Class 12 Geography Assamese Medium Question Answer Solution | HS 2nd Year Geography GU Assamese Medium Question Answer Solution | Chapter 9 | নৱম অধ্যায় | ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ | প্ৰশ্ন উত্তৰ |

নৱম অধ্যায়

ভাৰতৰ পাৰিপাৰ্শ্বিক আন্দোলন আৰু 

অসমৰ পাৰিপাৰ্শ্বিক পৰিৱৰ্তনসমূহ

অনুশীলনীঃ

১। ক) প্ৰাচীন কালত এজন আৰ্য্যই শেষ বয়সত পালন কৰা সময়ছোৱাক কি বুলি কোৱা হয়।

উত্তৰঃ 

খ) অসমৰ প্ৰাচীনতম নাম কি?

উত্তৰঃ অসমৰ প্ৰাচীনতন নাম– প্ৰাকজ্যোতিষ আৰু কামৰূপ বুলি জনা গৈছিল।

গ) ফৰেষ্ট শব্দটো ক’ৰ পৰা উদ্ভৱ হৈছে?

উত্তৰঃ ফৰেষ্ট (Forest) শব্দটো লেটিনভাষাৰ শব্দ ‘Forist’ ৰ পৰা উদ্ভৱ হৈছে। ইয়াৰ অৰ্থ হল- বাহিৰ, সাধাৰণতে গাঁও এলেকাৰ এমূৰীয়া ঠাইত, সকলো প্ৰকাৰৰ আবাদী আৰু অবসতিপূৰ্ণ ভূমি ভাগকেই বন শব্দটোৱে সামগ্ৰিকভাৱে সামৰি লৈছে।

ঘ) কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ থকা ভাৰতৰ প্ৰথম গৰাকী বন বিষয়া কোন?

উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰত উল্লেখ থকা ভাৰতৰ প্ৰথম গৰাকী বন বিষয়া জনৰ নাম-কোপাধ্যক্ষ

ঙ) ভাৰতত কেতিয়া বন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ভাৰতত ১৮৫৫ চনত বন বিভাগ প্ৰতিষ্ঠা কৰা হৈছিল।

চ) ব্ৰিটিছ সকলে বনজ সম্পদৰ ওপৰত ধাৰ্য কৰা এবিধ কৰৰ নাম উল্লেখ কৰা।

উত্তৰঃ ব্ৰিটিছ সকলে বনজ সম্পদৰ ওপৰত ধাৰ্য কৰা এবিধ কৰৰ নাম- গড়খাটি (কাঠ)।

ছ) ব্ৰিটিছ সকলে বনজ ব্যাপক হাৰত অসমত ৰোপন কৰা তিনিবিধ বিশেষ গছ কি কি আছিল?

উত্তৰঃ ব্ৰিটিছ সকলে বনজ ব্যাপক হাৰত অসমত ৰোপন কৰা তিনিবিধ গছ হৈছে-(১)ৰবৰ, (২) ভাৰতীয় ৰবৰ গছ আৰু (৩) টিক।

জ) কাজিৰঙা সংৰক্ষিত বনাঞ্চল কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল?

উত্তৰঃ ১ জুন ১৯০৮ চনতকাজিৰঙা সংৰক্ষিত বনাঞ্চলব্ৰিটিছ ৰাজত্বকালত প্ৰতিষ্ঠা কৰা হৈছিল ।

ঝ) স্বাধীনোত্তৰ কালত কোন কোন বছৰত অসমত বৃহৎ ভূমিকম্প হৈছিল?

উত্তৰঃ স্বাধীনোত্তৰ কালত ১৯৪৯, ১৯৫০ আৰু ১৯৮৮ চনত অসমত বৃহৎ ভূমিকম্প হৈছিল।

ঞ) হাতী সম্পৰ্কীয় তথ্য সম্বলিত অসমৰ প্ৰথমখন পুথিৰ নাম কি?

উত্তৰঃ হাতী সম্পৰ্কীয় তথ্য সম্বলিত অসমৰ প্ৰথমখন পুথিৰ নাম- হস্তিবিদ্যাৰ্ণৱ।

চ) আহোমৰ শাসন কালত নিয়োজিত হোৱা দুজন বন বিষয়াৰ নাম উল্লেখ কৰা।

উত্তৰঃ আহোমৰ শাসন কালত নিয়োজিত হোৱা দুজন বন বিষয়াৰ নাম- হাবিয়াল বৰুৱা আৰু কাঠবৰুৱা।

২। অসমৰ ৰজা ভগদত্তক কি বুলি কোৱা হৈছিল?

উত্তৰঃ অসমৰ ৰজা ভগদত্ত শৈলাল্য (পৰ্বতৰ বাসিন্দা) বুলি কোৱা হৈছিল।

৩। কালিকা পুৰাণত বৰ্ণিত অসমৰ প্ৰাকৃতিক পৰিসীমাটো কি আছিল?

উত্তৰঃ কালিকা পুৰাণত বৰ্ণিত অসমৰ প্ৰাকৃতিক পৰিসীমাটো হৈছে- কৰতোৱা নদীখন অসমৰ আটাইতকৈ পুৰণি প্ৰাকৃতিক ভৌগোলিক পৰিসীমা বুলি কালিকা পূৰাণত উল্লেখ আছে।

৪। ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্য্য কিমান?

উত্তৰঃ ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্য্য হৈছে ২৮৯৭ কিলোমিটাৰ।

৫। অসমৰ মাটিৰ তিনিটা প্ৰধান ভাগ কি কি?

উত্তৰঃ অসমৰ মাটিৰ তিনিটা প্ৰধান ভাগ হৈছে- 

(i) প্ৰথম শ্ৰেণীটোৱে পাহাৰীয়া আৰু পাহাৰ এলেকা সামৰি লৈছে।

(ii) দ্বিতীয় শ্ৰেণীটোৱে ব্ৰহ্মপুত্ৰ উপত্যকাৰ অন্তৰ্গত সমতলভূমি আৰু ইয়াৰ সংলগ্ন এলেকা অৱস্থিত।(iii) তৃতীয় ভাগৰ ভূমিভাগৰ পলসুৱা বুলি কোৱা হয়।

৬। অসমৰ ভূমি ব্যৱস্থাপনা সম্পৰ্কে উল্লেখ কৰা দুজন ইংৰাজ লেখকৰ নাম উল্লেখ কৰা।

উত্তৰঃ অসমৰ ভূমি ব্যৱস্থাপনা সম্পৰ্কে উল্লেখ কৰা দুজন ইংৰাজ লেখকৰ নাম- কেপ্তেইন ৱেলছ আৰু ফ্ৰান্সিছ জেনকিন্স।

৭। কিমান পৰিমাণৰ মাটি আহোমসকলে ধৰ্মীয় অনুষ্ঠানৰ কাৰণে কৰবিহীন কৰি ৰাখিছিল? এই তথ্য সম্পৰ্কে কোনে উল্লেখ কৰিছিল?

উত্তৰঃ  ৭,৭৫,৪৬৮ পুৰা মাটি আহোমসকলে ধৰ্মীয় অনুষ্ঠানৰ কাৰণে কৰবিহীন কৰি ৰাখিছিল।

৮। অসমত কেতিয়া আৰু কোন ঠাইত প্ৰথমে চাহ উৎপন্ন হৈছিল?

উত্তৰঃ   ১৮২৩ চনত উজনি অসমত প্ৰথমে চাহ উত্‍পন্ন হৈছিল।

৯। অসমৰ প্ৰাচীন প্ৰাকৃতিক বিভাগ কেইটা –

ক) এটা     খ) দুটা    গ) তিনিটা    ঘ) চাৰিটা।

উত্তৰঃ ঘ) চাৰিটা।

১০। Silent spring নামৰ গ্ৰন্থখনৰ লেখক কোন?

ক) ৰাছেল কাৰৰ্চন    খ) মাধৱ গেডগিল    গ) অৰুন্ধতি ৰয়    ঘ) মেধা পাটেকাৰ

উত্তৰঃ ক) ৰাছেল কাৰৰ্চন।

১১। গ্ৰীষ্ম আৰু শীতকালত গড়ে সৰ্বাধিক আৰু সৰ্বনিম্ন তাপমাত্ৰা কিমান হয়?

উত্তৰঃ গ্ৰীষ্মকালত সৰ্বাধিক ৩৫॰-৩৭.৮॰ ছেলছিয়াছ আৰু শীতকালত ৬.১॰ – ৭.৭॰ ছেলছিয়াছ পৰ্যন্ত নামি আহে।

১২। ১৮৬৫ চনৰ ভাৰতীয় বন আইনৰ মূল উদ্দেশ্য দুটা কি কি?

উত্তৰঃ ১৮৬৫ চনৰ ভাৰতীয় বন আইনৰ মূল উদ্দেশ্য দুটা হৈছে-

(ক) বনজ সম্পদৰ ওপৰত ৰাষ্ট্ৰৰ একক নিয়ন্ত্ৰণ সাব্যস্ত কৰা।(খ) ভাৰতীয় বনাঞ্চলৰ ওপৰত ব্ৰিটিছ প্ৰশাসনৰ সাৰ্বভৌম অধিকাৰ সাব্যস্ত কৰা।

১৩। পৰৱৰ্তী উপনিবেশিক কালত অসমৰ পৰিবেশ সম্পৰ্কে এটা বিৱৰণ আগবঢ়োৱা।

উত্তৰঃ  ভৌগোলিক অৱস্থিতি, দুৰ্বল আৰ্থ-সামাজিক পৰেৱেশ, পৰিৱেশ আৰু জলবায়ুৰ সঘন পৰিৱৰ্তনৰ ফলত অসম এখন অতিশয় বিপদসংকুল ৰাজ্য হিচাপে পৰিগণিত হৈছে। বছৰি বছৰি অহা বানপানী আৰু মাজে মাজে সৃষ্টি হোৱা অনাহূত খৰাং পৰিস্থিতিৰ বাবে ৰাজ্যখনৰ জলবায়ু আৰু সামগ্ৰিকভাৱে বতৰৰো ব্যাপক পৰিৱৰ্তন ঘটা দেখিবলৈ পোৱা যায়। ৰাজ্যিক পৰিৱেশ পৰিৱৰ্তন ব্যৱস্থাপক সমিতিৰ এক প্ৰতিবেদনত অসমৰ তাপমাত্ৰাৰ বাৰ্ষিক গড় বৃদ্ধি ০.৫৯০ ছেলছিয়াছ (১৯৫১-২০১০) পৰ্যন্ত বৃদ্ধি হৈছে।

        অসমৰ পাৰিপাৰ্শ্বিকতাৰ পৰিৱৰ্তনৰ গুৰুত্বপূৰ্ণ কাৰণসমূহ হ’ল কৃষিক্ষেত্ৰৰ ওপৰত উত্‍পাদনৰ বাবে তীব্ৰতা বৃদ্ধি, ব্যাপত উদ্যোগীকৰণ আৰু শক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ স্বৰাজোত্তৰ কালৰ অসমৰ পাৰিপাশ্বিকতাৰ পৰিৱৰ্তনৰ ভিতৰত ঘাইকৈ উজনি অসমত ঘটা সামগ্ৰিক ৰূপৰ পৰিৱৰ্তনসমূহ বিশেষভাৱে মন কৰিবলগীয়া। দ্ৰুতগতিত বন জংঘল ধ্বংস হোৱাৰ পৰিণতিত একালৰ জৈৱ-বৈচিত্ৰ্যৰে সমৃদ্ধ নাতিশীলতোষ্ণ, সেমেকা পলসুৱা বনভূমি আৰু ক্ৰান্তীয় সেউজীয়া নিম্নভূমিৰ অৰণ্যৰে আবৃত অঞ্চলটোলৈ তীব্ৰ সংকট আহি পৰিছে। জলবায়ু পৰিৱৰ্তনে প্ৰাকৃতিক দুৰ্যোগৰ সৃষ্টি কৰে।

১৪। কি কি প্ৰধান কাৰণত ভাৰতত বন বিভাগ সংস্থাপন কৰা হৈছিল?

উত্তৰঃ  উপনিৱেশিক কালছোৱাত ভাৰতত বনজ সম্পদসমূহৰ সংৰক্ষণৰ বাবে গুৰুত্ব দিয়াতকৈ সেই সম্পদৰাজিৰ শোষণ আৰু ধ্বংস কাৰ্যকহে অধিক পৰিমাণে অগ্ৰাধিকাৰ দিয়া হৈছিল। উন্নয়নৰ স্বাৰ্থত যধে-মধে বৃহত্‍ পৰিমাণৰ প্ৰাকৃতিক সম্পদৰ ধ্বংস কাৰ্য চলোৱা হৈছিল। বিশেষকৈ ১৮৫৫ চনৰ পৰা ভাৰতত ব্যাপক হাৰত ৰেতল লাইন সংস্থাপন আৰু সম্প্ৰসাৰণৰ কাম আৰম্ভ হোৱাত ইয়াৰ বাবে প্ৰয়োজন হোৱা বিশাল পৰিমাণৰ কাঠৰ শ্লিপাৰ সংগ্ৰহৰ অৰ্থে যধে-মধে শ শ বিঘা বিশাল অৰণ্যৰ পৰা কাঠ সংগ্ৰহ কৰা হৈছিল। প্ৰয়োজনীয় ইন্ধনৰ বাবেও বন ধ্বংস কৰা হৈছিল। বিশেষকৈ উপনিৱেশিক শাসনৰ কালছোৱাত বিদেশী প্ৰশাসন যন্ত্ৰৰোৱে যাতায়াত, গৃহ নিৰ্মাণৰ বাবে পৰ্যাপ্ত পৰিমাণে প্ৰয়োজন হোৱা কাঠৰ চাহিদা পূৰণ কৰিবলৈ যিকোনো ব্যৱস্থাই গ্ৰহণ কৰিছিল।    উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰত সুকীয়াকৈ বন বিভাগ এটা স্থাপিত কৰা হৈছিল।

১৫ অসমত ব্ৰিটিছ প্ৰশাসনে প্ৰৱৰ্তন কৰা বন পৰিচালনা আঁচনি সম্পৰ্কত এটা টোকা লিখা।

উত্তৰঃ কৃষি সম্প্ৰসাৰণ প্ৰক্ৰিয়াটোৰ লগতে ব্ৰিটিছ শাসনৰ বৰ্দ্ধিত অৰ্থনৈতিক স্বাৰ্থ পূৰণৰ বাবে বন সংৰক্ষণৰ সু-পৰিকল্পিত নীতি নিৰ্দ্ধাৰণৰ প্ৰয়োজনো আহি পৰে।

       উপনিৱেশিক কালৰ ব্ৰিটিছ প্ৰশাসনে অসমৰ বনজ সম্পদৰ ভিতৰত প্ৰধানকৈ তিনিধৰণৰ কৰ আৰোপ কৰে। কৰকেইবিধ হৈছে- কাঠৰ বাবে আৰোপ কৰা ‘গড়খাটি’, ইকৰা-খাগৰিৰ বাবে ‘বাংকুৰ’ আৰু চাৰণ ভূমিৰ বাবে আৰোপ কৰা ‘খাচুৰি’।

       অসমৰ ব্ৰিটিছ আয়ুক্ত মেজৰ হপকিনছন চাহাবে ১৮৫৯ চনত প্ৰথমবাৰৰ বাবে ব্ৰিটিছ শাসিত এলেকাত বিস্তৃত হৈ থকা বিশাল অজৰীপকৃত বনাঞ্চলসমূহৰ বিষয়ে বিভিন্ন জিলাত নিয়োজিত হৈ থকা ৰাজহবিষয়াসকলক এক প্ৰতিবেদন যুগুত কৰিবলৈ আদেশ জাৰি কৰিছিল। অসমত বন সংৰক্ষণ কৰাৰ বাবে কিছু পৰিকল্পিত নীতি নিৰ্দ্ধাৰণ কৰাটো জৰুৰী হৈ পৰিছিল। আৰু সেই অনুৰূপে আইনসমূহ প্ৰযোজ্য কৰিছিল।

         সংৰক্ষিত বনাঞ্চলসমূহ চৰকাৰে নিজাববীয়াকৈ পৰিচালনা কৰিছিল আৰু মুক্ত বনাঞ্চলসমূহৰ অন্তৰ্গত কিছু সংখ্যক সুৰক্ষিত গছৰ সুৰক্ষাৰ বাবে স্থানীয় প্ৰশাসনক চৰকাৰে কিছু নীতি নিৰ্দেশনা জাৰি কৰিছিল। ব্যাপক হাৰত বন ধ্বংস ৰোধ কৰিবলৈ তিনি বিধ বিশেষ গছ ৰোপনৰ বাবে ব্ৰিটিছ চৰকাৰে নীতি নিৰ্দ্দেশনা জাৰি কৰি আঁচনি গ্ৰহণ কৰিছিল। সেই কেইবিধ হৈছে- ‘টিক’, ‘ৰবৰ’ আৰু ‘ভাৰতীয় ৰবৰ গছ’।

১৬। পৰৱৰ্তী উপনিবেশিক কালত অসমৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণকেইটা উল্লেখ কৰা।

উত্তৰঃ পৰৱৰ্তী ঔপনিবেশিক কালত অসমৰ জলবায়ু পৰিৱৰ্তনৰ মূল কাৰণসমূহ হ’ল-(ক) কৃষিক্ষেত্ৰৰ ওপৰত উত্‍পাদনৰ বাবে তীব্ৰতা বৃদ্ধি।
(খ) ব্যাপক উদ্যোগীকৰণ।
(গ) শক্তিৰ ক্ৰমবৰ্ধমান ব্যৱহাৰ।
(ঘ) দ্ৰুগতিত বন-জংঘল ধ্বংস।

১৭। ভাৰতৰ পৰিবেশ আন্দোলনৰ বিষয়ে এটা বিৱৰণী প্ৰস্তুত কৰা।

উত্তৰঃ  ভাৰতৰ পৰিবেশ আন্দোলনৰ বিষয়ে তলত আলোচনা কৰা হ’ল-

(i) বিষ্ণয় আন্দোলনঃ- প্ৰাকৃতিক পৰম্পৰাগতভাৱে উপাসনা কৰি অহা বিষ্ণয় জনগোষ্ঠীৰ লোকসকলে উত্তৰ ভাৰতৰ থৰ মৰুভূমিৰ দক্ষিণে বসতি কৰিছিল। তেওঁলোকৰ বসতি এলেকাত ঘটা ব্যাপক বন ধ্বংসৰ বিৰুদ্ধে ১৭৩১ খ্ৰীঃত এই আ্দোলনটো সূচনা কৰিছিল সুন্বাজী নামৰ এগৰাকী পৰিৱেশ কৰ্মীয়ে।

(ii) চিপকো আন্দোলনঃ- ১৯৭২ চনত উত্তৰাখণ্ডৰ চামলি জিলাৰ গোপেশ্বৰ নামে ঠাইত ব্যাপক হাৰত ঘটি থকা বন ধ্বংস কাৰ্য ৰোধ কৰিবলৈ সেই অঞ্চলৰ প্ৰধানকৈ সচেতন মহিলাসকলে প্ৰতিজোপা গছেই সাবটি ধৰি ৰক্ষা কৰিছিল।

(iii) এপিক’ আন্দোলনঃ- ১৯৮৩ চনত পাণ্ডুৰাজ গেড়ে নামৰ এগৰাকী বিশিষ্ট পৰিৱেশকৰ্মীয়ে এই সেউজ আন্দোলনটো আৰম্ভ কৰিছিল।

(iv) নীৰৱ উপত্যকা আন্দোলনঃ- জৈৱ-বৈচিত্ৰ্যৰ দিশৰ পৰা অতিকৈ চহকী কেৰালাৰ এই চিৰহৰিত্‍ বন এলেকাটোত ১৯৭৩ চনত প্ৰস্তাৱিক এটা জলবিদ্যুত্‍ প্ৰকল্প প্ৰতিষ্ঠাৰ জৰিয়তে ধ্বংস কাৰ্য চলোৱাৰ বিপক্ষে স্থানীয় লোক আৰু পৰিৱেশকৰ্মীসকল একত্ৰিতহৈ ব্যাপক প্ৰতিবাদ আৰম্ভ কৰিছিল।

(v) জংঘল বাচাও আন্দোলনঃ- ১৯৮২ চনত পূৰ্বৰ বংগ প্ৰেচিডেন্সীৰ অন্তৰ্গত ঝাৰখণ্ডৰ সিংভূম জিলাৰপৰিৱেশপন্থী আৰু প্ৰাকৃতিপ্ৰেমীসকলে চৰকাৰৰ ভুল বন নীতিৰ বাবে এই প্ৰতিবাদী আন্দোলন আৰম্ভ কৰিছিল।

(vi) নৰ্মদা বাচাও আন্দোলনঃ- প্ৰকৃতিলৈ গুৰুতৰভাৱে ভাবুকি কঢ়িয়াই ১৯৮৫ চনত গুজৰাটৰ নৰ্মদা নদীৰ ওপৰত বৃহত্‍ নদীবান্ধ তৈয়াৰ কৰাৰ প্ৰতিবাদত পৰিৱেশ ৰক্ষাকাৰী আৰু প্ৰাকৃতিপ্ৰেমী স্থানীয় ৰাইজে মিলি আন্দোলন আৰম্ভ কৰিছিল।

১৮। অসমত অতীজৰ পৰা উপলব্ধ প্ৰধান  বনস্পতিসমূহ কি কি?

উত্তৰঃ অসমত অতীজৰ পৰা উপলব্ধ প্ৰধান বনস্পতিসমূহ হৈছে- শাল, খৈয়ৰ, শিশু, গমাৰি, সোণাৰু, চাম, বনচোম, মজ, শিমলু, হলক ইত্যাদি।

১৯। চমুটোকা লিখাঃ

ক) কাজিৰঙা ৰাষ্ট্ৰী উদ্যান 

উত্তৰঃ ব্ৰিটিছ ৰাজত্বকালত প্ৰতিষ্ঠা লাভ কৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে বৰ্তমান গোলাঘাট জিলাৰ একাংশ আৰু নগাওঁ জিলাৰ একাংশ সামৰি লৈছে। ইয়াৰ মাটিকালিৰ পৰিমাণ ৪৩০ বৰ্গ কিলোমিটাৰ। অসমত সম্প্ৰতি ১৮ খন সংৰক্ষিত বনাঞ্চলৰ মাজেৰে ব্ৰিটিছকালত প্ৰতিষ্ঠা কৰা পশ্চিম অসমৰ মানস অভ্যাৰণ্য অন্যতম। উল্লেখযোগ্য যে মানসক সমপ্ৰতি ‘ইউনেস্ক হেৰিটেজ ক্ষেত্ৰ’ বুলি স্বীকৃতি দিয়া হৈছে।

খ) মাজুলী   

উত্তৰঃ মধ্যযুগৰ বহুতো তথ্যত অসমখনক তিনিটা ভৌগলিক ক্ষেত্ৰত ভাগ কৰা দেখা যায়। ব্ৰহ্মপুত্ৰৰ উত্তৰে উত্তৰ কূল, দক্ষিণে দক্ষিণ কূল আৰু মাজত মাজুলী। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ কৰ্মভূমি মাজুলী সৃষ্টিৰ আদি কালৰে পৰা এখন একাষৰীয়া, জলপ্লাৱিত আৰু নানান শ্ৰেণীৰ গছ-গছনি আৰু জীৱ-জন্তুৰে ভৰা নিৰিবিলি ঠাই আছিল। ড. ডম্বৰুধৰ নাথৰ মতে, মাজুলীৰ এই নিৰিবিলি পৰিৱেশ, পাৰিপাৰ্শ্বকতাৰ কাৰণেহে আহোম স্বৰ্গদেউ সকলে ইয়াত বহুতো সত্ৰ প্ৰতিষ্ঠা কৰিছিল।

 গ) বনধ্বংস

উত্তৰঃ উজনি অসমৰ একালৰ বিশাল ক্ৰান্তীয় সেউজ বনাবৃত এলেকা আজি ক্ৰমাত্‍ পাৰিপাৰ্শ্বিকতাৰ পৰিবৰ্তনৰ ফলত সংকুচিত হৈ পৰিছে। অতীজতে বিশাল অৰণ্যভূমি অৱক্ষয়ৰ প্ৰধান কাৰণ ‘ঝুম’ খেতি আৰু ইয়াৰ ক্ৰমাগত প্ৰসাৰতা বুলি গণ্য কৰা হৈছিল। অসমৰ সামগ্ৰিক আৱহাৱা আৰু পাৰিপাৰ্শ্বিকতাৰ ওপৰত ক্ৰমাত্‍ সংকুচিতহৈ অহা বনাঞ্চল বিৰূপ প্ৰভাৱ পেলাইছিল। ইয়াৰ ফলত অনিয়মীয়া বৰষুণ, তাপমাত্ৰাৰ অস্বাভাৱিক বৃদ্ধি আৰু মৌচুমী বায়ুৰ অভাৱত বৃষ্টিছায়া এলেকাৰ সৃষ্টি হোৱাৰ লগতে বহু ঠাই আকৌ মৰুভূমিৰ দৰে আৰ্দ্ৰ আৰু শুষ্ক হৈ উঠিছে। চৰকাৰী উন্নয়নমূলক আঁচনিসমূহ ৰূপায়নৰ বাবে প্ৰয়োজন হোৱা কাঠৰ বাবে চোৰাং কাঠবেপাৰী আৰু ঠিকাদাৰে অবিশ্বাস্য হাৰত বন আৰু পাহাৰ ধ্বংস কাৰ্য চলাই যোৱাৰ পৰিণতিতে হস্তীকূললৈও বিশেষ সংকট আহিছে।

        খনিজ সম্পদৰ সন্ধানত উপনিবেশিক কালৰে পৰা উজনি অসমত প্ৰকৃতিৰ ওপৰত অবাধ ধ্বংস লীলা চলোৱা হৈছিল। উজনি অসমত কয়লাখনি অঞ্চলত মুক্তভাৱে চলা মাইনিং বিস্ফোৰণৰ (open Cast Mining) ফলত প্ৰাকৃতিক সম্পদৰ লগতে বন্যপ্ৰাণীৰো ব্যাপক ক্ষতি সাধন হৈছে। পাহাৰীয়া অঞ্চল বিলাকত প্ৰাকৃতিক ভাৱে সৃষ্টি বিশাল বন-জংঘল কাটি ধ্বংস কৰি, জুইলগাই বাৰে বাৰে পৰিস্কাৰ কৰি এই কৃষিকাৰ্ষ কৰা হৈছিল। পূৰ্বতে এই খেতিৰ বাবে এটা দীঘলীয়া চক্ৰবত্‍ প্ৰক্ৰীয়া আছিল, য’ত একো একোটা অঞ্চলত দীঘলীয়া বিৰতিৰ পিছত মাটিডৰা ‘ঝুম’ খেতিৰ বাবে উপযোগী কৰি তোলা হৈছিল।

২০।  আহোম যুগৰ বনবিষয়া সকলৰ বিষয়ে এটা টোকা লিখা।

উত্তৰঃ আহোম ৰাজত্বকালত ৰজাঘৰৰ হাতীক চোৱা-চিতা কৰিবলৈ ‘হাতীবৰুৱা’ নামেৰে এটি বিশেষ পদৰ সৃষ্টি কৰা হৈছিল। ৰজাৰ আস্তাবলত থকা বিভিন্ন প্ৰজাতিৰ ঘোঁৰাবোৰ চোৱা-চিতা কৰাৰ বাবে নিয়োজিত বিষয়াজনক ‘ঘোঁৰাবৰুৱা’ বোলা হৈছিল। এনে একোজন ঘোঁৰাবৰুৱাৰ অধীনত ৫০টাকৈ ঘোঁৰা ৰখা হৈছিল। ৰাজপ্ৰাসাদকে ধৰি বিভিন্ন ধৰণৰ গৃহাদি নিৰ্মাণৰ বাবে উত্‍কৃষ্ট মানদণ্ডৰ বহু পৰিমাণৰ কাঠৰ প্ৰয়োজন হৈছিল। আহোম সচিবালয়ে এই বিষয়টো চোৱা-চিতা কৰিবৰ বাবে সেয়েহে ‘কাঠবৰুৱা’ নামেৰে এগৰাকী বিশেষ বিষয়াক নিযুক্ত কৰিছিল। বন আৰু বনজ সম্পদ চোৱা-চিতা কৰাৰ লগতে ইয়াৰ পৰা আহৰণ কৰিবলগীয়া ৰাজহৰ তদাৰকৰ বাবে ‘হাবিয়াল বৰুৱা’ নামৰ এজন বিষয়াক নিযুক্তি দিয়া হৈছিল।

২১। অসমৰ প্ৰকৃতিৰ সুৰক্ষাৰ বাবে কাম কৰি থকা সংস্থাৰ কাৰ্যাৱলীৰ বিষয়ে এটি টোকা লিখা।

উত্তৰঃ অসমৰ পাৰিপাৰ্শ্বিক সুৰক্ষা আৰু এই বিষয়ে সজাগতাৰ বাবে দীৰ্ঘদিন ধৰি কাম কৰি অহা, বেচৰকাৰী পৰ্যায়ৰ সংস্থাসমূহৰ সংখ্যা প্ৰায় দুশ। চেন্টাৰ ফৰ ইনভাইৰনমেন্ট এডুকেশ্যন, নৰ্থ ইষ্ট (Centre for Environment Education, NE) সংক্ষেপে CEE-NE ৰ মতে ১৫২ টা এনে সংস্থাই অসমত পৰিৱেশ সুৰক্ষাৰ বাবে গঢ়ি উঠা অসমৰ প্ৰথমটো বেচৰকাৰী সংস্থা কাজিৰঙা ৱাইল্ড লাইফ ছ’চাইটি। ঊনবিংশ শতিকাৰ ষষ্ঠ দশকত প্ৰতিষ্ঠা লাভ কৰা প্ৰথমটো এনে সংগঠণৰ মূল উদ্দেশ্য আছিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্ৰাণীৰ নিৰাপত্তা নিশ্চিত কৰা আৰু পৰিৱেশ সুৰক্ষাৰ বাব সজাগতা বৃদ্ধি কৰা। বিশ্ব প্ৰকৃতি নিধিৰ (WWE) তথ্য মতে অসমত ৬৬ টা এনে বেচৰকাৰী পৰ্যায়ৰ সংস্থাই কাম কৰি আহিছে। সেই সমূহৰ ভিতৰত প্ৰধান উল্লেখনীয় সংস্থা কেইটা হ’ল-নেছাৰচ্ বেকন (Natures’ Beckon), ১৯৮২

চেন্টাৰ ফৰ এন্‌ভাইৰনমেন্ট এডুকেশ্যন, নৰ্থ ইষ্ট (Centre for Environment Education, North-East) (CEE-NE), ১৯৮৪

আৰণ্যক বাৰ্ড্চ্ (Early Birds), ১৯৯২

নেচাৰচ্ ফ’ষ্টাৰ (Natures’ Foster), ১৯৯৫

এড্ এন্ (Ed-En), ২০০০

এন্ভাইৰন্ (Environ), ২০০৩

Author: Pompi Hazarika