একতাইহে সফলতা আনে
পাঠ- পাঁচ
অনুশীলনী
১) মাইকী চৰাইজনীয়ে তাই সঙ্গীজনৰ লগত কিয় যাব ,খোজা নাছিল?
উত্তৰঃ- জোৱাৰ আহিলে সাগৰৰ পানী আমাৰ ধোন্দত সোমাই কণী কেইটা উটুৱাই লৈ যাব । সেইকাৰণে চৰাইজনীয়ে তাই সঙ্গীজনৰ লগত যাব, খোজা নাছিল।
২) কণীবিলাক হেৰুৱাৰ কথা জানি মতা চৰাইটোৱে কি কৰিলে ?
উত্তৰঃ- কণীবিলাক হেৰুৱাৰ কথা জানি মতা চৰাইটোৱে- তেতিয়া ক’লে , “তুমি আহা বা নাহা, মই কিন্তু এতিয়া সাগৰৰ পানী শুকুৱাই আমাৰ কণীকেইটা উলিয়াই আনিম বুলি প্ৰতিজ্ঞা কৰিলে।
৩) তুমি চৰাই বিলাকৰ ব্যৱস্থা কাৰ্যক্ষম বুলি ভাবানে ?
উত্তৰঃ- এই প্ৰশ্ন উত্তৰটো নিজে কৰি ল’বা।
৪) মহিৰ্ষি নাৰদে চৰাইবোৰক কি উপদেশ দিছিল?
উত্তৰঃ- নাৰদে ক’লে – তোমালোকে কৰা সকলো চেষ্টা বিফলে যাব, সেইবাবে চৰাইৰ ৰজা গৰুড়ক প্ৰাৰ্থনা কৰা । তেওঁ যদি তোমালোকৰ প্ৰাৰ্থনাত সন্তুষ্ট হয় তেতিয়াহে তেওঁ সাগৰৰ পৰা কণী কেইটা ঘূৰাই আনিব পাৰিব। মহৰ্ষি নাৰদে চৰাইবোৰক এই উপদেশ দিছিল।
৫) সাগৰ দেৱতাই চৰাইহালক কিয় কণীকেইটা ,ওভতাই দিছিল ?
উত্তৰঃ- চৰাইহালে ৰজা গৰুড়ক প্ৰাৰ্থনা কৰিছিল।সেইবাবে সাগৰৰ দেৱতাই চৰাইহালক কণীকেইটা, ওভতাই দিছিল।
Type Arup Koch
Morigaon (Assam)
Author By : Rajashree Bora
Post ID :DABP006391