সপ্তম অধ্যায়
অসমৰ জনসংখ্যাৰ বিস্ফোৰণ আৰু বিদেশী নাগৰিক প্ৰসঙ্গ
অনুশীলনীঃ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
১। (ক) আভ্যন্তৰীণ প্ৰব্ৰজন আৰু আন্তৰাষ্ট্ৰীয় প্ৰব্ৰজনৰ মাজত কি পাৰ্থক্য আছে?
উত্তৰঃ প্ৰব্ৰজন মানে হ’ল খাদ্য, বস্ত্ৰ, বাসস্থান আৰু নিৰাপত্তাৰ সন্ধানত অথবা বানপানী, দুৰ্ভিক্ষ, মাৰি-মৰক, ভূমিকম্প আদিৰ দৰে প্ৰাকৃতিক দুৰ্য্যোগৰ পৰা পৰিত্ৰাণ পাবলৈ নাইবা যুদ্ধ-বিগ্ৰহ, সাম্প্ৰদায়িক-ধৰ্মীয় সংঘৰ্ষৰ পৰা নিৰাপত্তা বিচাৰি তথা উন্নত জীৱন ধাৰণৰ সুবিধা বিচাৰি এখন ঠাইৰ পৰা আন এখন ঠাইলৈ হোৱা মানুহৰ আগমণ বা নিৰ্গমন। মানৱ সভ্যতাৰ বিকাশৰ লগত জন-প্ৰব্ৰজনৰ এৰাব নোৱাৰা সম্পৰ্ক আছে। আন কথাত মানৱ সভ্যতাৰ বিকাশ আৰু জন প্ৰব্ৰজন যেন একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি। প্ৰব্ৰজন দুই ধৰণৰঃ আন্তৰাজ্যিক প্ৰব্ৰজন আৰু আন্তৰাষ্ট্ৰীয় প্ৰব্ৰজন।
একেখন দেশৰ কোনো অঞ্চলৰ পৰা আন এক অঞ্চললৈ আহি বসবাস কৰিব লোৱা সকল আন্তৰাজ্যিক বা আভ্যন্তৰীণ প্ৰব্ৰজন বুলি কোৱা হয়। আনহাতে কোনো এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ হোৱা প্ৰব্ৰজনক আন্তৰাষ্ট্ৰীয় প্ৰব্ৰজন বোলা হয়। আন্তৰাষ্ট্ৰীয় প্ৰব্ৰজন আকৌ দুই ধৰণে হ’ব পাৰে- বৈধ আৰু অবৈধ। যিসকল প্ৰব্ৰজনকাৰীয়ে প্ৰয়োজনীয় নথি-পত্ৰ লৈ এখন দেশৰ পৰা আহি আন এখন দেশত থিতাপি লয়, তেনে লোকক বৈধ প্ৰব্ৰজনকাৰী বোলা হয়। আনহাতে নিজ দেশৰ তীব্ৰ অৰ্থনৈতিক সংকট, যুদ্ধ-বিগ্ৰহ, সামাজিক, ধৰ্মীয়, সাম্প্ৰদায়িক সংঘাত-সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বহুলোকে চুবুৰীয়া বা আন দেশলৈ প্ৰয়োজনীয় নথি-পত্ৰ নোহোৱাকৈয়ে বিভিন্ন চোৰাং পন্থা অৱলম্বন কৰি প্ৰব্ৰজন কৰে। তাকৈ অবৈধ প্ৰব্ৰজনকাৰী বুলি কোৱা হয়।
(খ) শৰণাৰ্থী আৰু অনুপ্ৰৱেশকাৰী কাক বোলে?
উত্তৰঃ যিবোৰ লোকে নিজৰ দেশৰ পৰা অন্য দেশলৈ স্বইচ্ছাই অথবা ধৰ্মীয় অসহনশীলতাৰ বলি হৈ আহে, তেওঁলোকক শৰণাৰ্থী বুলি কোৱা হয়।
আনহাতে, নিজ দেশৰ তীব্ৰ অৰ্থনৈতিক সংকট, যুদ্ধ-বিগ্ৰহ, সামাজিক-ধৰ্মীয়, সাম্প্ৰদায়িক সংঘাত- সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ বহুলোকে চুবুৰীয়া বা আন দেশলৈ প্ৰয়োজনীয় নথি পত্ৰ নোহোৱালৈকে বিভিন্ন চোৰাং পন্থা অৱলম্বন কৰি প্ৰব্ৰজন কৰে। এনে লোকক অনুপ্ৰৱেশকাৰী বোলে।
(গ) কোনখন আইনৰ যোগেদি কোনো বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে?
উত্তৰঃ ‘ভাৰতীয় নাগৰিকত্ব আইন, ১৯৫৫’ আইনৰ যোগেদি কোনো বিদেশীয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব পাৰে।
(ঘ) অসমৰ কোনজন ৰজাই উৰিষ্যাৰ কোন মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাই দিছিল?
উত্তৰঃ স্বৰ্গদেউ চুহুংমুঙে (খ্ৰীঃ ১৪৯৭-১৫৯৩) উৰিষ্যাৰ জগন্নাথ মন্দিৰৰ ব্যৱহাৰৰ বাবে পুখুৰী খন্দাই দিছিল।
(ঙ) অসমত চাহ গছৰ আৱিষ্কাৰ কোন চনত, কোনে কৰিছিল?
উত্তৰঃ অসমত চাহ গছৰ আৱিষ্কাৰ ১৯৩৭ চনত ৰবাৰ্ট ব্ৰুচে কৰিছিল।
২। চাহ গছৰ আৱিষ্কাৰ আৰু চাহ বাগিচা স্থাপনৰ লগত অসমলৈ হোৱা জনপ্ৰব্ৰজনৰ এক চমু আলোচনা কৰা।
উত্তৰঃ বহিৰাগত সকলৰ অসম আগমণ চলি থকাৰ সময়তে ৰবাৰ্ট ব্ৰুচে অসমত চাহ-গছৰ আৱিষ্কাৰ কৰে আৰু চি.এ.ব্ৰুচে পৰিকল্পিতভাবে চাহ খেতি প্ৰথমবাৰৰ বাবে আৰম্ভ কৰে। ইংৰাজ চৰকাৰে চাহ খেতিয়ক সকলৰ বাবে নাম মাত্ৰ খাজানাৰ বিনিময়ত হেজাৰ হেজাৰ বিঘা মাটি আবন্টন দিবলৈ ধৰিলে। অতি কম সময়ৰ ভিতৰতে বহুতো চাহ বাগিচা গঢ়ি উঠিল। এই চাহ বাগিচা বিলাকৰ বনুৱাৰ প্ৰয়োজন পূৰাব পৰাকৈ অসমৰ থলুৱা জনসংখ্যা সৰহ নাছিল। তদুপৰি পূৰ্বৰ মোৱামৰীয়া বিদ্ৰোহ, মানৰ আক্ৰমণ, ইংৰাজ আৰু ব্ৰহ্মদেশৰ মাজত হোৱা যুদ্ধ বিগ্ৰহ, কলেৰা-মহামাৰী আদি বিভিন্ন বেমাৰ-আজাৰত পৰি প্ৰায় উচন হোৱা অসমত যি কম সংখ্যক জনসংখ্যা আছিল তেওঁলোকেও চাহ বাগিচা বিলাকত কাম কৰিবলৈ ইচ্ছুক নাছিল।
আনফালে বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ, হিমাচল প্ৰদেশ আৰু দক্ষিণ ভাৰতৰ অন্যান্য ৰাজ্যবোৰত কৃষি উপযোগী মাটি বৃদ্ধি কৰি ৰাজহ বঢ়োৱাৰ উদ্দেশ্যে সেই ৰাজ্যবোৰৰ বনাঞ্চল সমূহত বাস কৰা জনজাতি সকলৰ পৰম্পৰাগত অধিকাৰ সমূহ কাঢ়ি লবলৈ ইংৰাজ চৰকাৰে বহুতো ব্যৱস্থা গ্ৰহণ কৰিছিল। সেয়ে উক্ত অঞ্চল সমূহৰ বাসিন্দা চাওতাল, কোল, মুণ্ডা, কুৰ্মী, ভূমিজ আদি জনগোষ্ঠী সমূহে ইংৰাজ প্ৰশাসনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল।
চি.এ.ব্ৰুচ চাহাবে অসমত উৎপাদিত চাহৰ প্ৰথম বাৰটা বাকচ ১৮৩৭ চনত লণ্ডনলৈ পঠিয়াইছিল। তাত কৰা পৰীক্ষাত দেখা গৈছিল যে অসমৰ চাহ চীনৰ চাহৰ সৈতে একে মানৰ। অসমত চাহ খেতিৰ উজ্জ্বল ভৱিষ্যতৰ উমান পাই এচাম ভাৰতীয় আৰু ইউৰোপীয় ব্যৱসায়ীয়ে লগ হৈ পাঁচ লাখ পাউণ্ড আৰম্ভণি মূলধনেৰে ‘আসাম টি কোম্পানী’ গঠন কৰে। এই কোম্পানীৰ দৰে গঠিত আন আন কোম্পানীবোৰকো অসমৰ পতিত মাটি সমূহ আবন্টন দিয়াবলৈ ১৮৩৮ চনৰ অনাবাদী মাটি আবন্টন নিৰ্দেশনা অনুসৰি (Waste Land Grant Rule, 1838) ভাৰত চৰকাৰে স্থানীয় প্ৰশাসনক নিৰ্দ্দেশ দিয়ে। আবন্টন দিয়াৰ অন্যতম স্বৰ্ত্ত আছিল যে কোম্পানী সমূহে অনাবাদী মাটি সমূহ কৃষি উপযোগী কৰি তুলিব লাগিব; যাতে তাৰ পৰা পিছলৈ চৰকাৰে ৰাজহ সংগ্ৰহ কৰিব পাৰে। ১৮৫৮-৫৯ চনত এইদৰে চাহ কোম্পানীবোৰে আবন্টন পোৱা মাটিৰ পৰিমাণ আছিল ৫৯৮৬০ একৰ। ইয়াৰ বিপৰীতে চাহ খেতি কৰা মাটিৰ পৰিমাণ আছিল মাত্ৰ ৭৫৯৯ একৰহে। অৰ্থাৎ চৰকাৰে ভবা মতে ভূমি ৰাজহ বৃদ্ধি নাপালে।
কোনো কোনো গৱেষকে এইদৰেও দাবী কৰে যে এখন বিশেষ চুক্তি যোগে ১৮৩৩ চনত পুৰন্দৰ সিংহক উজনি অসমৰ শাসনৰ দায়িত্ব দিয়াৰ পিছতো নিৰ্দ্দিষ্টকৈ ধাৰ্য্য কৰা কৰ আদায় দিব নোৱাৰাৰ অজুহাতত ১৮৩৮ চনত ইংৰাজে পুৰন্দৰ সিংহক পদচ্যুত কৰাৰ আঁৰত ইংৰাজৰ চাহ খেতিৰ স্বাৰ্থ লুকাই আছিল। পুৰন্দৰৰ অধীনত থাকিলে ক্ৰমে বাঢ়ি অহা চাহ-বাগিচা বোৰৰ বাবে প্ৰয়োজনীয় মাটি আবন্টন দিয়াত অসুবিধা হোৱাৰ আশংকাত ইংৰাজে উজনি অসমো দখল কৰি লৈছিল আৰপ পূৰ্বে উল্লেখ কৰা নিৰ্দ্দেশনা অনুসৰি হেজাৰ হেজাৰ বিঘা বাসিন্দা সকলকো মাটি আবন্টন দিয়াৰ বিভিন্ন আঁচনি গ্ৰহণ কৰিছিল, যাতে ভূমি ৰাজহ বৃদ্ধি পায়।
অসমত চাহ বনুৱাৰ আগমণঃ পূৰ্বে উনুকিওৱা হৈছে যে অসমত চাহ খেতিৰ বিস্তাৰ কৰি তাৰ পৰা আৰ্জিত কৰেৰে ৰাজকোষ টনকিয়াল কৰিবলৈ ইংৰাজ চৰকাৰে সকলো ব্যৱস্থা হাতত লৈছিল। The Waste Land Grant Rule, 1838 ; The Old Assam Rules 1838; The Waste Land Grant Rule 1854; আৰু The Fee Simple Grant, 1861 আদি ভূমি আইন প্ৰণয়ন কৰি চাহ কোম্পানী সমূহক সাৰুৱা ওখ ভূমি সমূহ আবন্টন দিছিল।
কোনো এটা উদ্যোগ গঢ়ি উঠিবলৈ হ’লে কমেও চাৰিটা স্বৰ্ত্ত পূৰণ হবই লাগিব; –
(১) ভূমি (২) মূলধন (৩) শ্ৰমিক আৰু (৪) সংগঠন।
ভাৰতীয় আৰু ইউৰোপীয় চাহ খেতিয়ক সকলৰ মূলধনৰ অভাৱ নাছিল। ভূমিৰ সমস্যাও ঔপনিবেশিক চৰকাৰে সমাধান কৰাৰ বাবে ওপৰোক্ত ভূমি আইন সমূহ প্ৰণয়ন কৰিলে। ইউৰোপীয় আৰু ভাৰতীয় চাহ খেতিয়ক সকলে আছাম টি কোম্পানীৰ দৰে সংগঠন সমূহ গঢ়ি তুলি চাহ খেতিৰ বাবে আগবাঢ়ি আহিছিল। এতিয়া সমস্যা হ’ল মাথোন চাহ বাগিচা সমূহৰ প্ৰতিকূল প্ৰাকৃতিক পৰিবেশত থাকি দিনে নিশাই শ্ৰম কৰিব পৰা শ্ৰমিকৰ অভাৱ। এই অভাৱ পূৰণ কৰিবৰ বাবে চাহ খেতিয়ক সকলে ঔপনিবেশিক চৰকাৰৰ সহায় লৈছিল। পূৰ্ব-বঙ্গৰ চিতাংগ, ঝাৰখণ্ড, উৰিষ্যা, বিহাৰ, উত্তৰ প্ৰদেশৰ বিভিন্ন অঞ্চলৰ পৰা মূলতঃ চাওতাল, কোল, মুণ্ডা, ভূমিজ, কুৰ্মি আদি সম্প্ৰদায়ৰ দুখীয়া লোকসকলক চাহ শ্ৰমিক ৰূপে একাংশ দালালৰ সহায়ত অসমলৈ অনা গৈছিল।
৩। অসমলৈ পূৰ্ববঙ্গীয় কৃষকৰ প্ৰব্ৰজনৰ ঐতিহাসিক পটভূমি আলোচনা কৰা।
উত্তৰঃ ডেভিড স্কটৰ নেতৃত্বত ইংৰাজ প্ৰশাসনে ১৮২৭ চনত কেবাখনো আঁচনিৰ জৰিয়তে অসমৰ থলুৱা লোকসকলক মাটিৰ আবন্টন দি কৰ সংগ্ৰহ বৃদ্ধিৰ চেষ্টা চলাইছিল। কিন্তু চৰকাৰৰ এই আঁচনি সফল নহ’ল। ইফালে সেই সময়ত অনবাদী হৈ পৰি থকা লাখ লাখ বিঘা মাটিৰ পৰা কৰ আদায় কৰাৰ উপায় বিচাৰি ব্ৰিটিছ চৰকাৰ বিবুধিত পৰিছিল। সেয়ে ইংৰাজ চৰকাৰে চুবুৰীয়া জনবহুল বঙ্গদেশৰ পৰিশ্ৰমী খেতিয়ক সকললৈ নানা ধৰণৰ সুবিধা প্ৰদান কৰি অসমলৈ অহাৰ বাবে উৎসাহিত কৰে।
ইংৰাজ শাসনৰ আৰম্ভণিতে নকৈ আত্মপ্ৰকাশ কৰা মধ্যবিত্তৰ চৰিত্ৰ অৰ্জনকাৰী কেইগৰাকীমান অসমীয়া লোকেও ইংৰাজ সাম্ৰাজ্যৰ স্বাৰ্থতে অসমলৈ বহিৰাগতৰ আগমণক সমৰ্থন জনাইছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ইংৰাজ চৰকাৰলৈ দিয়া এখন স্মাৰক পত্ৰত অনুৰোধ জনাইছিল যাতে খেতিবাতিৰ উৎকৃষ্ট জ্ঞান থকা ইউৰোপ মহাদেশৰ আৰু উত্তৰ ভাৰতৰ খেতিয়ক সকলক আনি অসমত প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰে। ইয়াৰ বাবে চৰকাৰে বঙ্গদেশৰ খেতিয়ক সকলকো উৎসাহিত কৰিবলৈ তেখেতে পৰামৰ্শ আগবঢ়াইছিল। ১৮৭৪ চনত গৱৰ্ণৰ জেনেৰেল নৰ্থ ব্ৰুকক গুৱাহাটীত আদৰণি জনাই এচাম শিক্ষিত লোকে প্ৰদান কৰা স্মাৰক পত্ৰতো উৰিষ্যা আৰু উত্তৰ বিহাৰৰ পৰা সবল আৰু সংস্কৃতিবান মানুহক আনি বহুওৱাৰ বাবে অনুৰোধ জনোৱা হৈছিল। গুণাভিৰাম বৰুৱা আছিল অসমলৈ বৰ্হিৰাজ্যৰ মানুহক আনি বহুওৱাৰ এগৰাকী উৎসাহী সমৰ্থক। সেই সময়ত অসমত গঢ়ি উঠিব ধৰা চাহ-বাগিচা, ৰেলপথ নিৰ্মাণ আদিৰ বাবে লগা কাৰিকৰী জ্ঞান সম্পন্ন শ্ৰমিক আদিৰ প্ৰয়োজন পূৰাব পৰাকৈ অসমীয়া মানুহৰ অভাৱ আছিল বাবে বাহিৰৰ পৰা মানুহ আনি অসমৰ উন্নতি সাধন কৰাৰ পক্ষে তেখেতে যুক্তি আগবঢ়াইছিল। শিক্ষা-দীক্ষাত আগবঢ়া সকলক আনি অসমত প্ৰতিষ্ঠা কৰাৰ হকে বলি নাৰায়ণ বৰায়ো মাত মাতিছিল।
সিফালে পশ্চিম অসমৰ গোৱালপাৰা, বিলাসীপাৰা আদিৰ জমিদাৰ সকলে নিজৰ জমিদাৰীৰ ৰাজহ বৃদ্ধিৰ উদ্দেশ্য পূৰ্ববঙ্গীয় মুছলমান কৃষক সকলক আনি সংস্থাপন কৰাৰ সকলো দিহা কৰিছিল। ইয়াৰ উপৰি ১৯২৯-৩০ চনত প্ৰকাশিত ‘আছাম বেঙ্কিং এণ্ড কোৱেৰি’ (Assam Banking and Quary) কমিটিৰ প্ৰতিবেদনৰ পৰা জনা যায় যে বৰপেটা অঞ্চলৰ থলুৱা মহাজন সকলে আৰু সেই ঠাইত ইতিমধ্যে বসতি স্থাপন কৰি গজগজীয়া হৈ উঠা মাৰোৱাৰী ব্যৱসায়ী সকলে পূৰ্ববঙ্গৰ পৰা অহা বহিৰাগত সকলক পতিত মাটি সমূহত খেতি কৰিবলৈ আৰু সম্ভৱ হ’লে তেনে মাটি কিনি ল’বলৈ প্ৰয়োজনীয় ধন সূদৰ বিনিময়ত ঋণ দি এক ৰমৰমীয়া ব্যৱসায় চলাইছিল। অসমৰ দ আৰু বিস্তিত সাৰুৱা ভূমি বিভিন্ন শাক-পাঁচলি, মাহ, আহুধান, আদিৰ উপৰি বিশেষকৈ মৰাপাটৰ খেতিৰ বাবে উপযোগী। অসমত যিমানে পূৰ্ববঙ্গীয় মুছলমান খেতিয়ক সকলে বসতি কৰিবলৈ ধৰিলে সিমানেই পশ্চিম বঙ্গত মৰাপাটৰ কলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। প্ৰখ্যাত অৰ্থনীতিবিদ ড॰ পি. চি. গোস্বামীয়ে তেখেতৰ ‘দ্য ইকনমিক ডেভেলপমেন্ট অৱ আছাম’ (১৯৬৩) নামৰ গৱেষণা গ্ৰন্থত উল্লেখ কৰা মতে ১৯০১-০২ চনত অসমত মুঠতে ৫০০০ একৰ মাটিত মৰাপাটৰ খেতি কৰা হৈছিল।
৪। অসমলৈ হোৱা জন প্ৰব্ৰজনৰ বিৰুদ্ধে কোনে কেতিয়া কেনেকৈ প্ৰথমে দাবী উত্থাপন কৰিছিল?
উত্তৰঃ ১৯২৪ চনত অম্বিকাগিৰি ৰায় চৌধুৰীয়ে ‘অসম সংৰক্ষিণী সভা’ গঠন কৰিছিল। ১৯২৬ চনৰ পাণ্ডু কংগ্ৰেছৰ পূৰ্বে অসম ভ্ৰমণলৈ আহি কংগ্ৰেছ নেতা ড॰ ৰাজেন্দ্ৰ প্ৰসাদে অসমত মুছলমান প্ৰব্ৰজনৰ ভয়াবহতা দেখি অধিক জনবসতিৰে পূৰ্ণ বিহাৰৰ চাপ্ৰা জিলাৰ পৰা হিন্দু ধৰ্মী লোক আনি অসমত প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ দাঙি ধৰিছিল। মহাদেৱ শৰ্মাই ১৮২৭ চনৰ জুলাই মাহত অসম বিধান পৰিষদত প্ৰব্ৰজনৰ বিৰুদ্ধে প্ৰস্তাৱ উত্থাপন কৰিছিল। বসন্ত কুমাৰ দাস আৰু নবীন চন্দ্ৰ বৰদলৈয়ে এই প্ৰস্তাৱৰ বিতৰ্কত ভাগ লৈ থলুৱাৰ স্বাৰ্থ ৰক্ষা কৰিব পৰা উপায় উদ্ভাৱনৰ ক্ষেত্ৰত গুৰুত্ব দিছিল। ১৯২৮ চনত এই সমস্যাৰ সমাধান উলিয়াবৰ বাবে চৰকাৰে এ. ডব্ৰিউ. ব’থামৰ নেতৃত্বত পাঁচজনীয়া সৰ্বদলীয় সমিতি গঠন কৰি দিছিল। তাত নবীন চন্দ্ৰ বৰদলৈ আৰু মহম্মদ ছাদুল্লাও সদস্য আছিল।
বৰদলৈয়ে সমিতিৰ সদস্য হিচাপে দৃঢ় মত প্ৰকাশ কৰিছিল যাতে লাইন প্ৰথা অনুসৰি নিৰ্দ্দিষ্ট কৰা এলেকাৰ পৰা কোনো নতুন ঠাইলৈ পমুৱাৰ বসতি বিস্তাৰিত হ’ব নোৱাৰে। লাইন প্ৰথাৰ অধীনত পমুৱা সকলক পুনৰবাসন দিয়াৰ বাবে ১৯৩০ ৰ পৰা ১৯৩৬ চনলৈ এই ছয় বছৰ কালত কেৱল নগাঁও জিলাতে ৫৯ খন গো-চৰণীয়া পথৰ পমুৱা সকলৰ বাবে চৰকাৰে মুকলি কৰি দিছিল। এই আঁচনি দৰং জিলাৰ মঙলদৈ আৰু কামৰূপ জিলাৰ বৰপেটা মহকুমাতো একেদৰে প্ৰয়োগ কৰা হৈছিল। এটা সমীক্ষা মতে ১৯২০-২১ চনত হিন্দু পমুৱাৰ বাবে ৩,২৯৯ হেজাৰ মাটি আবন্টন দিয়াৰ বিপৰীতে মুছলমান পমুৱাৰ বাবে ৩০,১০৬ হেজাৰ বিঘা মাটি আবন্টন দিয়া হৈছিল। ইয়াৰ পৰিমাণ বাঢ়ি ১৯২৯-৩০ চনত হৈছিলগৈ হিন্দু পমুৱাৰ বাবে ১৩,২৮৫ হেজাৰ বিঘা আৰু মুছলমান পমুৱাৰ বাবে ৮৯,০৭৮ হেজাৰ বিঘা মাটি। ১৮৩৫ চনৰ ‘ভাৰত শাসন আইন’ মতে গঠিত অসমৰ বৰদলৈ মন্ত্ৰীসভাই পমুৱা সকলৰ এই অবাধ আগমণত বাধা দিবৰ চেষ্টা কৰিছিল যদিও তিনিবাৰকৈ চৰকাৰ গঠন কৰা ছাদুল্লাই বঙ্গদেশীয় মুছলমান পমুৱা সকলক সকলো প্ৰকাৰে সুবিধা আৰু উৎসাহ প্ৰদান কৰিছিল।
তাৰবাবে ছাদুল্লাই Regularization Settlement নীতিৰে থলুৱা কৃষক সকলক বলেৰে খেদি পঠিয়াই বঙালী মুছলমান পমুৱা সকলে মাটি বেদখল কৰা কাৰ্যক বৈধতা প্ৰদান কৰাৰ ব্যৱস্থা কৰে। ইতিমধ্যে ১৯৩৯ চনত দ্বিতীয় বিশ্ব যুদ্ধ আৰম্ভ হ’ল। এই যুদ্ধত নিয়োজিত মিত্ৰ শক্তিৰ সৈন্য বাহিনীৰ প্ৰয়োজনীয় খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী সমূহ জোৰ জুলুমকৈ হ’লেও সংগ্ৰহ কৰাৰ ব্যৱস্থা ইংৰাজ চৰকাৰে হাতত ল’লে। এই কথাত ক্ষুব্ধ হৈ গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত কোৱালিচন মন্ত্ৰীসভাই পদত্যাগ কৰিছিল। অসমৰ গৱৰ্ণৰে তেতিয়াৰ বিধায়িনী কাউন্সিল নিলম্বিত কৰি ৰাখি সৈন্য বাহিনীৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক খাদ্য উৎপাদন কৰাৰ উদ্দেশ্যে ‘অধিক শস্য উৎপাদন নীতি’ (Grow more Food) গ্ৰহণ কৰে।
৫। চমুটোকা লিখাঃ
(ক) অধিক শস্য উৎপাদন নীতি।
উত্তৰঃ ১৯২৮ চনত এই সমস্যাৰ সমাধান উলিয়াবৰ বাবে চৰকাৰে এ. ডব্ৰিউ. ব’থামৰ নেতৃত্বত পাঁচজনীয়া সৰ্বদলীয় সমিতি গঠন কৰি দিছিল। তাত নবীন চন্দ্ৰ বৰদলৈ আৰু মহম্মদ ছাদুল্লাও সদস্য আছিল। বৰদলৈয়ে সমিতিৰ সদস্য হিচাপে দৃঢ় মত প্ৰকাশ কৰিছিল যাতে লাইন প্ৰথা অনুসৰি নিৰ্দ্দিষ্ট কৰা এলেকাৰ পৰা কোনো নতুন ঠাইলৈ পমুৱাৰ বসতি বিস্তাৰিত হ’ব নোৱাৰে। লাইন প্ৰথাৰ অধীনত পমুৱা সকলক পুনৰবাসন দিয়াৰ বাবে ১৯৩০ ৰ পৰা ১৯৩৬ চনলৈ এই ছয় বছৰ কালত কেৱল নগাঁও জিলাতে ৫৯ খন গো-চৰণীয়া পথৰ পমুৱা সকলৰ বাবে চৰকাৰে মুকলি কৰি দিছিল।
এই আঁচনি দৰং জিলাৰ মঙলদৈ আৰু কামৰূপ জিলাৰ বৰপেটা মহকুমাতো একেদৰে প্ৰয়োগ কৰা হৈছিল। এটা সমীক্ষা মতে ১৯২০-২১ চনত হিন্দু পমুৱাৰ বাবে ৩,২৯৯ হেজাৰ মাটি আবন্টন দিয়াৰ বিপৰীতে মুছলমান পমুৱাৰ বাবে ৩০,১০৬ হেজাৰ বিঘা মাটি আবন্টন দিয়া হৈছিল। ইয়াৰ পৰিমাণ বাঢ়ি ১৯২৯-৩০ চনত হৈছিলগৈ হিন্দু পমুৱাৰ বাবে ১৩,২৮৫ হেজাৰ বিঘা আৰু মুছলমান পমুৱাৰ বাবে ৮৯,০৭৮ হেজাৰ বিঘা মাটি। ১৮৩৫ চনৰ ‘ভাৰত শাসন আইন’ মতে গঠিত অসমৰ বৰদলৈ মন্ত্ৰীসভাই পমুৱা সকলৰ এই অবাধ আগমণত বাধা দিবৰ চেষ্টা কৰিছিল যদিও তিনিবাৰকৈ চৰকাৰ গঠন কৰা ছাদুল্লাই বঙ্গদেশীয় মুছলমান পমুৱা সকলক সকলো প্ৰকাৰে সুবিধা আৰু উৎসাহ প্ৰদান কৰিছিল। তাৰবাবে ছাদুল্লাই Regularization Settlement নীতিৰে থলুৱা কৃষক সকলক বলেৰে খেদি পঠিয়াই বঙালী মুছলমান পমুৱা সকলে মাটি বেদখল কৰা কাৰ্যক বৈধতা প্ৰদান কৰাৰ ব্যৱস্থা কৰে। ইতিমধ্যে ১৯৩৯ চনত দ্বিতীয় বিশ্ব যুদ্ধ আৰম্ভ হ’ল। এই যুদ্ধত নিয়োজিত মিত্ৰ শক্তিৰ সৈন্য বাহিনীৰ প্ৰয়োজনীয় খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰী সমূহ জোৰ জুলুমকৈ হ’লেও সংগ্ৰহ কৰাৰ ব্যৱস্থা ইংৰাজ চৰকাৰে হাতত ল’লে। এই কথাত ক্ষুব্ধ হৈ গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত কোৱালিচন মন্ত্ৰীসভাই পদত্যাগ কৰিছিল। অসমৰ গৱৰ্ণৰে তেতিয়াৰ বিধায়িনী কাউন্সিল নিলম্বিত কৰি ৰাখি সৈন্য বাহিনীৰ প্ৰয়োজন পূৰ কৰিবলৈ অধিক খাদ্য উৎপাদন কৰাৰ উদ্দেশ্যে ‘অধিক শস্য উৎপাদন নীতি’ (Grow more Food) গ্ৰহণ কৰে।
(খ) লাইন প্ৰথা।
উত্তৰঃ অসমলৈ অহা পূৰ্ববঙ্গীয় এই প্ৰব্ৰজনকাৰী সকলৰ ৮৫ শতাংশ লোকেই আছিল মুছলমান ধৰ্মী। এওঁলোকৰ সংখ্যা ক্ৰমাৎ অহা দেখি থলুৱা জনজাতি আৰু হিন্দুধৰ্মীয় লোকসকলে নিজৰ ভাষা-সংস্কৃতি আদিৰ প্ৰতি বিপদৰ আগজাননী দেখিবলৈ পালে। অসম চৰকাৰে নিজৰ নিজৰ অৰ্থনৈতিক লাভৰ বাবে প্ৰব্ৰজন বৃদ্ধি পোৱাতো বিচাৰিছিল আৰু একে সময়তে খিলঞ্জীয়া থলুৱা অধিবাসী সকল যাতে বিতুষ্ট নহয় তাৰ বাবে এক মধ্যবৰ্ত্তী পন্থা গ্ৰহণ কৰিলে। এইমতে ১১৯২০ চনত ‘লাইন প্ৰথা’ৰ প্ৰবৰ্ত্তন কৰি আবাস যোগ্য ভূমি ভাগক তিনিটা শ্ৰেণীত ভাগ কৰে;
(ক) পমুৱা সকলৰ বাবে সুকীয়া বাসযোগ্য ভূমি
(খ) পমুৱা সকলে বাস কৰিব নোৱাৰা ভূমি আৰু
(গ) একেটা অঞ্চলৰ এফালে পমুৱাসকলে আৰু আনফালে থলুৱাসকলে বাস কৰিব পৰা ভূমি।
পূৰ্ববঙ্গীয় মুছলমান পমুৱা সকলক এটা নিদ্দিৰ্ষ্ট অঞ্চলত বসবাসৰ সুবিধা দিয়া আৰু থলুৱা সকলৰ ভূমিৰ অধিকাৰ ৰক্ষা কৰাৰ এই দুইমুখীয়া ব্যৱস্থাটো পিছে সফল নহ’ল। থলুৱা সকলে অধিক দাম পাই নিজৰ মাটি পমুৱা সকলক বিকিবলৈ ল’লে। তদুপৰি দুৰ্নীতি পৰায়ণ ৰাজহ বিষয়া সকলেও ক’লা ধনৰ লোভত উৎকোচ লৈ লাইন প্ৰথা উলংঘা কৰি পমুৱা মুছলমান সকলক মাটি নামজাৰী কৰি দিয়াত আগভাগ ল’লে।
(গ) জনজাতীয় বেল্ট আৰু ব্লক।
উত্তৰঃ ১৯৪২ চনত ভাৰতৰ স্বাধীনতাৰ দাবী তুংগত উঠা ভাৰণীয় গণ বিপ্লৱৰ সময়ত প্ৰায়ভাগ কংগ্ৰেছী নেতাক জেলত ভৰাই থোৱা হৈছিল। ১৯৪৫ চনত এওঁলোকৰ সৰহভাগ জেলৰ পৰা মুক্ত হয় আৰু ১৯৪৬ চনৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্য়া গৰিষ্ঠতা লাভ কৰি গোপীনাথ বৰদলৈৰ নেতৃত্বত চৰকাৰ গঠন কৰে। এই চৰকাৰে অসমৰ খিলঞ্জীয়া জনজাতি সকলৰ স্বাৰ্থ সুৰক্ষাৰ অৰ্থে ‘অসম ভূমি ৰাজহ নিয়ামক ১৮৮৬ চনত’ সংশোধন কৰি ২৭৯৫ খন গাৱঁৰ ১৫০০ বৰ্গকিলোমিটাৰ এলেকা সামৰি ৩৮ টা জনজাতীয় বেল্ট আৰু ব্লক গঠন কৰিছিল।
আনফালে ইংৰাজ চৰকাৰে ভাৰতক হিন্দু আৰু মুছলমান এই দুই ধৰ্মৰ ভিত্তিত ভাগ কৰি হিন্দুস্থান আৰু পাকিস্তান নামেৰে দুখন সুকীয়া ৰাষ্ট্ৰ সৃষ্টি কৰি স্বাধীনতা প্ৰদান কৰাৰ প্ৰস্তাৱৰ ওপৰত গুণা-গঁথা কৰি আছিল। এই প্ৰস্তাৱতে ভাৰতৰ প্ৰদেশ সমূহক এ, বি, চি, এই তিনিটা সংহতিত বিভক্ত কৰিবলৈ ব্যৱস্থা কৰে। এই মতে অসমক বঙ্গদেশৰ সৈতে একেটা সংহতি বা গ্ৰুপত অন্তৰ্ভূক্ত কৰাৰ প্ৰস্তাৱ কৰা হৈছিল। গোপীনাথ বৰদলৈ, ৰূপনাথ ব্ৰহ্ম, ভীমবৰ দেউৰীৰ দৰে অসমৰ থলুৱা জাতি-জনজাতিৰ নেতা সকলে একমুখে এই প্ৰস্তাৱৰ বিৰোধিতা কৰি অসমক পাকিস্তানৰ অন্তৰ্ভূক্ত কৰাৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিলে।
(ঘ) অসমৰ সমাজ-সংস্কৃতি আৰু অৰ্থনীতিত প্ৰব্ৰজনৰ প্ৰভাৱ।
উত্তৰঃ দেশীয় আৰু আন্তৰ্দেশীয় বহিৰাগতৰ সংখ্য কিমান ভয়াবহ ৰূপত বাঢ়ি গৈছিল তাক ওপৰত আলোচনা কৰা হৈছে। প্ৰথম অৱস্থাত অৰ্থনৈতিক উন্নয়নৰ স্বাৰ্থত চৰকাৰী পৃষ্ঠপোষকতাত, দ্বিতীয় পৰ্য্যায়ত বিভিন্ন ৰাজনৈতিক আৰু প্ৰাকৃতিক কাৰণত অসমলৈ হৈ থকা এই জনপ্ৰব্ৰজনৰ বহুমুখী প্ৰভাৱ অসমৰ সামগ্ৰিক জনজীৱন, অৰ্থনীতি আৰু সাংস্কৃতিক দিশত পৰিছে।
সেইবোৰ সংক্ষেপে তলত দিয়া ধৰণে আলোচনা কৰা হ’ল-
(১) অসমৰ জনসংখ্যা বৃদ্ধিঃ অসমলৈ অবাধে হৈ থকা আন্তঃৰাজ্যিক আৰু আভ্যন্তৰীণ প্ৰব্ৰজন আৰু পূব-পাকিস্তান তথা সম্প্ৰতিক বাংলাদেশ, নেপাল আদিৰ পৰা হৈ থকা অবাধ আন্তঃৰাষ্ট্ৰীয় জনপ্ৰব্ৰজনৰ ফলত অসমৰ জনসংখ্যা বৃদ্ধি পাই সদ্যহতে এই সংখ্যা তিনিকোটিৰো অধিক হৈছেগৈ। এই ভয়াবহ জনবিষ্ফোৰণৰ ফলত খাদ্য-বস্ত্ৰ-বাসস্থানৰ সমস্যাই দেখা দিছে। শিক্ষা-দীক্ষা আৰু নিয়োগৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ তুলনাত পিছ পৰি আছে।
(২) প্ৰাকৃতিক ভাৰসাম্য ধ্বংসঃ বৰ্দ্ধিত জনসংখ্যাৰ বাবে বাসোপযোগী ভূমি কমি আহিছে। সেয়ে মানুহে বিশেষকৈ বিদেশী অনুপ্ৰৱেশকাৰী সকলে সংৰক্ষিত বনাঞ্চল, অভয়াৰণ্য, নৈৰ চৰ-চাপৰি আদিত বেদখল কৰি অৰণ্য ভূমিৰ আৰু প্ৰাকৃতিক জলাশয়ৰ পৰিসৰ হ্ৰাস কৰি আনিছে। ফলত বনৰীয়া জীৱ-জন্তুৰ বাবে খাদ্য আৰু বাসস্থানৰ সংকট দেখা দিছে। বহু বন্য প্ৰাণী ইতিমধ্যে লোপ পালে আৰু বহুবোৰ দুস্প্ৰাপ্য হৈ পৰিছে। সদ্যহতে জনবসতি অঞ্চলত সঘনাই সংঘটিত বাঘ-মানুহ আৰু হাতী-মানুহৰ সংঘাতৰ খবৰ বাতৰি-কাকত, দূৰদৰ্শন আদি সংবাদ মাধ্যমত সঘনাই প্ৰচাৰ হব ধৰিছে।
(৩) গোষ্ঠীগত আৰু সাম্প্ৰদায়িক সংঘাতঃ ইংৰাজ চৰকাৰৰ দিনৰে পৰা হোৱা জনপ্ৰব্ৰজন আৰু অনুপ্ৰৱেশৰ সমস্যাই যাতে সামাজিক আৰু সাংস্কৃতিক দিশত অসমৰ থলুৱা জনগণৰ স্বাৰ্থত অনিষ্টকৰ প্ৰভাৱ পেলাব নোৱাৰে তাৰবাবে নানা ব্যৱস্থা হাতত লোৱা হৈছিল। ১৯২০ চনত প্ৰবৰ্তন হোৱা লাইন প্ৰথাৰ প্ৰচলন, ১৯৪৬ চনত জনজাতীয় বেল্ট আৰু ব্লক গঠন, ১৯৬২ চনত প্ৰৱৰ্তন কৰা পাকিস্তানী অনুপ্ৰৱেশৰ বন্ধকৰণ নীতি (Prevention of Infiltration From Pakistn, PIP) আদি এনে ধৰণৰ ব্যৱস্থাৰ কেইটামান উদাহৰণ। কিন্তু প্ৰশাসনিক দুৰ্বলতা, কৃষিভূমি অন্বেষী, পূৰ্ববঙ্গীয় খেতিয়কৰ আগ্ৰাসী ৰূপ, এচাম থলুৱা লোকৰ বিনা পৰিশ্ৰমে অৰ্থ ঘটাৰ হাবিয়াস আৰু অসমীয়া মানুহৰ অদূৰদৰ্শিতাৰ ফলত এইবোৰ ব্যৱস্থা বহুপৰিমাণে অকাৰ্যকৰী হৈছিল।
(৪) পাৰস্পৰিক সন্দেহ আৰু শংকাৰ সৃষ্টিঃ পুৰণি আৰু নতুন আবাসী সকলৰ ভাষা-সাহিত্য-সংস্কৃতিৰ উমৈহতীয়া উপাদানেৰে শক্তিশালী হোৱা অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া অসমৰ বৈধ-অবৈধ প্ৰব্ৰজনকাৰী সকলৰ একাংশৰ বাবে বাধাগ্ৰস্ত হৈছে। ১৯৫১ চনৰ লোকপিয়লত পূৰ্ববঙ্গীয় মূলৰ প্ৰব্ৰজনকাৰী সকলেও নিজৰ মাতৃভাষা অসমীয়া বুলি লিখাইছিল। ফলত অসমীয়া ভাষীৰ সংখ্যা ৭৩ শতাংশতকৈও অধিক হৈছিল। কিন্তু পিছৰ ফালে হোৱা বিশেষকৈ ১৯৭৯ চনৰ পিছত একাংশ ভাষিক অনুপ্ৰৱেশকাৰীৰ প্ৰভাৱৰ ফলত আৰু একাংশ উগ্ৰ জাতীয়তাবাদীৰ যুক্তিহীন আস্ফালনৰ বাবে বিশেষকৈ বাংলাদেশৰ প্ৰব্ৰজনকাৰী সকলৰ পৰিচয়ৰ ক্ষেত্ৰত বহুতো ভুল ধাৰণা গঢ়ি উঠে।
(ঙ) অসমলৈ হোৱা জন প্ৰব্ৰজনৰ লগত মৰাপাট কলৰ সম্পৰ্ক।
উত্তৰঃ অসমৰ দ আৰু বিস্তৃত সাৰুৱা ভূমি বিভিন্ন শাক-পাঁচলি, মাহ, আহুধান, আদিৰ উপৰি বিশেষকৈ মৰাপাটৰ খেতিৰ বাবে উপযোগী। অসমত যিমানে পূৰ্ববঙ্গীয় মুছলমান খেতিয়ক সকলে বসতি কৰিবলৈ ধৰিলে সিমানেই পশ্চিম বঙ্গত মৰাপাটৰ কলৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। প্ৰখ্যাত অৰ্থনীতিবিদ ড॰ পি. চি. গোস্বামীয়ে তেখেতৰ ‘দ্য ইকনমিক ডেভেলপমেন্ট অৱ আছাম’ (১৯৬৩) নামৰ গৱেষণা গ্ৰন্থত উল্লেখ কৰা মতে ১৯০১-০২ চনত অসমত মুঠতে ৫০০০ একৰ মাটিত মৰাপাটৰ খেতি কৰা হৈছিল। ১৯৪১-৪২ চনত এনে মাটিৰ পৰিমাণ ২৭৭ হেজাৰ একৰলৈ বৃদ্ধি পাইছিল।
ড॰ ৰমেশ চন্দ্ৰ কলিতাই তেখেতৰ ‘প্ৰব্ৰজনকাৰীৰ সমস্যা আৰু অসম’ শীৰ্ষক গৱেষণা পত্ৰত কলিকতাত মৰাপাট উদ্যোগৰ সংখ্যা বৃদ্ধিৰ সমান্তৰালকৈ অসমত পূৰ্ববঙ্গীয় কৃষকৰ প্ৰব্ৰজনৰ সংখ্যা বৃদ্ধিৰ লগত ওতঃপ্ৰোত সম্পৰ্ক লক্ষ্য কৰিছে। কলিকতাৰ আশে-পাশে গঢ়ি উঠা মৰাপাট কলসমূহৰ বাবে প্ৰয়োজনীয় কেঁচামাল সমূহৰ বুজন অংশ অসমৰ পৰা যোগান ধৰা হৈছিল। ড॰ কলিতাই সেয়েহে মন্তব্য কৰিছে, ‘এই কলসমূহৰ চাহিদা পূৰণৰ উপৰি অবিভক্ত বঙ্গদেশৰ পৰা বিদেশলৈও মৰাপাট ৰপ্তানী কৰা হৈছিল। ফলত মৰাপাট উৎপাদন কৰিবলৈ পূৰ্ববঙ্গৰ পৰা অসমলৈ মুছলমান খেতিয়ক প্ৰব্ৰজন ঘটোৱাটো মৰাপাট ব্যৱসায়ৰ সমৃদ্ধিৰ বাবে অপৰিহাৰ্য্য হৈ পৰিছিল।’ এনে পৰিৱেশত অধিক লাভৰ আশাত বৰপেটা অঞ্চলৰ এচাম ব্যৱসায়ীয়ে বহু সময়ত নিজৰ একচনা পট্টাৰ মাটি বিলাক ইতিমধ্যে আহি বসতি কৰা আৰু নতুনকৈ আহি থকা পূৰ্ববঙ্গীয় বহিৰাগত সকলক অধিক দামত বিক্ৰী কৰিবলৈ ধৰিলে। আনকি কোনো কোনো ক্ষেত্ৰত এইসকল সুবিধাবাদীয়ে কিছুমান চৰকাৰী আৰু সংৰক্ষিত বনাঞ্চলৰ মাটিও নিজৰ বুলি দেখুৱাই নানা ফন্দীৰে বিক্ৰী কৰি এই সকল বহিৰাগতক বসতি কৰাৰ সুযোগ উলিয়াই দিছিল। ইতিমধ্যে উনুকিওৱা হৈছে যে ইংৰাজ চৰকাৰে ১৯০৫ চনত ৰাজনৈতিক আৰু অৰ্থনৈতিক কাৰণত পূৰ্ববঙ্গ আৰু অসমক লগ লগাই ‘পূৰ্ববঙ্গ আৰু অসম’ নামেৰে এখন প্ৰদেশ গঠন কৰিছিল। ফলত পূৰ্ববঙ্গীয় কৃষকৰ অসমলৈ অহাৰ পথত বিশেষ বাধা নাথাকিল। ইতিমধ্যে ১৮৯১-৯২ চনত অসম আৰু বঙ্গদেশৰ মাজত ৰে’ল পৰিবহন ব্যৱস্থা গঢ়ি উঠিছিল। পৰিবহনৰ এই সুবিধা লৈ অসমত থকা ৰেল ষ্টেচনবোৰক কেন্দ্ৰ কৰিও পূৰ্ববঙ্গীয় সকলৰ বসতি বাঢ়ি আহিছিল।
প্ৰকল্পৰ বাবে নমুনাঃ
১। তোমাৰ গাঁওখনৰ জনগাঁথনিৰ পৰিবৰ্তনৰ কাৰকবোৰ ঐতিহাসিক তথ্যৰ ভিত্তিত বিচাৰ কৰা।
২। অসমৰ বৰ্তমানৰ জনবিস্ফোৰণৰ কাৰকসমূহ চিনাক্ত আৰু ইয়াৰ ফলত প্ৰাকৃতিক ভাৰসাম্যৰ কেনেদৰে অৱনতি ঘটিছে, তাৰ এটি ক্ষেত্ৰভিত্তিক প্ৰতিবেদন প্ৰস্তুত কৰা।
৩। অসমলৈ হোৱা অবাধ জনপ্ৰব্ৰজনে থলুৱা জনগোষ্ঠীসমূহৰ খাদ্যাভাসকে ধৰি জীৱন প্ৰণালীৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে, তাৰ এটি ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰা।
৪। অসমৰ অৰ্থনৈতিক সমস্যা আৰু সম্ভাৱনাৰ লগত জনবিস্ফোৰণৰ সম্বন্ধ আৰু সম্পৰ্কৰ নিৰ্বাচিত ক্ষেত্ৰ সমীক্ষাৰ ভিত্তিত বিচাৰ কৰা।
৫। জনবিস্ফোৰণ নিয়ন্ত্ৰণৰ উপায় কেইটামান আঙুলিয়াই দি এইবোৰ কাৰ্যকৰী কৰিবলৈ কেনেদৰে আগবঢ়া উচিত, সেই বিষয়ে ক্ষেত্ৰভিত্তিক অধ্যয়নৰ আধাৰত পৰামৰ্শ আগবঢ়োৱা।