Class 12 Political Science Chapter 1 Short Question Answer | Class 12 Political Science Chapter 1সমসাময়িক বিশ্ব ৰাজনীতি শীতল যুদ্ধ Short Answer |

১। অতি চমু প্রশ্নোত্তৰঃ

(ক) শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ : শীতল যুদ্ধ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৪ চনত আৰম্ভ হৈছিল।

(খ) ৱাৰ্শ্ব চুক্তি (Warsaw Pact) ৰ প্ৰধান কার্য কি আছিল ?

উত্তৰ: ৱাৰ্শ্ব চুক্তি (Warsaw Pact)ৰ প্ৰধান কাম আছিল NATO ক প্ৰতিৰোধ কৰা ৷

(গ) কিউবা সংকট (Cuba Crisis) কি ?

উত্তৰ : কিউবা সংকট (Cuba Crisis) হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্র কঢ়িয়াই নিয়াত বাধা দিয়াৰ ফলস্বৰূপে সৃষ্টি হোৱা মতানৈক্য ।

(ঘ) দুই মহাশক্তিৰ নাম লিখা ।

উত্তৰ : দুই মহাশক্তি হ’ল- পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়া ।

(ঙ) কোন চনত আমেৰিকাই জাপানৰ হিৰোশ্বিমা আৰু নাগাছাকিত আণৱিক বোমা নিক্ষেপ কৰিছিল ?

উত্তৰ : ১৯৪৫ চনত ।

(চ) CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নে ?

উত্তৰ : CENTO ৰ উদ্দেশ্য পৃথকীকৰণ নহয়। ইয়াৰ ‘উদ্দেশ্য হ’ল- স্বাধীন বৈদেশিক নীতি গ্রহণ কৰা আৰু শান্তিপূর্ণ ভাৱে সহাৱস্থান কৰা ।

(ছ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাপক কোন আছিল ?

উত্তৰ : যচিব ব্রুচ টিটু।

(জ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম সম্মিলন কেতিয়া অনুষ্ঠিত হয়?

উত্তৰ : ১৯৬১ চনত, বেলগ্রেডত।

(ঝ) ‘শীতল যুদ্ধ’ (Cold War) বুলিলে কি বুজা ?

উত্তৰ ঃ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত প্ৰধানকৈ দুই মহাশক্তি আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত বিশ্ব ৰাজনীতিত আধিপত্য স্থাপনক লৈ চলা প্ৰতিযোগিতা আৰু কুটনৈতিক অৰিয়া-অৰিক ‘শীতল যুদ্ধ’ বুলি কোৱা হয়।

(ঞ) শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ?

উত্তৰ : শীতল যুদ্ধ ১৯৪৫ চনত আৰম্ভ হয় আৰু ১৯৯১ চনত ইয়াৰ অন্ত পৰে।

(ট) NATO সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰ ঃ NATO সম্পূৰ্ণ ৰূপটো হ’ল – North At- lantic Treaty Organisation.

(ঠ) ৱাৰ্শ্ব চুক্তি (Warsaw Pact) বুলিলে কি বুজা ?

উত্তৰ : ৱাৰশ্ব চুক্তি (Warsaw Pact) হ’ল ১৯৫৫ চনত ছোভিয়েট ৰাছিয়াৰ নেত্বত্বত পোলেণ্ড, পূর্ব জার্মানী, হাঙ্গেৰী আৰু চেকশ্লোভাকিয়াকে ধৰি ৮ খন ৰাষ্ট্ৰই লগ হৈ NATO ক প্ৰত্যাহ্বান জনাবলৈ সম্পাদন কৰা এক সামৰিক চুক্তি।

‘(ড) NIEO ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰ : NIEO ৰ সম্পূৰ্ণ ৰূপটো হ’ল New In- ternational Economic Order.

(ঢ) CENTO ৰ সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰ : CENTO ৰ সম্পূৰ্ণ ৰূপটো হ’ল- Cen – tral Treaty Organisation.

(ণ) LOCS কি ?

উত্তৰ : LOCS মানে Line of Controls.

(ত) NAM সম্পূৰ্ণ ৰূপটো কি ?

উত্তৰ: Non-Aligned Movement.

(থ) LDCs কি ?

উত্তৰ : Least Developed Countries.

(দ) কোন চনত জাৰ্মানীৰ একত্ৰিকৰণ কৰা হয় ?

উত্তৰ : ১৯৯০ চনত ।

(ন) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম অধিবেশনত কেইখন সদস্য ৰাষ্ট্ৰ উপস্থিত আছিল ?

উত্তৰ : ২৫ খন ।

(প) গোষ্ঠী নিৰপেক্ষতা নির্লিপ্তবাদ নহয়, কিয়নো নির্লিপ্তবাদ মানে ঘটনাক্ৰমৰ পৰা আঁতৰি থকা বুজায়।’- কথাষাৰ সঁচানে ?

উত্তৰ : সঁচা ।

(ফ) দ্বিতীয় বিশ্ব যুদ্ধৰ সময়ত বোমা পৰা দুখন ঠাইৰ নাম লিখা ।

উত্তৰ : হিৰোশ্বিমা আৰু নাগাচাকি।

২। চমু প্রশ্নোত্তৰ :

(ক) NATO ৰাষ্ট্ৰসমূহৰ ঘোষণা-পত্ৰ কি ?

উত্তৰ : NATO ৰ সদস্য ৰাষ্ট্ৰসমূহে ঘোষণা পত্ৰত কৈছিল যে তেওঁলোকৰ কোনো সদস্য ৰাষ্ট্ৰক আন কোনো ৰাষ্ট্ৰই আক্ৰমণ কৰিলে তেওঁলোকে সামুহিকভাৱে সেই আক্রমণ প্রতিহত কৰিব।

(খ) প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন কত, কেতিয়া অনুষ্ঠিত হৈছিল ?

উত্তৰ : প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীর্ষ সন্মিলন বেলগ্রেডত ১৯৬১ চনৰ ১ ৰ পৰা ১৬ চেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল।

(গ) কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা ।

উত্তৰ : ছোভিয়েট ৰাছিয়া, হাংগেৰী আৰু পোলেণ্ড ৷

(ঘ) ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহ কি কি আছিল ?

উত্তৰ : পোলেণ্ড, হাংগেৰী, জার্মানী, বুলগেৰীয়া, আলবেনীয়া, চেকোশ্লোভেকিয়া

(ঙ) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথম অধিবেশন কেতিয়া অনুষ্ঠিতত হয় ?

উত্তৰ : ১৯৪৬ চনত ।

(চ) হিৰোশ্বিমা আৰু নাগাচাকিত পোলাৱা আণৱিক বোমা দুখনৰ নাম কি কি ?

উত্তৰ ঃ সৰু ল’ৰা (Little Boy) আৰু শকত ব্যক্তি (Fat Man)।

(ছ) দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে হৈছিল ?

উত্তৰ ঃ ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোশ্বিমা আৰু নাগাচাকি নামৰ দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰাৰ পাছত জাপানে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হয় । ইয়াৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পৰে ।

(জ) দুই মহাশক্তিৰ সৰু সৰু সহযোগীৰ প্ৰয়োজন। হৈছিল কিয় ?

উত্তৰ ঃ দুই মহাশক্তি অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ সৰু সৰু সহযোগী ৰাষ্ট্ৰৰ প্ৰয়োজন হোৱাৰ প্ৰধান কাৰণ হ’ল –

প্ৰথম, সৰু ৰাষ্ট্ৰ সমূহৰ লগত বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰি সেই ৰাষ্ট্ৰসমূহৰ পৰা সামৰিক বাহিনী সঞ্চালন কৰা ।

দ্বিতীয়, সৰু সৰু ৰাষ্ট্ৰসমূহৰ পৰা প্ৰাকৃতিক সম্পদ যেনে- খাৰুৱা তেল, খনিজ পদাৰ্থ আদি লাভ কৰা । তৃতীয়, সৰু সৰু ৰাষ্ট্ৰবোৰৰ সৈতে সামৰিক মিত্ৰতা স্থাপন কৰি পাৰস্পৰিক ৰাষ্ট্ৰবোৰৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰাত সুবিধা হোৱাৰ বাবে।

চতুর্থ, যুদ্ধৰ বাবে সামরিক ঘাটি স্থাপন কৰাৰ বাবে।

(জ) পশ্চিমীয়া মিত্র শক্তি আৰু প্ৰাচ্যৰ মিত্ৰ শক্তি মানে কি ?

উত্তৰ: পশ্চিমৰ (ইউৰোপৰ) সকলো ৰাষ্ট্ৰই আমেৰিকাৰ জোঁটত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পাশ্চাত্য মিত্র শক্তি আৰু ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পূৱৰ দেশসমূহৰ জোঁটক প্রাচ্য মিত্র জোঁট বুলি কোৱা হয়।

(ঞ) দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম কি ?

উত্তৰ : দুই মহাশক্তি অর্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াই স্বাক্ষৰিত কৰা অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখন হ’ল – এক, আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰোধকাৰী চুক্তি (Nuclear Non-Proliferation Treaty) i দুই, সীমিতভাৱে আণবিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকরণ চুক্তি (Limited Test Ban Treaty) ।

(ট) দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰশক্তি আৰু অক্ষীয় শক্তি বুলিলে কি বুজা ?

উত্তৰ ঃ দ্বিতীয় বিশ্ব যুদ্ধৰ মিত্ৰশক্তি বুলিলে আমৰিকা, বৃটেইন, ফ্রান্স, ছোভিয়েট ৰাছিয়া আদি ৰাষ্ট্ৰসমূহৰ জোঁটক বুজায়। আনহাতে, অক্ষীয় শক্তি বুলিলে জাপান, ইটালী আৰু জার্মানীক বুজায়।

৩। মজলীয়া প্রশ্নোত্তৰঃ

(ক) গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নিৰ্মাতাৰ নাম লিখা ।

উত্তৰ : গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ চাৰিগৰাকী নির্মাতাৰ নাম হ’ল – জৱাহৰলাল নেহৰু, করঅমি নকৰুমা, যচিপ ব্রুগ টিটু, আবদেল নাচেৰ আৰু সুকান্ত ।

(খ) শীতল যুদ্ধ কিয় এক শীতল যুদ্ধ হৈ থাকিল আৰু ইকিয় উত্তপ্ত যুদ্ধ হোৱাগৈ নাছিল ?

উত্তৰ : দ্বিতীয় মহাযুদ্ধৰ পিছত আমেৰিকা আৰু ছোভিয়েট ৰাছিয়া দুই মহাশক্তি হিচাপে আত্মপ্রকাশ কৰে। দুয়োখন দেশেই আণৱিক শক্তি সমৃদ্ধ দেশ আছিল। আৰু দুয়োখন দেশেই বিশ্বৰ ৰাজনীতিত প্রভাৱ খটুৱাব বিচাৰিছিল। দুয়োখন দেশ যদিও সামৰিক আৰু আণৱিক শক্তিত প্রতিদ্বন্দ্বী আছিল তথাপি সিহঁতে সমুখ সমত লিপ্ত হ’ব বিচৰা নাছিল । কাৰণ সিহঁতে বুজি পাইছিল যে এনে দুই শক্তিৰ মাজত যুদ্ধ হ’লে দুয়োখন দেশৰে ক্ষয়-ক্ষতি যথেষ্ট হ’ব। সেয়ে সিহঁতে সশস্ত্র সংঘর্ষৰ আশ্ৰয় নলৈ শীতল হিচাপেই থাকিল আৰু ই কোনা দিনেই উত্তপ্ত নহ’ল অৰ্থাৎ যুদ্ধত লিপ্ত নহ’ল।

(গ) কিউবাৰ ক্ষেপণাস্ত্র (Cuba Missile Crisis) সংকট মানে কি ?

উত্তৰঃ ১৯৬১ চনত ােভিয়েট ৰাছিয়াই আশংকা কৰিছিল সূযে পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকাই কিউবা আক্ৰমণ কৰিব পাবে। কাৰণ কিউবা আছিল ছোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰ। সেই সময়ত কিউবা আছিল সাম্যবাদী আদৰ্শৰ ৰাষ্ট্ৰ। সেয়ে সাম্যবাদী ৰাষ্ট্ৰৰ সমৰ্থক হিচাপে কিউবাক ৰক্ষণাবেক্ষণৰ দায়িত্ব ৰাছিয়াই পালন কৰিবলৈ সচেষ্ট হৈছিল। সেইবাবে ৰাছিয়াই কিউবাত সামৰিক ভেটি সুদৃঢ় কৰিবলৈ ১৯৬২ চনত এক আণবিক ক্ষেপণাস্ত্র স্থাপন কৰিছিল। ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেডিয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ক্রুশ্বেভক কিউবাৰ পৰা আণৱিক ক্ষেপণাস্ত্ৰ আতঁৰাই নিবলৈ সকিয়াই দি কেনেডিয়ে কিউবা অভিমুখী যিকোনো বহু জাহাজক বাধা দিবলৈ আমেৰিকাৰ যুদ্ধ জাহাজবোৰক নির্দেশ দিছিল। ফলত এক সংঘর্ষ অনিবার্য যেন হৈ পৰিছিল। ইয়াকেই কিউবাৰ আণৱিক সংকট (Cuba Missile Crisis) বুলি কোৱা হয়।

(ঙ) শীতল যুদ্ধ (Cold War) উদ্ভৱ হোৱাৰ চাৰিটা কাৰণ উল্লেখ কৰা ।

উত্তৰ: শীতল যুদ্ধ (Cold War) উদ্ভৱ হোৱাৰ চাৰিটা কাৰণ হ’ল –

এক, আমেৰিকাত কমিউনিষ্ট কার্যকলাপ বৃদ্ধি।

দুই, শান্তিচুক্তি সংক্ৰান্তত আমেৰিকা আৰু ৰাছিয়াৰ মাজত মত পার্থক্য।

তিনি, আণৱিক অস্ত্র নির্মাণত প্রতিযোগিতা।

চাৰি, বিশ্ব ৰাজনীতিত প্ৰভাৱ বিস্তাৰ কৰা ।

৪। ৰচনাধর্মী প্রশ্নোত্তৰ :

(ক) ‘নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃঙ্খলা’ (New International Economic Order) ৰ ওপৰত এটি টোকা লিখা।

উত্তৰ : গোষ্ঠী নিৰপেক্ষ আন্দোলনত অংশগ্ৰহণকাৰী দেশবোৰৰ অধিকাংশই ‘অনুন্নত দেশ’আখ্যা পাইছিল। সেই দেশবোৰৰ সমুখত মুখ্য প্ৰত্যাহ্বান আছিল অর্থনৈতকি বিকাশ সাধন কৰা। নতুন দেশসমূহৰ স্বাধীনতা পোৱাৰ বাবেও আর্থিক বিকাশ অনিবার্য আছিল। এই উপলব্ধিৰ পৰাই নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃঙ্খলা'(New International Economic Order) ধাৰণাৰ জন্ম হৈছিল।

১৯৭২ চনত সংযুক্ত ৰাষ্ট্ৰসংঘৰ বাণিজ্য আৰু বিকাশ সম্বন্ধীয় সন্মিলনত Towards a New Trade Poli – cies for Development নামৰ এক প্ৰতিবেদন প্রস্তুত কৰা হয়। এই প্ৰতিবেদনত বিশ্ব বাণিজ্য প্রথাৰ সংস্কাৰৰ প্ৰস্তাৱ লোৱা হয় যাৰ দ্বাৰা –

(১) উন্নত পশ্চিমীয়া দেশবোৰে শোষণ কৰি থকা প্ৰাকৃতিক সম্পদসমূহ অনুন্নত দেশবিলাকৰ অধীনলৈ অনা হ’ব বুলি কোৱা হয়।

(২) অনুন্নত দেশবোৰে পশ্চিমীয়া বজাৰত নিজৰ ডৎপাদিত সামগ্ৰীসমূহ বিক্ৰি কৰিব পাৰিব ।

(৩) পশ্চিমীয়া দেশৰ পৰা আমদানিকৃত প্ৰযুক্তিৰ খৰচ কমিব।

(৪) আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক অনুষ্ঠানসমূহত অনুন্নত দেশবোৰৰ গুৰুত্ব বাঢ়িব।

এইদৰে ক্ৰমান্বয়ে গোষ্ঠী নিৰপেক্ষতাৰ প্ৰকৃতিৰ সলনি হয় আৰু অৰ্থনৈতিক বিষয়ৰ ওপৰত অধিক গুৰুত্ব দিয়া হয় ।

(খ) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলাফলসমূহ = চমুকৈ আলোচনা কৰা ।

উত্তৰ : ১৯৯১ চনত ছোভিয়েট ইউনিয়নৰ ভাঙোন হয়। ইয়াৰ ফলাফলবোৰ তলত আলোচনা কৰা হ’ল-

(১) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ ফলশ্ৰুতিত বিশ্বত শীতল যুদ্ধৰ অন্ত পৰে। দুই বিশ্ব- আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ৰাছিয়াৰ আদৰ্শগত সংঘাতৰ অন্ত পৰে আৰু বিশ্বত শাস্তিৰ বাতাবৰণ সৃষ্টি হোৱাৰ পথত অগ্ৰসৰ হয় ।

(২) ছোভিয়েট ইউনিয়নৰ ভাঙোনৰ পিছত বহুত নতুন নতুন স্বাধীন ৰাষ্ট্ৰৰ সৃষ্টি হ’ল।

(৩) বিশ্বই তৃতীয় এখন বিশ্ব যুদ্ধ হোৱাৰ আশংকাৰ পৰা মুক্ত হ’ল।

(৪) চীন আৰু ভাৰতে বিশ্ব দৰবাৰত গুৰুত্ব পোৱা আৰম্ভ কৰিলে।

(গ) শীতল যুদ্ধৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা ।

উত্তৰ : দ্বিতীয় মহাসমৰৰ পিছত আমেৰিকা আৰু ৰাছিয়াৰ পৰস্পৰবিৰোধী মিত্ৰ জোঁটসমূহৰ মাজত শীতল যুদ্ধৰ উদ্ভৱ হয় আৰু বিভিন্ন সময়ত ই গুৰুতৰ ৰূপ ধাৰণ কৰে যদিও শেষলৈ শীতল যুদ্ধৰ অৱসান ঘটিছিল। ইয়াৰ কাৰণসমূহ হ’ল-

এক, দুয়োটা গোষ্ঠীয়েই বৈদেশিক নীতিৰ ক্ষেত্ৰত নমনীয় স্থিতি গ্ৰহণ কৰিছিল। ফলত যুদ্ধৰ পৰিবেশ শাম কাটিছিল।

দুই, দুয়োটা শক্তিয়েই আণৱিক শক্তিৰ ভয়াবহতাৰ বিষয়ে উপলব্ধি কৰিছিল ফলত সিহঁতে অতি সহজেই যুদ্ধৰ মুখামুখি হ’বলৈ নিবিচাৰিছিল।

তিনি, সাম্যবাদী আদর্শ গ্ৰহণ কৰা দেশবোৰৰ মাজত সৃষ্টি হোৱা মতভেদৰ বাবেও শীতল যুদ্ধৰ অৱণতি ঘটিছিল।

চাৰি, দুয়োটা গোষ্ঠীৰ মাজত বুজাবুজি আৰু আত্ম উপলব্ধিৰ বাবেও এই যুদ্ধৰ অৱসানত অৰিহণা যোগাইছিল ।

পাঁচ, গোষ্ঠী নিৰপেক্ষবাদীয়ে গা কৰি উঠাৰ ফলত এই শীতল যুদ্ধ ক্রমান্বয়ে শাম কাটিছিল।

ছয়, যুদ্ধৰ বিপক্ষে বিশ্ব জনমত গঢ়ি উঠাও এই যুদ্ধৰ অৱনতিৰ আন এক কাৰণ ৷

(ঘ) শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতৰ ভূমিকা আলোচনা কৰা।

উত্তৰ : শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ভাৰতবৰ্ষই পৰস্পৰ বিৰোধী মহাশক্তি দুটাৰ পৰা আতঁৰত থাকিবলৈ ভাল পাইছিল। ৰাষ্ট্ৰীয় নিৰাপত্তাৰ খাতিৰত ভাৰতে সক্ৰিয় নীতি গ্ৰহণ কৰিছিল আৰু সকলো আন্তর্জাতিক সমস্যার শান্তিপূর্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল। ভাৰতে যিকোনো ধৰণৰ সামৰিক চুক্তিত যোগদান কৰাৰ পৰা নিজকে বিৰত ৰাখিছিল। ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ উদ্যোক্তা হিচাপে আন আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত নিজৰ আচৰণৰ জৰিয়তে শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল। এনেদৰে শীতল যুদ্ধৰ, সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ०00

Type By Suman Bora