Class 12 Political Science Book Chapter 1 Short Answer | HS 2nd Year Political Science Book এটা দলৰ আধিপত্য়ৰ যুগ Chapter 1 Short Question Answer | চমু প্ৰশ্ন উত্তৰ |

Chapter 1

এটা দলৰ আধিপত্য়ৰ যুগ

১। ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ উপৰিও ছ’ছিয়েলিষ্ট পাৰ্টি, কমিউনিষ্ট পাৰ্টি, কিষাণ মজদুৰ প্ৰজা পাৰ্টি আৰু ভাৰতীয় জনসংঘ এই সকলোবোৰ দলৰ মাজত কোনটো দলে সফলতা ইমান বেছি আছিল যে এই দলে একক আধিপত্য় পতিষ্ঠা কৰিব পাৰিছিল?

উত্তৰঃ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ উপৰিও ছ’ছিয়েলিষ্ট পাৰ্টি, কমিউনিষ্ট পাৰ্টি, কিষাণ মজদুৰ প্ৰজা পাৰ্টি আৰু ভাৰতীয় জনসংঘ এই সকলোবোৰ দলৰ মাজত কংগ্ৰেছ দলৰ সফলতা ইমান বেছি আছিল যে এই দলে একক আধিপত্য় পতিষ্ঠা কৰিব পাৰিছিল।

২। ভাৰতীয় ৰাজনীতিত জাতীয় কংগ্ৰেছৰ এই আধিপত্য় কেইটা সাধাৰণ নিৰ্বাচন?

উত্তৰঃ ভাৰতীয় ৰাজনীতিত জাতীয় কংগ্ৰেছৰ এই আধিপত্য় তিনিটা সাধাৰণ নিৰ্বাচন। 

৩। সেয়েহে এই সময়ছোৱাক কি নামেৰে জনা যায়?

উত্তৰঃ সেয়েহে এই সময়ছোৱাক ভাৰতীয় ৰাজনীতিত এটা দলৰ আধিপত্য়ৰ যুগ নামেৰে জনা যায়।

৪। এক তীব্ৰ সংকট আৰু বেদনা বুকুত লৈ কোনে স্বাধীনতা লাভ কৰিছিল আৰু জাতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল?

উত্তৰঃ এক তীব্ৰ সংকট আৰু বেদনা বুকুত লৈ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল আৰু জাতি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল।

৫। এনে সংকটৰ সময়ত দেশখনত গণতান্ত্ৰিক ব্য়ৱস্থা এটা প্ৰৱৰ্তন কৰাটো নিতান্তই কি কথা নাছিল?

উত্তৰঃ এনে সংকটৰ সময়ত দেশখনত গণতান্ত্ৰিক ব্য়ৱস্থা এটা প্ৰৱৰ্তন কৰাটো নিতান্তই সহজ কথা নাছিল।

৬। দেশৰ ঐক্য়-সংহতি ৰক্ষা কৰাটো ভাৰতীয় নেতৃত্বৰ বাবে কি আছিল?

উত্তৰঃ দেশৰ ঐক্য়-সংহতি ৰক্ষা কৰাটো ভাৰতীয় নেতৃত্বৰ বাবে তীব্ৰ প্ৰত্য়াহ্বান আছিল।

৭। ঔপনিৱেশিক শাসনৰ কৱলৰ পৰা মুক্ত হোৱা পৃথিৱী বহু দশে দেশৰ ঐক্য়-সংহতি ৰক্ষাৰ বাবেই গণতান্ত্ৰিক ব্য়ৱস্থা কি কৰিবলৈ বাধ্য় হৈছিল?

উত্তৰঃ ঔপনিৱেশিক শাসনৰ কৱলৰ পৰা মুক্ত হোৱা পৃথিৱী বহু দশে দেশৰ ঐক্য়-সংহতি ৰক্ষাৰ বাবেই গণতান্ত্ৰিক ব্য়ৱস্থা বৰ্জন কৰিবলৈ বাধ্য় হৈছিল।

৮। কি দেশত এনে বহু অভিজ্ঞতাৰ সন্মুখীন হৈছিল?

উত্তৰঃ আফ্ৰিকাৰ দেশত এনে বহু অভিজ্ঞতাৰ সন্মুখীন হৈছিল।

৯। ২০০৪ চনত সমগ্ৰ দেশে কি ব্য়ৱহাৰ কৰে?

উত্তৰঃ ২০০৪ চনত সমগ্ৰ দেশে E.V.M ব্য়ৱহাৰ কৰে।

১০। কিমান চনত কিমান তাৰিখে সংবিধান গৃহীত হৈছিল?

উত্তৰঃ ১৯৮৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে সংবিধান গৃহীত হৈছিল।

১১। কিমান চনৰ কিমান তাৰিখৰ পৰা ভাৰতীয় সংবিধান বলৱৎ হৈছিল?

উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা ভাৰতীয় সংবিধান বলৱৎ হৈছিল।

১২। নিৰ্বাচন পৰিচালনাৰ বাবে কিমান চনৰ জানুৱাৰী মাহত নিৰ্বাচন আয়োগো প্ৰতিষ্ঠা কৰা হ’ল?

উত্তৰঃ নিৰ্বাচন পৰিচালনাৰ বাবে ১৯৫০ চনৰ জানুৱাৰী মাহত নিৰ্বাচন আয়োগো প্ৰতিষ্ঠা কৰা হ’ল।

১৩। কাক ভাৰতবৰ্ষৰ প্ৰথম মুখ্য় নিৰ্বাচনী আয়ুক্ত হিচাবেও নিয়ুক্তি দিয়া হ’ল?

উত্তৰঃ সুকুমাৰ সেনক ভাৰতবৰ্ষৰ প্ৰথম মুখ্য় নিৰ্বাচনী আয়ুক্ত হিচাবেও নিয়ুক্তি দিয়া হ’ল।

১৪। নিৰ্বাচন আয়োগে কিমান চনতে নিৰ্বাচন প্ৰস্তুতি কৰিব পৰা যাব বুলি আশা কৰিছিল?

উত্তৰঃ নিৰ্বাচন আয়োগে ১৯৫০ চনতে নিৰ্বাচন প্ৰস্তুতি কৰিব পৰা যাব বুলি আশা কৰিছিল।

১৫। প্ৰথম নিৰ্বাচনত কিমান কোটি ভোটাৰ আছিল?

উত্তৰঃ প্ৰথম নিৰ্বাচনত ১৭ কোটি ভোটাৰ আছিল।

১৬। তেওঁলোকৰ মাজৰ কিমান শতাংশহে শিক্ষিত?

উত্তৰঃ তেওঁলোকৰ মাজৰ ১৫ শতাংশহে শিক্ষিত।

১৭। এই নিৰ্বাচনত ৰাজ্য়িক বিধানসভাসমূহৰ বাবে কিমান বিধায়ক?

উত্তৰঃ এই নিৰ্বাচনত ৰাজ্য়িক বিধানসভাসমূহৰ বাবে ৩,২০০ বিধায়ক।

১৮। লোকসভাৰ বাবে কিমান গৰাকী সাংসদ নিৰ্বাচন কৰিবলগীয়া হৈছিল?

উত্তৰঃ লোকসভাৰ বাবে ৪৮৯ গৰাকী সাংসদ নিৰ্বাচন কৰিবলগীয়া হৈছিল।

১৯। ১৯৫৭ চনৰ নিৰ্বাচনত কিমান শতাংশ আসন লাভ কৰিছিল?

উত্তৰঃ ১৯৫৭ চনৰ নিৰ্বাচনত ২৫ শতাংশ আসন লাভ কৰিছিল।

২০। ১৯৬২ চনৰ নিৰ্বাচনত কিমান শতাংশ আসন লাভ কৰিছিল?

উত্তৰঃ ১৯৬২ চনৰ নিৰ্বাচনত ২৮ শতাংশ আসন লাভ কৰিছিল।