ভাৰতৰ বৈদেশীক সম্পৰ্ক
চতুৰ্থ অধ্যায়
অতি চমু প্ৰশ্নঃ
১. কিমান চনত শীতল যুদ্ধ হৈছিল ।
উত্তৰঃ ১৯৪৫ চনত শীতল যুদ্ধ হৈছিল ।
২. কিমান চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল ।
উত্তৰঃ ১৯৬৫ আৰু ১৯৭১ চনত ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধ হৈছিল ।
৩. কিমান চনত ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল ।
উত্তৰঃ ১৯৬২ চনত ভাৰত আৰু চীনৰ মাজত যুদ্ধ হৈছিল ।
৪. কিমান চনৰ পৰা কিমান চনলৈ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল ।
উত্তৰঃ ১৯৩৯ চনৰ পৰা ১৯৪৫ চনলৈ দ্বিতীয় বিশ্বযুদ্ধ হৈছিল ।
৫. শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল ।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছতে বিশ্বৰ ৰাজনীতিত শীতল যুদ্ধ আৰম্ভ হৈছিল ।
৬. দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা দুটা বৃহৎ শক্তিৰ নাম লিখা ।
উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উদ্ভৱ হোৱা দুটা বৃহৎ শক্তিৰ নাম হল
ক) আমেৰিকা যুক্তৰাষ্ট্ৰ।
খ) ছোভিয়েট ইউনিয়ন ।
৭. বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰ নাম কি
উত্তৰঃ বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে প্ৰশ্ন উত্থাপন কৰা বিশ্বৰ প্ৰথমখন ৰাষ্ট্ৰৰ নাম হল – ভাৰতবৰ্ষ ।
৮. ভাৰতীয় বৈদেশীক নীতিৰ মুখ্য নিৰ্মাতা বুলি কাক কোৱা হয় ।
উত্তৰঃ স্বাধীন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক ভাৰতীয় বৈদেশীক নীতিৰ মুখ্য নিৰ্মাতা বুলি কোৱা হয় ।
৯. জৱাহৰলাল নেহৰুৱে কিমান চনৰ পৰা কিমন চনলৈ ভাৰতীয় বৈদেশীক নীতি নিৰ্ধাৰণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছিল ।
উত্তৰঃ জৱাহৰলাল নেহৰুৱে ১৯৪৬ চনৰ পৰা ১৯৬৪ চনলৈ ভাৰতীয় বৈদেশীক নীতি নিৰ্ধাৰণ আৰু প্ৰয়োগৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিছিল।
১০. জৱাহৰলাল নেহৰুৱে প্ৰথম অগ্ৰাধিকাৰ প্ৰদান কৰা বিষয়টোৰ নাম কি ।
উত্তৰঃ জৱাহৰলাল নেহৰুৱে অগ্ৰাধিকাৰ প্ৰদান কৰা বিষয়টোৰ নাম হল জাতীয় স্বাৰ্থ।
১১. জৱাহৰলাল নেহৰুৰ বৈদেশীক নীতি কেইটা আৰু কি কি ।
উত্তৰঃ জৱাহৰলাল নেহৰুৰ বৈদেশীক নীতি তিনিটা সেইকেইটা হল
ক) যথেষ্ট কষ্ট আৰু ত্যাগৰ বিনিময়ত লাভ কৰা সাৰ্বভৌমত্বৰ সংৰক্ষণ ।
খ) ভৌগোলিক অখণ্ডতাৰ ৰক্ষণাবেক্ষণ ।
গ) দ্ৰুত অৰ্থনৈতিক বিকাশত উৎসাহিত কৰা ।
১২. কিমান চনত জৱাহৰলাল নেহৰুৱে বৈদেশীক নীতিৰ মৌলিক উপাদানসমূহ ঘোষণা কৰিছিল ।
উত্তৰঃ ১৯৪৬ চনৰ ৭ ছেপ্তেম্বৰত জৱাহৰলাল নেহৰুৱে বৈদেশীক নীতিৰ মৌলিক
উপাদানসমূহ ঘোষণা কৰিছিল ।
১৩. শ্ৰী লংকাৰ ৰাজধানীৰ নাম কি ।
উত্তৰঃ শ্ৰী লংকাৰ ৰাজধানীৰ নাম হল কলম্বো ।
১৪. গোষ্ঠী নিৰপেক্ষ শব্দটো কোনে কেতিয়া প্ৰথমে ব্যৱহাৰ কৰিছিল।
উত্তৰঃ ১৯৫৪ চনত শ্ৰী লংকাৰ ৰাজধানী কলম্বোত জৱাহৰলাল নেহৰুৱে প্ৰথমে গোষ্ঠী
নিৰপেক্ষ শব্দটো ব্যৱহাৰ কৰিছিল ।
১৫. পঞ্চশীল কি ।
উত্তৰঃ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে প্ৰদান কৰা ভাষণত চীন-ভাৰতৰ সম্পৰ্কৰ পথ
নিৰ্দেশক হিচাপে পাচটা স্তম্ভ উল্লেখ কৰে তাকে পঞ্চশীল বুলি কোৱা হয় ।
১৬. পঞ্চশীল নীতিকেইটা পিছলৈ কাৰ ভেটি হৈ পৰে ।
উত্তৰঃ পঞ্চশীল নীতিকেইটা পিছলৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভেটি হৈ পৰে ।
১৭. পঞ্চশীল নীতিকেইটা আৰু কি কি ।
উত্তৰঃ পঞ্চশীল নীতি ৫টা যেনে
ক) আন ৰাষ্ট্ৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি পাৰস্পৰিক শ্ৰদ্ধা প্ৰদৰ্শন ।
খ) পাৰস্পৰিক অনাক্ৰমণ ।
গ) আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰা ।
ঘ) সমতা আৰু পাৰস্পৰিক সুবিধা ।
ঙ) শান্তিপূৰ্ণ সহাৱস্থান ।
১৮. গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি কিমান চনত আৰু কত হৈছিল ।
উত্তৰঃ ১৯৫৫ চনত ইণ্ডোনেছিয়াৰ বাণ্ডং চহৰত অনুষ্ঠিত হোৱা সন্মিলনৰ জৰিয়তে গোষ্ঠী
নিৰপেক্ষ আন্দোলনৰ আৰম্ভণি হৈছিল ।
১৯. গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ কেইজনমান প্ৰতিষ্ঠাতাৰ নাম লিখা ।
উত্তৰঃ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ কেইজনমান নেতাৰ নাম হল –
ক) ভাৰতবৰ্ষৰ জৱাহৰলাল নেহৰু ।
খ) য়ুগোশ্লাভিয়াৰ জছিপ ব্ৰজ টিটো ।
গ) ইণ্ডোনেছিয়াৰ সুকৰ্ণো ।
ঘ) ইজিপ্তৰ গামাল আব্দেল নাছেৰ
ঙ) ঘানাৰ কোৱামে নুখ্ৰূমা ।
২০. কিমান চনত ছোভিয়েট ইউনিয়ন ভংগ হৈ পৰিছিল ।
উত্তৰঃ ১৯৯১ চনৰ ২৫ ডিচেম্বৰত ছোভিয়েট ইউনিয়ন ভংগ হৈ পৰিছিল ।
২১. ভাৰতৰ বৈদেশীক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ কি কি ।
উত্তৰঃ ভাৰতৰ বৈদেশীক নীতিৰ প্ৰধান গুৰুত্বপূৰ্ণ লক্ষ্যসমূহ হল –
ক) ভৌগোলিক একতা ৰক্ষা কৰা ।
খ) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা ।
গ) চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে বন্ধুত্বসুলভ সম্পৰ্ক স্থাপন কৰা ।বৰ্তমান
ঘ) ভাৰতৰ চাৰিসীমাৰ ভিতৰত থকা লোকসকলৰ নিৰাপত্তা নিশ্চিত কৰা ।
ঙ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে ব্যৱসায় বন্ধ কৰা ।
চ) ভাৰতৰ আকাশমাৰ্গ আৰু নৌ পথ সুচল কৰা ।
ছ) আন্তঃৰাষ্ট্ৰীয় বিবাদসমূহ শান্তিপূৰ্ণভাৱে সমাধান কৰা ।
২২. বৰ্তমান গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা কিমান ।
উত্তৰঃ বৰ্তমান গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা ১২০ খন ।
২৩. নিৰীক্ষক ৰাষ্ট্ৰ কেইখন ।
উত্তৰঃ নিৰীক্ষক ৰাষ্ট্ৰ ১৭ খন ।
২৪. কিমান চনত আৰু কোনে এছীয় সম্পৰ্ক সন্মিলন অনুষ্ঠিত কৰিছিল ।
উত্তৰঃ ১৯৪৭ চনত ভাৰতবৰ্ষই এছীয় সম্পৰ্ক সন্মিলন অনুষ্ঠিত কৰিছিল ।
২৫.কিমান চনত আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আয়োগ গঠন কৰা হৈছিল ।
উত্তৰঃ ১৯৫৪ চনত আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণ আয়োগ গঠন কৰা হৈছিল ।
২৬. ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা নীতিকেইটা আৰু কি কি ।
উত্তৰঃ ভাৰতে চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে সম্পৰ্ক শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা নীতিকেইটা হল –
ক) বাংলাদেশ, ভূটান, মালদ্বীপ, নেপাল আৰু শ্ৰীলংকাৰ দৰে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা ভাৰতে প্ৰতিদান নিবিচৰাকৈ বিশ্বাসৰ আধাৰত যিমানদুৰ সম্ভৱ সহায় কৰিব ।
খ) দক্ষিণ এছিয়াৰ কোনো ৰাষ্ট্ৰই অঞ্চলটোৰ আন ৰাষ্ট্ৰৰ স্বাৰ্থৰ বিৰুদ্ধে নিজৰ ভূখণ্ড ব্যৱহাৰৰ অনুমতি প্ৰদান নকৰিব ।
গ) কোনো ৰাষ্ট্ৰই আন ৰাষ্ট্ৰৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব ।
ঘ) দক্ষিণ এছিয়াৰ সকলো ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতা আৰু সাৰ্বভৌমত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব লাগিব ।
ঙ) ৰাষ্ট্ৰসমূহে তেওঁলোকৰ মাজৰ সকলোধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে দ্বিপাক্ষিক আলোচনাৰ জৰিয়তে সমাধান কৰা উচিত হব ।
২৭. কাৰ নেতৃত্বত বৰ্ণবৈষম্য আন্দোলন সংঘটিত হৈছিল ।
উত্তৰঃ নেলছন মেণ্ডেলাৰ নেতৃত্বত বৰ্ণবৈষম্য আন্দোলন সংঘটিত হৈছিল ।
২৮. ভাৰতৰ বৈদেশীক নীতিৰ মূল নীতিসমূহ কি কি ।
উত্তৰঃভাৰতৰ বৈদেশীক নীতিৰ মূল নীতিসমূহ হল
ক)গোষ্ঠীনিৰপেক্ষতা ।
খ) বিশ্ব শান্তি স্থাপনত ৰাষ্ট্ৰসংঘক সমৰ্থন ।
গ) ন্যায়সংগত লক্ষ্যসাধন ।
ঘ) অন্যান্য ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন ।
ঙ) উপনিবেশিকতাবাদ আৰু সাম্ৰাজ্যবাদৰ বিৰোধিতা ।
২৯. ভাৰতৰ বৈদেশীক নীতিৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা ।
উত্তৰঃ ভাৰতৰ বৈদেশীক নীতিৰ উদ্দেশ্যাৱলী বহুমুখী । অৱশ্যে এইবোৰ স্থিতিশীল নহয় । সময় আৰু পৰিস্থিতিৰ দ্বাৰা এই উদ্দেশ্যসমূহ প্ৰভাৱিত আৰু পৰিৱৰ্তন হয় । ভাৰতৰ বৈদেশীক নীতিৰ এক অন্যতম গুৰুত্বপূৰ্ণ উদ্দেশ্য হল ভৌগোলিক ্খণ্ডতাৰ ৰক্ষণাবেক্ষণ আৰু সংৰক্ষণ । ভাৰতে এই ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰাৰ পক্ষপাতী নহয় । বিশ্ব শান্তি ভাৰতৰ বৈদেশীক নীতিৰ আন এক গুৰুত্বপূৰ্ণ উদ্দেশ্য । ভাৰতে সদায় বিশ্বত শান্তি প্ৰতিষ্ঠানৰ বাবে যুঁজ দি আহিছে । যিকোণো ধৰণৰ বিবাদ অহিংস বা শান্তিপূৰ্ণ উপায়েৰে সমাধান কৰাত আগ্ৰহী । একেদৰে ভাৰতে আন ৰাষ্ট্ৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিব নিবিচাৰে । চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ সৈতে ভাৰতে বন্ধুত্বমূলক সম্পৰ্ক স্থাপন কৰাৰ ক্ষেত্ৰত সদায় আগ্ৰহ প্ৰদৰ্শন কৰি আহিছে ।
৩০. ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰীজনৰ নাম কি ।
উত্তৰঃ ভাৰতবৰ্ষৰ প্ৰথম গৃহমন্ত্ৰীজনৰ নাম হল চৰ্দাৰ বল্লভভাই পেটেল ।
৩১. চীনদেশৰ প্ৰধানমন্ত্ৰীজনৰ নাম কি ।
উত্তৰঃ চীনদেশৰ প্ৰধানমন্ত্ৰীজনৰ নাম হল চৌ এন লাই ।
৩২. কিমান চনত চীনে তিব্বত অধিকাৰ কৰিছিল ।
উত্তৰঃ ১৯৫০ চনত চীনে তিব্বত অধিকাৰ কৰিছিল ।
৩৩. তিব্বতৰ এজন ধৰ্মগুৰুৰ নাম লিখা ।
উত্তৰঃ তিব্বতৰ এজন ধৰ্মগুৰুৰ নাম হল দালাই-লামা ।
৩৪. চীন-ভাৰতৰ যুদ্ধৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ১৯৬২ চনত চীন আৰু ভাৰতবৰ্ষৰ মাজত যুদ্ধ হৈছিল । প্ৰায় এসপ্তাহজোৰা প্ৰথমটো আক্ৰমণত চীন সেনাই অৰুণাচল প্ৰদেশৰ কিছুমান গুৰুত্বপূৰ্ণ অঞ্চল অধিকাৰ কৰে । নৱেম্বৰ মাহত চীনে দ্বিতীয়টো আক্ৰমণ কৰে । ভাৰতীয় সেনাই পশ্চিম সীমান্ত চীনৰ সেনাৰ আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হয় যদিও পূব-সীমান্তত চীনৰ সেনাবাহিনীয়ে প্ৰায় অপ্ৰতিহতভাৱে ভাৰতীয় সীমা অতিক্ৰম কৰি অসমৰ তেজপূৰলৈ আগবাঢ়ি আহে । .চীনে অসমক ভাৰতৰ ভূমিৰ পৰা কাঢ়ি নিয়াটো প্ৰায় নিশ্চিত হৈ পৰে । আনকি প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসমক ভাৰতৰ ভূমিৰ পৰা বিদায় দিয়াৰ দৰে ভাষণো দিয়ে ।
৩৫. কিমান চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী চীনলৈ যায় ।
উত্তৰঃ ১৯৮৮ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী চীনলৈ যায় ।
৩৬. বাংলাদেশৰ যুদ্ধৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ ভাৰত বিভাজনৰ ফলত পাকিস্তানৰ জন্ম হৈছিল । পাকিস্তানৰ ভূখণ্ড পশ্চিম আৰু পূব পাকিস্তানত বিভক্ত হৈ আছিল । পূৱ পাকিস্তানৰ জনসাধাৰণৰ জীৱন আৰু সংস্কৃতিৰ ভাৰতৰ সৈতেহে অধিক সাদৃশ্য আছিল । ১৯৭০ৰ দশকৰ আৰম্ভণিত পাকিস্তানৰ আভ্যন্তৰীণ ৰাজনীতিত ভয়াবহ ৰূপধাৰণ কৰে । পূব পাকিস্তানৰ জনসাধাৰণে তেওঁলোকৰ ওপৰত জোৰকৈ উৰ্দু ভাষাটো আৰোপ কৰাত অসন্তুষ্ট হৈ পৰিছিল । আকৌ পূব পাকিস্তানৰ প্ৰতি পশ্চিম পাকিস্তানৰ আচৰণ আছিল প্ৰায় ঔপনিবেশিক শাসকৰ দৰে । পাকিস্তানৰ প্ৰথমটো সাধাৰণ নিৰ্বাচনত পশ্চিম পাকিস্তানত জুলফিকৰ আলী ভূট্টো নেতৃত্বধীন দলে জয়লাভ কৰাৰ বিপৰীতে পূব পাকিস্তানত শ্বেইখ মুজিবুৰ ৰহমানৰ আৱামী লীগে জয়লাভ কৰে । আৱামী লীগৰ এই জয়লাভক সহজভাৱে গ্ৰহণ কৰিব পৰা নাছিল পশ্চিম পাকিস্তানৰ ৰাজনৈতিক নেতৃত্বই । আৱামী লীগৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰস্তাৱো অগ্ৰাহ্য কৰা হয় ।
৩৭. পূব পাকিস্তানৰ পূৰ্বৰ নাম কি ।
উত্তৰঃ পূব পাকিস্তানৰ পূৰ্বৰ নাম হল বাংলাদেশ ।
৩৮. ছিমলা চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ।
উত্তৰঃ ১৯৭২ চনৰ ৩ জুলাইত ছিমলা চুক্তি স্বাক্ষৰিত হৈছিল ।
৩৯. ছিমলা চুক্তিৰ কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ বিষয়ে লিখা ।
উত্তৰঃ ছিমলা চুক্তিৰ কেইটামান গুৰুত্বপূৰ্ণ ব্যৱস্থা হল
ক) দুয়োখন ৰাষ্ট্ৰই দ্বিপাক্ষিক শান্তিপূৰ্ণ আলোচনাৰ জৰিয়তে তেওঁলোকৰ বিবাদ আৰু সংঘাতৰ সমাধান কৰিব ।
খ) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ জাতীয় একতা, ভৌগোলিক অখণ্ডতা, ৰাজনৈতিক স্বাধীনতা আৰু সাৰ্বভৌম সমতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিব ।
গ) দুয়োখন ৰাষ্ট্ৰই পৰস্পৰৰ ভৌগোলিক অখণ্ডতাৰ বিৰুদ্ধে শক্তি প্ৰয়োগ নকৰিব ।
৪০. কিমান চনত কাৰ্গিলৰ যুদ্ধ হৈছিল ।
উত্তৰঃ ১৯৯৯ চনত কাৰ্গিলৰ যুদ্ধ হৈছিল ।