কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
অধ্য়য়ন- ৫
১। কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী কবিতাটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী কবিতাটো জ্য়ােতিপ্ৰসাদ আগৰৱালাই ৰচনা কৰিছিল ।
২। জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনত জন্ম হৈছিল ।
৩। জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনৰ কোন ঠাইত জন্ম হৈছিল ?
উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ ১৯০৩ চনৰ ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিছাত জন্ম হৈছিল ।
৪। জ্য়ােতিপ্ৰসাদ আগৰৱালাই উচ্চ শিক্ষা লাভৰ বাবে কিমান চনত ইংলণ্ডলৈ যায় ?
উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাই উচ্চ শিক্ষা লাভৰ বাবে ১৯২৬ চনৰ ইংলণ্ডলৈ যায় ।
৫। তুষাৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ তুষাৰ শব্দৰ অৰ্থ হ’ল বৰফ ।
৬। অভ্ৰভেদী শব্দৰ অৰ্থ কি ?
উত্তৰঃ অভ্ৰভেদী শব্দৰ অৰ্থ হ’ল আকাশলংঘা ।
৭। জ্য়ােতিপ্ৰসাদ আগৰৱালাই কোনো ডিগ্ৰী নোলোৱাকৈ ইংলণ্ডনৰ পৰা উভতি আহি কলৈ যায় ?
উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাই কোনো ডিগ্ৰী নোলোৱাকৈ ইংলণ্ডনৰ পৰা উভতি আহি জাৰ্মানীলৈ যায় ।
৮। শৈলজা শব্দৰ অৰ্থ কি ?
উত্তৰঃ শৈলজা শব্দৰ অৰ্থ হ’ল পৰ্বতত জন্ম হোৱা, পাৰ্বতী ।
৯। কিমান চনত দুৰাৰোগ্য় ৰোগত আক্ৰান্ত হৈ জ্য়ােতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে?
উত্তৰঃ ১৯৫১ চনত দুৰাৰোগ্য় ৰোগত আক্ৰান্ত হৈ জ্য়ােতিপ্ৰসাদ আগৰৱালাই ইহলীলা সম্বৰণ কৰে ।
১০। পয়োধৰা শব্দৰ অৰ্থ কি ?
উত্তৰঃ পয়োধৰা শব্দৰ অৰ্থ হ’ল মেঘ, ডাৱৰ, স্তন ।
১১। অসমীয়া সাহিত্য়-সংস্কৃতিলৈ কাৰ দান বহুমুখী ?
উত্তৰঃঅসমীয়া সাহিত্য়-সংস্কৃতিলৈ জ্য়ােতিপ্ৰসাদৰ দান বহুমুখী ।
১২। পিযুষ শব্দৰ অৰ্থ কি ?
উত্তৰঃ পিযুষ শব্দৰ অৰ্থ হ’ল মধু, মৌ ।
১৩। জ্য়ােতিপ্ৰসাদ আগৰৱালা কি আছিল ?
উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালা আছিল নাট্য়কাৰ, কবি, গীতিকাৰ আৰু প্ৰবন্ধকাৰ ।
১৪। সলিলা শব্দৰ অৰ্থ কি ?
উত্তৰঃ সলিলা শব্দৰ অৰ্থ হ’ল নদী ।
১৫। জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ নাট কেইখনৰ নাম কি ?
উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাৰ নাট কেইখনৰ নাম হ’ল শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, ৰূপালীম, নিমাতী কইনা, সোণ-পখিলী, লভিতা, খনিকৰ, কনকলতা আৰু সুন্দৰ কোঁৱৰ ।
১৬। দ্য়ুতি শব্দৰ অৰ্থ কি ?
উত্তৰঃ দ্য়ুতি শব্দৰ অৰ্থ হ’ল উজ্জ্বলতা ।
১৭। জ্য়ােতিপ্ৰসাদ আগৰৱালাই কিমান চনত জয়মতী নিৰ্মাণ কৰে ?
উত্তৰঃ জ্য়ােতিপ্ৰসাদ আগৰৱালাই ১৯৩৫ চনত জয়মতী লিৰ্মাণ কৰে য
১৮। ৰঞ্জন শব্দৰ অৰ্থ কি ?
উত্তৰঃ ৰঞ্জন শব্দৰ অৰ্থ হ’ল ৰং লগোৱা কাৰ্য, আনন্দ দান ।
১৯। ইন্দ্ৰমালতী নামৰ কথাছবি খন জ্য়ােতিপ্ৰসাদ আগৰৱালাই কিমান চনত নিৰ্মাণ কৰে ?
উত্তৰঃইন্দ্ৰমালতী নামৰ কথাছবি খন জ্য়ােতিপ্ৰসাদ আগৰৱালাই ১৯৩৯ চনত নিৰ্মাণ কৰে ।
২০। কুসুম শব্দৰ অৰ্থ কি ?
উত্তৰঃ কুসুম শব্দৰ অৰ্থ হ’ল ফুল ।
Type By Chandana Bora
Check: Himashree Bora.