মূল অৰ্থনৈতিক সমস্যাসমূহ
Chapter 2
১। দৰিদ্ৰতাৰ সংজ্ঞা দিয়া ?উত্তৰঃ দৰিদ্ৰতা সংজ্ঞা বিভিন্নজনে বিভিন্ন ধৰণে আগবঢ়াইছে। বহল অৰ্থত দৰিদ্ৰতাই এনে এক অৱস্থাক বুজায় য’ত এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্রয়োজন সমূহ যেনে খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ সুবিধাসমূহ আহৰণত ব্যর্থ হয়।
২। এজন ব্যক্তিক দৰিদ্ৰ বুলি কেতিয়া কোৱা হয় ?
উত্তৰঃ ভাৰতৰ পৰিকল্পনা আয়োগে কেলৰি ভিত্তিত আগবঢ়োৱা সংজ্ঞাৰ মতে গাঁও অঞ্চলত দৈনিক জনমূৰি নুন্যতম ২৪০০ কেলৰি আৰু চহৰ অঞ্চলত দৈনিক জনমূৰি নূন্যতম ২১০০ কেলৰি খাদ্য আহৰণ কৰিব নোৱাৰিলে এজন ব্যক্তিআক দৰিদ্ৰ বুলি কোৱা হয়।
৩। ভাৰতীয় অৰ্থনীতিৰ অন্যতম প্ৰধান বৈশিষ্ট্য কি ?
উত্তৰঃ ভাৰতীয় অৰ্থনীতিৰ অন্যতম প্ৰধান বৈশিষ্ট্য হ’ল- ব্যাপক আৰু গভীৰ দৰিদ্ৰতা।
৪। মানুহৰ জীৱনৰ মৌলিক প্ৰয়োজনীতা সমূহ কি কি ?
উত্তৰঃ মানুহৰ জীৱনৰ মৌলিক প্ৰয়োজনীতা সমূহ হ’ল-খাদ্য, বস্ত্র, বাসস্থান, শিক্ষা আৰু স্বাস্থ্যৰ।
৫। দৰিদ্ৰতা সীমাৰেখা মানুহক কি কি ভাগত ভাগ কৰিছে ?
উত্তৰঃ দৰিদ্ৰতা সীমাৰেখা মানুহক দুটা ভাগত ভাগ কৰিছে ভাগকেইটা হ’ল- দুখীয়া আৰু অদুখীয়া।
৬। আটাইতকৈ বেছি জনবহুল ৰাজ্য কোনখন লিখা ?
উত্তৰঃ আটাইতকৈ বেছি জনবহুল ৰাজ্য উত্তৰ প্ৰদেশ ।
৭। জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ কি কি ?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ নিৰক্ষৰতা, দৰিদ্রতা, সামাজিক অজ্ঞতা আদি।
৮। নিবনুৱা কাক বোলে ?
উত্তৰঃ যিজন লোকৰ কাম কৰাৰ ইচ্ছা আৰু ক্ষমতা থকা সত্ত্বেও কর্মসংস্থাপনৰ সুবিধা নাপায় তেওঁক নিবনুৱা বোলে। ৯। নিবনুৱা কেই প্ৰকাৰৰ কি কি ?
উত্তৰঃ নিবনুৱা দুই প্ৰকাৰৰ হ’ল গ্ৰাম্য ( ঋতুজ আৰু ছদ্মবেশী) আৰু চহৰীয়া (শিক্ষিত আৰু উদ্যোগিক)।
১০। নিবনুৱা সমস্যাৰ মূল কাৰণ লিখা ?
উত্তৰঃ নিবনুৱা সমস্যাৰ মূল কাৰণ হ’ল- দ্রুত জনসংখ্যা বৃদ্ধি, নিয়োগ বিহীন উন্নয়ন (Jobless growth), স্থবিৰ কৃষি উন্নয়ন, ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থা, মন্থৰ উদ্যোগীকৰণ আদি।
১১। অসংগঠিত খণ্ড কাক বোলে ?
উত্তৰঃ সংগঠিত খণ্ডত নিয়োগ কৰা শ্ৰমিকৰ সংখ্যা ১০ জন বা ততোধিক। এই সংখ্যা ১০ জনতকৈ কম হলে অসংগঠিত খণ্ড বোলে।
১২। মুদ্রাস্ফীতি কি ?
উত্তৰঃ একেৰাহে দৰ স্তৰ বৃদ্ধি হোৱা অৱস্থাক মুদ্রাস্ফীতি বোলে।
১৩। মুদ্রাস্ফীতি কাৰণ দুটা কি কি ?
উত্তৰঃ মুদ্রাস্ফীতি কাৰণ দুটা হ’ল- চাহিদাজনিত আৰু ব্যয়জনিত।
১৪। দমিত মুদ্রাস্ফীতি কাক বোলে ?
উত্তৰঃ অবাধে বৃদ্ধি হোৱা মূল্যস্তৰক মুক্ত মুদ্রাস্ফীতি আৰু চৰকাৰী নিয়ন্ত্রিত ব্যৱস্থাই মুদ্রাস্ফীতিক মুক্ত মুদ্রাস্ফীতিতকৈ কমত ৰখাক দমিত মুদ্রাস্ফীতি বোলে।
১৫। সেউজ অৰ্থনীতি কাক বোলে ?
উত্তৰঃ যি অৰ্থনীতিৰ মূল লক্ষ্য হৈছে পৰিৱেশৰ প্ৰতি থকা ভাবুকি আৰু পৰিস্থিতি তন্ত্র (Ecological system)ৰ সমস্যাৰাজি দূৰ কৰি বহনক্ষম উন্নয়ন লাভ কৰা, তেনে অর্থনীতিকে সেউজ অর্থনীতি বোলা হয়।
১৬। পৰিৱেশ সচেতন ব্যক্তিৰ প্ৰতিষ্ঠান সমূহৰ বাবে মূল মন্ত্ৰ কি ?
উত্তৰঃ পৰিৱেশ সচেতন ব্যক্তিৰ প্ৰতিষ্ঠান সমূহৰ বাবে মূল মন্ত্ৰ হ’ল- চিন্তা বিশ্বব্যাপী হওক, কার্যপন্থা স্থানীয় হওক ইত্যাদি।
১৭। মুক্ত মুদ্রাস্ফীতি কাক বোলে ?
উত্তৰঃ যেতিয়া দৰ স্তৰৰ ওপৰত কোনো নিয়ন্ত্রণ নাথাকে আৰু দৰ অবাধে বৃদ্ধি হয় তেনে অৱস্থাক মুক্ত মুদ্রাস্ফীতি বুলি কোৱা হয়।
১৮। ব্য়ায়জনিত মুদ্ৰাস্ফীতিৰ প্ৰধান কাৰণ তিনিটা লিখা ?
উত্তৰঃ ব্য়ায়জনিত মুদ্ৰাস্ফীতিৰ প্ৰধান কাৰণ তিনিটা হ’ল- (ক) মজুৰি বৃদ্ধি , (খ) লাভৰ পৰিমাণ বৃদ্ধি আৰু (গ) দ্ৰব্যৰ ওপৰত আৰোপ কৰা কৰৰ বাবে হোৱা বুজা।
১৯। কালবৰ্ণৰ মতে মুদ্ৰাস্ফীতি কাক বোলে ?
উত্তৰঃ কালবৰ্ণৰ মতে যেতিয়া ‘অধিক পৰিমাণৰ মুদ্ৰাৰে অলপ সামগ্ৰী ক্ৰয় কৰিবলগীয়া হয়’ তেনে অৱস্থাকে মুদ্ৰাস্ফীতি বুলি কোৱা হয়। অৰ্থাৎ তেওঁৰ মতে অধিক মুদ্রা তথা ক্রয়ক্ষমতা থকাৰ বাবে কম পৰিমাণৰ সামগ্ৰীৰ বিপৰীতে অধিক চাহিদাৰ সৃষ্টি হয় তেতিয়াই মূল্যস্তৰ বৃদ্ধি পায়।
২০। নিবনুৱা সমস্যা কাৰণসমূহ বহলাই লিখা ?
উত্তৰঃ নিবনুৱা সমস্যা কাৰণসমূহ হ’ল-১। দ্রুত জনসংখ্যা বৃদ্ধিঃ
দ্রুত জনসংখ্যা বৃদ্ধিয়ে নিবনুৱা সমস্যাৰ সৃষ্টিত বৰঙণি যোগাইছে। বৰ্দ্ধিত জনসংখ্যা অনুপাতে নিয়োগৰ সা-সুবিধা পর্যাপ্ত নোহোৱাত নিবনুৱা সমস্যাই ভয়াবহ ৰূপ লৈছে।
২। নিয়োগ বিহীন উন্নয়নঃ দেশখনত ৰাষ্ট্ৰীয় আয় বৃদ্ধিৰ হাৰ আৰু নিয়োগ বৃদ্ধি হাৰৰ ব্যৱধান বৃদ্ধি পাইছে। এনে অৱস্থাক নিয়োগবিহীন উন্নয়ন (Job less growth) বুলি কোৱা হয়। ফলশ্রুতিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে।৩। স্থবিৰ কৃষি উন্নয়নঃ
ভাৰতবৰ্ষৰ দৰে এখন কৃষি প্রধান দেশত কৃষি ব্যৱস্থাৰ যি উন্নয়ন হ’ব লাগিছিল সেয়া হৈ উঠা নাই। ফলস্বৰূপে কৃষিজীৱী লোকৰ মাজত নিয়োগৰ সুবিধাৰ অভাৱ সৃষ্টি হৈছে।৪।উদ্যোগীকৰণৰ মন্থৰ গতিঃ
দেশখনত উদ্যোগিক উন্নয়ন যি হাৰত হ’ব লাগিছিল সেয়া হৈ নুঠাত উদ্যোগিক নিবনুৱা সমস্যাৰ সৃষ্টি হৈছে।৫। ত্রুটিপূর্ণ শিক্ষা ব্যৱস্থাঃ
প্রচলিত শিক্ষা ব্যৱস্থাই জনসাধাৰণক নিয়োগৰ উপযোগী (Employable) কৰি তুলিব নোৱাৰাত শিক্ষিত নিবনুৱা সমস্যাই জটিল ৰূপ ধাৰণ কৰিছে। বৃত্তিমুখী তথ্য কাৰিকৰী শিক্ষাৰ অভাবে জনসাধাৰণক স্বাৱলম্বী কৰি তুলিব পৰা নাই।
২১। মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায় লিখা ?
উত্তৰঃ মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণৰ উপায় হ’ল- ক) মৌদ্রিক নীতি (খ) ৰাজকোষীয় নীতি আৰু (গ) অমৌদ্রিক নীতি যেনে উৎপাদন বৃদ্ধি নীতি গ্রহণ কৰে।
১।মৌদ্ৰিক নীতিঃ চৰকাৰে গ্ৰহণ কৰা মৌদ্রিক নীতিৰ ভিতৰত বেংকৰ হাৰ নীতিটো উল্লেখযোগ্য। বেংকৰ হাৰ হ’ল সেই হাৰ যিটো হাৰত কেন্দ্ৰীয় বেংকে বাণিজ্যিক বেংকক ঋণ প্রদান করে। মুদ্রাস্ফীতিৰ সময়ত বেংকৰ হাৰ বৃদ্ধি কৰা হয়, যাৰ ফলত বাণিজ্যিক বেংকে বজাৰ হাৰ বৃদ্ধি কৰে। ইয়াৰ ফলত ঋণ গ্রহণকাৰীয়ে ঋঋণ ল’বলৈ নিরুৎসাহিত হয় আৰু বজাৰত ঋণ হ্রাস হৈ মুদ্রাস্ফীতি নিয়ন্ত্রিত হয়।
২। ৰাজকোষীয় নীতিঃ এই নীতিক ‘আয় আৰু বায়’ নীতি বুলিও কোৱা হয়। চৰকাৰী বায় কৰ্তন কৰি দেশত সামগ্রিক চাহিদা হ্রাস কৰিব পাৰি আৰু মুদ্রাস্ফীতিক নিয়ন্ত্রিত কৰিব পাৰি। তদুপৰি বিভিন্ন প্ৰকাৰৰ কৰ আৰোপ কৰি জনসাধাৰণৰ হাতত থকা অতিৰিক্ত মুদ্ৰা চৰকাৰৰ হাতলৈ আনিব পাৰি। ইয়াৰ ফলত সামগ্রিক চাহিদা হ্রাস পাব আৰু মুদ্রাস্ফীতি নিয়ন্ত্ৰিত হ’ব। ইয়াৰ উপৰিও চৰকাৰে জনসাধাৰণৰ পৰা ঋণ গ্রহণ কৰিও মুদ্রাস্ফীতি নিয়ন্ত্রণ কৰিব পাৰে।
৩। উৎপাদন বৃদ্ধি নীতিঃ দেশৰ চৰকাৰে অব্যবহৃত সম্পদবাজি সঠিক ভাবে ব্যৱহাৰ কৰি উৎপাদন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব পাৰিলে দেশত উৎপাদন বৃদ্ধি হ’ব আৰু সামগ্ৰীৰ বৰ্দ্ধিত চাহিদাৰ হাৰত যোগান বৃদ্ধি হৈ দৰ স্তব নিয়ন্ত্রিত হ’ব।
২৩। নিবনুৱা সমস্যাৰ গণনা কৰিবলৈ NSSO য়ে লোৱা তিনিটা উদ্ভাৱন কি লিখা ?
উত্তৰঃ নিবনুৱা সমস্যাৰ গণনা কৰিবলৈ NSSO য়ে লোৱা তিনিটা উদ্ভাৱন হ’ল-
(১) সচৰাচৰ ভিত্তিত (Usual status) বা চলিত বছৰৰ ভিত্তিত।
(২) চলিত দৈনিক ভিত্তিত (Current daily status )।
(৩) চলিত সাপ্তাহিক ভিত্তিত (Current weekly status )।
২৪। NSSO সম্পূৰ্ণ নাম কি ?
উত্তৰঃ NSSO সম্পূৰ্ণ নাম হ’ল- National Sample Survey Organisation.
২৫। দৰিদ্ৰতা কাৰণসমূহ লিখা ?
উত্তৰঃ দৰিদ্ৰতা কাৰণসমূহ হ’ল-
(ক) ঐতিহাসিক : ইংৰাজৰ শাসনকালত ভাৰতবৰ্ষৰ সম্পদৰাজিৰ বৰ্হিগমন হয়। আৰু ভাৰতীয় অৰ্থনীতিৰ ভেটি দুৰ্বল হৈ পৰে। দাদাভাই নৌৰজীৰ গ্ৰন্থ ‘Poverty and UnBritish Rule in India’ত বিষয়টোৰ বহল ব্যাখ্যা আগবঢ়োৱা হৈছে। স্বাধীনতা লাভৰ সময়তেই ভাৰতবৰ্ষৰ দৰিদ্ৰতাৰ সমস্যাটো প্ৰকট হৈ উঠিছিল।
(খ) অর্থনৈতিক : গ্রাম্য ভাৰতবৰ্ষত দৰিদ্ৰতাৰ মূল কাৰণসমূহ হ’ল– ভূমিৰ মালিকীস্বত্বৰ অভাৱ, কৃষি খণ্ডৰ বাহিৰত কৰ্মসংস্থাপনৰ অভাৱ, কৃষিখণ্ডত উদ্ভৱ হোৱা ঋতুজ নিবনুৱা, অশিক্ষিত আৰু অদক্ষ শ্রমিকৰ প্রাদুর্ভার, সীমিত কৃষি উৎপাদনৰ পৰিমাণ, নিম্ন মজুৰি হাৰ ইত্যাদি। চহৰ অঞ্চলত দৰিদ্রতাৰ মূল কাৰণবোৰ হ’ল— গাঁও অঞ্চলৰ দৰিদ্ৰতাৰ বাবে চহৰ অঞ্চললৈ সৃষ্টি হোৱা অবিরাম প্রব্রজন, আৱাসগৃহৰ অভাব, খোৱাপানীৰ অভাৱ, দুষিত পরিবেশ, বক্তি অঞ্চলৰ সৃষ্টি ইত্যাদি। এইবোৰ কাৰণৰ উপৰিও সামগ্রিকভাবে জনসংখ্যা বৃদ্ধিয়ে পৰিয়ালৰ সঞ্চয় ক্ষমতা হ্ৰাস কৰাৰ ফলত বিনিয়োগৰ বাবে মূলধন সীমিত হৈ পৰাত অর্থনৈতিক উন্নয়নৰ হাৰ উৎসাহজনক হোৱা নাই।
(গ) সামাজিক : জাতিভেদ আৰু বৰ্ণভেদ প্ৰথাৰ ফলত জনসংখ্যাৰ বুজনসংখ্যক লোক আর্থ-সামাজিক উন্নয়নৰ সুফলবোৰৰ পৰা বঞ্চিত হৈ পৰাত দৰিদ্ৰতাৰ সমস্যাটোৱে এক জটিল ৰূপ ধাৰণ কৰিছে।
Type & Answered By : Himashree Bora.