কাৰ্য আৰু শক্তি
Chapter 11
১) বহুতো প্ৰাকৃতিক পৰিঘটনাৰ তাতপৰ্য বুজাত সহায় কৰিব পৰা আন এটা ধাৰণা কি ?
উত্তৰ ঃ কাৰ্য।
২) কাৰ্যৰ একক নিউটন কি ?
উত্তৰ ঃ মিটাৰ বা জুল।
৩) কাৰ্য সম্পাদনৰ বাবে কেইচা চৰ্ত পূৰণ হ’ব লাগে ?
উত্তৰ ঃ দুটা ।
৪) দুটা দিশৰ মাজৰ কোণ কিমান ডিগ্ৰী হ’ব ?
উত্তৰ ঃ 180 ডিগ্ৰী ।
৫) শক্তিৰ বৃহত্তম প্ৰাকৃতিক উতস কি ?
উত্তৰ ঃ সূৰ্য।
৬) বলে কৰা কাৰ্য কি হ’ব পাৰে ?
উত্তৰ ঃ ধনাত্মক আৰু ঋনাত্মক ।
৭) শক্তিৰ একক কাৰ্য কি ?
উত্তৰ ঃ জুল।
৮) 1জুল শক্তি বুলিলে কি বুজা ?
উত্তৰ ঃ কাৰ্য কৰিবলৈ প্ৰয়োজন হোৱা শক্তিকেই 1জুল শক্তি বুলি কোৱা হয়।
৯) জেম্ছ প্ৰেছে্কট্ জুল এজন কি আছিল ?
উত্তৰ ঃ মহান বৃটিছ পদাৰ্থবিজ্ঞানী।
১০) কি নামৰ শক্তিৰ ডাঙৰ একক এটাৰ প্ৰচলন আছে ?
উত্তৰ ঃ কিল’জুল।
১১) জেমছ প্ৰেছকট জুলৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰ ঃ১৮১৮ চনত।
১২) জেম্ছ প্ৰেছ্কট জুলৰ কিমান চনত মৃত্যু হৈছিল ?
উত্তৰ ঃ ১৮৮৯ চনত।
১৩) বস্তু এটাৰ গতিশক্তি কিহৰ সৈতে বৃদ্ধি হয় ?
উত্তৰ ঃ দ্ৰুতিৰ সৈতে।
১৪) স্থিতিশক্তি বুলিলে কি বুজা ?
উত্তৰ ঃ কোনো বস্তুৱে তাৰ অৱস্থান বা অবয়ৱৰ বিন্যাসৰ বাবে আহৰণ কৰা শক্তিকে স্থিতিশক্তি বোলে।
১৫) গতিশক্তি মানে কি ?
উত্তৰ ঃ গতিৰ বাবে কোনো বস্তুৱে লাভ কৰা শক্তিকে গতিশক্তি বোলে।
১৬) কাৰ্যৰ একক কি ?
উত্তৰ ঃ জুল।
১৭) গতিশীল বস্তুত কি নিহিত থাকে ?
উত্তৰ ঃ শক্তি।
১৮) ক্ষমতাৰ এচ আই একক কি ?
উত্তৰ ঃ ৱাট।
Type : Dimpi Bora