাৰ প্ৰধান নগৰ তুৰাত ৰেভা. গিলবার্থ কে মাৰাকে ইহলীলা সম্বৰণ কৰে ।


সোনাৰাম ৰংকঘ্ৰে সাংমা

সোনাৰাম ৰংকল্পে সাংমা উত্তৰ-পূৱ গাৰো পাহাৰ আৰু গোৱালপাৰা জিলাৰ সীমান্তত অৱস্থিত নাছিৰংদিক নামৰ গাঁৱত ১৮৬৭ চনত জন্ম গ্ৰহণ কৰিছিল। তেওঁৰ পিতৃৰ নাম রাং গাবিল মোমিন আৰু মাতৃৰ নাম ছামৰে ৰংকণ্ডে সাংমা আছিল। নিশানগ্রামত প্রাথমিক শিক্ষা শেষ কৰি তেওঁ তুৰা মিচন স্কুলত ষষ্ঠ শ্ৰেণীলৈ পঢ়িছিল। সেই সময়ত গাৰো পাহাৰত ষষ্ঠ শ্ৰেণীৰ ওপৰত শ্ৰেণী থকা বিদ্যালয় অর্থাৎ উচ্চ মাধ্যমিক বিদ্যালয় কতো নাছিল। গতিকে সোনাৰামৰ শিক্ষা ষষ্ঠ শ্রেণীতে সমাপ্ত হৈছিল। তেওঁ আছিল সাহসী, আত্মবিশ্বাসী, আনক সেৱা কৰি ভাল পোৱা আৰু মৰম-চেনেহ থকা। তদুপৰি তেওঁৰ আটাইতকৈ ভাল গুণ আছিল পৰৰ নিন্দনীয় বাক্যবোৰ হেয়জ্ঞান কৰা, বিভিন্ন ধৰণৰ অন্যায়-অত্যাচাৰবোৰ সহ্য কৰিব পৰা বিধৰ গুণবোৰো সোনাৰামৰ আছিল। সোনাৰামে সদায় অত্যাচাৰ-উৎপীৰণৰ বিৰোধিতা কৰিছিল আৰু সেইবোৰ সমুলঞ্চে নিৰ্মূল কৰিবলৈ আপ্রাণ চেষ্টা চলাইছিল। সেই সময়ত বৃটিছ চৰকাৰে জনসাধাৰণৰ হতুৱাই বিনা মজুৰিৰে কাম কৰাইছিল। তদুপৰি পাহাৰৰ গছ- গছনি সংৰক্ষণৰ উদ্দেশ্যে গাৰো পাহাৰত থকা গাৰোসকলৰ ঝুম খেতি বন্ধ কৰিছিল। ব্ৰিটিছ চৰকাৰৰ এই কঠোৰ নীতিবোৰ তেওঁ সহ্য কৰিব নোৱাৰিছিল আৰু চৰকাৰৰ বিৰুদ্ধে প্রতিবাদ কৰিছিল। তেওঁ ব্ৰিটিছ চৰকাৰৰ ওচৰত শ্ৰমৰ বিনিময়ত গাঁৱৰ মানুহৰ পাৰিশ্রমিক দিবলৈ আৰু সংৰক্ষিত বনাঞ্চলসমূহ উঠাই ল’বলৈ দাবী জনাইছিল। ১৯১৬ চনৰ ২৭ আগষ্টত তেওঁ ইহলীলা সম্বৰণ কৰিছিল।

হাৱাৰ্ড ডেনিচন মোমিন

হাৱার্ড ডেনিচন মোমনিক ‘আধুনিক গাৰো সাহিত্যৰ জনক’ বুলি আখ্যা দিয়া হৈছিল। তেৱেঁই পোন প্রথমে ‘Achik ku-rang’ অর্থাৎ ‘গাৰো মানুহৰ মাত’ নামৰ গাৰো ভাষাৰ এখন আলোচনী প্ৰকাশ কৰিছিল। প্রথমাৱস্থাত শিক্ষকতাই তেওঁৰ জীৱিকাৰ মূল পথ আছিল। কিন্তু পিছৰ কালছোৱাত সামাজিক কামত ব্যস্ততাৰে জীৱন অতিবাহিত কৰিছিল। ১৯১৩ চনৰ ২০ ফেব্ৰুৱাৰীত মেঘালয়ৰ সৰু চহৰ তুৰাত হাৱাৰ্ড ডেনিচনৰ জন্ম হৈছিল। তেওঁৰ পিতৃ জবাং ডি মাৰাক আমেৰিকালৈ পঢ়িবলৈ যোৱা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল। জবাং ডিমাৰাক ১৯০৫ চনৰ পৰা ১৯১১ চনলৈকে আমেৰিকাৰ হাৱাৰ্ড বিশ্ববিদ্যালয়ৰ ‘ডেনিচন স্কুলত’ শিক্ষা লাভ কৰিছিল। তাৰে স্মৃতিস্বৰূপে তেওঁ নিজৰ জ্যেষ্ঠ পুত্ৰৰ নাম ‘হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিন’ বুলি ৰাখিছিল। ইয়াৰ অৰ্থ শিক্ষা আৰু ধৰ্মৰ উৎপত্তি। হাৰৱাৰ্ড ডেনিচন ডব্লিউ মোমিনে কলিকতাত পঢ়ি থকা অৱস্থাত তেওঁৰ নাম ‘হাৱাৰ্ড ডেনিচন মোমিন’ নামেৰে সলনি কৰিছিল। তেওঁৰ ন বছৰ বয়সত কলকাতাৰ সেণ্ট জেমচ ইংলিচ স্কুলত নাম ভৰ্তি কৰা হয়। এইখন স্কুলত পঢ়ি থকা সময়ছোৱাত হাৱাৰ্ড ডেনিচনৰ হাতে আঁকা ছবিখন লণ্ডনত অনুষ্ঠিত হোৱা একাদশ কমনৱেলথ একজিভিচনলৈ পঠিওৱা হৈছিল আৰু হারার্ড ডেনিচনে সম্মানজনক পুৰস্কাৰ লাভ কৰিছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ কলকাতাৰ প্ৰেছিডেন্সি কলেজৰ পৰা ১৯৩৪ চনত স্নাতক ডিগ্ৰী লাভ কৰে, ১৯৩৬ চনত ইংৰাজী সাহিত্য বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। ইংৰাজীত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা গাৰো সম্প্ৰদায়ৰ ভিতৰত প্ৰথমজন ব্যক্তি আছিল হাৱাৰ্ড ডেনিচন মোমিন। হাৱার্ড ডেনিচন মোমিনক তুৰাৰ শাসকীয় বিভাগত বিচাৰকৰ্তা নিযুক্তি দিয়া হৈছিল। ১৯৪০ চনত গুৱাহাটীৰ কটন কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তা হিচাপে যোগদান কৰিছিল। কটন কলেজত কৰ্মৰত অৱস্থাত কিছুসংখ্যক গাৰো ছাত্ৰ-ছাত্ৰীৰ সহযোগত তেওঁ ‘আছিক খুৰাং’ নামৰ আলোচনীখন প্ৰকাশ কৰিছিল। তেওঁ লিখা কবিতাসমূহৰ ভিতৰত ১৯৪১ চনত ‘গাৰো মাত বোল’, ‘NANGKO GISIK RAGENT (তোমালৈ মনত পৰিব), ‘DO. MA SKINI GIT’ (চাতকী চৰাইৰ গীত ), ‘SENGWAT (জোনাকী পৰুৱা), ‘ME.CHIK ARO TA MAKU’ (মাইকী আৰু তবাকু) আৰু ১৯৪২ চনত ‘BILSI GITAL (নতুন বছৰ) এইবোৰেই প্ৰধান আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত শৰণাৰ্থীসকলৰ সহায়ৰ বাবে তেওঁ মণিপুৰলৈ গৈছিল। ১৯৯০ চনৰ ২২ ফেব্ৰুৱাৰীত তুৰা চহৰত ৭৭ তম মৃত্যু বার্ষিকীত হাৱাৰ্ড ডেনিচন মোমিনলৈ স- সন্মানে ‘KA CHALANG’ (খা ছালাং) প্ৰদান কৰা হয় ।

প্রশ্নাৱলী

১। গাৰোসকলৰ উপ-জনগোষ্ঠীবোৰ কি কি?

২। গাৰো বসতিপ্রধান অঞ্চলবোৰ কি কি?

৩। গাৰোসকলৰ পূজা কৰা লোকক কি বুলি কোৱা হয় ?

৪। গাৰোসকল আদিতে কি ধৰ্মৰ আছিল আৰু পিছত কি ধৰ্ম গ্ৰহণ কৰিছিল ?

৫। গাৰোসকলৰ প্ৰধান বাদ্য-যন্ত্ৰসমূহ কি কি ?

৬। চমুটোকা লিখা :

(ক) ৰামখে ওৱাথ্ৰে মোমিন (খ) ৰেভা. গিলবার্থ কে মাৰাক

(গ) সোনাৰাম ৰংকগ্ৰে সাংমা (ঘ) হাৱাৰ্ড ডেনিচন মোমিন।