প্ৰচণ্ড ধুমুহাই প্ৰশ্ন কৰিলে মোক
অধ্য়য়-৪
১) কবিতাটোৰ লেখক কোন ?
উত্তৰঃ ড° ভূপেন হাজৰিকা ।
২) ড° ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ ড° ভূপেন হাজৰিকাৰ জন্ম শদিয়াত ১৯২৬ চনত ৮ চেপ্টেম্বৰত হৈছিল ।
৩) কবিয়ে কাক সংকীৰ্ণতা এৰি দি বিশালতা দিবলৈ আহ্বান জনাইছে ?
উত্তৰঃ কবি ভূপেন হাজৰীকাই আকাশত শংকীৰ্ণতা এৰি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে ।
৪) কবিক বিশাল দৃষ্টি কোনে দিলে ?
উত্তৰঃ মহাকাশে দিলে ।
৫) বজ্ৰই কবিক কি দিলে ?
উত্তৰ ঃ বজ্ৰই দিলে মোক উদাত্ত কন্ঠ আৰু দিলে সাহসৰ যুক্তি ।
৬) ড° ভূপেন হাজৰিকাৰ মৃত্য়ু কেতিয়া হৈছিল ?
উত্তৰ ঃ ২০১১ চনৰ ৫ নবেম্বৰত মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হাস্পাতালত মৃত্য়ু হৈছিল ।
৭) কবিতাটোত কি প্ৰবাহিত হৈ আছে ?
উত্তৰ ঃ কবিতাটোত প্ৰবাহি হৈ আছে মানৱতাৰ সুৰ ।
৮) ড° ভূপেন হাজৰিকায় ক’ত ক’ত স্কুলীয়া শিক্ষা লাভ কৰিছিল ?
উত্তৰ ঃ গুৱাহাটী আৰু তেজপুৰত স্কুলীয়া শিক্ষা লাভ কৰিছিল ।
Type by- Mandira Saha
Post ID: DABP004952