ই যে অগ্নি-বীণাৰ তান
অধ্য়য়ন -৩
১। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে সাহিত্য় অকাডেমী বঁটা কিহৰ বাবে লাভ কৰে ?
উত্তৰঃঅম্বিকাগিৰী ৰায়চৌধুৰীয়ে ‘বেদনাৰ উল্কা’ৰ বাবে সাহিত্য় অকাডেমী বঁটা লাভ কৰে।
২। ই যে অগ্নি-বীণাৰ তান কবিতাটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ ই যে অগ্নি-বীণাৰ তান কবিতাটো অম্বিকাগিৰী ৰায়চৌধুৰী ৰচনা কৰিছিল।
৩। অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ চনত জন্ম হৈছিল ।
৪। অনল শব্দৰ অৰ্থ কি ?
উত্তৰঃ অনল শব্দৰ অৰ্থ হ’ল জুই ।
৫। অম্বিকাগিৰী ৰায়চৌধুৰী কি আছিল ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী একাধাৰে কবি, গীতিকাৰ, নাট্য়কাৰ, প্ৰবন্ধকাৰ আৰু সাংবাদিক আছিল।
৬। সুধা শব্দৰ অৰ্থ কি ?
উত্তৰঃ সুধা শব্দৰ অৰ্থ হ’ল অমৃত ।
৭। বৰপেটাৰ বিখ্য়াত কবিজনৰ নাম কি ?
উত্তৰঃ বৰপেটাৰ বিখ্য়াত কবিজনৰ নাম হ’ল অম্বিকাগিৰী ৰায়চৌধুৰী ।
৮। হলাহল শব্দৰ অৰ্থ কি ?
উত্তৰঃ হলাহল শব্দৰ অৰ্থ হ’ল বৰচোকা বিষ ( সমুদ্ৰ মন্থনত ওলোৱা বিষ ) ।
৯। অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ চনৰ ক’ত জন্ম হৈছিল ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৮৮৫ চনত বৰপেটা বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত জন্ম হৈছিল ।
১০। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ক’ত অংশ গ্ৰহণ কৰিছল ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনত অংশ গ্ৰহণ কৰিছিল ।
১১। নিনাদ শব্দৰ অৰ্থ কি ?
উত্তৰঃ নিনাদ শব্দ অৰ্থ হ’ল শব্দ ।
১২। কাৰ ভাষা আৰু ছন্দৰ এটা নিজস্ব বৈশিষ্ট্য় আছে ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীৰ ভাষা আৰু ছন্দৰ এটা নিজস্ব বৈশিষ্ট্য় আছে ।
১৩। মৰ্দিত শব্দৰ অৰ্থ কি ?
উত্তৰঃ মৰ্দিত শব্দৰ অৰ্থ হ’ল যাক পিহন কৰা হৈছে ।
১৪। অম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰকাশিত কবিতাৰ পুথিসমূহৰ নাম কি ?
উত্তৰঃঅম্বিকাগিৰী ৰায়চৌধুৰীৰ প্ৰকাশিত কবিতাৰ পুথিসমূহৰ নাম হ’ল ‘বীণা’, ‘তুমি’, ‘অনুভূতি’, ‘বেদনাৰ উল্কা’, ‘বন্দো কি ছন্দেৰে’ আৰু গীতৰ পুথি ‘চেতনাৰ কণ্ঠ’ ।
১৫। অসমৰ সাহিত্য় জগতত অম্বিকাগিৰী ৰায়চৌধুৰীক কি হিচাপে জনা যায় ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীক ‘অসম কেশৰী’ হিচাপে জনা যায় ।
১৬। অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত একবিংশতিতম অসম সাহিত্য় সভাৰ অধিৱেশৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী১৯৫০ চনত একবিংশতিতম অসম সাহিত্য় সভাৰ অধিৱেশৰ সভাপতিৰ আসন অলংকৃত কৰিছিল ।
১৭।অম্বিকাগিৰী ৰায়চৌধুৰী কিমান চনত মৃত্য়ু হৈছিল ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰী ১৯৬৭ চনত মৃত্য়ু হৈছিল ।
১৮। অম্বিকাগিৰী ৰায়চৌধুৰীয়ে মৃত্য়ুৰ পিছত কি অকাডেমী বঁটা লাভ কৰে ?
উত্তৰঃ অম্বিকাগিৰী ৰায়চৌধুৰীয়ে মৃত্য়ুৰ পিছত সাহিত্য় অকাডেমী বঁটা লাভ কৰে ।
১৯। কি দুখন কবিতা পুথি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে আলোচনীও সম্পাদনা কৰিছিল ?
উত্তৰঃ ‘চেতনা’ আৰু ‘ডেকা অসম’ নামৰ দুখন কবিতা পুথি অম্বিকাগিৰী ৰায়চৌধুৰীয়ে আলোচনীও সম্পাদনা কৰিছিল ।
২০। শ্ৰাৱণ শব্দৰ অৰ্থ কি ?
উত্তৰঃ শ্ৰাৱণ শব্দৰ অৰ্থ হ’ল শাওন ।
Type By Chandana Bora
Edit By- Mandira Saha
Check : Himashree Bora.