Class 12 Political Science Chapter 6 Short Question Answer | Class 12 Political Science Chapter 6 আন্তর্জাতিক সংগঠনসমূহ Short Answer |

১। অতি চমু প্রশ্নোত্তৰ :

(ক) ‘এমনেষ্টি ইন্টাৰনেচনেল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ : ১৯৬১ চনত, লণ্ডণত ।

(খ) ‘হিউমেন ৰাইট বাচ্চ’ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰঃ ১৯৭৮ চনত ।

(গ) ‘হিউমেন ৰাইট বাচ্চ’ক পূৰ্বতে কি নামেৰে জনা গৈছিল ?

উত্তৰ : ‘হেলচিনকি ৱাচ্চ’ নামেৰে।

(ঘ) ‘হিউমেন ৰাইট ৱাচ্চ’ৰ মুখ্য কাৰ্যালয় ক’ত ?

উত্তৰ : নিউয়র্ক চহৰত ।

(ঙ) আন্তর্জাতিক পাৰমাণৱিক ইন্ধন এজেঞ্চি কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ ঃ ১৯৫৭ চনৰ ২৯ জুলাইত ।

(চ) ২০১১ চনত কোনদেশৰ পাৰমাণৱিক কেন্দ্ৰত বিষ্ফোৰণ ঘটি অসংখ্য মানুহৰ জীৱন নাশ হৈছিল ?

উত্তৰঃ জাপানত ।

(ছ) বিশ্ব বেংকৰ পৰা সৰ্বাধিক ঋণ গ্ৰহণ কৰা দুখন ৰাষ্ট্ৰৰ নাম লিখা ।

উত্তৰ : ভাৰত আৰু চীন ।

(জ) বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক’ত ?

উত্তৰ : চুইজাৰলেণ্ডৰ জেনেভাত ।

(ঝ) U. NO.- ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ: United Nations Organisation.

(ঞ) UNESCO-ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ: United Nations Educational Scien- tific and Cultural Organisation.

(ট) WTO-ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ : World Trade Organisation.

(ঠ) জাতিসংঘ কেতিয়া গঠিত হৈছিল ?

উত্তৰ : ১৯২০ চনত।

(ড) যুদ্ধতকৈ বকবকনি বেছিভাল’-কোনে কৈছিল?

উত্তৰ : উইনষ্টোন চার্চিল ।

(ঢ) ৰাষ্ট্ৰসংঘ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল ?

উত্তৰ : ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে

(ণ) ৰাষ্ট্ৰসংঘৰ প্ৰতিষ্ঠাৰ সময়ত ইয়াৰ চনদখনত কেইখন ৰাষ্ট্ৰই স্বাক্ষৰ কৰিছিল ?

উত্তৰ : ৫১ খন সদস্য ৰাষ্ট্ৰই ।।

(ত) IAEA-ৰ সম্পূৰ্ণ ৰূপ কি ?

উত্তৰ : International Atomic Energy Agency.

(ত) বৰ্তমান ৰাষ্ট্ৰসংঘত কিমান সদস্য ৰাষ্ট্ৰ আছে?

উত্তৰ ঃ ১৯২ খন ।।

(দ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত – স্থায়ী সদস্য আছে। (খালী ঠাই পূৰণ কৰা)।

উত্তৰ : ৫ খন ।

(ধ) ভেটো ক্ষমতাই কি বুজায় ?

উত্তৰ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষেত্ৰত ইয়াৰ স্থায়ী সদস্য ৰাষ্ট্ৰই বিৰোধিতা কৰিব পৰা ক্ষমতাকে ‘ভেটো ক্ষমতা’ বুলি কোৱা হয় ।

(ন) ৰাষ্ট্ৰসংঘৰ মূল উদ্দেশ্য কি ?

উত্তৰ : বিশ্ব শান্তি ৰক্ষা কৰা ।

(প) NGO সমূহৰ এটা দুৰ্বলতা লিখা ৷

উত্তৰ : NGO সমূহে নিজাববীয়াকৈ কোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে ।

(ফ) ৰাষ্ট্ৰসংঘৰ প্ৰথমগৰাকী সচিব প্রধান কোন আছিল?

উত্তৰ : নৰৱে’ৰ ট্রিগ্রভি লী।

(ব) কোনটো দিনত ৰাষ্ট্ৰসংঘ দিৱস পালন কৰা হয় ?

উত্তৰ : ২৪ অক্টোবৰ ।

(ভ) ৰাষ্ট্ৰসংঘলৈ বৃহৎ বৰঙণিদাতা দেশখনৰ নাম কি ?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ ।

(ম) কোন চনত ৰাষ্ট্ৰসংঘই শান্তি সৃষ্টিৰ পুঁজি গঠন কৰিছিল?

উত্তৰ : ২০০৬ চনত ।

(য) ৰাষ্ট্ৰসংঘৰ পৰিষদৰ প্ৰথমগৰাকী মহিলা অধ্যক্ষা কোন আছিল ?

উত্তৰঃ বিজয়লক্ষ্মী পণ্ডিত।

(ৰ) ‘বিগ থ্রি’ বুলিলে কাক কাক বুজায় ?

উত্তৰ : ৰুজভেল্ট, চার্চিল আৰু ষ্টেলিন।

(ল) ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ কার্যবাহীৰ নাম কি ?

উত্তৰ : সাধাৰণ পৰিষদ ।

(ৱ) শান্তি গঢ়া আয়োগ কেতিয়া গঠন কৰা হৈছিল ?

উত্তৰ: ২০০৫ চনত ।

(শ) এখন এককেন্দ্ৰিক বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসঙ্গিকতা কি ?

উত্তৰ : ৰাষ্ট্ৰসংঘই শান্তি আৰু নিৰাপত্তা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে ।

(স) ভাৰত কেতিয়া ৰাষ্ট্ৰসংঘৰ সদস্য হৈছিল ?

উত্তৰঃ ১৯৪৫ চনত ।

২। চমু প্রশ্নোত্তৰ ঃ

(ক) ৰাষ্ট্ৰসংঘৰ দুটা সংগঠনৰ নাম লিখা যি সামাজিক আৰু আৰ্থিক বিষয়ৰ লগত জড়িত ?

উত্তৰ : (১) অর্থনৈতিক আৰু সামাজিক পৰিষদ (২) আন্তর্জাতিক শ্রমিক সংস্থা।

(খ) নিৰস্ত্ৰীকৰণৰ ক্ষেত্ৰত ভাৰতৰ স্থিতি কি ?

উত্তৰ : ভাৰতে শান্তি আৰু অসিংহা নীতি-আদৰ্শৰ ওপৰত বিশ্বাসী। ইযিকোনো ধৰণৰ অস্ত্ৰ প্ৰয়োগত বিৰোধী । বিশ্বত এখন শান্তিপ্ৰিয় ৰাষ্ট্ৰ হিচাপে ই সদায় নিৰস্ত্ৰীকৰণৰ সপক্ষে মাত মাতি আহিছে।

(গ) নিৰাপত্তা পৰিষদৰ গাঁথনি সম্পর্কে লিখা ।

উত্তৰ : ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদ এক শক্তিশালী অঙ্গ। ইয়াত দুই প্ৰকাৰৰ সদস্য আছে। ৫ জন স্থায়ী আৰু ১০ জন অস্থায়ী সদস্যৰে এই পৰিষদ গঠিত।

(ঘ) আন্তঃজাতিক সংগঠনৰ প্ৰয়োজনীয়তা কি ?

উত্তৰঃ বিশ্বশান্তিৰক্ষা কৰা, যুদ্ধৰ সম্ভাৱনাক নাইকীয়া কৰা আৰু আন্তৰাষ্ট্ৰীয় বিৰোধমূলক বিষয়সমূহ আলাপ- আলোচনাৰ মাজেৰে সমাধান কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজন ।

(ঙ) ৰাষ্ট্ৰসংঘ এটি অতি ৰাষ্ট্ৰনে ? যুক্তি দিয়া।

উত্তৰ : ৰাষ্ট্ৰসংঘক এটি অতি ৰাষ্ট্ৰ বুলি ক’ব নোৱাৰি। ইয়াৰ কাৰণ হ’ল – ই কোনো সার্বভৌম অনুষ্ঠান নহয়। ই ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ ওপৰত কোনো সৰ্বভৌম ক্ষমতা বা কতৃত্ব প্ৰয়োগ কৰিব নোৱাৰে। এই সংগঠন ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ ইচ্ছা আৰু বুজাবুজিৰ জৰিয়তেহে গঢ়ি উঠিছে।

(চ) ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা ।

উত্তৰ ঃ আমেৰিকা, ৰাচিয়া, ইংলণ্ড, ফ্ৰান্স আৰু চীন ।

(ছ) নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলে ভোগ কৰা দুটা সুবিধা উল্লেখ কৰা ।

উত্তৰ ঃ (১) ৰাষ্ট্ৰসংঘৰ স্থায়ী সদস্য ৰাষ্ট্ৰসমূহে ভেটো f প্ৰয়োগৰ অধিকাৰ আছে। (২) ভেটো ক্ষমতা প্রয়োগ কৰি স্থায়ী সদস্য ৰাষ্ট্ৰই কোনো জৰুৰী সিদ্ধান্ত কার্যকৰী কৰাত বাধা আৰোপ কৰিব পাৰে ।

(জ) সমগ্ৰ বিশ্বত মানৱাধিকাৰ সুৰক্ষাৰ হকে কাম কৰা দুটা অনুষ্ঠানৰ নাম লিখা ।

উত্তৰ ঃ ‘এমনেষ্টি ইন্টাৰনেচনেল’আৰু ‘হিউমেন ৰাইট ৱাচ্চ’।

(ঝ) বর্তমান বিশ্বত আন্তঃর্জাতিক সংস্থা ৰাষ্ট্ৰসংঘৰ তাৎপর্য কি ?

উত্তৰঃ আন্তঃৰাষ্ট্ৰীয় বিবাদ আৰু বিৰোধমূলক বিষয়সমূহ আলাপ-আলোচনাৰ মাধ্যমেৰে সমাধান কৰি যুদ্ধৰ সম্ভাৱনাক নাইকীয়া কৰাত আৰু শান্তি বাহাল ৰখাত বর্তমান বিশ্বত ৰাষ্ট্ৰসংঘৰ প্ৰাসংঙ্গিকতা আৰু তাৎপর্য আছে।

৩। মজলীয়া উত্তৰৰ প্ৰশ্ন ঃ

(ক) এমনেষ্টি ইন্টাৰনেচনেলৰ কাৰ্যসমূহ লিখা ৷

উত্তৰ : ১৯৬১ চনত এমনেষ্টি ইন্টাৰনেচনেল গঠন হয়। ইয়াৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল – (১) মহিলা, শিশু, নাবালক আৰু স্থানীয় লোকৰ অধিকাৰ সুৰক্ষা দিয়া ।

(২) শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অৱসান ঘটোৱা ।

(৩) মৃত্যুদণ্ডৰ অৱসান ঘটোৱা ।

(৪) শৰণাৰ্থীৰ অধিকাৰ ৰক্ষণাবেক্ষণ দিয়া ৷

(৫) বন্ধীক অধিকাৰ প্ৰদান কৰা ।

(৬) মানৱ মৰ্যাদাৰ ৰক্ষণাবেক্ষণ দিয়া ।

(খ) নিৰাপত্তা পৰিষদৰ কাৰ্যাৱলী লিখা।

উত্তৰ : ৰাষ্ট্ৰসংঘৰ এক প্ৰধান অংগ হ’ল নিৰাপত্তা পৰিষদ। ইয়াৰ কাৰ্যাৱলী সমূহ হ’ল- —

(১) নিৰাপত্তা পৰিষদে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰৰ মাজত কোনো বিবাদ বা বিৰোধী বিষয়সম্পর্কে আলোচনা কৰিব পাৰে, তদন্ত কৰিব পাৰে আৰু এনে বিবাদৰ শান্তিপূর্ণ মীমাংসাৰ বাবে পৰামৰ্শ আগবঢ়াব পাৰে ৷

(২) স্থায়ী সদস্য ৰাষ্ট্ৰই ইয়াৰ ভেটো ক্ষমতাৰ প্ৰয়োগৰ দ্বাৰা পৰিষদে কোনো সিদ্ধান্ত লোৱাত বাধা প্ৰদান কৰিব পাৰে।

(৩) নিৰাপত্তা পৰিষদৰ নিৰ্বাচনী ক্ষমতাৰ দ্ধাৰা কোনো নতুন ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ সদস্য হিচাপে অন্তৰ্ভূক্ত কৰিবলৈ পৰামৰ্শ দিব পাৰে ।

(৪) কোনো সদস্য ৰাষ্ট্ৰক ৰাষ্ট্ৰসংঘৰ পৰা বহিষ্কাৰ কৰাৰ ক্ষেত্ৰত নিৰপত্তা পৰিষদৰ অনুমোদনৰ প্ৰয়োজন ।

(গ) নিৰাপত্তা পৰিষদত তুমি ভাৰতৰ স্থায়ী সসদস্য পদ বিচৰানে ? যুক্তিসহ উত্তৰ দিয়া ।

উত্তৰ : তলত দিয়া কাৰণসমূহৰ বাবে নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদ দাবী কৰাৰ যুক্তিযুক্ততা আছে। যেনে

– (১) ভাৰতবৰ্ষ বিশ্বৰ এক বৃহত্ত্বৰ গণতন্ত্ৰ আৰু ই গণতান্ত্রিক মূল্যবোধক স্বীকৃতি দিয়ে ।

(২) ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত দ্বিতীয় জনবহুল দেশ।

(৩) ৰাষ্ট্ৰসংঘৰ বছৰেকীয়া বাজেটত ভাৰতে নিয়মীয়াকৈ বঢ়ঙনি আগবঢ়ায়।

(৪) বর্তমান অর্থনৈতিক ক্ষেত্ৰত ভাৰত আগবঢ়া

। এচিয়াৰ ভিতৰত অৰ্থনৈতিক দিশত ইয়াৰ স্থান দ্বিতীয় । উক্ত কাৰণবোৰৰ বাবে আমি ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদ বিচৰাটো যুক্তিসংগত।

(ঘ) ৰাষ্ট্ৰসংঘ এটা নিখুঁত অত্যাৱশ্যকীয় আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে ? কাৰণ দৰ্শোৱা ৷

উত্তৰঃ দ্বিতীয় বিশ্ব যুদ্ধৰ অন্ত পৰাৰ লগে লগে বিশ্বত শান্তি আৰু শৃঙ্খলাৰ বাবে ৰাষ্ট্ৰসংঘৰ জন্ম হয়। তেতিয়াৰ পৰা ই বিশ্ব শান্তি স্থাপনত বিশেষ ভূমিকা গ্ৰহণ কৰি আছে। বিভিন্ন ৰাষ্ট্ৰসমূহৰ মাজত উদ্ভৱ হোৱা বিবাদসমূহৰ এক শান্তিপূর্ণ সমাধানৰ ক্ষেত্ৰত প্ৰতিষ্ঠানটোৱে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। তদুপৰি বিশ্বই এনে কিছুমান সমস্যা বা প্ৰত্যাহ্বানৰ সন্মুখীন হয় যি সমস্যাসমূহ সকলো ৰাষ্ট্ৰৰ সন্মিলিত প্রচেষ্টাৰ অবিহনে সম্ভৱ নহয়। এনে ক্ষেত্ৰত এই আন্তর্জাতিক সংগঠনে সকলো ৰাষ্ট্ৰৰ মাজত সহযোগিতা স্থাপনৰ চেষ্টা কৰে। উদাহৰণ স্বৰূপে কিছুমান বেমাৰ বিশ্বৰ বহুতো ৰাষ্ট্ৰৰ মিলিত শক্তিৰ সহযোগত ৰাষ্ট্ৰসংঘৰ উদ্যোগত সম্পূৰ্ণৰূপে নির্মূল হৈছে। সেয়ে ৰাষ্ট্ৰসংঘক এক নিখুঁত অত্যাৱশ্যকীয় আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি ক’ব পাৰি ।

(ঙ) বিশ্ব বেংকৰ ওপৰত এটি টোকা লিখা।

উত্তৰ ঃ দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰাৰ লগে লগে ১৯৪৫ চনত বিশ্ব বেংক গঠন কৰা হয়। ইয়াৰ প্ৰধান কাৰ্যাৱলীসমূহ হ’ল –

(১) বিশ্ব বেংকে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰলৈ 2 আন্তঃগাঁথনি উন্নয়নৰ বাবে ঋণ আৰু অনুদান আগবঢ়ায়।

(২) বিশ্ব বেংকে কৃষি, মানৱ সম্পদ, গ্ৰাম্য উন্নয়ন, পৰিবেশ সুৰক্ষা আদি বিভিন্ন দিশৰ বিকাশ আৰু উন্নয়নৰ বাবে কাম কৰে ।

(৩) আন্তর্জাতিক বাণিজ্যৰ ক্ষেত্ৰত দীৰ্ঘকালীন ভাৰসাম্য স্থাপনৰ বাবে ই আন্তর্জাতিক বিনিয়োগৰ ওপৰত গুৰুত্ব দিয়ে ।

(৪) ই ধন বিনিয়োগৰ, জৰিয়তে ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰসমূহ লৈ পুনর্গঠন আৰু উন্নয়নৰ হকে কাম কৰে।

(চ) শীতল যুদ্ধৰ পিছত বিশ্বত কি কি পৰিৱৰ্তনৰ সূচনা হৈছে।

উত্তৰ : শীতল যুদ্ধৰ পিছত অৰ্থাৎ ১৯৯১ চনৰ পিছত বিশ্বত ৰাজনৈতিক, সামৰিক, অৰ্থনৈতিক আদি বিভিন্ন দিশত বহুত পৰিৱৰ্তনৰ সূচনা হৈছে, যেনে –

(১) আমেৰিকা যুক্তৰাষ্ট্ৰ বিশ্বত অদ্বিতীয় শক্তি হিচাপে আবিৰ্ভাৱ হৈছে। (২) চীন অতি দ্রুত গতিত অর্থনৈতিক উন্নয়নৰ পিনে ধাবিত হৈছে। (৩) এছিয়াৰ অৰ্থনীতি অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

(৪) বিশ্বত উদাৰনৈতিক গণতন্ত্ৰৰ সম্প্ৰসাসৰণ হৈছে। নেপাল ভূটান আদি ৰাষ্ট্ৰত ৰাজতন্ত্ৰৰ অৱসান হৈছে।

(৫) সাম্যবাদী দেশ সমূহৰ মাজত আমেৰিকাৰ সহযোগিতা স্থাপন হৈছে।

৪। ৰচনাধর্মী প্রশ্নোত্তৰ :

(খ) শীতল যুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ কি কি পৰিৱৰ্তন হৈছে?

উত্তৰ : দ্বিতীয় বিশ্ব যুদ্ধৰ ধ্বংসলীলাৰ পৰা বিশ্বক পুনৰ সংস্থাপনৰ উদ্দেশ্যলৈ ৰাষ্ট্ৰসংঘৰ জন্ম হয়। ৰাষ্ট্ৰসংঘই যুদ্ধোত্তৰ যুগত বিশ্ব শান্তি প্ৰতিষ্ঠাৰ হকে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল। সেই সময়ত বিশ্বত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত শীতল যুদ্ধ আৰম্ভ হয়। কিন্তু ১৯৯১ চনত ছোভিয়েট ৰাছিয়াৰ ভাঙোন হোৱাত বিশ্বৰ ৰাজনীতিত এক পৰিৱৰ্তন আৰম্ভ হয়। ৰাষ্ট্ৰসংঘৰো দৃষ্টিভঙ্গীৰ পৰিৱৰ্তন হয়। শীতল যুদ্ধৰ অন্তত ৰাষ্ট্ৰসংঘই বিভিন্ন ধৰণৰ কাৰ্যপন্থা আৰু আঁচনি হাতত লয়। বিশেষকৈ বৃহৎ শক্তি গোষ্ঠীৰ আদৰ্শগত আৰু সামৰিক প্ৰতিযোগিতাৰ অন্ত পৰাৰ লগে লগে সমগ্ৰ বিশ্বতে নিৰস্ত্ৰীকৰণ নীতি অৱলম্বনৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয়। তদুপৰি সেই সময়ত বিশ্বৰ উমৈহতীয়া পুঁজি গঠন কৰা হয়। এই বৃহৎ উমৈহতীয়া পুঁজিৰ জৰিয়তে তৃতীয় বিশ্বৰ দেশবোৰক অর্থনৈতিক সাহায্য প্ৰদান কৰিবলৈ প্ৰয়াস কৰা হয়। ইয়াৰ উপৰিও বৃহৎ শক্তি গোষ্ঠীৰ আধিপত্যৰ অৱসান ঘটাবলৈ এছিয়া আৰু দক্ষিণ আফ্ৰিকাৰ দৰে সৰু-বৰ ৰাষ্ট্ৰই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হয়।

(ক) ৰাষ্ট্ৰসংঘৰ ন্যাসৰক্ষী পৰিষদৰ ওপৰত এটি টোকা লিখা ।

উত্তৰ ঃ ন্যাসৰক্ষী পৰিষদ ৰাষ্ট্ৰসংঘৰ এটি বিশেষ অঙ্গ । এই পৰিষদৰ ওপৰত ৰাষ্ট্ৰসংঘৰ চনদে কিছুমান অঞ্চলৰ প্রশাসন অৰ্জন কৰিছে। ইয়াৰ অধীনত পৰিচালিত অঞ্চলসমূহত অর্থনৈতিক, ৰাজনৈতিক, শিক্ষা-সংস্কৃতি আদি বিভিন্ন দিশত উন্নতি সাধন কৰাই ন্যাসৰক্ষী পৰিষদৰ প্ৰধান উদ্দেশ্য। ন্যাসক্ষী পৰিষদত তিনি শ্ৰেণীৰ সদস্য থাকে ৷ যেনে –

প্রথম, ন্যাস অঞ্চলসমূহৰ শাসনৰ দায়িত্বত থকা ৰাষ্ট্ৰবোৰ ৷

দ্বিতীয়, নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যৰাষ্ট্ৰবোৰ ।

তৃতীয়, সাধাৰণ সভাই নিৰ্বাচন কৰা সদস্যসকল। ন্যাসৰক্ষী পৰিষদৰ মূল কাম ন্যাসৰ দ্বাৰা শাসিত অঞ্চলৰ সৰ্বাঙ্গীন উন্নয়ন সাধন কৰা। কিন্তু ১৯৪৫ চনত আৰম্ভ কৰা এইন্যাস ব্যৱস্থাৰ অধীনত থকা ভালেকেইখন ৰাষ্ট্ৰই স্বাধীনতা লাভ কৰিছে। ১৯৯৪ চনত ন্যাসৰ অধীনত থকা পালান নামৰ ৰাষ্টখনে স্বাধীনতা লাভ কৰাৰ পিছত বৰ্তমান ন্যাসৰ অধীনত কোনো অঞ্চল নাই বুলিব পাৰি। ইয়াৰ গুৰুত্ব ক্ৰমান্বয়ে নাইকীয়া হৈ আহিছে। 000

Type By Suman Bora