ভাৰতবৰ্ষৰ ভূগোল
Chapter-3
১/ হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে কি কৰিছে ?
উত্তৰঃ হিমালয় পৰ্বতমালা টাৰচিয়েৰি যুগত সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে ঠাৱৰ কৰিছে।
২/ ভাৰতৰ মুঠ স্থলসীমাৰ দৈৰ্ঘ্য় কিমান ?
উত্তৰঃ ১৫,২০০ কিলোমিটাৰ।
৩/ ভাৰতবৰ্ষৰ মুঠ মাটিকালি কিমান ?
উত্তৰঃ ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ।
৪/ ভূ-প্ৰকৃতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন কি দেশ ?
উত্তৰঃ ভূ-প্ৰকৃতিৰ ক্ষেত্ৰত ভাৰতবৰ্ষ এখন বৈচিত্ৰ্য়ময় দেশ।
৫/ বৃহত্তম মহাদেশ বুলি কোন খন মহাদেশক কৈ ?
উত্তৰঃ বৃহত্তম মহাদেশ বুলি এছিয়া মহাদেশক কৈ।
৬/ ভাৰতত হ্ৰদৰ সংখ্য়া কম নে বেছি ?
উত্তৰঃ কম।
৭/ গঙ্গা আৰু ব্ৰহ্মপুত্ৰই হৈছে উত্তৰ ভাৰতৰ কি নদী ?
উত্তৰঃ গঙ্গা আৰু ব্ৰহ্মপুত্ৰই হৈছে উত্তৰ ভাৰতৰ প্ৰধান নদী।
৮/ ভূ-প্ৰাকৃতিক গঠন আৰু বৈশিষ্ট্য়ৰ ওপৰত ভিত্তি কৰি ভাৰতবৰ্ষক মুঠ কেইটা ভাগত ভগাব পাৰি আৰু কি কি ?
উত্তৰঃ চাৰিটা ভাগত ভগাব পাৰি সেই কেইটা হল (ক) উত্তৰৰ হিমালয় পাৰ্বত্য় অঞ্চল, (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল (গ) দাক্ষিণাত্য় মালভূমি অঞ্চল আৰু উপকূল অঞ্চল।
৯/ এই পৰ্বতমালা ভাৰতৰ বাহিৰেও আৰু কত কত বিস্তৃত হৈ আছে ?
উত্তৰঃ নেপাল, ভূটান আৰু চীন দেশলৈকে বিস্তৃত হৈ আছে।
১০/ গ্ৰীষ্ম আৰু শীতকালত কি বতাহ বলে ?
উত্তৰঃ মৌচুমী বতাহ বলে।
১১/ হিমালয় পৰ্বতশ্ৰেণীয়ে যি ঠাই আগুৰি আছে, বহু নিযুত বছৰৰ আগতে সেই ঠাইত এখন সাগৰ আছিল সেই সাগৰখনৰ নাম কি ?
উত্তৰঃ টথিছ সাগৰ।
১২/ হিমালয় অঞ্চলৰ পৰা বৈ অহা তিনিখন প্ৰধান নদী কি কি ?
উত্তৰঃ সিন্ধু, গঙ্গ আৰু ব্ৰহ্মপুত্ৰ নদী।
১৩/ দেশখনৰ অঞ্চলভেদে জলবায়ুৰ প্ৰধান উপাদান কি কি ?
উত্তৰঃ উত্তাপ, বায়ুৰ চাপ, বতাহ আৰু আৰ্দ্ৰতা।
১৪/ থোৰতে ক’ব পাৰি যে উদ্ধিদৰ প্ৰকাৰ, বৃদ্ধি আৰু বিতৰণ প্ৰধানকৈ কাৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ জলবায়ু, ভূ-প্ৰকৃতি আৰু মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰে।
১৫/শস্য়ৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হোৱা কাৰন কি ?
উত্তৰঃ মৌচুমী বতাহৰ ফলত হোৱা বৰষুণৰ বাবে শস্য়ৰ উৎপাদন বৃদ্ধি হয় আৰু খেতি-বাতি ভাল হয়।
১৬/ দক্ষিণ-পশ্চিম মৌচুমীৰ বাবেই দেশখনত কি হয় ?
উত্তৰঃ প্ৰচুৰ বৰষুণ হয়।
১৭/ ৰাজস্থনৰ থৰ মৰুভূমি আৰু ইয়াৰ দাঁতি-কাষৰীয়া অঞ্চলত বছৰি গড়ে কিমান চেণ্টিমিটাৰ কম বৰষুণ হয় ?
উত্তৰঃ বছৰি গড়ে ৫০ চেণ্টিমিটাৰৰো কম বৰষুণ হয়।
১৮/ ভাৰতত বছৰটোৰ ভিতৰত প্ৰধানকৈ কেইটা ঋতু অনুভূত হয় আৰু কি কি ?
উত্তৰঃ চাৰিটা অনুভূত হয় আৰু সেই কেইটা হল (ক) শীতকাল (খ) প্ৰাক্ বৰ্ষাকাল (গ) বৰ্ষাকাল (ঘ) প্ৰাক্ শীতকাল।
১৯/ জনসংখ্য়াৰ হিচাপত পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ এখন কিমান স্থান জনবহুল দেশ ?
উত্তৰঃ জনসংখ্য়া হিচাপত পৃথিৱীৰ ভিতৰতে ভাৰতবৰ্ষ এখন দ্বিতীয় জনবহুল দেশ।
২০/ দেশখনৰ উদ্ভিদসমূহক সাধাৰণতে কেই ভাগত ভগাব পাৰি আৰু সেই কেইটা কি কি ?
উত্তৰঃ ছয় ভাগত ভগাব পাৰি আৰু সেই কেইটা হল চিৰ সেউজীয়া উদ্ভিদ, মৌচুমীয় উদ্ভিদ, কাঁইটীয়া মৰু উদ্ভিদ, তৃণজাতীয় উদ্ভিদ, ব-দ্বীপীয় উদ্ভিদ আৰু পাৰ্বত্য় উদ্ভিদ।
২১/ কেনে ধৰনৰ অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায় ?
উত্তৰঃ যি অঞ্চলত বাৰ্ষিক বৰষুণৰ পৰিমাণ ২০০ চেণ্টিমিটাৰতকৈ অধিক আৰু বাৰ্ষিক গড় উত্তাপ ২৫॰ চেণ্টিগ্ৰেডৰ পৰা ২৭॰ চেণ্টিগ্ৰড, তেনে অঞ্চলত চিৰসেউজীয়া উদ্ভিদ দেখা যায়।
২২/ মৌচুমী অঞ্চলত শীতকালত বৰষুণ কম হয় আৰু উত্তাপো কমি যায় গতিকে মাটি কি হৈ পৰে ?
উত্তৰঃ শুকান হৈ পৰে।
২৩/ কাঁইটীয়া জোপোহা উদ্ভিদ ক’ত জন্মে ?
উত্তৰঃ সাধাৰণতে বছৰি ৫০ চেণ্টিমিটাৰতকৈ কম বৰষুণ হোৱা মৰুভূমি বা মৰুপ্ৰায় অঞ্চলত কাঁইটীয়া জোপোহা উদ্ভিদ জন্মে।
২৪/ হিমালয় শিৱালিক পৰ্বতকে ধৰি গড়ে ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমীয় অৰণ্য়ৰে কি হৈ আছে ?
উত্তৰঃ হিমালয় শিৱালিক পৰ্বতকে ধৰি ১,০০০ মিটাৰ উচ্চতাৰ চাপৰ পৰ্বতমালা ডাঠ মৌচুমিয় অৰণ্য়ৰে আবৃত হৈ আছে।
২৫/ উদ্ভিদ এবিধ মূল্য়ৱান কি সম্পদ ?
উত্তৰঃ উদ্ভিদ এবিধ মূল্য়ৱান প্ৰাকৃতিক সম্পদ।
২৬/ জনশংখ্য়া ক্ষেত্ৰত চীন দেশ কিমান স্থানত আছে ?
উত্তৰঃ প্ৰথম স্থানত আছে।
২৭/ ভাৰতবৰ্ষ আৰু অন্য় দেশ বিলাকৰ মাজত হোৱা জনপ্ৰব্ৰজনক কি প্ৰব্ৰজন বুলে ?
উত্তৰঃ বাহ্য়িক প্ৰব্ৰজন বুলে।
২৮/ লোকপিয়ল মতে, ২০১১ চনত ভাৰতৰ জনসংখ্য়া কিমান জন ?
উত্তৰঃ লোকপিয়ল মতে,২০১১ চনত ভাৰতৰ জনসংখ্য়া ১,২১০,৭২৬,৯৩২ জন।
২৯/ উত্তৰ প্ৰদেশৰ পিছতে মহাৰাষ্ট্ৰ আৰু বিহাৰ জনসংখ্য়াৰ হিচাপত ক্ৰমে কিমান জনবহুল ৰাজ্য় ৰূপে স্থান লাভ কৰিছে ?
উত্তৰঃ দ্বিতীয় আৰু তৃতীয় জনবহুল ৰাজ্য়ৰ ৰূপে স্থান লাভ কৰিছে।
৩০/ জনপ্ৰব্ৰজন কাক বোলে ?
উত্তৰঃ মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বোলে।
৩১/ আভ্য়ন্তৰীণ প্ৰব্ৰজন আৰু বাহ্য়িক প্ৰব্ৰজন কাক বুলে ?
উত্তৰঃ দেশৰ ভিতৰতে হোৱা প্ৰব্ৰজনক আভ্য়ন্তৰীণ প্ৰব্ৰজন আৰু কোনো দেশৰ পৰা আন এখন দেশলৈ হোৱা প্ৰব্ৰজনক বাহ্য়িক প্ৰব্ৰজন বুলে।
৩২/ ভাৰতত সংঘটিত হোৱা আভ্য়ন্তৰীণ প্ৰব্ৰজনক কি কি প্ৰব্ৰজন হিচাপে ভাগ কৰিব পাৰি ?
উত্তৰঃআন্তঃৰাজ্য়িক প্ৰব্ৰজন আৰু ৰাজ্য়ৰ আভ্য়ন্তৰীণ প্ৰব্ৰজন হিচাপে ভাগ কৰিব পাৰি।
৩৩/ আন্তঃৰাজ্য়িক প্ৰব্ৰজন দেশখনৰ কিহৰ মাজত হয় ?
উত্তৰঃ আন্তঃৰাজ্য়িক দেশখনৰ ৰাজ্য়বিলাকৰ মাজত হয়।
৩৪/ বৰ্তমান সময়লৈকে ভাৰত চৰকাৰে প্ৰায় কেই বছৰৰো অধিক কাল দেশ শাসনৰ দায়িত্ব বহন কৰি আহিছে ?
উত্তৰঃ ৬০ বছৰৰো অধিক।
৩৫/ দেশৰ আভ্য়ন্তৰীণ প্ৰব্ৰজন দুই প্ৰকাৰৰ সেই কেইটা কি কি ?
উত্তৰঃ আন্তঃৰাজ্য়িক প্ৰব্ৰজন আৰু ৰাজ্য়ৰ ভিতৰতে হোৱা প্ৰব্ৰজন।
৩৬/ মানুহ প্ৰকৃতিক পৰিৱেশৰ এটি গুৰুত্বপূৰ্ণ কি উপাদান ?
উত্তৰঃ জৈৱিক উপাদান।
৩৭/ জনসংখ্য়া বৃদ্ধি হ’লে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ কি বাঢ়ি যায় ?
উত্তৰঃ জনসংখ্য়া বৃদ্ধি হ’লে প্ৰাকৃতিক পৰিৱেশৰ ওপৰত মানুহৰ চাপ বাঢ়ি যায়।
৩৮/ ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে কি লাভ কৰে ?
উত্তৰঃ স্বাধীনতা লাভ কৰে।
৩৯/ব্ৰিটিছসকলে প্ৰায় কিমান বছৰ কাল ভাৰতবৰ্ষক শাসন কৰিছিল ?
উত্তৰঃ ২০০ বছৰ কাল।
৪০/ স্বাধীনতাৰ পিছত ভাৰতবৰ্ষত এক কি হ’বলৈ ধৰে ?
উত্তৰঃ নতুন যুগৰ সূচনা হ’বলৈ ধৰে।
৪১/ দেশীয় আয়ৰ সৰ্বাধিক অংশ কোনে আগবঢ়াইছে ?
উত্তৰঃ কৃষিখণ্ডই আগবঢ়াইছে।
৪২/ ভাৰতীয় অৰ্থনীতিৰ প্ৰধান বৈশিষ্ট্য়সমূহ কি কি ?
উত্তৰঃ(ক) নিম্ন জনমূৰি আয়, (খ) জনমূৰি আয়ৰ মন্থৰ বৃদ্ধি, (গ) অত্য়ধিক জনসংখ্য়াৰ চাপ, (ঘ) দৰিদ্ৰতা, (ঙ) কৃষি-নিৰ্ভৰশীলতা, (চ) বৰ্ধিত নিবনুৱা সমস্য়া আৰু (ছ) পৰিকল্পনা ভিত্তিক উন্নয়ন।
৪৩/স্বাধীনতাৰ সময়ত ১৯৪৭ চনত ভাৰতৰ জনসংখ্য়া কিমান ?
উত্তৰঃ ৩৫০ নিযুত।
৪৪/ ২০১১ চনত এই জনসংখ্য়া কিমান হৈছিল ?
উত্তৰঃ ১২৪৭ নিযুত।
৪৫/ জীৱন নিৰ্বাহৰ বাবে দেশৰ জনসাধাৰণে কৃষি, শিল্প, ব্য়ৱসায়, চাকৰি আদিৰ দৰে কৰ্মত কি কৰে ?
উত্তৰঃ আত্মনিয়োগ কৰে।
৪৬/ ১৯৫১ চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়ত দেশৰ মুঠ জনসংখ্য়া কিমান লোকে কৃষি কৰ্মত নিয়োজিত হৈ আছিল ?
উত্তৰঃ ৭০ শতাংশতকৈও অধিক লোক কৃষি কৰ্মত নিয়োজিত হৈ আছিল।
৪৭/ ভাৰতবৰ্ষ এখন কি দেশ ?
উত্তৰঃ ভাৰতবৰ্ষ এখন বিশাল দেশ।
৪৮/ দেশৰ লঘু আৰু গুৰু উদ্য়ােগসমূহত প্ৰায় কিমান কোটি কিমান লাখ লোক নিয়োজিত হৈ আছে ?
উত্তৰঃ ৩ কোটি ৩০ লাখ লোক নিয়োজিত হৈ আছে।
৪৯/ বৰ্তমান সময়ত বজাৰত আমি খাদ্য়, বস্ত্ৰ, সা-সজুলিকে ধৰি নানা তৰহৰ ভোগৰ সামগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছো কেৱল কিহৰ জৰিয়তে ?
উত্তৰঃ উদ্য়ােগীকৰণৰ জৰিয়তে।
৫০/ বৰ্তমান সময়ত ভাৰতবৰ্ষত কেখন ৰাজ্য় আৰু কেখন কেন্দ্ৰীয় শাসিত অঞ্চল আছে ?
উত্তৰঃ ২৯ খন ৰাজ্য় আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে।
Type By- Subhas Nath
Post ID : DABP005293