গীত আৰু ছবি
অধ্য়য়-৩
১) গীতা আৰু ছবিৰ নামৰ কবিতাটোৰ লেখক কোন ?
উত্তৰঃ গীতা আৰু ছবিৰ নামৰ কবিতাটোৰ লেখক হ’ল- দুৰ্গেশ্বৰ শৰ্মা ।
২) তেখেতৰ জন্ম কেতিয়া হৈছিল ?
উত্তৰঃ ১৮৮২ জন্ম হয় ।
৩) কেনে গীত আৰু কেনে ছবিক কোনেও ভাল নোবোলে ?
উত্তৰঃ যি গীত আৰু ছবিৰ অৰ্থ সকলোৱে ভালকৈ বুজি নাপায় । তেনে গীত আৰু ছবিক কোনেও ভাল নাপায় ।
৪) সদায় কাণেৰে শুনা সৰু কথাটিয়ে কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে ?
উত্তৰঃ গীত হ’লে আমাৰ প্ৰাণ টানি ধৰে ।
৫) কোনবোৰ বস্তু কবিৰ মতে অজৰ- অমৰ ?
উত্তৰঃ মিহি ভাব মিহি গতি কৌশলী বিদ্য়া এইবোৰ বস্তু কবিৰ মতে অজৰ-অমৰ ।
৬) অজৰ-অমৰৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ যাৰ জন্মও নাই, মৃত্য়ুও নাই;চিৰস্থায়ী ।
৭) ‘সিহে পায় নিজে নিজে আলাসত ঠাই’-ইয়াত ‘আলাস’ শব্দটোৰ অৰ্থ কি ?
উত্তৰঃ আকাশ, শূন্য় ।
৮) দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাপুথি কেইখন ?
উত্তৰঃ দুৰ্গেশ্বৰ শৰ্মাৰ কবিতাপুথি দুখন ।
৯) তেখেতৰ পিতৃৰ নাম কি ?
উত্তৰ ঃ কমলেশ্বৰ শৰ্মা ।
১০)তেখেতৰ মৃত্য়ু কেতিয়া হৈছিল ?
উত্তৰঃ ১৯৬১ চনত ।
Type By- Mandira Saha
Post ID: DABP004953