Lesson-2
মানৱৰ বিকাশৰ স্তৰ
প্ৰশ্নাৱলীঃ
(১) বৃদ্ধি আৰু বিকাশৰ মাজত পার্থক্য কি ?
উত্তৰঃ বৃদ্ধি আৰু বিকাশৰ মাজত পাৰ্থক্য হ’লঃ
1. দেহৰ আকৃতি, ওজন, উচ্চতা আৰু দেহ কংকালৰ ক্ৰমাগভাৱে বাঢ়ি যোৱা অৱস্থাকেই বৃদ্ধি বোলে। আনহাতে বিকাশ বুলিলে সেই আকৃতি, ওজন, উচ্চতা আদিয়ে সৃষ্টি কৰা কৰ্মদক্ষতা , দৈহিক পাৰদৰ্শিতা আদিক বুজায়।
2. বৃদ্ধি মানুহৰ জীৱনত এক সাময়িক প্ৰক্ৰিয়া। কিন্তু বিকাশ এক জীৱনব্যাপী চলা অবিৰত প্ৰক্ৰিয়া ।
3. বৃদ্ধি ৰ পৰিধি ঠেক । আনহাতে বিকাশৰ পৰিধি বহল ।
( 2 ) মানৱ জীৱনৰ বিকাশৰ স্তৰ কেইটা ?
উত্তৰঃ মানৱ জীৱনৰ বিকাশৰ স্তৰত চাৰিটা । সেই কেইটাহ’লঃ
1. শৈশৱ কাল ( জন্মৰ পৰা 5 বছৰ বয়সলৈ )
2 .বাল্য কাল ( 6 বছৰ বয়সৰ পৰা 12 বছৰ বয়সলৈ )
3. কৈশোৰ কাল ( 12ৰ পৰা 18 বছৰ বয়সলৈ )
4. প্ৰাপ্তবয়স্ক কাল( 18 বছৰৰ পৰা………. )
(৩) জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?
উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল ।
(৪) ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম কি ?
উত্তৰঃ ১২ বছৰৰ পৰা ১৮ বছৰ বয়সৰ স্তৰটোৰ নাম হল কৈশোৰ কাল ।
(৫) বিকাশৰ তিনিটা বৈশিষ্ট্য লিখা । বাল্যকালক বিদ্যালয় শিক্ষাৰ বয়স কিয় বােলে?
উত্তৰঃ বিকাশৰ তিনিটা বৈশিষ্ট্য হ’লঃ
1. বিকাশৰ প্ৰক্ৰিয়া প্ৰধানকৈ বংশগতি আৰু পৰিবেশৰ প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে । এই দুই প্ৰভাৱৰ ফলত শিশুৰ বিকাশ সাধন হৈ উঠে।
2. বিকাশ নীৰৱচ্ছিন্ন এক দীৰ্ঘম্যাদি প্ৰক্ৰিয়া। সেয়েহে ইয়াৰ স্তৰৰ স্পষ্ট ব্যৱধান নিৰ্ণয় কৰিব নোৱাৰি।
3. বিকাশৰ গতি সকলো সময়তে স্বাভাৱিক আৰু সমৰূপত নাথাকে। সময় বিশেষে এই গতি দ্ৰুততৰ আৰু মন্থৰ হোৱা দেখা যায়।বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িবলৈ আৰু লিখিব পৰা হয় । এই সময়ত শিশুৱে লিখা পঢ়া , আৰু গণনা কৰিবলৈ সক্ষম হয়। স্কুলৰ প্ৰচলিত নীতি- নিয়ম , অনুশাসন আদি মানি চলিব পৰা হয় । শিশুৱে এই সময়ত বাহ্যিক জগতৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠে। আৰু এই সময় ছোৱাত শিশু সকল বিদ্যালয় যাবলৈ মানসিক ভাবে সক্ষম হৈ উঠে । সেইবাবে বাল্য কালক বিদ্যালয় শিক্ষাৰ বয়স ” বুলি কোৱা হয় ।
(৭) শিশুৱে কিয় সঘনে প্রশ্ন সােধে ?
উত্তৰঃ শৈশৱ কালত শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত শিশুৰ এক অস্তিৰ আৰু চঞ্চল মনৰ ভিতৰত বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন আহে। আৰু সেই প্ৰশ্ন সমূহৰ উত্তৰ পোৱাৰ বাবে শিশুসকলে বহুতো যুক্তি আৰু অযুক্তিকৰ প্ৰশ্ন কিছুমান সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। তেওঁলোকৰ মনত অহা প্ৰশ্ন সমুহৰ উত্তৰ নোপোৱালৈ তেওঁলোকে প্ৰশ্ন কৰি থাকে ।সেইবাবে শৈশৱ কালত শিশুৱে সঘনে প্ৰশ্ন সোধা দেখা যায়। শৈশবৰ এই সময়ক ” প্ৰশ্ন সোধাৰ বয়স ” বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হৈ উঠে।
(৮) শৈশৱকাল কাক বােলে ?
উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বাবে এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। আৰু এই সময়ছোৱাত হোৱা দৈহিক মানসিক ক্ষমতা সমূহৰ বিকাশৰ ওপৰতে এজন ব্যাক্তিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰে। শৈশৱ কালত শিশুৰ ভাষাৰ বিকাশ সাধন হয়। তেওঁলোকে কথা কবলৈ শিকে । শিশুৱে এই সময়ত চাৰিওফালৰ পৰিবেশ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠে ।
( ৯ ) শৈশৱকালৰ ৫ টা বৈশিষ্ট্য লিখা ।
উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ অতি গুৰুত্বপূৰ্ণ সময় বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। শৈশৱ কাল ৰ বৈশিষ্ট্য হ’লঃ
1.দ্ৰুত দৈহিক বিকাশঃ জন্মৰ পিছৰে পৰা শিশুৰ দ্ৰুত দৈহিক বিকাশ হয়। জন্মৰ সময়ত হোৱা ওজন প্ৰথম পাঁচ মাহতে দুগুনলৈ বৃদ্ধি হৈ এবছৰৰ ভিতৰতে ই তিনিগুণ হৈ উঠে । দেহৰ উচ্চতা বাঢ়ে। এবছৰৰ ভিতৰতে দুয়ো পাৰি দাত গজিবলৈ ধৰে। জন্মৰ পিছ ৰ পৰা অংগ সঞ্চালন ক্ষমতা বৃদ্ধি হব লৈ ধৰে । লাহে লাহে তেওঁলোকে খোজ কাঢ়িব পৰা হৈ উঠে ।
2. ভাষাৰ বিকাশঃ জন্মৰ প্ৰায় ছমাহ সময়ৰ পৰা শিশুৰ। মুখত কেতবোৰ অস্পষ্ট স্বৰধ্বনি উচ্চাৰিত হয়। পিছলৈ এই বোৰ উচ্চাৰনেই শব্দ আৰু ভাষাত পৰিণত হয়। এবছৰ পিছৰ পৰাই দুই এটা শব্দ শুনা যায়। পাঁচ বছৰ বয়সৰ ভিতৰত শিশুৱে পিতৃ আৰু মাতৃ আৰু পৰিয়ালৰ অন্য সদস্য ৰ মাত কথা শুনি ভাষা আয়ত্ব কৰে। আৰু শিশুৱে ভালদৰে কথা কবলৈ জনা হয়।
3. অনুকৰণপ্ৰিয়তাঃ অনুকৰণ প্ৰিয়তা হৈছে শৈশৱ কালৰ এটা গুৰুত্ব পূৰ্ণ বৈশিষ্ট্য । শিশু অনুকৰণ প্ৰিয়। এই। অনুকৰণ প্ৰিয়তা ৰ বাবে সিহঁতে পিতৃ – মাতৃ আৰু পৰিয়ালৰ আন সদস্য ৰ পৰা ভাষা , খোৱা বোৱা , পিন্ধা উৰা অনুকৰণ কৰি শিকিবলৈ ধৰে । সকলো কথাতে শিশুৱে ডাঙৰক অনুসৰণ কৰে। আৰু শিশুসকলে তেনেকৈ সকলো কথা, কাৰ্য আদি ডাঙৰ পৰা আয়ত্ব কৰে ।
4. কৌতূহল প্ৰবণতাঃ শৈশৱ কালৰ এটা বৈশিষ্ট্য হৈছে কৌতূহল প্ৰবণতা । শিশুৱে চাৰিওফালৰ পৰিবেশ ভালদৰে চাবলৈ আৰু জানিবলৈ আগ্ৰহী হৈ উঠে। ফলত এক অস্তিৰ আৰু চঞ্চল মনেৰে সিঁহতে বহুতো যুক্তি আৰু অযুক্তি কৰ প্ৰশ্ন সুধি ডাঙৰক ব্যতিব্যস্ত কৰি তোলে। শৈশবৰ এই সময়ক প্ৰশ্ন সোধাৰ বয়স বোলা হয়। ডাঙৰে শিশুৰ প্ৰশ্নৰ উত্তৰ দিব লাগে। ইয়াৰ জৰিয়তে শিশুৰ মানসিক তথা বৌদ্ধিক বিকাশ সাধন হয়।
5.কল্পনা- প্ৰৱণতাঃ শিশু সাধাৰণতে কল্পনাপ্ৰিয় । কল্পনা ৰাজ্যত থাকি শিশুৱে আনন্দ পায় । কিন্তু অতিমাত্ৰা কল্পনা প্ৰৱণতাই শিশুক বাস্তৱ আৰু কল্পনাৰ মাজত থকা প্ৰভেদ ক খেলিমেলি লগাই দিয়ে।
(১০) বাল্যকাল কাক বােলে ? বাল্যকালৰ ৩ টা বৈশিষ্ট্য লিখা ।
উত্তৰঃ বাল্যকাল ব্যক্তি বিকাশৰ দ্বিতীয় স্তৰ । সাধাৰণতে 6 ৰ পৰা 12 বছৰ বয়সৰ এই সময়ছোৱাক বাল্যকাল বোলা হয়। বাল্যকাল ক দুটা ভাগত ভাগ কৰিব পাৰি । যেনে আগতীয়া বাল্যকাল আৰু শেহতীয়া বাল্যকাল । 6-8 বছৰ বয়সলৈ আগতীয়া বাল্যকাল আৰু 9-12 বছৰ বয়স লৈ শেহতীয়া বাল্যকাল হিচাপে ধৰা হয়।সাধাৰণতে বাল্যকালক “বিদ্যালয় শিক্ষাৰ বয়স ” বুলি কোৱা হয়। শিশুৱে এই সময়ছোৱাত পঢ়িব আৰু লিখিবলৈ সক্ষম হয়।
বাল্যকালৰ তিনিটা বৈশিষ্ট্য হ’লঃ
1. বৌদ্ধিক বিকাশঃ এই সময়ত লৰা ছোৱালী ৰ বৌদ্ধিক বিকাশ সাধন হয়। মানসিক বিকাশ বৃদ্ধি হোৱাৰ ফলত বৌদ্ধিক দিশত উন্নতি হয়। স্মৃতি, মনোযোগ , গঠনাত্মক কল্পনা, চিন্তা আদি মানসিক শক্তি বোৰৰ ক্ষমতা অৰ্জন কৰে। তেওঁলোকৰ চিন্তা কৰিব পৰা শক্তি বৃদ্ধি পায় ।
2. ক্ৰিয়া- প্ৰৱণতাঃ ক্ৰীড়া-প্ৰৱতণতা হৈছে বাল্য কালৰ এটা বৈশিষ্ট্য। এই সময়ত শিশু সকলে খেলি ভাল পায় । এই সময়ত বহি মূৰ্খী শিশুৱে শৈশৱ কালৰ দৰে ঘৰত খেলা ধূলা কৰাৰ পৰিবৰ্তে বাহিৰত খেলিহে বেছি আনন্দ পায়। এই সময়ত শিশুৰ ক্ৰীড়া-প্ৰৱতণতা বিশেষত্ব এয়ে যে ব্যক্তিগত ভাৱে খেলৰ পৰিবৰ্তে দলগত ভাৱে সকলোৰে লগত খেলিব বিচাৰে।
3. দলীয় আনুগত্যঃ দলৰ প্ৰতি আনুগত্য বাল্য কালৰ এটা বৈশিষ্ট । খেলা ধূলাৰ বাবে লৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে । দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে । দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাবৰ সৃষ্টি কৰে।
(১১) কৈশােৰকাল কাক বােলে ? কৈশােৰকালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয় ?
উত্তৰঃ মানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে ।
আমেৰিকাৰ চিন্তাবিদ ষ্টেনলি হ’লেঃ কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি কৈছে। কৈশোৰ কালত লৰা ছোৱালী দৈহিক, মানসিক, আৱেগিক আৰু যৌন জীৱনত দ্ৰুত গতিত বিকাশ হয় আৰু তাৰ ফলত লৰা ছোৱালী মাজত বহুতো পৰিৱৰ্তন ঘটে। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । সেইবাবে এই সময়ত লৰা ছোৱালী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। কৈশোৰ কালত হোৱা আৱেগিক বিকাশৰ ফলত তেওঁলোকে নিজৰ আবেগ সমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰা হৈ পৰে। যৌন জীৱনত হোৱা পৰিবৰ্তনে তেওঁলোকৰ জীৱনত এক পীড়াৰ সৃষ্টি কৰে যাৰ বাবে কিশোৰ কিশোৰী সকলে নিজৰ যৌন পীড়া কমাব বিচাৰে আৰু তাৰ বাবে কিছু মান অসত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়। যৌন জীৱনৰ অভিজ্ঞতা ৰ বাবে সৃষ্টি হোৱা এই পৰিবৰ্তনে কিশোৰ কিশোৰী জীৱনত এক ধুমুহা আৰু পীড়াৰ সৃষ্টি কৰি তোলে। সেইবাবে কৈশোৰ কালক ধুমুহা আৰু পীড়নৰ সময় বুলি কিয় কোৱা হয়
(১২) শৈশৱকালৰ ৫ টা দেহ – মানসিক প্রয়ােজন উল্লেখ কৰা ।
উত্তৰঃ জন্মৰ পৰা ৫ বছৰ বয়সৰ স্তৰটোৰ নাম হল শৈশৱ কাল । মানৱ জীৱনৰ ই প্ৰথম স্তৰ। এই কালছোৱাত মানৱ জীৱনৰ বিকাশৰ ভেঁটি স্বৰূপ বুলি কোৱা হয়। এই সময়ছোৱাত ক্ষীপ্ৰ গতিত দৈহিক, মানসিক ক্ষমতা সমূহৰ বিকাশ ঘটে। শৈশৱ কালত শিশুৰ দ্ৰুত গতিত বৃদ্ধি আৰম্ভ হয়। আৰু শিশু সকলক কিছুমান দেহ মানসিক প্ৰয়োজন থকা দেখা যায়। শৈশৱ কালৰ দেহ মানসিক প্ৰয়োজন সমূহ হ’লঃ
1. নিৰাপত্তাৰ প্ৰয়োজনঃ শিশু ই পৰিয়ালৰ মাজত ডাঙৰ- দীঘল হয় আৰু দৈহিক আৰু মানসিক ভাবে নিজকে নিৰাপদ বুলি ভাবে । বিপদ আপদৰ সময়ত ডাঙৰৰ পৰা সহায় সহানুভূতি বিচাৰে ।সহায় সহানুভূতি ৰ নিশ্চয়তা পালে মনৰ পৰা ভয় আঁতৰে আৰু সাহস বৃদ্ধি হয়।
2. কৌতুহল পূৰণৰ প্ৰয়োজনঃ শিশু কৌতুহলী মনৰ হোৱা বাবে তাৰ চাৰিওফালৰ বিভিন্ন বস্তু , বিষয়, পৰিস্থিতি আদিক জানিবলৈ ব্যগ্ৰ হৈ পৰে। এই ক্ষেত্ৰত শিশু ই ডাঙৰক নানা প্ৰশ্ন সুধি ব্যাতি ব্যস্ত কৰি তোলে। ডাঙৰেও ধৈয্য সহকাৰে শিশুৰ কৌতুহল পূৰণ কৰিব লাগে। কাৰণ ই শিশুৰ মানসিক আৰু বৌদ্ধিক বিকাশ ত সহায় কৰে।
3. দৈহিক আদৰ- যত্নৰ প্ৰয়োজনঃ মানুহ জীৱ শ্ৰেষ্ঠ প্ৰাণী হলেও জন্মৰ পিছতে নিজে একো কৰিব নোৱাৰে । মানৱ শিশু দৈহিক ভাবে পৰনিৰ্ভৰশিল বাবে দৈহিক আদৰ যত্নৰ প্ৰয়োজন । শিশুৰ খোৱা- পিন্ধা , স্বাস্থ্য ৰক্ষা আদি সকলো ক্ষেত্ৰতে মাক – দেউতাক বা পৰিয়ালৰ আন লোক সকলে যত্ন কৰিব লগা হয় । দৈহিক অভাৱ পূৰণত মাকৰ ভূমিকা অপৰিসীম ।
4. মৰমৰ প্ৰয়োজনঃ শিশুৱে সকলোৰে পৰা মৰম বিচাৰে । মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় । মনলৈ সাহস আহে। মৰমৰ অভাৱ হলে শিশু সকল কেতিয়াবা মানসিক ৰোগী বা অপৰাধী ব্যক্তি ত পৰিণত হ’ব পাৰে।
5. স্বাধীনতাৰ প্ৰয়োজনঃ শিশু স্বাধীন মনৰ বাবে সিঁহতৰ প্ৰকৃতিত মুক্ত ধাৰণাই বিশেষ ভাৱে ঠাই লয়। আনৰ শাসন, আৰু নীতি- নিয়মৰ মাজত থাকি শিশুৱে ভাল নাপায়। শিশুৰ পছন্দৰ অলপ ব্যতিক্ৰম হলে কান্দি উঠে বা বয়বস্ত দলিয়াই বিক্ষোপ প্ৰদৰ্শন কৰে। শিশুক পৰ্যমনে স্বাধীনতা দিব লাগে ।
(১৩) কৈশােৰকালৰ ৫ টা দেহ – মানসিক প্রয়ােজন উল্লেখ কৰা ।
উত্তৰঃ সাধাৰণতে 12 বছৰৰ পৰা 18 বছৰৰ সময়ছোৱাক কৈশোৰ কাল বোলে । বয়ঃসন্ধিকালৰ ল’ৰা-ছোৱালীসকলৰ দৈহিক মানসিক পৰিবৰ্তন হৈ অহা দেখা যায়। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । কৈশোৰ কালত লৰা ছোৱালী কিছুমান প্ৰয়োজন থকা দেখা যায় ।
কৈশোৰ কালৰ দেহ মানসিক প্ৰয়োজনসমূহ হ’লঃ
1. দৈহিক প্ৰায়জনঃ কৈশোৰ কালত দৈহিক বিকাশ ক্ষিপ্ৰতৰ হয় সেইবাবে বল শক্তি অটুট ৰাখিবলৈ পৰিমিত খাদ্যৰ দৰকাৰ। সুন্দৰ- সুঠাম দেহৰ বাবে শাৰীৰ চৰ্চাৰ দৰকাৰ। সকলো সময়তে দেহৰ উপযোগী কাপোৰ আৰু চাফ- চিকুনৰ প্ৰতি গুৰুত্ব দিব লাগে।
2. যৌন প্ৰয়োজনঃ কৈশোৰ কালত লৰা ছোৱালীয়ে যৌন তৃপ্তি পূৰণৰ এক প্ৰবল আগ্ৰহ অনুভৱ কৰে । সেইবাবে যৌন প্ৰবৃত্তি সুপথে পৰিচালিত কৰিবলৈ প্ৰয়োজনীয় যৌন শিক্ষা দিব লাগে। যাতে তেওঁলোকে নিজৰ যৌন ইচ্ছা সমূহ নিয়ন্ত্ৰণ কৰিব পাৰে আৰু তাৰ ভাল বেয়া টো বুজি পোৱা হয়।
3. বৌদ্ধিক প্ৰয়োজনঃ বৌদ্ধিক প্ৰয়োজন লাভ কৰাৰ বাবে কিশোৰ- কিশোৰীয়ে নতুন কথা বা নতুন জ্ঞান লাভ কৰিবলৈ ইচ্ছা কৰে। সকলোৱে তেওঁলোকৰ বৌদ্ধিক প্ৰয়োজন বোৰ পূৰণ কৰাৰ যত্ন কৰিব লাগে। আৰু ইয়াৰ বাবে পৰিয়ালৰ সদস্য লগতে শিক্ষানুষ্ঠানত কিছুমান বৌদ্ধিক বিকাশৰ লগত সংগতি ৰাখি কাৰ্য কৰাব লাগে ।
4. সামাজিক নিৰাপত্তাৰ প্ৰয়োজনঃ কিশোৰ- কিশোৰীৰ সামাজিক নিৰাপত্তাৰ প্ৰয়োজন আছে। কাৰণ সমাজ অবিহনে তেওঁলোক চলিব নোৱাৰে। তেওঁলোকে দল বান্ধি থাকিবলৈ ভাল পায়। ডাঙৰৰ মৰম চেনেহ, মনোযোগ আদি বিচাৰে। কিশোৰ সকলক সামাজিক অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সুবিধা দিব লাগে। যাতে তেওঁলোকে সমাজৰ লগত নিজকে খাপ খুৱাই লব পাৰে ।
5. স্বাধীনতাৰ প্ৰয়োজনঃ কিশোৰ- কিশোৰীয়ে স্বাধীন ভাবে কাম- কাজ কৰাৰ প্ৰয়োজন অনুভৱ কৰে। তেওঁলোকে নিজৰ ইচ্ছা অনুসৰি কিছুমান কাম কৰিবলৈ ইচ্ছা কৰে । আৰু যদিহে সকলো কামত তেওঁলোকে হকা বধা পায় নিজৰ মতে কাম কৰিব নোৱাৰে তেতিয়া তেওঁলোক মানসিক অশান্তি ভোগা দেখা যায় আৰু যাৰ বাবে পৰিয়ালৰ বাবে এটা বিদ্ৰোহ ভাৱ প্ৰকাশ পায়। সেইবাবে অভিভাৱক আৰু শিক্ষকসকলে তেওঁলোকক কঠোৰ অনুশাসনত ৰাখিব নালগে।
(১৪) কৈশােৰকালৰ ৫ টা সমস্যাৰ বিষয়ে লিখা ।
উত্তৰঃ মানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে । দৈহিক পৰিবৰ্তন হৈ অহাৰ বাবে যৌৱন অৱস্থাত বিভিন্ন ধৰণৰ সমস্যা আহি পৰে।
কৈশোৰ কালৰ পাঁচটা সমস্যা হ’লঃ
1. যৌন সমস্যাঃ কিশোৰ সকলৰ প্ৰধান সমস্যা হল যৌন সমস্যা। যৌৱনে গচকা জীৱনত কিশোৰ কিশোৰীয়ে আচহুৱা যৌন তাড়না অনুভৱ কৰে। ফলত ভয় , সংকোচ , লজ্জা, উদ্বেগ, গোপনীয়তা, অপৰাধ প্ৰবণতা আদি অসুস্থ মানসিকতাৰ সৃষ্টি হয়। কেতিয়াবা যৌন জীৱনত সমাযোজন কৰাত কিশোৰ কিশোৰী ব্যৰ্থ হয় । এনেবোৰ কাৰণৰ বাবে যৌন সমস্যাৰ সৃষ্টি হয়। সেইবাবে কিশোৰ সকলক উপযুক্ত যৌন শিক্ষা দিয়াৰ ব্যবস্থা কৰিব লগে।
2 সামাজিক সমস্যাঃ কিশোৰ- কিশোৰী সকলে সামাজিক স্বীকৃতি আৰু সামাজিক উন্নতি বিচাৰে। সমাজৰ প্ৰতি থকা তেওঁলোকৰ মনোভাৱ, আদৰ্শ আদি বয়স্ক সকলৰ লগত নিমিলে। অৰ্থাৎ সমাজৰ ৰীতি নীতি, পৰম্পৰা, আদৰ্শ আদি পালনৰ ক্ষেত্ৰত ন- পুৰণি ৰ মাজত সংঘাতৰ সৃষ্টি হয়। ফলত কিশোৰ- কিশোৰী ৰ সামাজিক সমাযোজনত সমস্যা আহি পৰে।
3. আৱেগিক সমস্যাঃ কিশোৰ কালত আবেগ অনুভূতি প্ৰবল হয় বাবে এই বোৰত নিয়ন্ত্ৰণ ক্ষমতা নাথাকে । ফলত বিভিন্ন পৰিস্থিতিত তেওঁলোকে আৱেগিক নিয়ন্ত্ৰণ হেৰুৱায় ক্ৰোধ আৰু বিৰক্তিৰ হিংসাত্মক আৰু ধ্বংসাত্মক আচৰণ কৰে। প্ৰেম- প্ৰীতি , আশা- নিৰাশা , ঈৰ্ষা আদিয়ে তেওঁলোকক আৱেগিক কৰি তোলে। কিশোৰ- কিশোৰী সকলে আবেগ সমূহ নিয়ন্ত্ৰণ কৰিব নোৱাৰি কিছুমান সমস্যাৰ সন্মুখীন হোৱা দেখা যায়।
4. অৱসৰ সময়ৰ সমস্যাঃ অৱসৰ সময় বিনোদন কৰিবলৈ কিশোৰ কিশোৰীৰ বাবে উপযুক্ত শিক্ষা ব্যবস্থা নাই। তেওঁলোকৰ অফুৰন্ত শক্তি সামৰ্থবোৰ ভালদৰে ব্যবহাৰ কৰিব নোৱাৰাৰ ফলত অথলে যায়। এনে অৱস্থাত তেওঁলোকে কেতিয়াবা অসামাজিক আৰু অপৰাধ জনিত কামত লিপ্ত হোৱা পৰিলক্ষিত হয়।
5. অপৰাধ প্ৰৱণতাৰ সমস্যাঃ অপৰাধ প্ৰৱণতা কৈশোৰ কালৰ এটা জলন্ত সমস্যা। অৱসৰ সময়ৰ সমস্যা , নিবনুৱা সমস্যা , মাদক দ্ৰব্য আৰু নিচাযুক্ত দ্ৰব্যৰ ব্যৱহাৰ , সমাজৰ নৈতিক অধঃপতন , নীতিবিহিন ৰাজনীতি , ক্ষমতা বলিয়া স্বভাৱ , আদি অশুভ শক্তিয়ে সমাজত অপৰাধ প্ৰৱণ পৰিবেশৰ সৃষ্টি কৰে । কিশোৰ কিশোৰীৰ জীৱনত এইবোৰে বাৰুকৈ প্ৰভাৱ পেলাই । ফলত কিশোৰ কিশোৰীৰ জীৱনত অপৰাধ প্ৰৱণতা সমস্যাৰ সৃষ্টি হয়।
(১৫) দলীয় আনুগত্য কি ?
উত্তৰঃ দলৰ প্ৰতি আনুগত্য বাল্য কালৰ এটা বৈশিষ্ট । খেলা ধূলাৰ বাবে লৰা ছোৱালীয়ে সাধাৰণতে দল গঠন কৰে । দল পৰিচালনাৰ বাবে দলপতি নিৰ্বাচন কৰে । দলপতিৰ নিৰ্দেশত দল সংগঠিত আৰু পৰিচালিত হয়। দলীয় নীতি নিয়ম আদি মানি নচলিলে দলৰ পৰা বহিষ্কাৰ কৰাৰো নিয়ম থাকে। দলীয় আনুগত্যই গণতান্ত্ৰিক মনোভাবৰ সৃষ্টি কৰে। বাল্য কালত শিশু সকলে দল গঠন কৰিব জনা হয়। নিজৰ পচন্দ লোক সকলৰ লগত দল গঠন কৰি ভাল পায় । আৰু ইয়াৰ জৰিয়তে তেওঁলোকৰ বন্ধুত্ব ভাৱ প্ৰকাশ পায়।
(১৬) বিপৰীত লিংগকামিতা কাক বােলে ?
উত্তৰঃ কৈশোৰ কালৰ যৌন জীৱনক বিপৰীত লিংগকামিতা বোলে। কৈশোৰ কালত কিশোৰ – কিশোৰী সকলৰ দৈহিক পৰিবৰ্তন হৈ দৈহিক ভাৱে পৰিপক্ক হৈ উঠে। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে । পাকস্থলীৰ ক্ৰিয়া, ৰক্ত সঞ্চালন , ৰক্ত চাপ আদি বৃদ্ধি পায়। লৰাই পৌৰুষত্ব আৰু ছোৱালীয়ে নাৰীত্ব লাভ কৰে বাবে কিশোৰ কিশোৰী সকল বিপৰীত লিংগৰ প্ৰতি আকৃষ্ট হোৱা দেখা যায়। আৰু লৰাই ছোৱালীক আৰু ছোৱালীয়ে লৰাক ভাল পাবলৈ আৰম্ভ কৰে। বিপৰীত লিংগকামিতা কৈশোৰ কালত হোৱাটো স্বাভাৱিক প্ৰক্ৰিয়া। দৈহিক পৰিবৰ্তন সমূহৰ বাৱে তেওঁলোকৰ যৌন প্ৰবনতা বাঢ়ি যায় । আৰু তাৰ ফলত তেওঁলোকৰ বিপৰীত লিংগক ভাল লাগিব ধৰে ।
(১৭) সর্বপ্রাণবাদিতা কাক বােলে ?
উত্তৰঃ সৰ্বপ্ৰাণবাদিতা হল শৈশৱ কালৰ এটা বৈশিষ্ট্য। শিশুৱে প্ৰাণীৰ দৰে সকলো নিৰ্জিৱ বস্তুৰে প্ৰাণ থকা বুলি ভাবে । এই ধাৰণাৰ বাবে শিশুৱে সজীৱতা আৰু নিৰ্জীৱতাৰ মাজত থকা পাৰ্থক্য বিবেচনা কৰিব নোৱাৰে । সিহঁতে ভাৱে নিৰ্জীৱ বস্তুবোৰেও যেন চলা, ফুৰা, সুখ দুখ আদি অনুভৱ কৰিব পাৰে। শিশু এ বিশ্বাস কৰে যে সকলো বস্তুৰে প্ৰাণ থাকে। উদাহৰণ স্বৰুপে- শিশুৱে যেতিয়া মাটিত পৰি দুখ পাই তেতিয়া কান্দি উঠে । যদি কোনোবাই মাটিখিনি ক জগৰীয়া কৰি প্ৰহাৰ কৰে তেতিয়া মাটিখিনিক প্ৰতিশোধ লোৱা বুলি ভাবি আনন্দ পায়।
(১৮) শৈশৱৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ শৈশৱ কাল জীৱনৰ প্ৰথম স্তৰ। এই সময়ত শিশুৰ দৈহিক, মানসিক, আৱেগিক আদি বিকাশ সাধন হৈ উঠে। শিশুৰ বিকাশ আৰু দেহ মানসিক প্ৰয়োজন বোৰ লক্ষ্য ৰাখি শিক্ষাৰ ব্যবস্থা কৰিব লাগে।
শৈশৱ কালৰ শিক্ষা ব্যবস্থা সমূহ হ’লঃ
1. শিশুৰ সুপ্ত প্ৰতিভা বিকাশৰ প্ৰতি নজৰ দিব লাগে।
2. শিক্ষাৰ ক্ষেত্ৰত সুস্থ আৰু শান্তিৰ পৰিবেশ গঢ়ি তুলিব লাগে।
3. খেলা – ধূলা, নাচ- গান আদিৰ জৰিয়তে শিক্ষা প্ৰদান কৰিব লাগে। কাৰণ খেলা – ধূলা, নাচ- গান আদিয়ে শিশুক আনন্দ দিয়ে। ইয়াৰ জৰিয়তে শিশুৰ শাৰীৰিক আৰু মানসিক দিশৰ উন্নতি সাধন হৈ উঠে।
4. শিশুৰ আশা- আকাংক্ষা, ৰুচি- অভিৰুচি আদি পূৰণ কৰিবলৈ যত্ন কৰিব লাগে। এইবোৰ যাতে সূপথে পৰিচালিত হয় তাৰ ওপৰত গুৰুত্ব দিব লাগে।
5. শিশুৰ চিন্তা ভাবনা, কল্পনা শক্তিৰ বিকাশত গুৰুত্ব দিব লাগে।
6. শিশুক মাতৃ ভাষাত প্ৰথমে শিক্ষা দিব লাগে। কাৰণ এই সময়ত শিশুৱে আয়ত্ত কৰিবলৈ শিকে মাথোন।
শৈশৱ কালৰ শিক্ষা ব্যবস্থা এই দিশ সমূহ সন্নিবিষ্ট কৰিব লাগে। তেতিয়াহে শিশুৰ বিকাশ সম্ভব হৈ উঠিব।
(১৯) বাল্যকালৰ শিক্ষা – ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ মানুহৰ বিকাশৰ দ্বিতীয় স্তৰ হৈছে বাল্যকাল । বাল্যকালত শিশু সকলে লিখিব আৰু পঢ়িব জনা হৈ বাবে তেওঁলোক বিদ্যালয় যোৱা আৰম্ভ কৰে। বাল্যকাল শিক্ষা আহৰণৰ সময়। বাল্যকালৰ বৈশিষ্ট্য প্ৰতি লক্ষ্য ৰাখিহে শিক্ষাৰ ব্যবস্থা কৰিব লাগে। বাল্যকালৰ শিক্ষা ব্যবস্থা সমূহ হ’লঃ
1. বাল্যকালত শিশু বাস্তববাদি আৰু বহিমুখী হয় । গতিকে শিক্ষা ব্যৱস্থাত বাস্তৱ অভিজ্ঞতা প্ৰদান কৰিব লাগে। সেয়েহে কামৰ মাজেদি শিক্ষা দিব লাগে।
2. এই কালছোৱাত শক্তিশালী হৈ উঠা প্ৰবৃত্তি বিলাকৰ উন্নতি কাৰণৰ বাবে প্ৰয়োজনীয় কাৰ্য বলীৰ ব্যবস্থা কৰিব লাগে ।
3. স্বাস্থ্য ৰক্ষাৰ প্ৰাথমিক জ্ঞান এই স্তৰত দিব লাগে। চাফ- চিকুন ৰ প্ৰতি গুৰুত্ব দিব লাগে।
4. দলীয় আনুগত্য ৰ প্ৰতি লক্ষ্য ৰাখি শিশুক দলগত ভাবে খেলা- ধূলা আৰু অন্যান্য কাম কৰিবলৈ সুবিধা দিব লাগে। ই তেওঁলোকৰ দৈহিক আৰু সামাজিক বিকাশত সহায় কৰে।
5. লৰা ছোৱালীক নিজৰ আগ্ৰহ- অভিৰুছি মতে শিক্ষা প্ৰদান কৰিব লাগে। শিক্ষক সকলে বুজা পৰা আৰু মৰম চেনেহৰ মাজেদি শিক্ষা দিব লাগে।শিশু সকলৰ বিকাশৰ বাবে বাল্যকালৰ শিক্ষা ব্যবস্থা শিশু সকলৰ বৈশিষ্ট্য প্ৰতি গুৰুত্ব দি শিক্ষা প্ৰদান কৰিব লাগে।
(২০) কৈশােৰকালৰ শিক্ষা ব্যৱস্থাৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃমানৱ জীৱনৰ 12ৰ প পৰা 18 বছৰলৈকে সময় ছোৱাক কৈশোৰ কাল বুলি কোৱা হয়। এই সময়ত শৰীৰৰ অংগ সমূহ স বৃদ্ধি আৰু বলবান হৈ উঠে। যৌন গন্থি সমূহ সক্ৰিয় হৈ উঠে। লৰা ছোৱালী প্ৰজনানিক ক্ষমতা লাভ কৰে। বিপৰীত লিংগকমিত এই সময়ৰ বিশেষ লক্ষণ। ছোৱালী ঋতুমতী আৰু লৰা বিৰ্য্যধাৰী হৈ উঠে। কৈশোৰ কালত দেহ মানসিক পৰিবৰ্তন দ্ৰুত গতিত বৃদ্ধি পায় সেইবাবে কৈশোৰ অৱস্থাত কিশোৰ – কিশোৰী সকলক উপযুক্ত শিক্ষা দিয়াটো অতি প্ৰয়োজনীয়।
কৈশোৰ কালৰ শিক্ষাৰ ব্যৱস্থা সমূহ হ’লঃ
1. কিশোৰ – কিশোৰীৰ আগ্ৰহ, অভিৰুছি , আভিক্ষমতা আদিৰ ভিন্নতা অনুযায়ী মাধ্যমিক স্কুলত অধিক স্বাধীনতা প্ৰদনেৰে নমনীয় আৰু বিভাজিত পাঠ্যক্ৰম ৰ ব্যবস্থা কৰিব লাগে।
2. কৈশোৰ কালত যুৱক যুৱতী ৰ শাৰীৰিক শক্তি বৃদ্ধি পায়। সেইবাবে স্কুলত বিভিন্ন ধৰণৰ খেলা- ধূলা, ব্যায়াম, যোগ আদিৰ ব্যবস্থা কৰিব লাগে ।তেওঁলোকৰ শাৰীৰিক স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখি শাৰীৰিক শিক্ষা প্ৰদান কৰিব লাগে।
3. অৱসৰ সময়ৰ সৎ ব্যবহাৰ ৰ বিষয়ে শিক্ষা দিব লাগে। ছাত্ৰ-ছাত্ৰী ৰ মন পছন্দৰ বিষয় বা ভাল লগা ক্ৰিয়া কালাপত ব্যস্ত ৰাখিব লাগে। তাৰবাবে স্কুলত সহ- পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিব লাগে।
4. কিশোৰ – কিশোৰী ক যৌন শিক্ষা প্ৰদান কৰিব লাগে । ইয়াৰ ফলত যৌন সম্বন্ধীয় ভুল ধাৰণা আৰু সমস্যা বোৰ আঁতৰ হয়।
5.মাধ্যমিক শিক্ষাত বৃত্তিমুখি শিক্ষা প্ৰদান কৰিব লাগে । কিয়নো যিসকল ছাত্ৰ-ছাত্ৰীয়ে উচ্চ শিক্ষাৰ বাবে অনুপযোগী । তেওঁলোকে বৃতিমূলক বিষয়ৰ শিক্ষাৰ প্ৰতি অধিক আকৰ্ষিত হব।
6. ছাত্ৰ-ছাত্ৰীক সামাজিক ক্ৰিয়া কলাপৰ জৰিয়তে সমাজ সচেতন মনোভাৱ গঢ়ি তুলিব লাগে। ন্যায়, সমতা, বন্ধুত্ব , সহযোগিতা , মূল্যবোধৰ শিক্ষা দিব লাগে।
( ২১ ) শিশুৰ বিকাশত গৃহ – পৰিৱেশৰ প্ৰভাৱৰ বিষয়ে লিখা ।
উত্তৰঃ শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱ অতি গুৰুতত্বপূৰ্ন হোৱা দেখা যায়। শিশু জন্ম ৰ পৰা গৃহ পৰিবেশত ডাঙৰ হয় বাবে গৃহ পৰিবেশ সুস্থ হলেহে শিশুৰ সুস্থ বিকাশ সম্ভব হৈ উঠে। সেইবাবে শিশুৰ বিকাশত গৃহ পৰিৱেশৰ প্ৰভাৱৰ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়।
1. দৈহিক প্ৰভাৱঃ জন্মৰ পিছতে শিশুৱে মাতৃ দুগ্ধ পান কৰে। ই শিশুক নানান বেমাৰৰ পৰা ৰক্ষা কৰে। শিশু টোৰ দৈহিক আদৰ যত্ন লব লাগে।. শৈশৱ কালত শিশু সকলৰ ভাষাৰ বিকাশ হয়। শিশু সকলে পৰিয়ালৰ সদস্য ৰ পৰা ভাষা আয়ত্ত কৰিবলৈ ধৰে। সেইবাবে পিতৃ আৰু মাতৃৰ লগতে পৰিয়ালৰ অন্যান্য সদস্য সকলেও কথা কোৱা ক্ষেত্ৰত ধ্যান দিব লগে আৰু শিশুৱে যেন ভালকৈ ভাষা আয়ত্ত কৰিব পাৰে । শিশুৰ ভাষাৰ বিকাশত গৃহ পৰিবেশ প্ৰভাৱ পেলাই
2. মৰমৰ প্ৰভাৱঃ শিশুৱে সকলোৰে পৰা মৰম বিচাৰে । মৰম ভালপোৱা আদিয়ে শিশুক মানসিক আৰু আৱেগিক দিশত সহায় কৰে । মৰম চেনেহৰ জৰিয়তে সকলো কামতে সিঁহতৰ উৎসাহ, উদ্দীপনা বৃদ্ধি হয় । যিহেতু পৰিয়ালৰ পৰা শিশুৰ মৰমৰ প্ৰয়োজন পূৰণ হব পাৰে । সেইবাবে গৃহ পৰিবেশ টো সদাই মৰমিয়াল আৰু সকাৰত্মক কৰি ৰাখিব লাগে। মৰমৰ প্ৰয়োজন পূৰণৰ ক্ষেত্ৰত গৃহৰ ভূমিকা তাৎপৰ্য পূৰ্ণ।
3. অনুশাসনৰ প্ৰভাৱঃ মানৱ জীৱনৰ সকলো কাম নিয়াৰিকৈ চলাবলৈ অনুশাসন ব্যবস্থাৰ প্ৰয়োজন। অনুশাসন ব্যবস্থা সৰুৰে পৰা ভালদৰে গঢ়ি তুলিব লাগে। দৈনন্দিন ক্ৰিয়া আচৰণ বোৰত ৰক্ষা কৰি চলা সমানুবৰ্তিতা, নীয়মানুবৰ্ত্তিত , শৃংখলাবৰ্ত্তিত, আদিয়ে শিশুৰ মনত আনুগত্য আৰু অনুশাসন ৰ মনোভাৱ গঢ়ি তোলে।
4. নৈতিক প্ৰভাৱঃ শিশুৰ জীৱনৰ মানদণ্ড বজাই ৰখাত পৰিয়ালে সহায় কৰে। পৰিয়ালৰ লোকৰ ক্ৰিয়া আচৰণৰ ন্যায়- অন্যায়, পাপ পুণ্য, উচিত- অনুচিত আদি বিচাৰ বিবেচনা প্ৰভাৱ শিশুৰ উপৰত পৰে। কাৰণ শিশু ই ডাঙৰক অনুসৰণ কৰে।
5. আবেগিক প্ৰভাৱঃ সুস্থ গৃহ পৰিবেশে শিশুৰ আবেগিক দিশ ত প্ৰভাৱ পেলাই । মাক দেউতাক আৰু পৰিয়ালৰ অনান্য লোক সকলৰ পৰা পোৱা মৰম চেনেহ আদিয়ে শিশুক আবেগিক নিৰাপত্তা প্ৰদান কৰে। আবেগিক ভাৱে সুস্থ হলে হে শিশু ই নিজৰ আবেগ সমূহ নিয়ন্ত্ৰণ কৰিব পৰা হয় আৰু যিটো শিশুৰ আচৰণ প্ৰকাশ পায়। সেয়েহে সুস্থ গৃহ পৰিবেশে শিশুৰ আবেগিক দিশ ক উন্নত কৰি তোলে। ই শিশুক সাহসী আৰু আত্ম নিৰ্ভৰ শিল কৰি তোলে। সেয়েহে শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে এটা সুস্থ গৃহ পৰিবেশ বহুত প্ৰয়োজনীয়। গৃহ পৰিবেশ ত শিশু ডাঙৰ দীঘল হয় আৰু ঘৰ খন হৈছে শিশুৰ জ্ঞান আহৰণৰ প্ৰথম ঠাই। সেয়েহে শিশুৰ বিকাশত গৃহ পৰিবেশৰ ভূমিকা তাৎপৰ্য পূৰ্ণ।