১। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো’ প্ৰবন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?
উত্তৰ : বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰে৷” প্রবন্ধটি লিখৰ ড° দীনেশ চন্দ্ৰ গোস্বামীৰ বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ নামৰ গ্ৰন্থখনৰ পৰা লোৱা হৈছে।
২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসম্মত কাৰণ কি ?
উত্তৰঃ বসন্ত ৰোগৰ বিজ্ঞানসন্মত কাৰণ হৈছে-ই অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগ। এনে ভাইৰাছৰ পৰা শৰীৰটোক ৰক্ষা কৰিবৰ বাবে বিজ্ঞানে ছিটা আৱিষ্কাৰ কৰিছে ।
৩। আমৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক কি বুলি কোৱা হয় ?
উত্তৰ : আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোক ‘বিজ্ঞান’ বুলি কোৱা হয় ।
৪। যাদু-মন্ত্ৰ বা তাবিজ প্রভৃতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে ?
উত্তৰ : যাদু-মন্ত্ৰ বা তাবিজ প্রভৃতিৰে ৰোগ নিৰাময় কৰিব নোৱাৰি।
৫। ড°দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা ৷
উত্তৰ : ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম হ’ল ‘দৃষ্টি’।
৬। আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লিখকৰ মতে কেনে ধৰণৰ অনুষ্ঠান ?
উত্তৰ ঃ আই ওলালে গোসাঁনীৰ নাম ধৰা বা গোপিনী সবাহ পতাতো লিখৰ মতে ধর্মীয় অনুষ্ঠান ।
৭। দাঁতৰ পোকবোৰ প্ৰকৃততে কি ?
উত্তৰ : দাঁতৰ পোকবোৰ প্ৰকৃততে এক প্ৰকাৰৰ অণুজীৱ।
৮। বসন্ত ৰোগ কিহ’ৰ পৰা হয় ?
উত্তৰ : বসন্ত ৰোগ এবিধ ক্ষুদ্র ভাইৰাছৰ পৰা হয়।
৯। বিজ্ঞানী কাম কি ?
উত্তৰ : বিভিন্ন ঘটনা পর্যবেক্ষণ কৰা, জোখ-মাথ লোৱা, সত্যৰ অনুসন্ধান কৰা আৰু বস্তু বা ঘটনা এটিৰ, বিষয়ে সুস্থিৰ সিদ্ধান্তলৈ অহাটোৱেই বিজ্ঞানীৰ কাম ।
১০। বিশুদ্ধ খোৱা পানীৰ অভাৱত কি কি ৰোগ হ’ব পাৰে?
উত্তৰ : বিশুদ্ধ খোৱা পানীৰ অভাৱত ডায়েৰিয়া; মেলেৰিয়ী, জণ্ডিচ আদি ৰোগ হ’ব পাৰে।
১১। কি গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে?
উত্তৰ : বুদ্ধি আৰু অনুসন্ধিৎসু- এই দুটা গুণৰ বাবে মানুহ উন্নতিৰ পথেৰে আগুৱাই গৈছে।
১২। আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থলে শৰীৰৰ উপকাৰ হয়নে ?
উত্তৰ : আঙুলি এটা কাটিলে চোহা মাৰি তেজখিনি খাই থলে শৰীৰৰ কোনো উপকাৰ নহয়। কাৰণ আমাৰ শৰীৰৰ তেজ চলাচল কৰা তন্ত্ৰটো আৰু আহাৰ জীন নিওৱা তন্ত্ৰ দুটা সম্পূর্ণ বেলেগ বেলেগ।
১৩। আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লিখকে উল্লেখ কৰা ঘটনাটো কি ?
উত্তৰ : আমাৰ সমাজৰ অমানৱীয় আৰু নিকৃষ্ট কথা বুলি লিখকে উল্লখ কৰা ঘটনাটো হ’ল ডাইনী হত্যা।
১৪। বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ শীৰ্ষক পাঠটিৰ লিখক কোন ?
উত্তৰ : বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক পাঠটিৰ লিখক ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী।
১৫। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ : দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল – ‘বৈজ্ঞানিক মন বৈজ্ঞানিক মানসিকতা’ আৰু ‘উষ্ণ প্রবাহ’।
১৬। শিশুক দিয়া বেজী-ছিটাৰ কাম কি ?
উত্তৰ : শিশুৰ ৰোগ প্ৰতিৰোধ কৰাই বেজী-ছিটাৰ কাম।
খ) চমু প্রশ্ন
১। সপোনত পোৱা ঔষধ ৰোগীয়ে কিয় ব্যৱহাৰ কৰা অনুচিত ?
উত্তৰ : সপোন হৈছে মানুহৰ অৱচেতন মনৰ এক অস্পষ্ট ধাৰণাহে। ইয়াৰ কোনো বাস্তৱ ভিত্তি নাই। কিছুমান মানুহে সপোনত কোনো ৰোগৰ ঔষধ পোৱা বুলি দাবি কৰে যদিও সেইবোৰ গ্ৰহণ কৰা উচিত নহয়। কাৰণ কোনো ৰোগৰ ঔষধ বিবিধ পৰীক্ষা-নিৰীক্ষা কৰিহে প্ৰস্তুত কৰা হয়। কিন্তু সপোনত ৰোগ আৰু ঔষধৰ কোনো সামঞ্জস্য নাথাকে। সেয়ে সপোনত পোৱা ঔষধ গ্রহণ কৰিলে হিতৰ বিপৰীতে ৰোগীৰ প্ৰাণ নাশৰ শংকা থাকে।
সেয়ে সপোনত পোৱা বুলি দাবী কৰা ঔষধ ব্যৱহাৰ কৰা অনুচিত।
২। বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি ?
উত্তৰ : বাহ্যিক জীৱনৰ বাবে প্ৰয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মল্যবান অৱদান হৈছে বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাব আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞানীসকলে কোনো বস্তু বা ঘটনা লক্ষ্য বা পর্যবেক্ষণ কৰে, তাৰ পাছত তথ্যবোৰ সজাই-পৰাই এটি উপকল্প বা ধাৰণা প্রস্তুত কৰে। তাৰ পাছত নতুন তথ্য আৰু নতুন পর্যবেক্ষণেৰে তেওঁলোকে আগৰ উপকল্প বা ধাৰণাটো সঁচা নে মিছা সেয়া প্ৰমাণ কৰিহে গ্ৰহণ কৰে।
৩। মুকলি মন মানে কি ?
উত্তৰ : আঁকোৰ-গোজ হৈ অযুক্তিকৰ পুৰণি কথা বা ধাৰণাবোৰত লাগি নাথাকি নতুন কথা বা নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানসিকতাই হ’ল ‘মুকলি মন’।
৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তিআছে নে?
উত্তৰ : ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। এইবোৰ মানুহৰ অন্ধবিশ্বাসহে।
৫। আদিম মানুহে জুইৰ ব্যৱহাৰ কিদৰে কৰিছিল ?
উত্তৰ : আদিম মানুহ এজনে শিল দলিয়াই থাকোঁতে শিলে শিলে ঘর্ষণ হৈ জুই উঠিল। সেই পর্যবেক্ষণৰ পিছত তেওঁ জুই জ্বলি উঠা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি থাকিল আৰু সিদ্ধান্ত লৈ আহিল যে শিলে শিলে ঘর্ষণ খালে জুই উঠে। তেওঁ জুইৰ ধৰ্ম অধ্যযন কৰিলে। এনেদৰে আদিম মানুহে জুইৰ ব্যৱহাৰ শিকিলে।
৬। তিৰোতা মানুহৰ মাহেকীয়াটো প্ৰকৃততে কি ?
উত্তৰ ঃ তিৰোতা মানুহৰ মাহেকীয়াটো প্ৰকৃততে এক স্বাভাৱিক প্ৰক্ৰিয়া। ই কোনো ৰোগ নহয় আৰু ইয়াৰ লগত কোনো জীবাণুও জড়িত নাথাকে। এই সময়ত সিহঁতে দৈনন্দিন কাম কাজ কৰিব পাৰে। মাথো গধুৰ পাত্ৰ দণ্ডা, দৌৰা-দৌৰি আদি কাম কৰিব নালাগে। স্বাস্থ্যকৰ পৰিবেশত থাকিব লাগে।
(গ) দীঘল প্রশ্ন
১। আমাৰবিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটন কৰাটোৱেই হ’ল বিজ্ঞান’ – কথাষাৰ বুজাই লিখা ।
উত্তৰ : আমৰ বিশ্ব ব্ৰহ্মাণ্ডখন ৰহস্যৰে ভৰপুৰ। অর্থাৎ আমি বিশ্ব ব্ৰহ্মাণ্ডত যিবোৰ ঘটনা ঘটি থকা দেখি আছো সেইবোৰ ঘটি থকাৰ কিবা নহয় কিবা কাৰণ আছে। আমি সাধাৰণ ধাৰণাৰে সেইবোৰ ৰহস্যৰ কোনো সুউত্তৰ পাব নোৱাৰো। বিজ্ঞানে সেইবোৰ ঘটনাৰ আঁৰত থকা ৰহস্য উদ্ঘাটনৰ বাবে চেষ্টা কৰে। ইয়াৰ বাবে বিজ্ঞানে পৰ্যবেক্ষণ আৰু পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা এক সাধাৰণ সত্যত উপনীত হয় আৰু সিদ্ধান্তটো সি একে জাতীয় আৰু একে পৰিস্থিতিত সঁচা বুলি মানি লোৱা হয়। বৰ্তমাৈেল বিজ্ঞানে পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰা বহুত ৰহস্যৰ উদ্ঘাটন কৰিছে। উদাহৰণ স্বৰূপে আমাৰ পৃথিৱীখনত ঋতু পৰিৱৰ্তন কিয় হয় সেয়া বিজ্ঞানে পৰ্যবেক্ষণ আৰু পৰীক্ষা-নীৰিক্ষাৰ দ্বাৰা প্ৰমাণ কৰিছে যে ই পৃথিৱীৰ আহ্নিক গতি আৰু বাৰ্ষিক গতিৰ ফলত সংঘটিত হয়।
সেয়ে আমাৰ বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটন কৰা পৰীক্ষা-নিৰীক্ষাটোকেই বিজ্ঞান বুলি কোৱা হয় ।
২। বৈজ্ঞানিক মানসিকতা মানে। ? বুজাই লিখা ৷
উত্তৰ : বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো বস্তু বা ঘটনা বিচাৰ বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’বলৈ উচ্চ ডিগ্ৰীধাৰী হোৱাৰ প্ৰয়োজন নাই। বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰী হ’লেও কোনো লোকৰ বৈজ্ঞানিক মানসিকতা নাথাকিব পাৰে অর্থাৎ তেওঁ পৰম্পৰাবাদী আৰু অন্ধবিশ্বাসী হ’ব পাৰে। সমাজৰ নিৰক্ষৰ হোজা লোক এজনো বৈজ্ঞানিক মানসিকতাৰ অধিকাৰী হ’ব পাৰে ।
৩। আমি কিদৰে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰোঁ, বুজাই লিখা ৷
উত্তৰ : বৈজ্ঞানিক মানসিকতা গঢ়িবলৈ হলে আমাৰ মন মুকলি হ’ব লাগিব। সকলো কথা যুক্তিৰে চালি-জাৰি চাবলৈ শিকিব লাগিব । আজোককাৰ দিনৰ পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধা সৃষ্টিকাৰী প্রথাবোৰ ত্যাগ কৰিব লাগিব । আকৌ কিছুমান মানুহে ভাগ্যক ধিয়াই বহি থাকে। এনে মনোভাব এৰিব লাগিব।” এনেদৰে মানুহে বৈজ্ঞানিক মানসিকতা গঢ়িব পাৰে ।
৪। ভূত-প্রেত, দেবতা-অপদেবতা আদিৰ বাস্তৱ ভিত্তিআছেনে ? কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস কৰাৰ ফলত আমাৰ সমাজত কেনেধৰণৰ সমস্যাৰ সৃষ্টি হৈছে, আলোচনা কৰা ।
উত্তৰঃ ভূত-প্রেত, দেবতা- অপদেবতা আদিৰ কোনো বাস্তৱ ভিত্তি নাই। প্রাচীন কালৰ পৰাই কিছুমান মানুহে এইবোৰত গভীৰ বিশ্বাস স্থাপন কৰি আহিছে। এনে বিশ্বাসৰ ফলত সমাজত নানান সমস্যাৰ সৃষ্টি হয় । কেতিয়াবা কোনো লোকৰ ৰোগ হ’লে কিছুমান দুষ্ট মানুহে মানুহৰ অজ্ঞতাৰ সুবিধা লৈ ভূত বা দেবতাই লম্বা বুলি কৈ জৰা-ফুকা দি ধন সংগ্ৰহ কৰে ৷ আকৌ ‘ডাইনী হত্যা’ৰ দৰে জঘন্য অপৰাধো আমাৰ সমাজত ঘটি থাকে।
৫। বৈজ্ঞানিক মানসিকতাৰ অভাৱত সামাজত বৰ্তি থকা তিনিটা অন্ধবিশ্বাসৰ বিষয়ে উল্লেখ কৰা ।
উত্তৰ : বৈজ্ঞানক মানসিকতাৰ অভাৱত আমাৰ সমাজত বহুতো অন্ধবিশ্বাস চলি আছে। উদাহৰণ স্বৰূপে মানুহে কিছুমান বেমাৰ ভূত-প্রেত বা কোনো অপদেৱতাৰ বাবে হয় বুলি বিশ্বাস কৰি যাদু-মন্ত্ৰ, তাবিজ-কৱচ আদি গ্রन কৰে।
বৈজ্ঞানিক মানসিকতাৰ অভাৱত মানুহে দূষিত পানী ব্যৱহাৰ কৰি ডায়েৰীয়া, মেলেৰীয়া, জণ্ডিছ আদি নানা বেনাৰৰ দ্বাৰা আক্ৰান্ত হন।
বৈজ্ঞানিক মানসিকতাৰ অভাৱত মানুহে আঙুলি কাটি তেজ ওলালে তেজখিনি শোহা মাৰি খাই থয়। কিন্তু তেজ চলাচল কৰা তদুটো আমাৰ আহাৰ জীন নিওবা তন্ত্ৰটোৰ পৰা যে পৃথক সেই কথা তেওঁ নাজানে।
৬। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগায় ?
উত্তৰ : পর্যবেক্ষণ আৰু পৰক্ষা-নিৰীক্ষাৰ দ্বাৰা কোনো ঘটনাৰ আঁৰত থকা ৰহস্য উদ্ঘাটনৰ প্ৰচেষ্টাই বিজ্ঞান আৰু বিজ্ঞানসন্মত চিন্তা-চৰ্চাৰে কোনো ঘটনা বা বস্তু বিচাৰ- বিশ্লেষণ কৰিব পৰা মানসিক শক্তিয়েই হ’ল বৈজ্ঞানিক মানসিকতা। বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগায়। বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে কেতিয়াও ভূত-প্রেত, দেৱতা অপদেৱতা আদি বিশ্বাস নকৰে যদিয়ে এইবোৰ বিচাৰ বিশ্লেষণৰ দ্বাৰা প্ৰমাণ কৰিব নোৱাৰি। তেনেদৰে বৈজ্ঞানিক মানসিকতা থকা ব্যক্তিয়ে সপোনত পোৱা ঔষধৰ ওপৰতো বিশ্বাস নকৰে। কাৰণ তেওঁ জানে যে কোনো বেমাৰৰ ঔষধ পৰীক্ষা-নিৰীক্ষাৰ দ্বাৰাহে প্ৰস্তুত কৰা হয়। সেয়ে বৈজ্ঞানিক মানসিকতাই মানুহক অন্ধবিশ্বাসৰ পৰা মুক্ত কৰি সমাজৰ প্ৰগতিত অৰিহণা যোগায়।
৭। প্রসংগ সংগতি দর্শোহ ব্যাখ্যা কৰাঃ বিজ্ঞানৰ গোটেই পদ্ধতিটোতে এই মুকলি মনটোৰ গুৰুত্ব বৰ বেছি।’
উত্তৰ : উক্ত কথাফাকি ‘সাহিত্য সৌৰভৰ অন্তর্গত ড° দীনেশ চন্দ্ৰ গোস্বামীয়ে ৰচনা কৰা বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ শীৰ্ষক প্ৰৱন্ধৰ পৰা লোৱা হৈছে।
বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ বাবে যে মুকলি মনৰ অধিকাৰী হোৱাটো মূল চৰ্ত তাকে ক’বলৈ গৈ লিখকে উক্ত কথাযাৰৰ অৱতাৰণা কৰিছে।
বৈজ্ঞানিক মানসিকতা আকোৱালি ল’বলৈ মুক্ত বা মুকলি মনৰ প্ৰয়োজন। পুৰণি চিন্তাধাৰা, অন্ধবিশ্বাস যুক্তিহীন ভাৱে খামুচি ধৰি থাকিলে কোনেও কেতিয়াও বৈজ্ঞানিক মানসিকতা গঢ়িব নোৱাৰে। বিজ্ঞানীসকল এনে মুক্ত মনৰ অধিকাৰী। তেওঁলোকে সকলো পুৰ্বৰ বিশ্বাসৰ পৰা মুক্ত মনলৈ কোনো ঘটনা পর্যবেক্ষণ কৰি তথ্যবোৰ সুন্দৰকৈ সজাই ঘটনাটোৰ এক উপকল্প তৈয়াৰ কৰি লয়। পিছত তেনে ঘটনা বা বিষয়ৰ ওপৰত নতুন নতুন তথ্য সংগ্রহ কৰি ধাৰণাটোৰ সঁচা-মিছা নির্ণয় কৰি এক সুস্থিৰ সিদ্ধান্তত হয় ৷ বৈজ্ঞানিকসকলৰ মন সদায় যুক্তি-যুক্তভাবে নতুন আৰু সঁচাটোক আকোৱালি ল’বলৈ প্ৰস্তুত থাকে। সেইবাবে বিজ্ঞানৰ গোটেই পদ্ধতিটোত মুকলি মনৰ গুৰুত্ব বৰ বেছি। ০০০
Type By Suman Bora