সুখ
১. সুখ বিচাৰোঁতে সংসাৰত কি পোৱা যায় ?
উত্তৰঃ সুখ বিচাৰোঁতে সংসাৰত দুখ পোৱা যায়।
২. সুখ ক’ত থাকে ?
উত্তৰঃ সুখ হাতত থাকে।
৩. সুখ পাছে পাছে ফুৰিবলৈ হ’লে কি কৰিব লাগিব ?
উত্তৰঃ সুখ পাছে পাছে ফুৰিবলৈ হ’লে স্বাৰ্থ বলিদান দিব লাগিব।
৪. কবিতাটোৰ কবি গৰাকী নাম কি ?
উত্তৰঃ কবিতাটোৰ কবি গৰাকী নাম আনন্দচন্দ্ৰ আগৰৱালা।
৫. আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম কিমান চনত হৈছিল ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ জন্ম ১৮৭৪ চনত হৈছিল।
৬. আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু কিমান চনত হৈছিল ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু ১৯৩৯ চনত হৈছিল।
৭. আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কি ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ পিতৃৰ নাম কাশীৰাম আগৰৱালা।
৮. আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম কি ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাৰ মাতৃৰ নাম ৰাধিকা আগৰৱালা।
৯. জোনাকী কাকতত কোনে কবিতা লিখিছিল ?
উত্তৰঃ জোনাকী কাকতত আনন্দচন্দ্ৰ আগৰৱালা।
১০. আনন্দচন্দ্ৰ আগৰৱালাই কিয় ‘ভাঙনি কোৱৰ’ উপাধি পাইছিল ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালাই ইংৰাজী কবিতা অসমীয়ালৈ ভাঙনি কৰা বাবে।
১১. পৰক আপোন কৰিব পাৰিলে সংসাৰত কি নাই ?
উত্তৰঃ পৰক আপোন কৰিব পাৰিলে সংসাৰত দুখ নাই।
১২. কাৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায় ?
উত্তৰঃ পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়।
১৩. যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখবোৰ কিহৰ ফালে ফুৰে ?
উত্তৰঃ যিয়ে দিব পাৰে স্বাৰ্থ বলিদান সুখবোৰ পিছে পিছে ।
১৪. সুখ সুখ বুলি কোন বলিয়া ?
উত্তৰঃ সুখ সুখ বুলি মানুহ বলিয়া।
১৫. আনন্দচন্দ্ৰ আগৰৱালা এজন কি আছিল ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা এজন কবি আছিল।
Type By- Subhas Nath