মানৱ ভূগোল
Chapter – 13
১। গ্ৰীকসকলৰ মতে ‘ভূ’ মানে কি ?
(ক) ঘূৰণীয়া
(খ) পৃথিৱী
(গ) অৰ্থনৈতিক
উত্তৰঃ (খ) পৃথিৱী।
২। ভূগোল বিষয়টোক প্ৰধানকৈ কেইভাগত ভগাব পাৰি ?
(ক) দুই
(খ) চাৰি
(গ) ছয়
উত্তৰঃ (ক) দুই।
৩। কিমান শতিকাৰ পৰা ভূগোল বিজ্ঞানী সকলে ভূগোলক এক সুকীয়া শাখা হিচাপে গণ্য় কৰে ?
(ক) ১৯ শতিকাৰ পৰা
(খ) ৭ শতিকাৰ পৰা
(গ) ২২ শতিকাৰ পৰা
উত্তৰঃ (ক) ১৯ শতিকাৰ পৰা।
৪। পৃথিৱীৰ বৰ্তমান জনসংখ্য়া কিমান ?
(ক) ৭০০ কোটি
(খ) ৯০০ কোটি
(গ) ১১০০ কোটি
উত্তৰঃ (ক) ৭০০ কোটি।
৫। মানুহে সৃষ্টি কৰা পৰিৱেশক কি বোলে ?
(ক) মানৱ সূষ্ট
(খ) প্ৰাকৃতিক
(গ) অৰ্থনৈতিক
উত্তৰঃ (ক) মানৱ সৃষ্ট।
৬। আমাৰ সাংস্কৃতিয়ে যি পৰিৱেশৰ সৃষ্টি কৰে তাক কি বোলে ?
(ক) মানৱ
(খ) প্ৰাকৃতিক
(গ) সাংস্কৃতিক
উত্তৰঃ (গ) সাংস্কৃতিক।
৭। কোনখন মহাদেশৰ জনসংখ্য় আটাইতকৈ কম ?
(ক) ইউৰোপ
(খ) ওচেনিয়া
(গ) আফ্ৰিকা
উত্তৰঃ (খ) ওচেনিয়া।
৮। প্ৰাকৃতিক পৰিৱেশত কিহৰ প্ৰভাৱ সৰ্বাধিক ?
(ক) বতাহ
(খ) জলবায়ু
(গ) তাপ
উত্তৰঃ (খ) জলবায়ু।
৯। ভাৰতৰ কোনখন ৰাজ্য়ই কৃত্তিম অৰণ্য় সৃষ্টি কৰিছিল ?
(ক) কলকাতা
(খ) পশ্চিমবংগ
(গ) কৰ্ণাটক
উত্তৰঃ (গ) কৰ্ণাটক।
১০। মানৱ ভূগোলৰ পিতৃস্বৰূপ কোন ?
(ক) আলেকজেণ্ডাৰ
(খ) ফ্ৰেডৰিখ ৰেট্জেল
(গ) লুই পেষ্ট
উত্তৰঃ (খ) ফ্ৰেডৰিখ ৰেট্জেল।
১১। মানুহ আৰু পৃথিৱীৰ মাজত থকা স্বাভাৱিক সম্পৰ্কই হ’ল ?
(ক) মানৱ ভূগোল
(খ) প্ৰাকৃতিক ভূগোল
(গ) অৰ্থনৈতিক ভূগোল
উত্তৰঃ (ক) মানৱ ভূগোল।
১২। তলৰ কোনখন মানুহে সৃষ্টি কৰা নহয় ?
(ক) আৱাসস্থলী
(খ) বিদ্য়ালয়
(গ) বায়ু
উত্তৰঃ (গ) বায়ু।
১৩। তলৰ কোনটো জনবায়ুৰ ওপৰত নিৰ্ভৰশীল নহয় ?
(ক) মাটি
(খ) বাসগৃহ আৰ্হি
(গ) ঘৰ-দুৱাৰৰ নিৰ্মাণ
উত্তৰঃ (ক) মাটি।
১৪। প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ কি প্ৰভাৱ পৰিছে ?
(ক) ইতিবাচক
(খ) নেতিবাচক
(গ) অৰ্থনৈতিক
উত্তৰঃ (খ) নেতিবাচক।
১৫। মৰুভূমি অঞ্চলত বাস কৰা বেদুইনসকলে কি পালন কৰি বাস কৰে ?
(ক) পশুপালন
(খ) খেতি
(গ) বেপাৰ
উত্তৰঃ (ক) পশুপালন।
Type By – Kishor Nath