ষষ্ঠ অধ্যায়
অসমৰ ৰাজনৈতিক বিকাশ (১৮২৬-১৯৮৫)
অনুশীলনীঃ
তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া।
১। (ক) ইয়াণ্ডাবু সন্ধি কিমান চনত স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে এই সন্ধি স্বাক্ষৰিত হৈছিল।
(খ) ইয়াণ্ডাবু সন্ধিৰ যিকোনো এটা চৰ্ত লিখা।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ যিকোনো এটা চৰ্ত-
এই সন্ধিৰ চৰ্তমতে মান ৰজাই ইংৰাজ কোম্পানীক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ উপৰি আৰাকান, টেনাচেৰিম আৰু য়েহ এৰি দিছিল।
(গ) প্ৰথম ইংগ-বাৰ্মা যুদ্ধ কিমান চনত সংঘটিত হৈছিল?
উত্তৰঃ প্ৰথম ইঙ্গ- বৰ্মা যুদ্ধ ১৮২৪ খ্ৰীষ্টাব্দৰ ৫ মাৰ্চত সংঘটিত হৈছিল।
(ঘ) গোমধৰ কোঁৱৰ কোন আছিল?
উত্তৰঃ গমধৰ কোঁৱৰ অসম তথা ভাৰতৰ এজন স্বাধীনতা সংগ্ৰামী আছিল।
(ঙ) মিলচৰ প্ৰতিবেদন কিমান চনত দাখিল কৰা হৈছিল?
উত্তৰঃ ১৮৫৩ চনত মিলচৰ প্ৰতিবেদন দাখিল কৰা হৈছিল।
২। চমুটোকা লিখাঃ
(ক) ইয়াণ্ডাবু সন্ধি
উত্তৰঃ ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে য়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এয়ে আছিল য়াণ্ডাবু সন্ধি জৰিয়তে প্ৰথম ইঙ্গ বাৰ্মা যুদ্ধৰ সামৰণি হৈছিল। য়াণ্ডাবু সন্ধিৰ চৰ্ত সমূহ আছিলঃ১) মান ৰজাই যুদ্ধৰ ক্ষতিপুৰণ বাবদ কোম্পানিৰ এক কোটি টকা পৰিশোধ কৰিব লাগিব।
২) আৰাকান আৰু তেনাছেৰিম প্ৰদেশ ব্ৰিটিছৰ হাতলৈ যাব।
৩) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনোধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব ।
৪) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।
৫) আভাত এজন ব্ৰিটিছ ৰেছিডেন্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্ৰিটিছ অনুমতি দিছিল।
এইদৰে য়াণ্ডাবু সন্ধিৰ চৰ্তসমূহ ব্ৰিটিছৰ অনুকূলে গৈছিল। য়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলায়। এই সন্ধিৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমৰ শাসনভাৰ গ্ৰহণ কৰি ব্ৰিটিছৰ সাম্ৰাজ্যৰ পাতনি মেলিছিল।
(খ) ডেভিড স্কট
উত্তৰঃ উত্তৰে ছিকিম, দক্ষিণে কাছাৰ আৰু চিলেটৰ পৰা সমগ্ৰ পূৰ্বাঞ্চলৰ বাবে ডেভিদ স্কট গৱৰ্ণৰ জেনেৰেলৰ এজেণ্ট হিচাপে নিযুক্ত হৈছিল। ১৮০৭ খ্ৰীষ্টাব্দত গোড়খপুৰত এজন ৰেজিষ্ট্ৰাৰ হিচাপে কাৰ্যকালৰ পাতনি মেলা স্কটে বংগৰ ভালেমান জিলাত বিচাৰক, কালেক্টৰ আদি পদত নিযুক্ত হৈছিল। তেওঁ সেই সময়ত উত্তৰ-পূৱ ৰংপুৰ অৰ্থাৎ গোৱালপাৰা আৰু গাৰোপাহাৰৰ অসামৰিক কমিছনাৰ আৰু চিলেট জিলাৰ ন্যায়ধীশ হিচাপেও দায়িত্ব পালন কৰিছিল।
(গ) মিলচৰ প্ৰতিবেদন
উত্তৰঃ ১৮৫৩ চনত বংগদেশৰ লেফটেনেন্ট গৱৰ্ণৰে অসম ভ্ৰমণৰ ইচ্ছা প্ৰকাশ কৰে আৰু এইবাবে অঞ্চলটোৰ বিষয়ে অনুসন্ধান চলাই এখন প্ৰতিবেদন দাখিল কৰাৰ বাবে নিৰ্দেশ দিয়ে। সদৰ দেৱানী আদালতৰ বিচাৰপতি এ, জে, ম’ফট্ক এই দায়িত্ব দিয়া হয়। মিলচে সেই বছৰতে আহি শিৱসাগৰত উপস্থিত হয় আৰু অঞ্চলটো ভ্ৰমণ কৰি বিভিন্ন জিলাত সমীক্ষা চলাই যুগুতকৰা প্ৰতিবেদনখন ১৮৫৩ চনৰ শেষৰ পিনে দাখিল কৰে। গুৰুত্বপূৰ্ণ এই প্ৰতিবেদনখনক মিলচৰ প্ৰতিবেদন নামেৰে জনা যায়। এই প্ৰতিবেদনত গোৱালপাৰা, কামৰূপ, দৰং, নগাঁও, শিৱসাগৰ আৰু লক্ষীমপুৰৰ ভূমি বন্দোৱস্ত, ৰাজহ ব্যৱস্থা, কৰ নিৰ্ধাৰণৰ মাপকাঠি, ন্যায়িক ব্যৱস্থা, জনসংখ্যাৰ আৰ্হি, যোগাযোগৰ উপায়, শিক্ষাৰ সা-সুবিধা, কল-কাৰখানাত উৎপাদিত সামগ্ৰী আদিৰ তথ্য সম্বলিত বিতং বিৱৰণ দাঙি ধৰা হয়।
(ঘ) যোৰহাট সাৰ্বজনিন সভা
উত্তৰঃ যোৰহাট নগৰখন সামাজিক-ৰাজনৈতিক কৰ্মকাণ্ডৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল। জগন্নাথ বৰুৱাৰ তৎপৰতাত ১৮৮৪ চনত যোৰহাট সাৰ্বজনিক সভাই প্ৰতিষ্ঠা লাভ কৰে। জগন্নাথ বৰুৱা আছিল চাহ খেতিয়কৰ সন্তান আৰু কলিকতাৰ প্ৰেচিডেন্সি কলেজত তেওঁ উচ্চ শিক্ষা গ্ৰহণ কৰিছিল। কলিকতাত সক্ৰিয় হৈ থকা আত্মীয় সভা, বেংগল ব্ৰিটিছ ইণ্ডিয়ান ছোচাইটি, প্ৰেট্ৰিয়টচ্ এছ’;চিয়েচন আদি অনুষ্ঠানৰ দ্বাৰা তেওঁ অনুপ্ৰাণিত হৈছিল। যোৰহাট সাৰ্বজনিক সভাৰ মুখ্য উদ্দেশ্য তিনিটা আছিল-
১। মানুহৰ ইচ্ছা আকাংক্ষাবোৰক চৰকাৰৰ ওচৰত প্ৰতিনিধিত্ব কৰা।
২। চৰকাৰী নীতিসমূহ জনসাধাৰণৰ মাজত ব্যাখ্যা কৰা।
৩। জনসাধাৰণৰ সামাজিক অৱস্থাৰ উন্নতি সাধন কৰা।
এই সভাৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকী হ’ল ৰাজা নৰনাৰায়ণ সিং আৰু সম্পাদক জগন্নাথ বৰুৱা।
(ঙ) স্বদেশী আন্দোলন
উত্তৰঃ ব্ৰহ্মপুত্ৰ উপত্যকাত বংগ বিভাজনক কেন্দ্ৰ কৰি গঢ়ি উঠা আন্দোলনটো মূলতঃ নগৰ আৰু মফছল অঞ্চলতহে সীমাৱদ্ধ আছিল। আন্দোলনকাৰীসকলে বিদেশী সামগ্ৰী বৰ্জন কৰি স্বদেশী সামগ্ৰী গ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছিল। অসমৰ নগৰবোৰত মানুহে ইংলেণ্ডৰ লিভাৰপুলত তৈয়াৰী নিমখ বৰ্জন কৰি খাৰ ব্যৱহাৰ কৰিবলৈ লৈছিল; বিদেশত তৈয়াৰী চেনীৰ সলনি বাৰাণসীত উৎপাদিত চেনীহে ব্যৱহাৰ কৰিছিল; ইউৰোপৰ বস্ত্ৰশিল্পত তৈয়াৰী কাপোৰৰ সলনি ঘৰতে বোৱা-কটা কৰা কাপোৰ ব্যৱহাৰ কৰিব লৈছিল। কামাখ্যা মন্দিৰৰ প্ৰধান পুৰোহিতে পাণ্ডা আৰু দোকানবোৰত বিদেশী সা-সামগ্ৰী ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল। এনে পৰিৱেশত ৰাজ্যখনত খিলঞ্জীয়া লোকৰ দোকান-পোহৰ গঢ়ি উঠিছিল আৰু স্বদেশী বয়বস্তু কিনা-বেচা কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে গোবিন্দ লাহিড়ীৰ সৈতে লগ লাগি ছাত্ৰ সমাজৰ মাজত স্বদেশী ধাৰণাটো জনপ্ৰিয় কৰিবলৈ চেষ্টা চলাইছিল। বংগদেশৰ বিখ্যা নাট্যকাৰ মুকুন্দ দাসে ১৯০৫ চনত দেশ প্ৰেমমূলক গীত-মাত আৰু নাটক পৰিৱেশন কৰি গুৱাহাটীৰ দৰ্শক শ্ৰোতাৰ মাজত স্বদেশী আন্দোলনৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছিল।
(চ) অসহযোগ আন্দোলন
উত্তৰঃ মহাত্মা গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলনৰ আহ্বান দিয়াৰ পিছত গংগা গোবিন্দ বৰুৱা, তাৰাপ্ৰসাদ চলিহা, ঘনশ্যাম বৰুৱা আৰু চন্দ্ৰধৰ বৰুৱাই স্থানীয় সমস্যাসমূহ ব্ৰিটিছৰ সৈতে আলাপ-আলোচনা কৰি সমাধান কৰাৰ বাবে অসম এছ’ছিয়েশ্বনে অসহযোগ আন্দোলনৰ পৰা আঁতৰি থকাটো বিটাৰিছিল, কিন্তু এছ’ছিয়েশ্বনৰ গৰিষ্ঠসংখ্যক সদস্যই অসহযোগ আন্দোলনত যোগদান কৰাৰ পক্ষত থিয় হৈছিল। ১৯২০ চনৰ ডিচেম্বৰ মাহত তেজপুৰত অনুষ্ঠিত অসম এছ’ছিয়েশ্বনৰ সম্পদশ সন্মিলনত স্বৰাজৰ সপক্ষে অসহযোগ আন্দোলনত জাতীয় কংগ্ৰেছে প্ৰদান কৰা নিৰ্দেশাৱলী মানি চলাৰ বাবে সিদ্ধান্ত লৈছিল। এনেকৈয়ে মূল সুঁতিৰ ব্ৰিটিছ বিৰোধী ৰাজনৈতিক আন্দোলনত অংশগ্ৰহণ কৰাৰ মাজেদি অসম এছ’ছিয়েশ্বনে নিজৰ সুকীয়া পৰিচয় ত্যাগ কৰিবলগীয়া হয়। ১৯২১ চনৰ জুন মাহত অসম প্ৰাদেশিক কংগ্ৰেছ কমিটি গঠন হয় আৰু এই কমিটিৰ কৰ্মক্ষেত্ৰৰ পৰিসৰ ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাবোৰৰ মাজতহে সীমাৱদ্ধ আছিল। অসম প্ৰদেশিক কংগ্ৰেছ কমিটিৰ সভাপতি ৰূপে কুলধৰ চলিহা আৰু সম্পাদকৰ দায়িত্ব নবীন চন্দ্ৰ বৰদলৈৰ ওপৰত ন্যস্ত কৰা হৈছিল।
(ছ) লোণ আইন ভংগ
উত্তৰঃ ব্ৰিটিছে লোণ (নিমখ)ৰ ওপৰত আৰোপ কৰা কৰৰ বিৰুদ্ধে গান্ধীয়ে এক নতুন সত্যগ্ৰহ গঢ়ি তোলে। ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ সমান্তৰালভাৱে ‘লোণ সত্যাগ্ৰহ’ আৰম্ভ কৰিছিল যাক দাণ্ডি যাত্ৰা বুলি জনা যায়। এই সত্যগ্ৰহৰ অংশ হিচাপে গান্ধীয়ে ১৯৩০ চনৰ ১২ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ দাণ্ডী যাত্ৰা কৰে। একেৰাহে ২৫ দিন যাত্ৰা কৰি প্ৰায় ৩৮৫ কিলোমিটাৰ (২৪১ মাইল) দূৰত্ব অতিক্ৰম কৰাৰ পিছত তেওঁলোক ১৯৩০ চনৰ ৬ এপ্ৰিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতেই লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্ৰস্তুত কৰি চৰকাৰৰ প্ৰতি প্ৰতি প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। এনেদৰে গান্ধীয়ে লোণ আইন ভংগ কৰে।
(জ) ঘূৰণীয়া মেজমেল
উত্তৰঃ ১৯৩০ চনত চাইমন আয়োগৰ প্ৰতিবেদন প্ৰকাশ হয়। এই প্ৰতিবেদনত ভাৰতক পূৰ্ণ স্বৰাজ দিয়াৰ কথা উল্লেখ নথকাত পৰিস্থিতি উত্তপ্ত হৈ পৰে। ভাইছৰয় আৰউইনে পূৰ্ণ স্বৰাজৰ প্ৰসঙ্গটো আলোচনা কৰাৰ বাবে এখন ঘূৰণীয়া মেজমেলৰ পোষকতা কৰে। ১৯৩০ চনৰ নৱেম্বৰ মাহত লণ্ডনত প্ৰথম ঘূৰণীয়া মেজমেল অনুষ্ঠিত হয় আৰু কম সংখ্যক ভাৰতীয় প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে। এইটো কথা স্পষ্ট হৈ পৰিছিল যে কংগ্ৰেছক বাদ দি ইংৰাজে ভাৰতক সাংবিধানিক অধিকাৰ দিয়াৰ বিষয়ে কথা পতাতো তেনেই অৰ্থহীন। এইবাবেই গান্ধীজী আৰু আন আন কংগ্ৰেছ নেতাসকলক জেলৰ পৰা মুকলি কৰি দিবলৈ ভাইছৰয়ে নিৰ্দেশ দিছিল।
১৯৩১ চনৰ মে’ত গান্ধী আৰউইন চুক্তি সম্পাদিত হৈছিল আৰু এই চুক্তিৰ প্ৰতি দেশৰ জনতাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। কিয়নো, মহাত্মা গান্ধীয়ে ভগৎ সিং, ৰাজগুৰু আৰু সুখদেৱৰ মৃত্যুদণ্ডৰ আদেশ বাতিল কৰাত বিফল হৈছিল।
(ঝ) গোপীনাথ বৰদলৈ
উত্তৰঃ গোপীনাথ বৰদলৈ (৬ জুন ১৮৯০–৫ আগষ্ট ১৯৫০) আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল।
(ঞ) ভৈয়ামৰ জনজাতীয় ৰাজনীতি
উত্তৰঃ কুৰি শতিকাৰ ষাঠিৰ দশকৰ পৰাই ভৈয়ামৰ জনজাতি, বিশেষকৈ বড়ো জনগোষ্ঠীৰ মাজত আন্দোলনমুখী প্ৰৱণতাই গা কৰি উঠিছিল। ১৯৪৬ চনতেই গঠন হৈছিল ‘সদৌ অসম ভৈয়াম ট্ৰাইবেল লীগ’। স্বাধীনতা প্ৰাপ্তিৰ পিছত ভৈয়ামৰ জনগোষ্ঠীসকলেও তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ বাবে সংগঠিত হ’বলৈ যত্ন কৰিছিল। ভৈয়ামৰ জনজাতি সকলেও সংবিধানে প্ৰদান কৰা গণতান্ত্ৰিক অধিকাৰ আৰু ষষ্ঠ অনুসূচীৰ সুযোগ-সুবিধা সমূহ লাভ কৰাৰ বাবে আগ্ৰহী হৈ উঠিছিল কিন্তু চৰকাৰে তেওঁলোকৰ আশা-আকাংক্ষা পূৰণৰ ক্ষেত্ৰত অৱহেলাৰ মনোভাৱ লোৱা বুলি তেওঁলোকে ভাবিছিল। স্বাধীনতাৰ পিছত অনুষ্ঠিত হোৱা তিনিটা বিধানসভাৰ নিৰ্বাচনৰ পিছত উচ্চবৰ্ণৰ প্ৰতিনিধিয়ে মন্ত্ৰীসভাত প্ৰভাৱশালী ভূমিকা লোৱা কথাটোৱে ভৈয়ামৰ জনগোষ্ঠীসমূহৰ মাজত এনে ভাৱৰ জন্ম দিছিল।
(ট) ভাষা আন্দোলন
উত্তৰঃ অসমত অসমীয়া ভাষাৰ অস্তিত্বক কেন্দ্ৰ কৰি ১৯৬০ চনত পৰিস্থিতি উত্তেজনাপূৰ্ণ হৈ পৰে। ১৯৫১ চনৰ লোকপিয়ল অনুসৰি অসমীয়া ভাষী লোকৰ সংখ্যা ৭৫% হ’লেও অসম সাহিত্য সভা আৰু অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ লোকে ভাষাগত পৰিচয়ৰ প্ৰতি অনাঅসমীয়াৰ পৰা প্ৰত্যাহ্বান আহিব পাৰে বুলি সংশয় প্ৰকাশ কৰাৰ ফলত জাতিগত সংঘাতৰ বাতাবৰণৰ সৃষ্টি হয়। ভাষাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা আন্দোলনত ছাত্ৰ সমাজে সক্ৰিয় ভূমিকা লৈছিল। শেষত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৬খন জিলাত অসমীয়া ভাষাক মাধ্যম হিচাপে স্বীকৃতি প্ৰদান কৰা পিছতহে মাধ্যম আন্দোলনটোৰ শাম কাটে। ১৯৭২ চনত অসমীয়া ভাষাটো প্ৰাক্-স্নাতক আৰু স্নাতক পৰ্যায়ত মাধ্যম হিচাপে প্ৰয়োগ কৰা বিষয়টোক লৈ বৃহৎ আন্দোলন এটা আৰম্ভ হয়।
(ঠ) অসম আন্দোলন।
উত্তৰঃ অসম আন্দোলন হৈছে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে অবৈধ অনুপ্ৰবেশকাৰীসকলৰ বিৰুদ্ধে কৰা অসমীয়া মানুহৰ আন্দোলন। ইয়াক স্বাধীন ভাৰতৰ অন্যতম শক্তিশালী আন্দোলন হিচাপে গণ্য কৰা হয়। সদৌ অসম ছাত্ৰ সন্থা আৰু “সদৌ অসম গণ সংগ্ৰাম পৰিষদ”এ অসম আন্দোলনৰ নেতৃত্ব বহন কৰিছিল।
(ড) পথৰুঘাটৰ ৰণ।
উত্তৰঃ ১৮৯৪ চনৰ ২৮ জানুৱাৰী তাৰিখে অসমৰ দৰং জিলাৰ মঙ্গলদৈ চহৰৰ পৰা প্ৰায় ১৬ কিলোমিটাৰ পশ্চিমত অৱস্থিত পথৰুঘাট নামে ঠাইত স্থানীয় খেতিয়ক সকলে মাটিৰ খাজনা বৃদ্ধিৰ প্ৰতিবাদ কৰোঁতে ব্ৰিটিছ পক্ষই প্ৰতিবাদকাৰী কৃষকসকলৰ ওপৰত গুলিচালনা কৰে। পথৰুঘাটত সংঘটিত হোৱা এই বিদ্ৰোহকে পথৰুঘাটৰ ৰণ বুলি কোৱা হয়।
৩। ইয়াণ্ডাবু সন্ধিৰ চৰ্তাৱলী আৰু ফলাফল আলোচনা কৰা।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিত ভালেমান গুৰুত্বপূৰ্ণ চৰ্ত সন্নিৱিষ্ট কৰা হয় আৰু অসম তথা দাঁতিকাষৰীয়া ৰাজ্যসমূহৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰাতো বাৰুকৈয়ে পৰিলক্ষিত হয়।
ইংগ-বাৰ্মা যুদ্ধৰ আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে অসম ভূমিক মানৰ কবলৰ পৰা উদ্ধাৰ কৰি উভতি যোৱাৰ ইচ্ছা ব্যক্ত কৰিছিল যদিও দক্ষিণ-পূব এছিয়াত ব্ৰিটিছ সাম্ৰাজ্যবাদী আকাংক্ষা পূৰণৰ লক্ষ্য, আহোম ৰাজবংশৰ প্ৰতিনিধি সকলৰ মাজত সিংহাসনত লৈ হোৱা প্ৰতিযোগিতা আৰু অসমৰ প্ৰাকৃতিক সম্পদৰাজিক উপনিবেশিক শোষণৰ আওতালৈ অনাৰ বাবে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে আহোম ৰাজবংশৰ প্ৰতিনিধিৰ সৈতে কোনো আলাপ আলোচনা নকৰাকৈ ব্ৰহ্মদেশৰ ৰজাৰ সৈতে সন্ধিত মিলিত হৈ, অসমৰ ভৱিষ্যত নিৰ্ণয় কৰিছিল। এই সন্ধিৰ চৰ্তাৱলী তলত উল্লেখ কৰা হ’ ল-
(১) ব্ৰহ্মদেশ আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত স্থায়ী শান্তি আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক ৰক্ষা কৰা হ’ব।
(২) অসম, মণিপুৰ আৰু আৰাকান অঞ্চলবোৰ ইষ্ট-ইণ্ডিয়া কোম্পানীৰ শাসনৰ অধীনলৈ যায়; লগতে আভাৰ ৰজাই কছাৰী ৰাজ্য আৰু জয়ন্তীয়া ৰাজ্যৰ বিৰুদ্ধে কৰা আচৰণ বন্ধ কৰিবলৈ সন্মতি প্ৰদান কৰে।
(৩) যুদ্ধৰ ক্ষতিপূৰণ হিচাপে মান ৰজাই ইষ্ট ইণ্ডিয়া কোম্পানীক এক নিযুত পাউণ্ড আদায় দিবলৈ মান্তি হয়।
(৪) ব্ৰহ্মদেশৰ ৰাজধানী আভাত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কূটনৈতিক প্ৰতিনিধি ৰখাৰ অনুমতি প্ৰদান কৰা হয়।
এই সন্ধিৰ দুই নম্বৰ চৰ্ত অনুসৰি অসমখন ইষ্ট-ইণ্ডিয়া কোম্পানীক এৰি দিয়া বুলি উল্লেখ কৰিলেও বিষয়টো সন্দৰ্ভত ইয়াণ্ডাবু সন্ধিত সুস্পষ্টভাৱে উল্লেখ কৰা নাই। সন্ধিৰ দুই নম্বৰ দফাটোত এইদৰে উল্লেখ আছে- ‘আভাৰ ৰজাই অসম ৰাজ্যৰ ওপৰত থকা তেওঁৰ দাবী উঠাই লয় আৰু এই ৰাজ্য তথা ইয়াৰ তলতীয়া ৰাজ্যসমূহৰ লগতে চুবুৰীয়া ক্ষুদ্ৰ ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ক্ষেত্ৰত ভৱিষ্যতে হস্তক্ষেপ নকৰে।
ইয়াণ্ডাবু সন্ধিৰ ফলাফলঃ এই সন্ধিৰ ফলস্বৰূপে ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে কাছাৰ, জয়ন্তীয়া, মণিপুৰ আৰু অসমৰ ক্ষেত্ৰত গ্ৰহণ কৰা ৰাজনৈতিক সিদ্ধান্তবোৰ লক্ষ্য কৰিবলগীয়া। কোম্পানীয়ে ৰজা গোবিন্দ চন্দ্ৰ আৰু ৰজা ৰামসিংহক কাছাৰ আৰু জয়ন্তীয়া ৰাজ্য দুখন শাসন কৰাৰ কৰ্তৃত্ব প্ৰদান কৰে যদিও আহোম ৰাজ প্ৰতিনিধিসকলৰ ক্ষেত্ৰত এনে অধিকাৰ প্ৰদান কৰাৰ পৰা বিৰত থাকে।
কাছাৰঃ কাছাৰৰ ৰজা গোবিন্দ চন্দ্ৰই কোম্পানীক ১০,০০০ টকা বছৰেকীয়া বৰঙণি দিয়াৰ লগতে কাছাৰৰ আভ্যন্তৰীণ প্ৰশাসনত ব্ৰিটিছৰ হস্তক্ষেপ মানি লৈছিল।
জয়ন্তীয়াঃ জয়ন্তীয়া ৰজা ৰাম সিংহই কাছাৰৰ দৰে বছৰেকীয়া বৰঙণি দিবলগীয়া নহ’লেও তেওঁ ব্ৰিটিছ চৰকাৰৰ সামৰিক অভিযানবোৰত সহায় কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল আৰু ৰাজ্যখনৰ আভ্যন্তৰীণ প্ৰশাসন পৰিচালনাৰ ক্ষেত্ৰত গৱৰ্ণৰ জেনেৰেল কাউন্সিলৰ পৰামৰ্শ মানি চলিবলগীয়া হৈছিল।
মণিপুৰঃ মণিপুৰৰ বেলিকা ব্ৰিটিছৰ নীতি কিছু সুকীয়া আছিল। ইংগ-বাৰ্মা যুদ্ধকালত ব্ৰিটিছে মণিপুৰৰ ৰজা গম্ভীৰ সিংৰ আনুগত্যক লৈ সন্দেহ প্ৰকাশ কৰিছিল যদিও মানক কাছাৰ আৰু মণিপুৰৰ পৰা বিতাড়ণ কৰাৰ ক্ষেত্ৰত তেওঁ লোৱা ভূমিকা আছিল প্ৰশংসনীয়। এইবাবেই হয়তো ইংৰাজে ইয়াণ্ডাবু সন্ধিৰ দ্বাৰা গম্ভীৰ সিংহক মণিপুৰৰ ৰজাৰূপে স্বীকৃতি প্ৰদান কৰিলেও, এই সন্ধিয়ে সম্ভীৰ সিংৰ সৈতে ব্ৰহ্মদেশৰ সম্পৰ্ক ভৱিষ্যত কি ধৰণৰ হ’ব, তাক স্পষ্ট কৰা নাছিল। আভাত থকা ব্ৰিটিছ প্ৰতিনিধি মেজৰ বাৰ্ণিয়ে প্ৰেৰণ কৰা প্ৰতিবেদনত উল্লেখ কৰা মতে, ভৱিষ্যতে ব্ৰহ্মদেশে মণিপুৰৰ ওপৰত অধিকাৰ সাব্যস্ত কৰাৰ দাবী উত্থাপন নকৰে। যদিও যুদ্ধৰ সময়ত ব্ৰহ্মদেশৰ পৰা গম্ভীৰ সিঙে দখল কৰা কাব’ উপত্যকা ঘূৰাই বিচাৰে। এই কথাত ব্ৰিটিছ সন্মত হয়, কিয়নো ব্ৰিটিছ চৰকাৰে বিষয়টো নিষ্পত্তি কৰাৰ ক্ষেত্ৰত গম্ভীৰ সিঙক সৈমান কৰিব পাৰিব বুলি ভাবিছিল।
অসমঃ অসমৰ ক্ষেত্ৰত ইয়াণ্ডাবু সন্ধিৰ প্ৰভাৱ সম্পূৰ্ণ সুকীয়া। অসমক কাছাৰ আৰু জয়ন্তীয়াৰ সৈতে সন্ধিৰ দুই নম্বৰ দফাত অন্তৰ্ভুক্ত কৰিলেও, ব্ৰিটিছে অসমৰ প্ৰতিনিধিক সন্ধিৰ সৈতে যুক্ত কৰা নাছিল। ১৮২৩ চনতে ডেভিদ স্কটে আহোম ৰাজ পৰিয়ালৰ উপযুক্ত প্ৰতিনিধি এগৰাকীক অসম শাসনৰ দায়িত্ব দিয়াৰ প্ৰস্তাৱ আগবঢ়াইছিল। তেওঁ এই কথাটোও ভাবিছিল যে অসমখন যদি পুনৰ আহোম ৰাজপ্ৰতিনিধিক শাসন কৰিবলৈ দিয়া হয়, তেতিয়াও ব্ৰিটিছ চৰকাৰে অসমৰ আভ্যন্তৰীণ প্ৰশাসনত হস্তক্ষেপ কৰাৰ অধিকাৰ নিজ হাতত ৰাখিব লাগে। কিন্তু ইষ্ট-ইণ্ডিয়া কোম্পানীয়ে ডেভিদ স্কটৰ পৰামৰ্শক নামনি ওলোটাই তেওঁক জনালে যে ইংৰাজ চৰকাৰে পৰৱৰ্তী পৰ্যায়ত আহোম প্ৰতিনিধিক অসম শাসনৰ দায়িত্ব অৰ্পণ কৰাৰ কথাটোহে বিবেচনা কৰিব।
৪। ইংগ-বাৰ্মা যুদ্ধৰ কাৰণবোৰ চমুকৈ লিখা।
উত্তৰঃ ১৮২৩ চনৰ নৱেম্বৰ মাহত ৰংপুৰৰ কমিছনাৰৰ দায়িত্বৰ লগতে ডেভিদ স্কটক উত্তৰ-পূব সীমান্তৰ গৱৰ্ণৰ জেনেৰেলৰ এজেন্ট হিচাপে নিযুক্তি প্ৰদান কৰে। ডেভিদ স্কটে পঠোৱা কেইবাখনো প্ৰতিবেদন চালি জাৰি চাই, ইষ্ট-ইণ্ডিয়া কোম্পানীৰ গভৰ্ণৰ জেনেৰেল পৰিষদে মানক কঠোৰ শাস্তি প্ৰদান কৰা আৰু অসমৰ পৰা খেদি পঠিওৱাৰ বাবে নীতি-নিৰ্ধাৰণ কৰে। আৰাকান, অসম আৰু কাছাৰত মানে কৰা অনুপ্ৰৱেশৰ ঘটনাক ইষ্ট-ইণ্ডিয়া কোম্পানী আৰু ব্ৰহ্মদেশৰ মাজৰ যুদ্ধ সদৃশ বাতাবৰণ বুলি বিবেচনা কৰা হয় আৰু ১৮২৪ চনত ব্ৰহ্মদেশৰ বিৰুদ্ধে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যুদ্ধ ঘোষণা কৰে।
লেফটেনেন্ট ক’ল’ নেল ৰিচাৰ্ডৰ নেতৃত্বত এটা ব্ৰিটিছ সেনা বাহিনী ব্ৰহ্মপুত্ৰ উপত্যকালৈ অগ্ৰসৰ হয় আৰু ৰংপুৰ অধিকাৰ কৰে। কাছাৰ আৰু মণিপুৰৰ পৰাও মানসকলক খেদি পঠিওৱা হয়। একে সময়তে আৰাকান, টেনাচেৰিম, পেগু আৰু উজনি ব্ৰহ্মদেশত ইংৰাজ সেনাই মানৰ বিৰুদ্ধে সামৰিক অভিযান চলায় আৰু ইয়াৰ ফলত ব্ৰহ্মদেশৰ বৃহৎ ক্ষতি হয়। ইতিমধ্যে ১৮২৫ চনৰ এপ্ৰিল মাহত মিঙ্গিমাহা বন্দুলাৰ মৃত্যু হয় আৰু ১৮২৬ চনত মানে ব্ৰিটিছ সেনাৰ বিৰুদ্ধে প্ৰয়োজনীয় প্ৰতিৰোধ গঢ়ি তোলাত বিফল হয়। জেনেৰেল আৰ্চিবল কেম্বেলৰ নেতৃত্বত মূল ব্ৰিটিছ সেনাবাহিনীয়ে ব্ৰহ্মদেশৰ ৰাজধানী আভাৰ ওচৰত অৱস্থিত ইয়াণ্ডাবু নামৰ গাঁও এখনত উপস্থিত হয়। এনে পৰিস্থিতিত বাধ্য হৈ মান ৰজা বা-গী-দাও ইংৰাজক সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। মানৰজা বা-গী-দাও আৰু জেনেৰেল আৰ্চিবল কেম্বেলৰ মাজত ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হয়।
৫। পুৰন্দৰ সিংহ কোন? পুৰন্দৰ সিংহৰ শাসনৰ বিষয়ে টোকা প্ৰস্তুত কৰা।
উত্তৰঃ পুৰন্দৰ সিংহ (১৮১৮–১৯, ১৮৩৩–১৮৩৮) অসমৰ আহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁক দুবাৰ ৰজা পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক ৰজা পাতিছিল। ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায়।
পুৰন্দৰ সিংহই ব্ৰিটিছৰ সহায় লৈ ৰুচিনাথ বুঢ়াগোহাঁইৰ লগত মানক আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখে। প্ৰথম ইংগ’-বৰ্মী যুদ্ধৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰে। অচিনাকী ঠাইত শাসন কৰিবলৈ অসুবিধা পাই আৰু বিদেশী প্ৰশাসনৰ প্ৰতি স্থানীয় লোকৰ অসন্তোষ দেখি ব্ৰিটিছ প্ৰশাসনে উজনি অসম অংশ আহোম কোঁৱৰ এজনক গতাই দিবলৈ সিদ্ধান্ত লয়। পুৰন্দৰ সিংহ বাছনিত উঠাত ১৮৩৩ চনৰ এপ্ৰিলত শদিয়া আৰু মটক অঞ্চলৰ বাহিৰে গোটেই উজনি অসম আনুষ্ঠানিকভাৱে তেওঁক গতাই দিয়া হয়। বিনিময়ত পুৰন্দৰ সিংহই বছৰি ৫০,০০০ টকা কৰ দিবলৈ গাত লয়। ১৮৩৩ চনত নিয়মিতভাৱে কৰ নোশোধোৱা পুৰন্দৰ সিংহক অনুপযুক্ত যেন দেখি ব্ৰিটিছে তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু ফলত আহোম ৰাজবংশৰ ৬০০ বছৰীয়া শাসনৰ অন্ত পৰে।
৬। ফুলগুৰি কৃষক বিদ্ৰোহৰ কাৰণবোৰ ফঁহিয়াই লিখা।
উত্তৰঃ ১৮৬১ চনত নগাওঁ জিলাৰ ফুলগুৰি অঞ্চলৰ কৃষক ৰাইজে ব্ৰিটিছৰ খাজনা নীতিৰ বিৰুদ্ধে ৰাইজ মেল পাতি বিদ্ৰোহৰ সূচনা কৰিছিল। ১৮৬০ চনত ব্ৰিটিছ চৰকাৰে কানিৰ খেতি নিষিদ্ধ কৰে আৰু চৰকাৰৰ এনে সিদ্ধান্তই অসমৰ আন ঠাইৰ লগতে ফুলগুৰি অঞ্চলৰ বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ ঘৰুৱা অৰ্থনীতি ভাঙি পেলায়। এই অঞ্চলটোত প্ৰদেশখনৰ ভিতৰতে কানি খোৱা লোকৰ সংখ্যা আছিল অধিক। কানি খেতি নিষিদ্ধ কৰা কথাটোক কৃষকসকলে জনসাধাৰণৰ সামাজিক ৰীতি আৰু অভ্যাসৰ ওপৰত ব্ৰিটিছৰ অহেতুক হস্তক্ষেপ বুলি ক্ষোভ প্ৰকাশ কৰিছিল। এই সময়তে ব্ৰিটিছ চৰকাৰে অনুজ্ঞাপত্ৰৰ ওপৰত কৰ লগোৱাৰ বাবে প্ৰস্তুতি চলোৱাৰ সংবাদে কৃষকসকলে সতৰ্ক কৰি তোলে। ফুলগুৰি অঞ্চলৰ তিৱা আৰু কছাৰী জনগোষ্ঠীৰ কৃষকসকলে ঘৰ-বাৰী আৰু তামোল-পাণৰ ওপৰত ব্ৰিটিছ সুকীয়া কৰ আৰোপ কৰিব বুলি ওলোৱা উৰা বাতৰিত পতিয়ন গৈ বিদ্ৰোহৰ পথ লয়। ১৮৬১ চনৰ ১৭ ছেপ্টেম্বৰত নগাঁৱৰ সগৰত প্ৰায় এহেজাৰ কৃষকে ব্ৰিটিছৰ কৰ নীতিৰ বিৰুদ্ধে প্ৰতিবাদ জনায়।
ডেপুতি কমিছনাৰ স্কন্’চে কৃষকসকলক শান্ত কৰাত ব্যৰ্থ হয় আৰু এদল ৰায়তে বলপূৰ্বকভাৱে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰে। এনে তথাকথিত আইন বিৰোধী কাৰ্যৰ বাবে ডেপুতি কমিছনাৰে তেওঁৰ কাৰ্যালয়ত প্ৰৱেশ কৰা কৃষকসকলক গ্ৰেপ্তাৰ কৰে আৰু জৰিমনা বিহে। এই ঘটনাৰ চাৰি সপ্তাহ পিছত কৃষকসকলে কানি খেতি নিষিদ্ধ কৰা আৰু অন্যান্য কৰৰ বিৰুদ্ধে আন এটি প্ৰতিবাদী কাৰ্যসূচী লয়। চৰকাৰৰ পৰা কোনো ধৰণৰ সদুত্তৰ লাভ নকৰাত কৃষকসকলে কৰ নিদিয়াৰ সিদ্ধান্ত লয় আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণৰ বাবে এখন ৰাইজমেলৰ আহ্বান কৰে। দূৰ-দূৰণিৰ কৃষকসকলে যাতে ৰাইজমেলত অংশ ল’ব পাৰে, সেয়েহে পাঁচদিনীয়াকৈ ৰাইজমেল পতাৰ সিদ্ধান্ত লোৱা হৈছিল।
ৰাইজমেলৰ প্ৰথম দিনা ডেপুতি কমিছনাৰে এটা পুলিচ বাহিনী পঠিয়াই কৃষক নেতাসকলক গ্ৰেপ্তাৰ কৰে আৰু সমবেত ১০০০ কৃষকক খেদি পঠিওৱাৰ ব্যৱস্থা হাতত লয়। ৰায়তসকলে চৰকাৰী নিৰ্দেশক অগ্ৰাহ্য কৰে আৰু দাৰোগাই পুলিচ বাহিনীক উভটাই নিবলৈ বাধ্য হয়। যাৰ ফলত পৰিবেশ উত্তেজনাময় হৈ পৰে আৰু ডেপুতি কমিছনাৰে লেফটেনেন্ট চিংগাৰক পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে পুলিচ বাহিনীৰে সৈতে ফুলগুৰিলৈ পঠিয়ায়। ইতিমধ্যে ষাঠি-জোং লৈ ৩০০০ তকৈ অধিক কৃষকে ফুলগুৰিত সমবেত হৈছিল। চিংগাৰে কৃষকসকলক আঁতৰি যাবলৈ নিৰ্দেশ জাৰি কৰে। উত্তেজিত কৃষকসকলে চিংগাৰক হত্যা কৰি কলং নদীত উটুৱাই দিয়ে । শেষত ডেপুতি কমিছনাৰে নিজে আহি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
ফুলগুৰিৰ কৃষক বিদ্ৰোহ পূৰ্ব পৰিকল্পিত নাছিল। এই বিদ্ৰোহত তিৱা আৰু কছাৰী কৃষকসকলৰ লগতে আন সম্প্ৰদায়ৰ কৃষকসকলেও অংশগ্ৰহণ কৰিছিল। ডেপুটি কমিছনাৰৰ অনাহক হস্তক্ষেপমূলক কাৰ্য্যই কৃষক সকলৰ মাজত দকৈ শিপাই থকা ক্ষোভৰহে উদ্গীৰণ ঘটাইছিল। ফুলগুৰিৰ কৃষক বিদ্ৰোহে অসমত এলানি কৃষক বিদ্ৰোহৰ বাট মোকলাই দিছিল।
৭। বংগ ভংগ পৰিকল্পনা আৰু ইয়াৰ ফলাফল আলোচনা কৰা।
উত্তৰঃ বংগ ভংগ পৰিকল্পনাঃ- বংগ ভংগ আঁচনিৰ যোগেদি ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ বংগ প্ৰদেশক দ্বিখণ্ডিত কৰি হিন্দু বঙালী আৰু বুদ্ধিজীৱীসকলক দুয়োখন প্ৰদেশতে সংখ্যালঘুত পৰিণত কৰিব বিচাৰিছিল। লৰ্ড কাৰ্জনৰ উদ্দেশ্য আছিল ব্ৰিটিছ সাম্ৰাজ্যবাদক শক্তিশালী ৰূপত গঢ়ি তোলা। এই উদ্দেশ্য আগত ৰাখি বংগ বিভাজনৰ যোগেদি ৰাজনৈতিক চেতনাসম্পন্ন হিন্দু বঙালীসকলক পংগু কৰি জাতীয়তাবাদ বিকাশৰ পথত হেঙাৰ দিব বিচাৰিছিল।
বংগ ভংগ ফলাফলঃ- বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। বংগ বিভাজনে ভাৰতীয় ৰাজনীতিত সাম্প্ৰদায়িক বীজ ৰোপণ কৰি হিন্দু মুছলমানৰ মাজত বিভাজন আনি ইংৰাজ চৰকাৰৰ পৃষ্ঠপোষকতাত ১৯০৬ চনত মুছলীম লীগ জন্ম হৈছিল।
৮। অসমত মন্টেগু-চেমচফোৰ্ড সংস্কাৰৰ প্ৰভাৱ কিদৰে পৰিছিল?
উত্তৰঃ প্ৰথম বিশ্বযুদ্ধ আৰম্ভ হোৱাৰ ফলত সাংবিধানিক সংস্কাৰ প্ৰক্ৰিয়াটো ব্যাহত হয়। খাদ্য সামগ্ৰীৰ নাটনি, মূল্যবৃদ্ধি, মহামাৰী আদিয়ে প্ৰদেশখনৰ অৱস্থা ভয়াৱহ কৰি তোলে। ভাৰতবৰ্ষত সাংবিধানিক অধিকাৰৰ দাবী পূৰ্বতকৈ শক্তিশালী ৰূপত উত্থাপিত হয়। এনে পৰিস্থিতিত ব্ৰিটিছ ৰাষ্ট্ৰ সচিব ই.এচ. মন্টেগুৱে দেশৰ ৰাজনৈতিক পৰিস্থিতি ব্যক্তিগতভাৱে চালি-জাৰি চোৱাৰ বাবে ভাৰত ভ্ৰমণৰ সিদ্ধান্ত লয়। ভাইচৰয় লৰ্ড চেমচ্ফোৰ্ডৰ সৈতে মন্টেগুৱে ভাৰত ভ্ৰমণ কৰাৰ সময়ত সমাজৰ বিভিন্ন প্ৰতিনিধিক সাক্ষাৎ কৰে। মন্টেগু-চেমচ্ফোৰ্ড সংস্কাৰে মূলতঃ ভাৰতত স্বশাসিত অনুষ্ঠানসমূহ পৰ্যায়ক্ৰমে প্ৰৱৰ্তন কৰাৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰে। কংগ্ৰেছৰ দলৰ এচামে এই সংস্কাৰক আদৰণি জনালেও, আন এচামে শীঘ্ৰে স্বশাসনৰ বিষয়টে প্ৰৱৰ্তন কৰাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিছিল।
মন্টেগু চেমচ্ফোৰ্ড সংস্কাৰ আঁচনিত অসমক অন্তৰ্ভুক্ত কৰা হ’বনে নাই, এই কথাটো স্পষ্টকৈ কোৱা হোৱা নাছিল। এই বিষয়টোক কেন্দ্ৰ কৰি চীফ্ কমিছনাৰ বিটচন বেল, অসমত থকা ইউৰোপীয় সম্প্ৰদায় আৰু অন্যান্য, সামাজিক ৰাজনৈতিক সংগঠনবোৰৰ মাজত তীব্ৰ মতবিৰোধৰ সৃষ্টি হৈছিল। অসম এছ’ছিয়েশ্বনে অসমক সংস্কাৰ আঁচনিত অন্তৰ্ভুক্ত কৰাৰ বাবে নবীন চন্দ্ৰ বৰদলৈক কলিকতাস্থিত সংসদীয় কমিটীক অৱগত কৰিবলৈ দায়িত্ব অৰ্পণ কৰে। ১৯১৯ চনৰ মে’ মাহত প্ৰস্তাৱিত মন্টেগু-চেমচ্ফোৰ্ড সংস্কাৰ বিলখন ব্ৰিটিছ সংসদত উত্থাপন কৰাৰ সময়ত ভাৰতীয় প্ৰতিনিধি দলত নবীন চন্দ্ৰ বৰদলৈ আৰু প্ৰসন্ন কুমাৰ বৰুৱাই অসমক প্ৰতিনিধিত্ব কৰিছিল। ভাৰতীয় প্ৰতিনিধি দলৰ স্বায়ত্ত শাসনৰ দাবীক ব্ৰিটিছ সংসদে অনুমোদন নজনালেও অসম এছ’ছিয়েশ্বনে প্ৰেৰণ কৰা প্ৰতিনিধি দুজনৰ তৎপৰতাৰ বাবে শেষত সংস্কাৰ আঁচনিত অসমক অন্তৰ্ভুক্ত কৰা হৈছিল।
দেশত গঢ়ি উঠা স্বদেশী আৰু হোমৰুল আন্দোলন, বিপ্লৱী কৰ্মকাণ্ড, সমসাময়িক বিশ্বৰ ঘটনাপ্ৰৱাহ আৰু গোখলে, তিলক, বিপিন চন্দ্ৰ পাল আদিৰ তেজোদীপ্ত ভাষণে তৰুণ চামৰ মাজত ৰাজনৈতিক চেতনাৰ উন্মেষ ঘটায়। এনে সচেতনতাৰ ফলস্বৰূপে ১৯১৬ চনত আসাম ষ্টুডেন্টচ্ কনফাৰেন্স নামৰ ছাত্ৰ সংগঠন এটিয়ে প্ৰতিষ্ঠা লাভ কৰে। পৰৱৰ্তী কালত এই সংগঠনটোৰ নাম ৰখা হয় অসম ছাত্ৰ সন্মিলন। নতুনকৈ প্ৰতিষ্ঠা লাভ কৰা ছাত্ৰ সংগঠনটো অৰাজনৈতিক হ’লেও এই সংগঠনটোৰ পৰাই চন্দ্ৰনাথ শৰ্মা, অমিয় কুমাৰ দাস, হেমচন্দ্ৰ বৰুৱা, পদ্মধৰ চলিহা আদি নেতাৰ জন্ম হয় আৰু পৰৱৰ্তী কালত এওঁলোকে ব্ৰিটিছ বিৰোধী সংগ্ৰামৰ নেতৃত্ব প্ৰদান কৰে।
৯। জালিৱানৱালা বংগ হত্যাকাণ্ড বুলিলে কি বুজা?
উত্তৰঃ ১৩ এপ্ৰিল ১৯১৯ চনত ৰাওলাট আইনখনৰ প্ৰতিবাদ কৰাৰ বাবে অমৃতসৰৰ জালিয়ানৱালা বাগত এখন গণসভা অনুষ্ঠিত হৈছিল। সভাখন অনুষ্ঠিত হৈ থাকোতেই হঠাতে জেনেৰেল জায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায়, নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নিৰ্দয়ভাবে গুলি চলাবলৈ আৰম্ভ কৰিচিল। ফলত বহু লোকৰ মৃত্যু হৈছিল। এই নিষ্ঠুৰ ঘটনাক জালিৱানৱালা বাগৰ হত্যাকাণ্ড বুলি কোৱা হয়। এই হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা ‘নাইট’ উপাধি পৰিত্যাগ কৰিছিল।
১০। আইন অমান্য আন্দোলনত ছাত্ৰ-ছাত্ৰীৰ ভূমিকা সম্পৰ্কে লিখা।
উত্তৰঃ অসমৰ জনসাধাৰণে গান্ধীজীৰ আহ্বানৰ প্ৰতি পূৰ্ণ সঁহাৰি জনালেও অসম প্ৰাদেশিক কংগ্ৰেছ নেতৃত্বই আইন অমান্য আন্দোলন গঢ়ি তোলাৰ বাবে অসম সাজু নহয় বুলি মত আগবঢ়াইছিল। তৰুণৰাম ফুকনে আইন অমান্য আন্দোলনৰ বিৰোধিতা কৰাৰ লগতে ৰোহিণীকুমাৰ চৌধুৰী আৰু নবীন চন্দ্ৰ বৰদলৈয়ে আন্দোলনটোৰ প্ৰতি উৎসাহ প্ৰদান কৰা নাছিল। কিন্তু বিষ্ণুৰাম মেধি, হেমচন্দ্ৰ বৰুৱা, সিদ্ধিনাথ শৰ্মা, অম্বিকাগিৰি ৰায়চৌধুৰী আদিয়ে আন্দোলনটোৰ প্ৰতি সমৰ্থন ব্যক্ত কৰিছিল যদিও আৰ্থিক অভাৱৰ বাবেই তেওঁলোকে কংগ্ৰেছ স্বেচ্ছাসেৱক সকলক আইন অমান্য আন্দোলনৰ বাবে সাজু কৰি তোলাত অসুবিধাৰ সন্মুখীন হৈছিল। অসমত লোণৰ খনি নথকাৰ বাবে ৰাজ্যখনত লোণ আইন ভংগ কৰাটোও সম্ভৱ হোৱা নাছিল।
ছাত্ৰসমাজৰ ওপৰত আইন অমান্য আন্দোলনে বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰা নাছিল। কিন্তু ১৯৩০ চনৰ মে’ মাহত শিক্ষা সঞ্চালক জে.আৰ.কানিংহামে ঘোষণা কৰা চাৰ্কুলাৰখনে ছাত্ৰ সমাজক সচকিত কৰি তোলে। কানিংহাম চাৰ্কুলাৰ মৰ্মে, পাঠৰত ছাত্ৰসকলে শিক্ষানুষ্ঠানত কোনো ধৰণৰ ৰাজনৈতিক কৰ্মকাণ্ডত অংশগ্ৰহণ নকৰে বুলি তেওঁলোকৰ পিতৃ-মাতৃ তথা অভিভাৱকে চৰকাৰক লিখিতভাৱে জনাব লাগিব। কোনোবা ছাত্ৰই ধৰ্ণা, হৰতাল আৰু আন ৰাজনৈতিক কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে অথবা স্কুল কৰ্তৃপক্ষক অমান্য কৰিলে তেনে ছাত্ৰৰ ওপৰত জৰিমনা বিহাৰ লগতে জলপানি আৰু ছাত্ৰনিবাসৰ আসন বাতিল কৰি দিয়া হ’ব।
ইয়াতকৈও অধিক অপৰাধত লিপ্ত ছাত্ৰ-ছাত্ৰীক স্কুলৰ পৰা বহিষ্কাৰ কৰা হ’ব। কানিংহাম ছাৰ্কুলাৰখনে ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। ছাত্ৰ সমাজে এনে অপমানজনক ছাৰ্কুলাৰৰ বিৰুদ্ধে ৰাজপথত নামিবলৈ সাজু হয়। চাৰ্কুলাৰখনৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী লোৱাৰ বাবে গুৱাহাটীত অসম ছাত্ৰ সন্মিলনৰ বিশেষ অধিৱেশন অনুষ্ঠিত হয়। ছাত্ৰ সন্মিলনে চৰকাৰী শিক্ষানুষ্ঠান অৱৰোধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। চৰকাৰী তথ্যমতে ১৯৩০ চনৰ জুলাইৰ পৰা আগষ্ট মাহছোৱাত ১৫,১৮৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে স্কুল ত্যাগ কৰিছিল। ছাত্ৰসকলে সুৰা-বিপণি আৰু কানিৰ দোকানো অৱৰোধ কৰিছিল। ছাত্ৰ সমাজৰ আন্দোলনৰ প্ৰতি সঁহাৰি জনাই কৃষকসকলেও মাটিৰ খাজনা ৫০% হ্ৰাস কৰাৰ দাবী উত্থাপন কৰে। বিভিন্ন ঠাইত বনাঞ্চল আইন ভংগ কৰা হয়। চৰকাৰী স্কুল জ্বলাই দিয়ে আৰু চৌকীদাৰী কৰ নিদিয়াৰ বাবে আহ্বান জনায়।
১১। অসমৰ স্বাধীনতা আন্দোলনত নাৰীৰ অৱদান ব্যাখ্যা কৰা।
উত্তৰঃ মহাত্মা গান্ধীয়ে অসম ভ্ৰমণকালত মহিলাসকলক অসহযোগ আন্দোলনত অংশ লোৱাৰ বাবে দিয়া আহ্বানৰ প্ৰতি সঁহাৰি জনাই হাজাৰ-বিজাৰ অসমীয়া মহিলাই ‘গান্ধী মহাৰাজৰ জয়’, ‘বন্দে মাতৰম’ আদি ধ্বনিৰে আকাশ বতাহ মুখৰিত কৰিছিল। গান্ধীয়ে নাৰী সমাজক সাহস, বুদ্ধিমত্তা আৰু অদম্য শক্তিৰ প্ৰতীক ৰূপে বিবেচনা কৰিছিল। মহিলাসকলে পুৰুষ সমাজৰ লগত সমানে সমানে প্ৰতিবাদ কাৰ্যসূচীত অংশগ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামৰ সেনানীত পৰিণত হৈছিল। অৱশ্যে, আৰম্ভণিতে সামাজিক ৰক্ষণশীলতাৰ বাবে কমসংখ্যক মহিলাই অসহযোগ আন্দোলনত অংশ লৈছিল। এই সকলৰ ভিতৰত অন্যতম আছিল বিদ্যুৎপ্ৰভা দেৱী, গিৰিজা দেৱী, হেমন্ত কুমাৰী দেৱী, নলিনীবালা দেৱী, পুষ্পলতা দাস, গুণেশ্বৰী নাথ, চন্দ্ৰপ্ৰভা শইকীয়ানী আদি। এই মহিলা নেত্ৰীসকলে গাঁৱে-ভূঁঞে গৈ সাধাৰণ মহিলাক ব্ৰিটিছ বিৰোধী আন্দোলনত যোগদান কৰা বাবে সংগঠিত কৰিছিল।
গান্ধীৰ আহ্বানে আঢ্যৱন্ত মহিলাসকলৰ উপৰিও সমাজৰ সাধাৰণ শ্ৰেণীৰ মহিলাকো চুই গৈছিল। দৃষ্টান্ত স্বৰূপে দৰঙৰ লালমাটি চাহ বাগিচাৰ মহিলা শ্ৰমিক মাংৰী মেম বা মালতীৰ কথা উল্লেখ কৰিব পাৰি। এই সাধাৰণ মহিলা শ্ৰমিকগৰাকীয়ে চাহ বাগানত সুৰা নিষিদ্ধ কৰাৰ বাবে পিকেটিং কৰাৰ অপৰাধত চাহ-মালিকৰ হাতত মৃত্যুবৰণ কৰিবলগীয়া হয়। মাংৰী মেময়েই আছিল অসহযোগ আন্দোলনৰ প্ৰথম অস্বীকৃত ছহিদ। কামৰূপ জিলাৰ গৰৈমাৰী গাঁৱৰ ভানুমতী তালুকদাৰে নিজৰ ঘৰ-বাৰী এৰি কংগ্ৰেছ দলৰ সৰ্বক্ষণ কৰ্মীৰ দায়িত্ব লোৱাৰ বাবে, ‘ভলুন্টিয়াৰণী বাই’ নামেৰে জনাজাত হৈ পৰিছিল আৰু মহাত্মা গান্ধীয়ে তেওঁক ‘অসমৰ সৰোজনী’ আখ্যা দিছিল। প্ৰমিলা মেদক নামৰ গোলাঘাটৰ মিচিং মহিলা এগৰাকীয়ে স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ বাবে মিচিং সমাজে এঘৰীয়া কৰাৰ পিছতো অসহযোগ আন্দোলনৰ পৰা আঁতৰি যোৱা নাছিল।
অসহযোগ আন্দোলনৰ সময়ছোৱাত প্ৰিন্স অব্ ৱেলছৰ ভাৰত ভ্ৰমণৰ বিৰুদ্ধে দেশৰ লগতে অসমতো ১৯২১ চনৰ ১৭ নৱেম্বৰ তাৰিখে হৰতাল কাৰ্যসূচী পালন কৰা হয়। ব্ৰিটিছ চৰকাৰে এই হৰতালক বাধা দিয়াৰ বাবে তিনিটা পন্থা অৱলম্বন কৰিছিল-
(১) প্ৰভাৱশালী নেতা কিছুমানক বিশেষ সা-সুবিধা তথা সন্মান প্ৰদান কৰিছিল।
(২) দমনমূলক ব্যৱস্থাৰে আন্দোলনটোক প্ৰতিহত কৰিবলৈ চেষ্টা কৰিছিল।
(৩) দেশবাসীৰ মাজত সাম্প্ৰদায়িকতাৰ বিষবাষ্প বিয়পাই হিন্দু-মুছলমানৰ মাজত বিভাজন সৃষ্টি কৰিছিল।
১২। অসমত কেবিনেট মিচনৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ পৰা আঁতৰি যোৱাৰ মানসেৰে ব্ৰিটিছে ভাৰতবৰ্ষত এখন দেশীয় চৰকাৰ গঠন আৰু সংবিধান প্ৰণয়ন কৰাৰ পৰিকল্পনা লৈ ১৯৪৬ চনৰ মাৰ্চ মাহত ভাৰতলৈ কেবিনেট মিছন প্ৰেৰণ কৰে। এই মিছনৰ সদস্য তিনিগৰাকী আছিল- স্বৰাষ্ট্ৰ সচিব পেথিক লৰেন্স, বোৰ্ড অব্ ট্ৰেডৰ সভাপতি ষ্টাফোৰ্ড ক্ৰিপছ আৰু ফ্ৰাষ্ট লৰ্ড অব অড্মিৰেলিটি, এ.ভি. আলেকজেণ্ডাৰ। কেবিনেট মিছনে পৃথক পাকিস্তানৰ দাবীক অগ্ৰাহ্য কৰি ঐক্যৱদ্ধ ভাৰতবৰ্ষৰ বাবে তিনিটা গ্ৰুপিংৰ (Grouping)ৰ প্ৰস্তাৱ আগবঢ়ায়।
গ্ৰুপিং তিনিটা হ’ল-
(১) মাাদ্ৰাজ, বোম্বাই, উত্তৰপ্ৰদেশ, বিহাৰ, কেন্দ্ৰীয় প্ৰদেশ আৰু উৰিষ্যা।
(২) পঞ্জাৱ, উত্তৰ-পশ্চিম সীমান্ত প্ৰদেশ আৰু সিন্ধু প্ৰদেশ।
(৩) বঙ্গদেশ আৰু অসম।
প্ৰতিটো গ্ৰুপিঙে সুকীয়া সুকীয়া সংবিধান প্ৰণয়নৰ বাবে পৃথক পৃথককৈ মিলিত হ’ব। তিনিওটা প্ৰুপিংৰ বাবে প্ৰতিৰক্ষা, বৈদেশিক আৰু সংযোগ দপ্তৰ সমন্বিতে এটা উমৈহতীয়া কেন্দ্ৰ থাকিব। প্ৰথম সাধাৰণ নিৰ্বাচনৰ পিছত ইচ্ছা কৰিলে প্ৰদেশ এখনে নিজক অন্তৰ্ভূক্ত কৰা গ্ৰুপিংৰ পৰা ওলাই আহিব পাৰিব আৰু দহ বছৰৰ অন্তত প্ৰতিটো ক্ষেত্ৰ আৰু কেন্দ্ৰীয় সংবিধানৰ পৰিৱৰ্তনৰ বাবে দাবী উত্থাপন কৰিব পাৰিব। গ্ৰুপ বা প্ৰুপিঙক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু লীগৰ মাজত মতানৈক্যৰ সৃষ্টি হৈছিল। কংগ্ৰেছ আৰু লীগে নিজ নিজ স্থিতিত থাকি কেবিনেট মিছনৰ ব্যাখ্যা আগবঢ়াইছিল। আনহাতে কেবিনেট মিছনৰ প্ৰস্তাৱত গ্ৰুপিং ব্যৱস্থাটো বাধ্যতামূলক নে বাধ্যতামূলক নহয়, এই বিষয়টো স্পষ্ট কৰি দিয়া হোৱা নাছিল।
অসম প্ৰদেশ কংগ্ৰেছে কেবিনেট মিছনৰ গ্ৰুপিং ব্যৱস্থাৰ প্ৰতিবাদ কৰিছিল। অসমক বঙ্গদেশৰ লগত সাঙুৰি দিলে, ৰাজ্যখনৰ স্বকীয় পৰিচয় বিলুপ্ত হ’ব আৰু মুছলিম লীগৰ ৰাজনৈতিক ডবাখেলৰ গুটিত পৰিণত হ’বগৈ। সমগ্ৰ বিষয়টো অৱগত কৰাৰ বাবে গোপীনাথ বৰদলৈয়ে তেওঁৰ দুই সতীৰ্থ বিজয় চন্দ্ৰ ভাগৱৰ্তী আৰু মহেন্দ্ৰ মোহন চোধুৰীক গান্ধীজীক সাক্ষাৎ কৰিবলৈ শ্ৰীৰামপুৰলৈ পঠিয়ায়। অসমক বঙ্গদেশৰ লগত চামিল কৰিব খোজা গ্ৰুপিং ব্যৱস্থাৰ বিৰুদ্ধে হৰেশ্বৰ গোস্বামী, দেৱকান্ত বৰুৱা, হৰেশ্বৰ নাথ বৰুৱা, পুষ্পলতা দাস আদি আন কেইগৰাকীমান কংগ্ৰেছ নেতা-নেত্ৰীয়ে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতৃত্বক লগ কৰাৰ বাবে পাটনা, কলিকতা আৰু দিল্লীলৈ যাবলগীয়া হৈছিল। গোপীনাথ বৰদলৈয়ে অসম বিধানসভাত কেবিনেট মিছনৰ গ্ৰুপিং ব্যৱস্থাৰ বিৰোধিতা কৰি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
ইফালে ব্ৰিটিছ ১৯৪৬ চনৰ ২ ছেপ্টেম্বৰত নেহৰুৰ নেতৃত্বত এখন অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ আহ্বান জনালে। মহম্মদ আলী জিন্নাই এনে প্ৰস্তাৱৰ বিৰুদ্ধাচৰণ কৰাৰ বাবে প্ৰত্যক্ষ সংগ্ৰামৰ হুংকাৰ দি ‘লড়কে লেংগে পাকিস্তান’ শ্লোগান দিবলৈ আৰম্ভ কৰিলে। জিন্নাৰ এনে উচটনিমূলক আহ্বানে দেশত সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি কৰিলে। কলিকতা, পাঞ্জাব, নোৱাখালি আদিত সংঘটিত হ’ল ব্যাপক সাম্প্ৰদায়িক সংঘৰ্ষ। লীগে অন্তৱৰ্তীকালীন চৰকাৰত অংশলৈ প্ৰত্যক্ষ সংগ্ৰামৰ কাৰ্যসূচী অব্যাহত ৰাখিলে। কংগ্ৰেছে দাবী জনালে যে মুছলিম লীগে প্ৰত্যক্ষ সংগ্ৰামৰ কাৰ্যসূচী বন্ধ কৰক, নহ’লে অন্তৱৰ্তী চৰকাৰৰ পৰা আঁতৰি যাওক। লীগে ওলোটাই বিধানসভা ভংগ কৰাৰ দাবী জনালে। এনে সময়তে এটলিয়ে ঘোষণা কৰিলে যে ১৯৪৮ চনৰ ৩০ জুনৰ দিনা ব্ৰিটিছে ভাৰতক ক্ষমতা হস্তান্তৰ কৰিব আৰু এই উদ্দেশ্যে লৰ্ড ৱাভেলৰ সলনি লৰ্ড মাউন্টবেটেনক ভাইছৰয়ৰূপে নিযুক্তি দিয়া হয়।
মাউন্টবেটেন ভাৰতলৈ অহাৰ সময়ত হস্তান্তৰৰ বাবে পৰিবেশ অনুকূল হৈ থকা নাছিল। মুছলিম লীগে পাকিস্তানৰ দাবীত অটল স্থিতি গ্ৰহণ কৰিছিল। মাউন্টবেটেনে আগবঢ়োৱা প্ৰস্তাৱমৰ্মে ভাৰতক দ্বিখণ্ডিত কৰা হৈছিল আৰু এই কাম কংগ্ৰেছ তথা লীগক সন্তুষ্ট কৰাৰ বাবে পঞ্জাৱ আৰু বংগ দেশক ভাগ কৰাৰ আঁচনি লৈছিল আৰু ছিলেটে অসমৰ সৈতে থকা নথকা কথাটো গণভোটৰ দ্বাৰা নিৰ্ধাৰণ কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। এনেকৈয়ে মাউন্টবেটেনৰ প্ৰস্তাৱে পাকিস্তান সৃষ্টিৰ সম্ভাৱনাক প্ৰকট কৰি তোলে। ৩ জুনত প্ৰস্তুত কৰা মাউন্টবেটেনৰ ভাৰত বিভাজনৰ প্ৰস্তাৱমৰ্মে ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰা হ’ব বুলি উল্লেখ কৰা হয়। ১৯৪৭ চনৰ ১৮ জুলাই তাৰিখে মহাৰাণীয়ে স্বাধীন ভাৰত বিলখনত স্বাক্ষৰ প্ৰদান কৰে। মাউন্টবেটেনৰ প্ৰস্তাৱৰ ফলস্বৰূপে অসমত গ্ৰুপিং বিৰোধী আন্দোলনৰো সমাপ্তি ঘটে। ১৯৪৭ চনৰ ৬ আৰু ৭ জুলাই তাৰিখে ছিলেটত গণভোটৰ আয়োজন কৰা হয় আৰু ফলাফল ঘোষণা কৰাৰ পিছত ৫৬% লোকে পাকিস্তানৰ লগত আৰু ৪৩% লোকে অবিভক্ত অসমৰ সৈতে ভাৰতবৰ্ষত চামিল হোৱাৰ বাবে ভোটদান কৰে। এনেকৈয়ে ছিলেট জিলাখনে পূব পাকিস্তানৰ অন্তৰ্ভূক্ত হয়। চিৰিল ৰেডক্লিফক পূব পাকিস্তান আৰু অসমৰ সীমা নিৰ্ধাৰণ কৰাৰ দায়িত্ব অৰ্পণ কৰা হয়।
১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতবৰ্ষই পূৰ্ণ স্বৰাজ অৰ্জন কৰাৰ মাজেদি সুদীৰ্ঘ স্বাধীনতা সংগ্ৰামৰ সামৰণি পৰে। অসম ভাৰতীয় যুক্তৰাষ্ট্ৰ কাঠামোৰ অন্তৰ্ভূক্ত হয়। স্বাধীন ভাৰতত অসমৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী ৰূপে গোপীনাথ বৰদলৈয়ে দায়িত্ব গ্ৰহণ কৰে।
১৩। ভাৰত-চীন যুদ্ধৰ পটভূমি বৰ্ণনা কৰা।
উত্তৰঃ ১৯৬২ চনত চীন আৰু ভাৰতৰ মাজত সীমান্তক কেন্দ্ৰ কৰি সৃষ্টি হোৱা যুদ্ধত অসম প্ৰত্যক্ষভাবে সাঙোৰ খাই পৰে। চীনা সৈন্যই বোমডিলা দখল কৰি পুৰণি দৰং জিলাত প্ৰৱেশ কৰাৰ সময়ত জিলা প্ৰশাসনৰ উচ্চ বিষয়াসকলে যুদ্ধ সন্ত্ৰস্ত সাধাৰণ মানুহক এৰি থৈ নগাঁও, গুৱাহাটী আদিলৈ পলাই আহিছিল। প্ৰশাসনৰ এনে অবাঞ্ছিত আচৰণক জনসাধাৰণে সমালোচনা কৰিছিল। চীন-ভাৰত যুদ্ধৰ পিছত খাদ্য সামগ্ৰীৰ অভূতপূৰ্ব মূল্য বৃদ্ধিয়ে ছাত্ৰ সমাজক সজাগ কৰি তোলে আৰু ১৯৬৪ চনত মূল্য বৃদ্ধিৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীসকলে এটা বৃহৎ আন্দোলন গঢ়ি তুলিছিল। চীন-ভাৰত যুদ্ধই কেন্দ্ৰীয় চৰকাৰক উত্তৰ-পূৰ্বাঞ্চলৰ সামৰিক গুৰুত্বৰ বিষয়ে চিন্তা কৰিবলৈ তৎপৰ কৰি তুলিছিল। এই বাবেই তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাত উত্তৰ-পূৰ্বাঞ্চলত যাতায়ত আৰু যোগাযোগ ব্যৱস্থাৰ বিকাশৰ ওপৰত মনোযোগ দিয়া হৈছিল। ভালেমান নতুন বাট-পথ আৰু দলং নিৰ্মাণ কৰাৰ উপৰি ৰে’ল বিভাগে নেফাৰ মুৰ্কংচেলেঙলৈকে নতুনকৈ ৰে’লপথ নিৰ্মাণ কৰিছিল। চীনা ভাৰতৰ এদিনীয়া যুদ্ধ কৰাৰ অন্তত চীনা সৈন্য উভটি যোৱাৰ লগে লগে চীন-ভাৰতৰ যুদ্ধৰো অন্ত পৰে।