আধুনিক সমাজৰ ব্যাধি ঃ
অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা
যিবোৰ চলন্ত উপসৰ্গই আজি মাৰাত্মক মহামাৰীৰ ৰূপ ধাৰণ কৰি আধুনিক সমাজৰ শান্তি শৃঙ্খলাক নিঃশেষ কৰি মানৱ জাতিক অশান্তি তথা অবনতিৰ কৰাল গ্ৰাসত নিঃপতিত কৰি আছে সেই উপসৰ্গবোৰৰ ভিতৰত অনুশাসনহীনতা তথা দুর্নীতিপৰায়ণতা এটি অন্যতম উপসর্গ । আজি প্ৰতিটো পৰিয়াল, প্ৰতিটো সমাজ তথা প্ৰতিখন ৰাষ্ট্ৰই এই অনুশাসনহীনতা · তথা দুৰ্নীতিৰ হাঁতোৰাৰ হাতত বন্ধী হৈ অটল মহাসাগৰৰ মাজত ডুবি নিঃসহায় নিঃকন হৈ মৃত্যুৰ ক্ষণ গণি ককবকাই আছে। এই অনুশাসনহীনতা তথা দুৰ্নীতিপৰায়ণতা হঠাতে উদ্ভৱ হোৱা নাই । মানৱ জাতিয়ে ক্ষমতা নামৰ দৈত্যটোৰ জন্ম দিয়াৰ পৰাই এই ব্যাধিটোৰো জন্ম হৈছে। কেতিয়াবা ই শান্তশিষ্ট মেঘ পশুৰ দৰে সামাজিক উন্নয়ণৰ কুঁহিপাতবোৰ খাই উন্নয়ণত বাধা দিছে, কেতিয়াবা বলিয়া হাতীৰ দৰে দৌৰি এফালৰ পৰা ভয়াতুৰ সকলক পদ তলত নিক্ষেপ কৰি অবদমিত কৰিছে আৰু কেতিয়াবা নৰখাদক বনৰাজ সিংহৰ দৰে এফালৰ পৰা খেদি নৰৰক্ত পাণ কৰি তৃপ্তিৰ অট্টহাস্য মাৰিছে। কিন্তু বর্তমান এই একবিংশ শতাব্দীৰ দুৱাৰ মুখত থিয় হৈ বিজ্ঞানৰ চৰম বিন্দুত উপনীত হৈয়ো মানৱ সভ্যতাই এই অনুশাসনহীনতা তথা দুৰ্নীতি পৰায়ণতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা হাত সাৰিব পৰা নাই, বৰঞ্চ ই আগতকৈয়ো দহগুণে শক্তিমত্ত হৈ জীৱ শ্ৰেষ্ঠ মানৱ সমাজক চাৰিও পিনৰ পৰা আক্ৰমণ কৰি অশাস্তিৰ নিশান উৰাইছে। ফলত মানৱ প্ৰমূল্য, মানৱ শাস্তি তথা মানৱ জাতিৰ উন্নয়ন ব্যাহত হৈ অৱনতিৰ বাটেৰে দ্ৰুত গতিত অপমৃত্যুৰ উৎসলৈ আগবাঢ়ি আছে। আজি প্ৰতিটো সমাজ তথা ৰাষ্ট্ৰীয় অনুষ্ঠান, আদালত, অফিচ, স্কুল কলেজ আনকি প্রার্থনা গৃহতো এই অনুশাসনহীনতাই অবাধ ৰাজত্ব চলাইছে। অনুশাসনহীনতা তথা দুর্নীতিপৰায়ণতা সকলো প্ৰকাৰৰ উন্নয়ন তথা শান্তি শৃঙ্খলাৰ বাটত হেঙাৰ স্বৰূপ। কিন্তু কিয় এই অনুশাসণহীনতা ? কিয় এই দুর্নীতি পৰায়ণতা ? এই প্ৰশ্নৰ উত্তৰ বিচাৰি আমি কোনো বুদ্ধিজীবি, পণ্ডিত বা দার্শনিকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাই, আমাৰ বিবেক আৰু জ্ঞান চকুক মুকলি কৰি নিজকে আৰু নিজৰ আত্মীয় স্বজন তথা সমাজ আৰু সামাজিক পৰিবেশ গমি চালেই ইয়াৰ উত্তৰ জল জল, পট পটকৈ আমাৰ আগত ধৰা দিব।
অনুশাসনহীনতা বা দুর্নীতিপৰায়ণতাৰ কাৰণ বহুতো । তাৰে প্ৰধান কাৰণবোৰ তলত চমুকৈ আলোচনা কৰা হ’ল ।
কাৰিকৰীবিহীন চাকৰীমুখী শিক্ষা : অনুশাসনহীনতাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত প্ৰথমতে আসোৱাপূর্ণ শিক্ষানীতি আৰু ইয়াৰ প্ৰয়োগিক দিশটো উল্লেখ কৰিব পাৰি। স্কুল কলেজ বা যিকোনো শিক্ষানুষ্ঠানত কেবল তাত্ত্বিক (Theoretical) দিশটোৰ ওপৰত গুৰুত্ব দি প্রয়োগিক বা কাৰিকৰী (Technical) দিশক বাৰুকৈয়ে অৱহেলা কৰা হয়। ফলত ছাত্ৰ-ছাত্ৰীসকল কর্ম বা শ্ৰমৰ প্ৰতি বিমুখ হয়। সেয়ে লিখা-পঢ়া শেষ কৰি কোনোৱে শাৰীৰিক শ্ৰম খটুৱাই উৎপাদনমুখী কর্মত নিয়োজিত হ’বলৈ ইচ্ছা কেৱল চৰকাৰী চাকৰিৰ আশাত হাত সাবটি বহি থাকে। ফলস্বৰূপে আমাৰ উৎপাদন জনসংখ্যা বা ভোক্তা অনুসৰি বৃদ্ধি নাপায়। আনহাতে শ্রম- বিমুখ শিক্ষিত যুৱক- যুৱতীয়ে চাকৰি নাপাই শ্রম বিহীন টকা উপার্জন কৰাৰ মানসিকতাৰ আশ্ৰয় লয় ফলত দুৰ্নীতিৰ উদ্ভৱ হয়।
চাকৰিয়াল সকলৰ কৰ্তব্যৰ প্ৰতি অবহেলাঃ দর্নীতি পৰায়ণতাৰ দ্বিতীয় কাৰণ হিচাপে চাকৰিয়াল বিষয়া সকলৰ কৰ্তব্যৰ প্ৰতি অৱহেলা লেখত লবলগীয়া কাৰণ বুলি উল্লেখ কৰিব পাৰি। আজি কালি প্ৰতিটো চৰকাৰী বিভাগতে ঘোচ দিয়া আনকি লোৱাৰ প্ৰৱণতা ইমান বৃদ্ধি পাইছে যে ঘোচ নাপালে কোনো বিষয়াই মুখ নুখুলে আনকি কলমো নধৰে। তাৰোপৰি নিজৰ নিজৰ কৰ্তব্যৰ প্ৰতি অৱহেলা কৰি বহি থাকিলেও কোনো ধৰোতা নাই, কিয়নো প্ৰতিজন বিষয়াই কলা টকাৰ বলিয়া ফলত অফিচ আদালত দুর্নীতিৰ বকবাণী তথা গেলা জাবৰত পোত গৈ আছে।
শোষণ আৰু দৰিদ্ৰতাঃ শোষণ আৰু দৰিদ্ৰতা অনুশাসণহীনতা সৃষ্টিৰ প্ৰধান কাৰণবোৰৰ ভিতৰত অন্যতম। আজিকালি সমাজত স্পষ্টকৈ দুটা শ্ৰেণীৰ সৃষ্টি হৈছে- এটা হৈছে শোষক শ্ৰেণী আনটো হৈছে শোষিত শ্ৰেণী। শোষক শ্ৰেণীৰ ভিতৰত প্ৰথমতে হৈছে চৰকাৰী চাকৰিয়াল বিষয়া সফল, দ্বিতীয়তে পুঁজিপতি মহাজন সকল আৰু তৃতীয়তে স্বার্থানেষী ব্যবসায়ীসকল। চৰকাৰী চাকৰিয়াল সকলে গোটেই দিনৰ মাথো কেইঘণ্টামান কাম কৰি যি পৰিশ্রমিক পায় তাৰ বিপৰীতে দহজন বনুৱাই গোটেই দিন ৰ’দ বৰষুণ নেওচি কপালৰ ঘাম মাটিত পেলাই হাড় ভগা পৰিশ্ৰম কৰিও সিমান খিনি পাৰিশ্ৰমিক নাপায়। ফলত দৰিদ্ৰ সকল কঠোৰ পৰিশ্ৰম কৰিও দৰিদ্ৰতাত পোত গৈ থাকে। বহুতে দৰিদ্ৰতাৰ পৰা হাত সাৰিবলৈ চুৰি, ডকাইত, ঠগবাজী, দালালি, কলা ব্যবসায় আশ্ৰয় লয় ফলত দুৰ্নীতিৰ সৃষ্টি হয়।
নৈতিকতাবিহীন জীবন যাপন: আজি এই বিজ্ঞানৰ যুগত জীবন যাপন ক্ৰমান্বয়ে কৃত্ৰিমতাৰ পৰা অধিক কৃত্রিমতালৈ গতি কৰি আছে, লগে লগে মানবতাহীনতা আৰু নৈতিকতাবিহীনতাও বাঢ়ি আছে। আনুষ্ঠানিক শিক্ষাৰ পাঠ্যপুথিতো নৈতিকতা শিক্ষাৰ কোনো অনুশীলন নাই। নৈতিকতাবিহীন শিক্ষা লাভ কৰা ছাত্ৰ-ছাত্ৰীয়ে যিকোনো উপায়ে ধন ঘটাৰ চেষ্টা চলায়। ফলত সিহঁতৰ জীবন যাপনত বিশৃঙ্খলতা তথা দুর্নীতিয়ে দেখা দিয়ে।
স্বার্থান্বেয়ী রাজনৈতিক নেতা সকলৰ ক্ষমতা লাভৰ অন্ধ সংগ্রামঃ অনুশাসণহীনতা বৃদ্ধি পোৱাৰ এটি প্রধান ঘৃণনীয় উৎস হৈছে বৰ্তমানৰ ৰাজনীতি আৰু ৰাজনৈতিক নেতা সকল- যি সকলৰ হাততেই অনুশাসন বজাই ৰখাৰ দায়িত্ব বা চাবিকাঠি থাকে। অকল ক্ষমতা লাভৰ বাবেই নেতা সকলে দৰিদ্ৰ জনসাধাৰণক লৈ জুৱা খেল খেলে। সিহঁতে কেনেবাকৈ ক্ষমতা দখল কৰিব পাৰিলেই নিজকে আইনৰ উৰ্দ্ধত ভগৱান বুলি ভাৱে আৰু যি ইচ্ছা তাকেই কৰি ফুৰে। কিন্তু ধৰোতা কোনো নাই; কিয়নো দৰিদ্ৰ জনসাধাৰণৰ জনমত মূল্য কেৱল কাকত আলোচনী আৰু নেতাসকলৰ মুখ- পাত্ৰতেই সঞ্চিত থাকে।
বুদ্ধিজীৱি তথা মানবতাবাদী দার্শনিকৰ স্বার্থান্ধতাঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ প্ৰধান কাৰণবোৰৰ ভিতৰত বুদ্ধিজীবি তথা মানবতাবাদী দার্শনিক সকলৰ স্বার্থান্ধতা এটি অন্যতম কারণ। যিসকলক আজি কালি বুদ্ধিজীবি বা দার্শনিক বুলি স্বীকৃতি দিয়া হয় সিহঁত সচা অৰ্থত ক’বলৈ গলে মুখা পিন্ধা সুবিধাবাদীহে। কিয়নো যি সকলে নিজকে বুদ্ধিজীৱি বুলি পৰিচয় দিয়ে সিহঁতৰ কোনোৱেই উৎপাদনমূলক কামৰ লগত জড়িত নহয়। সিহঁতে চৰকাৰৰ পৰা সুবধিা আদায়ৰ বাবে চৰকাৰৰ হাতৰ মুঠিত থাকি নিজস্ব মস্তিষ্কত সত্য লুকাই ৰাখি চৰকাৰৰ বহতীয়া হিচাপে সিহঁতৰ বুদ্ধি প্রয়োগ কৰে। অৱশ্যে দুই এজন প্রকৃত মানবতাবাদী বুদ্ধিজীবি আছে যদিও চৰকাৰ নামৰ ৰবটটোৱে কলিতে বিনাশ কৰি দিয়ে । ফলত সাধাৰণ জনগণে পদ-প্ৰদৰ্শকৰ অভাৱত বিপথে পৰিচালিত হৈ বিশৃঙ্খলতা তথা দুৰ্নীতিৰ সৃষ্টি কৰে।
অনুশাসনহীনতা তথা দুৰ্নীতি পৰায়ণতা প্ৰতিকাৰৰ উপায়ঃ অনুশাসনহীনতা উদ্ভৱ হোৱাৰ কাৰণবোৰৰ আঁৰতেই ইয়াৰ প্ৰতিকাৰৰ উপায়সমূহ লুকাই আছে। আমাৰ শিক্ষা পদ্ধতি চাকৰীমুখী নহৈ কৰ্মমুখী হ’লে, চাকৰিয়ালসকল কৰ্তব্যৰ প্ৰতি অবহেলা নকৰি জনসেৱা বুলি সততাৰে লাগি থাকিলে, ধনী দুখীয়াৰ মাজত বৰ্তমান সমাজ ব্যৱস্থা দেখ দেখকৈ কৰা অৰ্থনৈতিক অসমতা দূৰ কৰিলে, নৈতিকতাপূৰ্ণ জীৱন যাপন কৰিলে, ৰাজনৈতিক নেতা সকলে ৰাজনীতিক ধন ঘটাৰ ব্যৱসায় হিচাপে গ্ৰহণ নকৰি দেশৰ প্ৰতি নিঃস্বার্থ কর্তব্য বুলি ভাবি সৰ্ব্বাঙ্গীন উন্নয়নৰ লক্ষ্য আগত ৰাখি কাম কৰি গ’লে আৰু বুদ্ধিজীৱি দার্শনিক সকল চৰকাৰৰ বহতীয়া নহৈ জনসাধাৰণৰ পথ- প্ৰদৰ্শকৰ অগ্ৰদূত হিচাপে নিজৰ নিজৰ কৰ্তব্য পালন কৰিলে দর্নীতি নিশ্চর আঁতৰ হ’ব আৰু সমাজত শান্তি শৃঙ্খলা তথা অনুশাসন প্রতিষ্ঠা হ’ব।
সামৰণিঃ আপোন ভালেই জগত ভাল । প্রত্যেকেই জন কল্যাণমূলক আদর্শ আগত ৰাখি দর্নীতি মুক্ত জীৱন যাপন কৰিলে আৰু দুৰ্নীতিৰ প্ৰতি তীব্ৰ বিৰোধীতা কৰি গ’লে অনতিপলমেই সমাজ তথা ৰাষ্ট্ৰ অনুশাসনহীনতা নামৰ মাৰাত্মক ব্যাধিটোৰ পৰা মুক্ত হ’ব; অন্যথাই মানৱ সভ্যতা যে অচিৰেই বিনাশ ঘটি এইখন পৃথিৱী অনন্ত যন্ত্ৰণাৰে ভৰা নৰকত পৰিণত হ’ব তাত কোনো সন্দেহ নাই।
Type By Suman Bora