আমাৰ চাৰিওকাষৰ বস্তুবোৰ
Chapter 1
১)ভাৰতবৰ্ষৰ প্ৰাচীন দাৰ্শনিকসকলে পদাৰ্থবিলাকক কেইটা মৌলিক কণিকাৰ দ্বাৰা গঠিত বুলি বিশ্বাস কৰিছিল ?
উত্তৰ ঃ পাঁচটা।
২) বিশ্বব্ৰক্ষাণ্ডৰ সকলোবোৰ বস্তু যাৰ দ্বাৰা গঠিত হৈছে তাক বজ্ঞানিক সকলে কি বুলি নামাকৰণ কৰিছিল ?
উত্তৰ ঃ পদাৰ্থ ।
৩) আধুনিক যুগৰ বিজ্ঞানী সকলে পদাৰ্থ বিলাকক সিহঁতৰ ভৌতিক আৰু ৰাসায়নিক গুনাগুনৰ ওপৰত ভিত্তি কৰি কেইটা ভাগত শ্ৰেণীবিভাগ কৰিছিল ?
উত্তৰ ঃ দুটা।
৪) কোনবিধ গোটা পদাৰ্থ?
উত্তৰ ঃ কাঠৰ টুকুৰা।
৫) আমাৰ চাৰিওপাশৰ বস্তুবোৰ কেইটা ভৌতিক অৱস্থাত আছে?
উত্তৰ ঃ তিনিটা।
৬) কোনবিধ জুলীয়া পদাৰ্থ?
উত্তৰ ঃ কেৰাচিন তেল।
৭) কোনবিধ গেছীয় পদাৰ্থ
উত্তৰ ঃ কাৰ্বন ডাই অক্সাইড।
৮) পানী কেইটা অৱস্থাত থাকে ?
উত্তৰ ঃ তিনিটা।
৯) জুলীয়া পদাৰ্থৰ নিজা আকৃতি আছেনে?
উত্তৰ ঃ নাই।
১০) তাপ পালে বা উষ্ণতা বাঢ়িলে কঠিন পদাৰ্থৰ কণিকাবোৰৰ কি শক্তি বৃদ্ধি পায়?
উত্তৰঃ গতি শক্তি।
১১) কঠিনৰ পৰা জুলীয়া অৱস্থা হোৱা প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়?
উত্তৰ ঃ বিগলন।
১২) বৰফৰ গলনাংক কিমান?
উত্তৰ ঃ 273.16 K*।
১৩) আমি কিহৰ তাৰতম্য় ঘটাই পদাৰ্থৰ অৱস্থা পৰিবৰ্তন কৰিব পাৰো?
উত্তৰ ঃ উষ্ণতাৰ।
১৪) গৰম দিনত আমি কেনেধৰণৰ বস্ত্ৰ বা কাপোৰ পিন্ধা উচিত?
উত্তৰ ঃ কপাহৰ।
১৫) এস. এন. বোস ৰ জন্ম কেতিয়া হৈছিল?
উত্তৰ ঃ 1894 চনত।
১৬) বায়ুত থকা জলীয় বস্পৰ পৰিমাণটোক কি বোলে?
উত্তৰ ঃ অৰ্দ্ৰতা।
১৭) বাস্পীভৱনৰ ফলত কি হ্ৰাস হয়?
উত্তৰ ঃ উষ্ণতা।
১৮) ভৰৰ SI একক কি ?
১৯) উষ্ণতাৰ SI একক কি ?
উত্তৰ ঃ কেলভিন
উত্তৰ ঃ কিলোগ্ৰাম (kg)।
২০) আয়তনৰ SI একক কি ?
উত্তৰ ঃ কিউবিক মিটাৰ।
Type: Dimpi Bora