১। থর্নডাইকৰ মতে শিক্ষণ হ’ল ———- আৰু ———- মাজত সংযোগ স্থাপন।
উত্তৰ ঃ উদ্দীপক, প্রতিক্রিয়া।
২। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ সমৰ্থক আছিল———-।
উত্তৰঃ থর্নডাইক।
৩। গেষ্টাল্ট এটা ———- শব্দ।
উত্তৰ : জার্মান।
৪। শিক্ষণৰ অনুশীলন নীতিয়ে গুৰুত্ব প্ৰদান কৰে ———ৰ ওপৰত।
উত্তৰ : পুনৰাবৃত্তি।
৫। শিক্ষণ হ’ল অভিজ্ঞতাৰ যোগেদি ——— সংশোধন হোৱা কার্য ।
উত্তৰ : আচৰণ।
৬। ——— তত্ত্বটো পেভলভে উদ্ভাবন কৰিছিল।
উত্তৰ ঃ অনুবন্ধনবাদ।
৭। যদি স্বাভাৱিক প্রতিক্রিয়া, কৃত্রিম উদ্দীপকৰ দ্বাৰা সৃষ্টি কৰা হয়, তাক ——— বুলি কোৱা হয়।
উত্তৰ : অনুবন্ধনবাদ ।
৮। উদ্দীপকৰ সলনিকৰণ হ’ল শিক্ষণৰ ——— তত্ত্বৰ মূল বিষয়বস্তু।
উত্তৰ : অনুবন্ধনবাদ।
৯। টেনিৰিফ দ্বীপত কহলাৰে সৰ্বাধিক পৰীক্ষা-নিৰীক্ষা চলোৱা জন্তুবিধ আছিল———।
উত্তৰ : চিম্পাঞ্জী।
১০। স্কীনাৰ মতে, ‘অভ্যাস, জ্ঞান আৰু ——— ৰ আয়ত্বকৰণ আৰু সংৰক্ষণেই হ’ল শিক্ষণ।
উত্তৰ : মনোভংগী।
১১। গেষ্টাল্ট স্কুল অৱ চাইক’লজীৰ প্ৰতিষ্ঠাপক আছিল ———-।
উত্তৰ : ক’হলাৰ ।
১২। শিক্ষণ হ’ল ———- আয়ত্বকৰণ।
উত্তৰ : অভিজ্ঞতাৰ ।
শুদ্ধনে অশুদ্ধ কোৱা :
১। সকলো জীৱৰেই শিক্ষণ ক্ষমতা সমান।
উত্তৰ : অশুদ্ধ।
২। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি হ’ল ‘নির্বাচন আৰু সংযোগৰ দ্বাৰা শিক্ষণ।
উত্তৰ: শুদ্ধ।
৩। অনুবন্ধন হৈছে এক অনুসংযোগমূলক শিক্ষণ।
উত্তৰ : শুদ্ধ।
৪। অনুবন্ধনে এটা উদ্দীপকক আন এটা উদ্দীপকলৈ সলনি কৰে।
উত্তৰ : শুদ্ধ।
৫। শিক্ষণ কাৰ্যৰ বাবে শিক্ষার্থীৰ কোনো প্ৰস্তুতিৰ প্রয়োজন নাই।
উত্তৰ : অশুদ্ধ।
৬। অসুস্থ অৱস্থাই শিক্ষণত বাধা প্ৰদান কৰে ।
উত্তৰ : শুদ্ধ।
৭। শিক্ষণ কাৰ্যৰ বাবে শিক্ষাৰ্থীৰ কোনো প্ৰস্তুতিৰ প্রয়োজন নাই।
উত্তৰ : অশুদ্ধ।
৮। অসুস্থ অৱস্থাই শিক্ষণত বাধা প্ৰদান কৰে।
উত্তৰ : শুদ্ধ।
৯। ছন্দবদ্ধ আবৃতিকৰণ শিক্ষণৰ উত্তম অৱস্থা ।
উত্তৰ ; শুদ্ধ।
১০। অভিৰোচন শিক্ষণৰ ক্ষেত্ৰত অত্যাৱশ্যকীয়।
উত্তৰ : শুদ্ধ।
১১। শিক্ষণ হ’ল এক জীৱনজোৰা প্ৰক্ৰিয়া ।
উত্তৰ : শুদ্ধ।
১২। শিক্ষণে আচৰণ সংশোধন কৰে ভাল ক্ষেত্ৰতহে, বেয়াৰ ক্ষেত্ৰত নহয় ।
উত্তৰ : অশুদ্ধ।
১৩। শিক্ষণ কার্য সচেতন আৰু অসচেতন দুই ধৰণে হ’ব পাৰে।
উত্তৰ: শুদ্ধ।
১৪। খুব অস্থায়ীভাবে আচৰণ পৰিবৰ্তন হোৱাকে শিক্ষণ বোলে।
উত্তৰ : অশুদ্ধ।
১৫। অন্তদর্শন শিক্ষণ এক যান্ত্ৰিক প্ৰকাৰৰ শিক্ষণ।
উত্তৰ: অশুদ্ধ।
১৬। উচ্চ শিক্ষাৰ ক্ষেত্ৰত শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি ফলদায়ক নহয় ।
উত্তৰ: শুদ্ধ।
১৭। অন্তদর্শন শিক্ষণৰ উচ্চ স্তৰৰ পদ্ধতি।
উত্তৰ: শুদ্ধ।
১৮। শিক্ষণে পৰিপক্কতাৰ ওপৰত নিৰ্ভৰ নকৰে।
উত্তৰ: অশুদ্ধ।
১৯। অন্তদর্শন পদ্ধতি হ’ল শিক্ষণৰ এক যান্ত্রিক পদ্ধতি।
উত্তৰ: অশুদ্ধ।
২০। শিক্ষণৰ প্ৰতি থকা ইচ্ছাই আধা শিক্ষণ সম্ভব কৰে।
উত্তৰ : শুদ্ধ।
২১। প্ৰচেষ্টা আৰু ভুল পদ্ধতি শিক্ষণৰ এক সমস্যা সমাধান প্রক্রিয়া।
উত্তৰ : অশুদ্ধ।
২২। পৰিপক্কতা হ’ল এক গতানুগতিক প্রক্রিয়া।
উত্তৰ : শুদ্ধ ।
২৩। প্ৰচেষ্টা আৰু ভুল শিক্ষণত ভুলৰ শৈক্ষিক মূল্য আছে।
উত্তৰ : শুদ্ধ।
২৪। প্রকৃতিগতভাবে পৰিপক্কতা হ’ল জৈৱিক ।
উত্তৰ : শুদ্ধ।
২৫। অন্তদর্শনে শিক্ষণক দৈহিক দৃষ্টিৰে ব্যাখ্যা কৰে।
উত্তৰ : শুদ্ধ।
খ. চমু প্রশ্নোত্তৰ ঃ
১। অনুশীলন নীতিৰ দুটা ভাগ কি কি ।
উত্তৰ : অনুশীলন নীতিৰ দুটা ভাগ হ’ল – ব্যৱহাৰৰ নীতি আৰু অব্যৱহাৰৰ নীতি ।
২। অতিৰিক্ত শিক্ষণ কি ?
উত্তৰ : কোনো এটা বিষয়ৰ শিক্ষা লাভ কৰোতে যদিহে প্রয়োজনীয় চেষ্টাতকৈ বেছি চেষ্টা কৰিবলগীয়া হয়, তাকে ‘অতিৰিক্ত শিক্ষণ’ বোলে। কিন্তু অতিৰিক্ত শিক্ষণ কাৰো বাবে বোজাস্বৰূপ হোৱা উচিত নহয় ।
৩। বিৰত শিক্ষণ কি ?
উত্তৰ : বিৰত বা ব্যৱহৃত হৈছে শিক্ষণৰ এটা পদ্ধতি এই পদ্ধতিত শিকাৰুৱে নিজৰ প্রয়োজন অনুযায়ী নিজৰ শিক্ষা কিছু সময়ৰ বাবে স্থগিত ৰাখিব পাৰে। ইয়াৰ সহায়ত তেওঁৰ দেহ-মনত নতুন শক্তিৰ সঞ্চয় হয় আৰু পুনৰাই নতুন উদ্যমেৰে শিক্ষা আহৰণ কৰিব পাৰে ।
৪। শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত ?
উত্তৰ : শিক্ষণৰ প্ৰচেষ্টা আৰু ভুল পদ্ধতি সংযোগবাদ তত্ত্বৰ লগত জড়িত।
৫। শিক্ষণৰ অন্তদর্শন পদ্ধতি কোনটো তত্ত্বৰ লগত জড়িত ?
উত্তৰ : শিক্ষনৰ অন্তঃদর্শন পদ্ধতি সামগ্রিকতাবাদ তত্ত্বৰ লগত জড়িত।
৬। পৰিপক্কতা আৰু শিক্ষণৰ এটা সাধাৰণ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ: পৰিপক্কতা আৰু শিক্ষণৰ এটা সাধাৰণ বৈশিষ্ট্য হ’ল – পৰিপক্কতাই শিক্ষণ নিৰ্ণয় কৰে।
৭। অনুবন্ধনৰ ফলাফল হিচাপে এটা আচৰণৰ উদাহৰণ দিয়া ।
উত্তৰ : অনুবন্ধনৰ ফলাফল হিচাপে এটা আচৰণৰ উদাহৰণ হ’ল- ভাল অভ্যাস গঠন কৰা ।
৮। শিক্ষণ সম্বন্ধে গেটছে দিয়া সংজ্ঞাটো লিখা।
উত্তৰ : শিক্ষণ সম্বন্ধে গেটছে দিয়া সংজ্ঞাটো হ’ল- অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ দ্বাৰা আচৰণৰ সংশোধন কৰা কাৰ্যই হ’ল শিক্ষণ।”
৯। পেভলভৰ অনু বন্ধন পৰীক্ষাত অনুবন্ধিত প্রতিক্রিয়া কোনটো ?
উত্তৰ : বেল বা ঘন্টাৰ শব্দটো অনুবন্ধনবাদ পৰীক্ষাত অনুবন্ধিত প্রতিক্রিয়া ।
১০। অনুবন্ধিত প্রতিক্রিয়া কি ?
উত্তৰ ঃ কৃত্রিম উদ্দীপক আৰু স্বাভাৱিক প্ৰতিক্ৰিয়াৰ মাজত এক নতুন সংযোগ সৃষ্টি কৰি অনুবন্ধিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।
১১। কৃত্রিম উদ্দীপক মানে কি ?
উত্তৰ : অনুবন্ধনবাদৰ মতে, স্বাভাৱিক উদ্দীপকক কৃত্রিম উদ্দীপকলৈ সলনি কৰা হয়, কিন্তু প্ৰতিক্ৰিয়া সকলো সময়তে একে থাকে।
১২। প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৰা শিকা এটা আচৰণৰ উদাহৰণ দিয়া ।
উত্তৰ : প্ৰচেষ্টা আৰু ভুল পদ্ধতিৰ পৰা শিকা এটা আচৰণৰ উদাহৰণ হ’ল – কুঅভ্যাস ত্যাগ কৰা আৰু ভাল অভ্যাস গঠন কৰা ।
১৩। এটা উপযুক্ত উদাহৰণৰ সহায়ত শিক্ষণৰ ধাৰণাটো ব্যাখ্যা কৰা ।
উত্তৰ : শিশু এটাই জন্ম গ্ৰহণৰ পিছতেই স্বাভাৱিক জীৱনৰ লগত খাপ খুৱাবলৈ অসুবিধা পায়। খোৱাৰ বাবে, গা ধোৱাৰ বাবে, কাপোৰ পিন্ধোতে পৰনিৰ্ভশীল হয়। এটা নিৰ্দিষ্ট সময়ৰ পিছৰ পৰা শিশুৱে এইবোৰ কৰিব পৰা হয় ৷ এয়াই হ’ল শিক্ষণ। এনেদৰে শিক্ষণ জন্মৰ লগে লগে আৰম্ভ হয় আৰু মৃত্যুলৈকে চলি থাকে ।
১৪। শিক্ষণৰ গেষ্টাল্ট (সমগ্ৰতাবাদ) তত্ত্বৰ দুজন সমর্থনকাৰীৰ নাম লিখা ৷
উত্তৰ ঃ কহলাৰ আৰু ককা।
গ. উত্তৰ দিয়া ঃ
১। প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তদর্শন পদ্ধতিৰ মাজৰ পাৰ্থক্য লিখা ।
উত্তৰ : প্ৰচেষ্টা আৰু ভুল পদ্ধতি আৰু অন্তদর্শন পদ্ধতিৰ মাজৰ পাৰ্থক্য হ’ল-
(ক) প্ৰচেষ্টা আৰু ভুল পদ্ধতি হৈছে এক যান্ত্রিক পদ্ধতি। আনহাতে অন্তদর্শন পদ্ধতিত যান্ত্রিকতা সম্পূর্ণ বর্জনীয়।
(খ) প্ৰচেষ্টা আৰু ভুলপদ্ধতি নিম্ন শ্ৰেণীৰ জীৱৰ বাবে উপযোগী। আনহাতে অন্তদর্শন পদ্ধতি উচ্চ শ্ৰেণীৰ জীৱৰ বাবে উপযোগী।
(গ) প্রচেষ্টা আৰু ভুল পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ চেষ্টা আৰু পৰিশ্ৰমৰ ওপৰত নিৰ্ভৰ কৰে।’ আনহাতে অন্তদর্শন পদ্ধতি ছাত্ৰ-ছাত্ৰীৰ প্ৰকৃতি, প্ৰয়োজন আৰু বৌদ্ধিক স্তৰৰ ওপৰত নিৰ্ভৰশীল।
২। “শিক্ষণ হ’ল এক বিকাশশীল প্রক্রিয়া”- ব্যাখ্যা কৰা।
উত্তৰ: অৱস্থাৰ পৰিৱৰ্তন আৰু ক্ৰমোন্নতিৰ যোগেদি লাভ কৰা জীৱনৰ অভিজ্ঞতাই হ’ল শিক্ষণ। মানুহ সদায় নতুন নতুন পৰিবেশ,পৰিস্থিতি আৰু সমস্যাৰ সন্মুখীন হয়। এইবোৰত নিজৰ প্ৰবৃত্তি পৰিচালিত ক্রিয়া আচৰণ আদিৰ ক্ৰমে পৰিবৰ্তন আৰু উন্নতি সাধন কৰি পৰিবেশৰ লগত সুস্থ সমাযোজনৰ সৃষ্টি কৰে। তাৰ দ্বাৰা উন্নত ক্ৰিয়া আচৰণ আৰু কৌশল আদি জানি উঠাৰ এক ক্ৰমাগত অভিজ্ঞতা লাভ কৰে। এয়া হৈছেশিক্ষণ। সেইবাবে ই হৈছে পৰিবৰ্তনৰ যোগেদি ক্রমাগতভাৱে লাভ কৰা এক বিকাশশীল অভিজ্ঞতা মাথোন । ইয়াৰ যোগেদি মানুহৰ ক্ৰমোন্নতি সম্ভৱ হৈছে।
৩। সামগ্ৰিক আৰু আংশিক শিক্ষণৰ মাজৰ পাৰ্থক্য লিখা।
উত্তৰ : সামগ্ৰিক আৰু আংশিক শিক্ষণৰ মাজৰ পাৰ্থক্য হ’ল –
(ক) সামগ্রিক শিক্ষণত শিক্ষণীয় বিষয়-বস্তু সমগ্রিকভাৱে বুজ লোৱা হয়। আনহাতে আংশিক শিক্ষণত শিক্ষণীয় বিষয়-বস্তু অংশ অংশ হিচাপে বুজ লোৱা হয় ।
(খ) সামগ্রিক শিক্ষণতকৈ আংশিক শিক্ষণ বেছি স্পষ্ট আৰু নিখুঁত হয় ।
(গ) সৰু ল’ৰা-ছোৱালী আৰু কম বুদ্ধিৰ ছাত্ৰ-ছাত্ৰীসকলে সামগ্রিক শিক্ষণতকৈ আংশিক শিক্ষণৰ জৰিয়তে ভালদৰে শিকিব পাৰে ।
(ঘ) উচ্চ শিক্ষা আৰু গৱেষণা কার্যত সামগ্ৰিক শিক্ষা বেছি ফলপ্রসু। আনহাতে স্কুলীয়া শিক্ষাত সৰু সৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আংশিক শিক্ষণ বেছি উপযোগী।
(ঙ) সামগ্রিক শিক্ষণত শিক্ষাৰ্থীয়ে নিজৰ চিন্তা, বুদ্ধি ভালদৰে খটুৱাব পাৰে । আনহাতে আংশিক শিক্ষাত ইয়াৰ অধিক প্ৰয়োজনীয়তা নাই।
৪। অন্তদর্শন কি ?
উত্তৰ : লক্ষ্যৰ দ্বাৰা শিকা কাৰ্যই হ’ল অন্তদৰ্শনৰ দ্বাৰা আহৰণ কৰা শিক্ষণ।’ এই পদ্ধতিত আমি প্রথমে সমগ্র পৰিস্থিতি সম্বন্ধে আমাৰ বুদ্ধি আৰু অন্তদৰ্শনৰ সহায়ত বুজ লোৱাৰ চেষ্টা কৰো আৰু তাৰ পাছত সেই পৰিস্থিতিতেই সন্তোষজনকভাবে কাৰ্য কৰিবলৈ সক্ষম হওঁ। প্রায় সকলোবোৰ আৱিস্কাৰ আৰু উদ্ভাৱন অন্তদৰ্শনৰ ফলতেই সংঘটিত হয়।
৫। শিক্ষণ আৰু ফলাফলৰ সম্বন্ধ আলোচনা কৰা ।
উত্তৰ : শিক্ষণ আৰু ফলাফলৰ মাজত সম্বন্ধ আছে। শিক্ষার্থীয়ে শিক্ষা লাভ কৰি তাৰ ফলাফল যদি সন্তোষজনক হয় তেন্তে সেই কাম পুনৰ কৰিবলৈ উৎসাহ পায়। আৰু যদিহে সেই ফলাফল সন্তোষজনক নহয়, তেন্তে সেই কামৰ প্রতি নিরুৎসাহিত হয়। গতিকে শিক্ষণ আৰু ফলাফলৰ মাজত পাৰস্পৰিক সম্বন্ধ আছে।
৬। শিক্ষণ আৰু অভিৰোচনৰ মাজৰ সম্বন্ধ আলোচনা কৰা।
উত্তৰ : শিক্ষণ আৰু অভিৰোচনৰ মাজত ওচৰ সম্বন্ধ আছে। অভিৰোচন নোহোৱাকৈ শিক্ষণ কাৰ্য অসম্ভৱ। কাৰণ অভিৰোচনে শিক্ষণৰ বাবে শিক্ষাৰ্থীৰ মনত মানসিক প্রস্তুতিৰ সৃষ্টি কৰে যিটো শিক্ষাৰ্থীৰ বাবে অতিকৈ প্ৰয়োজনীয়।
৭। শিক্ষণৰ প্ৰধান নীতি কেইটা ?
উত্তৰ : শিক্ষণৰ প্ৰধান নীতি তিনিটা। যেনে-
(ক) ফলাফলৰ নীতি
(খ) অনুশীলনৰ নীতি আৰু
(গ) প্ৰস্তুতিৰ নীতি।
৮। শিক্ষণৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা ।
উত্তৰ : শিক্ষণৰ তিনিটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য হ’ল –
(ক) শিক্ষণ হ’ল আচৰণ সংশোধন কৰা এক কার্য বিশেষ ।
(খ) শিক্ষণ সদায় এক নিৰ্দিষ্ট লক্ষ্য আৰু উদ্দেশ্যৰ দ্বাৰা পৰিচালিত হয় ।
(গ) শিক্ষণৰ ওপৰত জৈৱিক, বংশগতি আৰু পৰিবেশৰ যথেষ্ট প্ৰভাৱ থাকে ।
৯। ফলাফল নীতিৰ শৈক্ষিক তাৎপর্য কি?
উত্তৰ ঃ ফলাফল নীতিৰ শৈক্ষিক তাৎপৰ্য হ’ল
(ক) ছাত্ৰ-ছাত্ৰীৰ ভাল কামৰ বাবে শিক্ষকে প্ৰেৰণা প্রদান কৰাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰ পুনৰাবৃত্তি কৰে আৰু পুনৰাবৃত্তিয়ে শিক্ষণ অভিজ্ঞতাক স্থায়ী ৰূপ দিয়ে ।
(খ) উচিত কামৰ বাবে যদিহে ছাত্ৰ-ছাত্ৰীক উৎসাহ প্রদান কৰা হয় তেতিয়া সিহঁতে আগলৈকো ভাল কাম কৰিবলৈ উৎসাহ পায়। আনহাতে বেয়া কাম কৰিলে যদিহে শাস্তি প্ৰদান কৰা হয় তেতিয়াহ’লে আগলৈ তেনে কামৰ পুনৰাবৃত্তি কৰিবলৈ নিবিচাৰিব।
(গ) শিক্ষকে ছাত্র-ছাত্রীক পুৰস্কাৰ আৰু শাস্তি প্রদান কৰাৰ ব্যৱস্থা ফলাফল নীতিৰ ওপৰত প্ৰতিষ্ঠিত।
(ঘ) ফলাফল নীতিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ সংশোধন ঘটোৱা হয়।
১০। শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্যসমূহ আলোচনা কৰা।
উত্তৰ : শিক্ষণ আৰু পৰিপক্কতাৰ মাজৰ পাৰ্থক্যসমূহ
(ক) শিক্ষণ হৈছে পৰিকল্পিত প্ৰক্ৰিয়া। আনহাতে পৰিপক্কতা হৈছে স্বয়ংক্রিয় প্রক্রিয়া।
(খ) শিক্ষণত অভিৰোচনৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু পৰিপক্কতাত অভিৰোচনৰ প্ৰয়োজন নাই।
(গ) শিক্ষণত পুনৰাবৃত্তিৰ অতিকৈ প্ৰয়োজন । কিন্তু পৰিপক্কতাত পুনৰাবৃত্তিৰ প্ৰয়োজন নাই।
(ঘ) শিক্ষণত বয়সৰ কোনো সময়সীমা নাই। ই জীৱন ব্যাপি চলি থাকে। আনহাতে পৰিপক্কতাত বয়সো উল্লেখনীয় দিশ।
ঘ. বহলাই উত্তৰ দিয়া ঃ
১। শিক্ষণৰ অনুবন্ধিত প্রতিক্রিয়া তত্ত্বটো বুজাই লিখা। অনুবন্ধনৰ দ্বাৰা শিক্ষণৰ উদাহৰণ দিয়া।
উত্তৰ : স্বাভাৱিক উদ্দীপকৰ পৰিৱৰ্তে এক কৃত্রিম উদ্দীপক প্ৰদান কৰিলেও ব্যক্তিয়ে পূৰ্বৰ স্বাভাৱিক প্ৰতিক্ৰিয়াকে প্ৰদৰ্শন কৰাই হৈছে অনুবন্ধিত প্রতিক্রিয়া। ইয়াৰ প্ৰথম প্ৰতিক্ৰিয়া দ্বিতীয় প্ৰতিক্ৰিয়াৰ লগত অনুবন্ধিত হয়। শক্তিশালী উদ্দীপকৰ প্ৰভাৱত আপেক্ষিকভাৱে কম শক্তিশালী উদ্দীপকৰো প্ৰতিক্ৰিয়াস্বৰূপ হৈ উঠে। এয়াই অনুবন্ধন।
অনুবন্ধনৰ দ্বাৰা শিকনৰ এটা উদাহৰণ স্বৰূপে পেভলভে কৰা পৰীক্ষাটোকে ল’ব পাৰি। এটা ভোকাতুৰ কুকুৰৰ সন্মুখত মাংসৰ টুকুৰা ৰখা হ’ল। মাংসৰ টুকুৰাটো দেখি কুকুৰৰ লালটি ওলোৱাটো স্বাভাৱিক প্ৰতিক্ৰিয়া। মাংস টুকুৰা দেখাৰ লাগে লগে এটা ঘন্টা বজোৱা হ’ব । কুকুৰটোৱে ঘন্টাৰ প্ৰতিক্ৰিয়া হিচাপে কাণ-মূৰ খজুৱাব। ইয়াৰ পিছত কুকুৰটোক ঘন্টাৰ শব্দ আৰু মাংস টুকুৰা একেলগে দিয়া হ’ল । তেতিয়া তাৰ স্বাভাৱিক প্রতিক্রিয়া গৌণ হোৱা দেখা যাব। এনেদৰে কেইবাবাৰো পুনৰাবৃত্তিৰ পিছত কুকুৰটোক উদ্দীপক হিচাপে কেৱল মাত্ৰ ঘন্টাৰ শব্দটো প্ৰদান কৰাত দেখা গ’ল যে ঘন্টাৰ শব্দৰ প্ৰতিক্ৰিয়া হিচাপে কুকুৰটোৰ মুখৰ পৰা লালটি ওলাইছে। ঘন্টাৰ শব্দত লালটি ওলোৱাটো স্বাভাৱিক প্ৰতিক্ৰিয়া নহয়। ইয়েই অনুবন্ধনবাদ। কুকুৰটোৱে উদ্দীপকৰ প্ৰতি কৰা এনে অস্বাভাৱিক প্ৰতিক্ৰিয়াকেই অনুবন্ধিত প্ৰতিক্ৰিয়া বুলি কোৱা হয় ।
২। শিকনৰ অন্তদর্শন পদ্ধতিৰ ওপৰত ক’ইলাৰে কৰা পৰীক্ষাটো বৰ্ণনা কৰা ৷
উত্তৰ : শিকনৰ অন্তদর্শন পদ্ধতিটো সামগ্ৰীকতাবাদ তত্ত্বৰ ওপৰত প্ৰতিষ্ঠিত৷ সামগ্ৰীকতাবাদীসকলৰ মতে, শিক্ষণ সংঘটিত হয় সামগ্রীকভাৱে। শিক্ষার্থীয়ে শিক্ষণীয় বিষয়-বস্তু আংশিকভাৱে শিকাতকৈ সামগ্রীকভাৱে চেষ্টাকৰে। অংশবোৰৰ পাৰস্পৰিক সংযোগ জানি লোৱাৰ পিছত সামগ্ৰীক প্ৰতিচ্ছবি ছাত্ৰ-ছাত্ৰীৰ মনত প্ৰতিফলিত হ’ব। এই সম্পর্কে ক’হলাৰ নামৰ এজন মনোবিজ্ঞানীয়ে চুলতান নামৰ চিম্পাঞ্জীৰ ওপৰত এটি পৰীক্ষা চলাইছিল। তেওঁ চিম্পাঞ্জীক এটা পিঞ্জৰাত আবদ্ধ কৰি বাহিৰত কিছুমান কল ৰাখিছিল। পিঞ্জৰাটোত দুডাল লাঠিও ৰখা হৈছিল। চিম্পাঞ্জীটোৱে কলবোৰ দেখাৰলগে লগে খাবলৈ ইচ্ছা . কৰিছিল। সেয়েহে দুয়োখন হাত বাহিৰলৈ মেলি কলখিনি। অনাৰ চেষ্টা কৰিছিল। কিন্তু সি কলবোৰ ঢুকি পোৱা নাছিল । কিছুসময় পিছত সি লাঠি দুডাল দেখা পাই লাঠি দুডালেৰে কলখিনি অনাৰ চেষ্টা কৰিছিল। তথাপি সি কলবোৰ ঢুকি নোপোৱাত সি লাঠি দুডাল জোৰা লগাই কলবোৰ ঢুকি পাইছিল আৰু খাবলৈ সক্ষম হৈছিল। অর্থাৎ চিম্পাঞ্জীয়ে অন্তদৰ্শনৰ যোগেদি সমস্যা সামধান কৰিছিল।
৩। শ্ৰেণীকোঠাত শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ স্থিতি কি ?
উত্তৰ ঃ শ্ৰেণীকোঠাত শিক্ষণৰ অনুবন্ধনবাদ তত্ত্বৰ স্থিতি সম্পর্কে তলত উল্লেখ কৰা হ’ল –
(ক) এই তত্ত্বৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ পৰিষ্কাৰ- পৰিচ্ছন্নতা, অনুশাসন আদি ভাল অভ্যাস গঢ় লৈ উঠে।
(খ) ভয়, ভালপোৱা আদি আবেগ গঢ় লৈ উঠাত সহায় কৰে।
(গ) অনুবন্ধনবাদৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলৰ ভাষাৰ বিকাশ – হয়।
(ঘ) এই তত্ত্বৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলৰ বেয়া অভ্যাসবোৰ ত্যাগ কৰাব পাৰি ৷
(ঙ) এই তত্ত্বৰ জৰিয়তে ছাত্র-ছাত্রীসকলে বিভিন্ন ধৰণৰ শিক্ষা লাভ কৰিব পাৰে ।
৪। শিক্ষণৰ প্ৰকৃতি (বৈশিষ্ট্য) সম্বন্ধে আলোচনা কৰা ।
উত্তৰ : শিক্ষণৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল-
(ক) পুৰণি অভিজ্ঞতা কামত লগাই নতুন অভিজ্ঞতা লাভ কৰা ।
(খ) শিক্ষণৰ সদায় এক নির্দিষ্ট লক্ষ্য বা উদ্দেশ্য থাকে।
(গ) শিক্ষণ ক্ষমতা সকলো জীৱৰ সমান নহয়।
(ঘ) শিক্ষণত উদ্দীপক আৰু প্ৰতিক্ৰিয়াৰ মাজত সংযোগ স্থাপন হয় ।
(ঙ) শিক্ষণৰ জৰিয়তে নতুন অভিজ্ঞতা আৰু উন্নত আচৰণৰ যোগ্যতা লাভ কৰিব পাৰি ।
(চ) শিক্ষণ প্রক্রিয়া ব্যক্তিগত আৰু সামাজিক দুয়ো ক্ষেত্ৰতে সম্পাদিত হয়।
৫। শিক্ষাৰ্থীৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ আলোচনা কৰা ।
উত্তৰ ঃ শিক্ষাৰ্থীৰ লগত জড়িত শিক্ষণৰ চৰ্তসমূহ হ’ল
(ক) দৈহিক উপযুক্ততা ঃ দৈহিক অংগ-প্রতংগৰ স্বাভাৱিকতা, মস্তিষ্কৰ চলন ক্ষমতা, স্নায়ুবিক সবলতা আদি অৱস্থাই শিক্ষণ কাৰ্যত প্ৰভাৱ পেলয় ।
(খ) বয়স আৰু লিংগ ঃ বয়স অনুযায়ী শিক্ষণ ক্ষমতা বেলেগ বেলেগ হয়। সেইদৰে ল’ৰা-ছোৱালীৰ শিক্ষণ ক্ষমতাৰ মাজত পাৰ্থক্য আছে।
(গ) ক্লান্তি আৰু অৱসাদমুক্ততা : শিক্ষণৰ আন এক চৰ্ত হৈছে ক্লান্তিহীনতা। শিক্ষণৰ কাৰণে দৈহিক আৰু মানসিক সুস্থতাৰ প্ৰয়োজন ।
(ঘ) মনোভাৱ ঃ শিক্ষণক ফলপ্রসূ কৰি তুলিবলৈ ব্যক্তিৰ গঠনাত্মক আৰু ইতিবাচক মনোভাৱৰ প্ৰয়োজন ।
(ঙ) আগ্ৰহ আৰু অভিৰোচন : আগ্ৰহ আৰু অভিৰোচনেও শিক্ষণৰ ক্ষেত্ৰত প্ৰভাৱ পেলায়। আগ্ৰহ আৰু অভিৰোচনে ব্যক্তিক শিক্ষণৰ বাবে মানসিকভাৱে প্ৰস্তুত কৰি তোলে ৷ ০০০
Type By Suman Bora