মোগলৰ অধীনত ভাৰত আকবৰৰপৰা ঔৰংগজেৱলৈ
Chapter – 4
১। কিমান খ্ৰি.ত আকবৰে দিল্লীৰ সিংহাসনত আৰোহণ কৰা ?
(ক) ১৫৬২
(খ) ১৫৫৬
(গ) ১৫৪৪
উত্তৰঃ (খ) ১৫৫৬
২। দেউতাকে হুমায়ুনৰ মৃত্যুৰ পাছত কিমান বছৰ সিংহাসনত আৰোহণ কৰে ?
(ক) ১২ বছৰ
(খ) ১৮ বছৰ
(গ) ১৪ বছৰ
উত্তৰঃ (গ) ১৪ বছৰ।
৩। কিমান খ্ৰি.ত হিমু আৰু বৈৰাম খাঁৰ মাজত বিখ্যাত পানিপত নাম ঠাইত ঘোৰ যুদ্ধ লাগে ?
(ক) ১৫৫৬
(খ) ১৫৪৯
(গ) ১৫৬৬
উত্তৰঃ (ক) ১৫৫৬।
৪। পানিপতৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল ?
(ক) ইয়াৰ ভিতৰত এটাও নহয়
(খ) ভাৰত আৰু চীন
(গ) হিমু আৰু বৈৰাম
উত্তৰঃ (গ) হিমু আৰু বৈৰাম।
৫। পানিপতৰ যুদ্ধৰ ফলত কি সাম্ৰাজ্যৰ ভেটি সুপ্ৰতিষ্ঠিত হয় ?
(ক) ইংৰাজ সাম্ৰাজ্যৰ
(খ) মোগল সাম্ৰাজ্যৰ
(গ) ভাৰত সাম্ৰাজ্যৰ
উত্তৰঃ (খ) মোগল সাম্ৰাজ্যৰ।
৬। কিমান খ্ৰি.ত ৰাজপুত শক্তি খানুৱাৰ যুদ্ধত বাবৰৰ হাতত পৰাজিত হৈছিল যদিও একেবাৰে বিধ্বস্ত হোৱা নাছিল ?
(ক) ১৫২৭
(খ) ১৫১৪
(গ) ১৫৪৩
উত্তৰঃ (ক) ১৫২৭।
৭। কিমান খ্ৰি.ত হলদিঘাট ৱনামে ঠাইত আকবৰৰ লগত প্ৰতাপ সিংহৰ যুদ্ধ হয় ?
(ক) ১৫৮৮
(খ) ১৫২৪
(গ) ১৫৭৬
উত্তৰঃ (গ) ১৫৭৬।
৮। এইজনা দেশপ্ৰেমিক ৰাজপুত ৰাণাই কিমান খ্ৰি.ত মৃত্যুক আঁকোৱালি ল’লে ?
(ক) ১৫৫৬
(খ) ১৫৯৭
(গ) ১৫৮১
উত্তৰঃ (খ) ১৫৯৭।
৯। কিমান খ্ৰি.ত আকবৰে গুজৰাট জয় কৰে ?
(ক) ১৫৫৬
(খ) ১৫৮৬
(গ) ১৫৭২
উত্তৰঃ (গ) ১৫৭২।
১০। হলদিঘাটত কাৰ কাৰ মাজত যুদ্ধ হৈছিল ?
(ক) আকবৰ আৰু প্ৰতাপ সিং
(খ) আকবৰ আৰু বীৰবল
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) আকবৰ আৰু প্ৰতাপ সিং।
১১। আকবৰে কোন ৰাজপুত ৰজাৰ জীয়েকক বিয়া কৰাইছিল ?
(ক) চুডাংফাৰ
(খ) বিহাৰীমল্লৰ
(গ) হুমায়ুনৰ
উত্তৰঃ (খ) বিহাৰীমল্লৰ।
১২। কোনখন ৰাজপুত ৰাজ্যই আকবৰৰ বশ্যতা স্বীকাৰ কৰা নাছিল ?
(ক) কোচ বিহাৰৰ ৰাজ্যই
(খ) অসম ৰাজ্য
(গ) মেৱাৰৰ ৰাজপুত ৰাজ্যই
উত্তৰঃ (গ) মেৱাৰৰ ৰাজপুত ৰাজ্যই।
১৩। কিমান খ্ৰি.ত ঔৰংগজেৱে দিল্লীৰ সিংহাসনত আৰোহণ কৰে ?
(ক) ১৬৫৮
(খ) ১৬৪৮
(গ) ১৬৮৪
উত্তৰঃ (ক) ১৬৫৮।
১৪। কিমান খ্ৰি.ত ঘিলাঝাৰী ঘাটৰ সন্ধি স্বাক্ষৰিত হয় ?
(ক) ১৬২৮
(খ) ১৫৪৩
(গ) ১৬৬৩
উত্তৰঃ (গ) ১৬৬৩।
১৫। কিমান খ্ৰি.ত ৰায়গড় দুৰ্গত শিৱাজীয়ে ৰাজঅভিষেক পাতি ‘ছাত্ৰপতি’ উপাধি গ্ৰহণ কৰিছিল ?
(ক) ১৬৮৮
(খ) ১৬৭৪
(গ) ১৬৪৮
উত্তৰঃ (খ) ১৬৭৪।
১৬। মাৰাঠাসকলৰ নেতা কোন আছিল ?
(ক) শিৱাজী
(খ) ছেৰ ছাহ
(গ) ঔৰংগজেৱ
উত্তৰঃ (ক) শিৱাজী।
১৭। ছত্ৰপতি উপাধি কোনে গ্ৰহণ কৰিছিল ?
(ক) হুমায়ুন
(খ) চুকাফা
(গ) শিৱাজী
উত্তৰঃ (গ) শিৱাজী।
১৮। কিমান খ্ৰি.ত ঔৰংগজেৱৰ মৃত্যু হয় ?
(ক) ১৭২৪
(খ) ১৭০৭
(গ) ১৭১৮
উত্তৰঃ (খ) ১৭০৭।
১৯। আকবৰে কি নামেৰে এটা নতুন ধৰ্মমত প্ৰচাৰ কৰিছিল ?
(ক) দীন-ই-ইলাহী
(খ) আইনী-ই-আকবৰী
(গ) শিৱাজী
উত্তৰঃ (ক) দীন-ই-ইলাহী।
২০। পানিপতৰ দ্বিতীয় যুদ্ধ কোন খ্রি.ত সংঘটিত হৈছিল।
(ক) ১৫৭৪
(খ) ১৫২৮
(গ) ১৫৫৬
উত্তৰঃ (গ) ১৫৫৬।