মোৰ গাঁও
অধ্য়য়ন -৪
১। মোৰ গাঁও কবিতাটো কোনে ৰচনা কৰিছে ?
উত্তৰঃ মোৰ গাঁও কবিতাটো ডিম্বেশ্বৰ নেওগে ৰচনা কৰিছিল ।
২। ডিম্বেশ্বৰ নেওগ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগ ১৮৯৯ চনত জন্ম হৈছিল ।
৩। ডিম্বেশ্বৰ নেওগে কি ভাষাতো কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে ইংৰাজী ভাষাতো কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল ।
৪। ডিম্বেশ্বৰ নেওগ কোন গাঁৱত জন্ম হৈছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগ দিখৌ পাৰৰ কমাৰফদিয়া গাঁৱত জন্ম হৈছিল ।
৫। বিনন্দীয়া শব্দৰ অৰ্থ কি ?
উত্তৰঃ বিনন্দীয়া শব্দৰ অৰ্থ হ’ল অতি ধুনীয়া, আনন্দপূৰ্ণ ।
৬। বঙহ শব্দৰ অৰ্থ কি ?
উত্তৰঃ বঙহ শব্দৰ অৰ্থ হ’ল বংশ, গোত্ৰ ।
৭।সাহিত্য়ৰ বুৰঞ্জী প্ৰণেতা হিচাপে কোন অসমীয়া সাহিত্য়ত বিখ্য়াত হৈ ৰৈছে ?
উত্তৰঃসাহিত্য়ৰ বুৰঞ্জী প্ৰণেতা হিচাপেডিম্বেশ্বৰ নেওগ অসমীয়া সাহিত্য়ত বিখ্য়াত হৈ ৰৈছে ।
৮। মালিকা, সঁফুৰা, থুপিতৰা, মালতী, ইন্দ্ৰধনু, দীপাৱলী, মুকুতা, কাব্য় প্ৰতিভা আদি কোনে ৰচনা কৰিছিল ?
উত্তৰঃ মালিকা, সঁফুৰা, থুপিতৰা, মালতী, ইন্দ্ৰধনু, দীপাৱলী, মুকুতা, কাব্য় প্ৰতিভা আদি ডিম্বেশ্বৰ নেওগ ৰচনা কৰিছিল ।
৯। ছকঠীয়াখনি শব্দৰ অৰ্থ কি ?
উত্তৰঃ ছকঠীয়াখনি শব্দৰ অৰ্থ হ’ল গাত লোৱা আলোৱান ।
১০। জন্মান্তৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ জন্মান্তৰ শব্দৰ অৰ্থ হ’ল এই জন্মৰ আগৰ বা পাছৰ কোনো জন্ম ।
১১। কুৰ্চ্চুট শব্দৰ অৰ্থ কি ?
উত্তৰঃ কুৰ্চ্চুট শব্দৰ অৰ্থ হ’ল হিংসা, কুটিলতা ।
১২। ডিম্বেশ্বৰ নেওগ কিমান চনত মৃত্য়ু হৈছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগ ১৯৬৬ চনত মৃত্য়ু হৈছিল ।
১৩। কিমান চনত অনুষ্ঠিত অসম সাহিত্য় সভাৰ নলবাৰী অধিৱেশনত ডিম্বেশ্বৰ নেওগ সভাপতিত্ব কৰিছিল ?
উত্তৰঃ ১৯৬৫ চনতঅনুষ্ঠিত অসম সাহিত্য় সভাৰ নলবাৰী অধিৱেশনত ডিম্বেশ্বৰ নেওগ সভাপতিত্ব কৰিছিল ।
১৪। কাৰ ছাঁয়াৰ দৰে স্মৃতি আহে যায় ?
উত্তৰঃ বনৰ ছাঁয়াৰ দৰে স্মৃতি আহে যায় ।
১৫। কপট শব্দৰ অৰ্থ কি ?
উত্তৰঃ কপট শব্দৰ অৰ্থ হ’ল চাতুৰী, প্ৰতাৰণা, ছলনা, কৃত্ৰিমতা ।
১৬। ডিম্বেশ্বৰ নেওগে গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে কি চৰ্চা কৰিছিল ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগ গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে সাহিত্য় চৰ্চা কৰিছিল ।
১৭। ডিম্বেশ্বৰ নেওগে ইংৰাজী ভাষাত কেইবাখনো আলোচনামূলক কি ৰচনা কৰিছে ?
উত্তৰঃ ডিম্বেশ্বৰ নেওগে কেইবাখনো ইংৰাজী ভাষাত আলোচনামূলক গ্ৰন্থ ৰচনা কৰিছে ।
১৮। গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে সাহিত্য় চৰ্চা কৰি কি কি ডিম্বেশ্বৰ নেওগে ৰচনা কৰি থৈ গৈছে ?
উত্তৰঃ গোটেই জীৱন স্কুলৰ শিক্ষকতাৰ মাজেৰে সাহিত্য় চৰ্চা কৰি ডিম্বেশ্বৰ নেওগে কেইবাটাও সুন্দৰ কবিতাৰ লগতে ভালেমান প্ৰবন্ধ, সমালোচনামূলক আৰু তথ্য়পূৰ্ণ কিতাপ ৰচনা কৰি থৈ গৈছে ।
১৯। মোৰ গাওঁ কবিতাটোত কাৰ জাৰত থই গাৰ ছকঠীয়াখনি ?
উত্তৰঃ মোৰ গাওঁ কবিতাটোত পুহৰ জাৰত থই গাৰ ছকঠীয়াখনি ।
২০। অসম সাহিত্য় সভাৰ কোন ঠাইত অধিৱেশনত ডিম্বেশ্বৰ নেওগে সভাপতিত্ব কৰিছিল ?
উত্তৰঃ অসম সাহিত্য় সভাৰ নলবাৰী অধিৱেশনত ডিম্বেশ্বৰ নেওগে সভাপতিত্ব কৰিছিল ।
Type By Chandana Bora
Edit By- Mandira Saha
Check : Himashree Bora.
Post ID: DABP004077