জতুৱা ঠাঁচ আৰু খণ্ডবাক্য
আঁঠু ল (সেৱা কৰ) : গুৰুজী আহিল, সকলোৱে আঁঠু লওক ।
আথে বেথে (অতি আগ্ৰহেৰে ) : আমি উপস্থিত হোৱাৰ লগে লগে সিহঁতে আমাক আথে বেথে সম্ভাষণ জনালে।
কপাল মুকলি হ (ভাগ্য উদয় হ) : চাকৰিটো হ’ল মানে মধুৰ কপাল মুকলি হ’ল।
কপালৰ ঘাম মাটিত পেলা (কঠোৰ পৰিশ্ৰম করা ) : অসমীয়া কৃষকে কপালৰ ঘাম মাটিত পেলাইহে দুবেলা দুমুঠি খাব পাৰে ।
কাঠ সংস্কাৰ কৰ (মৰা শ খৰি দিয়া) : হৰিদেৱ মৰিল, আহা আমি তেওঁৰ কাঠ সংস্কাৰ কৰি আহো ।
কাঠ চিতীয়া (নিষ্ঠুৰ, নিদয়): সি এজন কাঠ চিতীয়া লোক, তেওঁৰ পৰা কোনো সহায় নাপাবা ।
কাঠ-বাঁজী (একেবাৰে সন্তান নোহোৱা তিৰোতা) : কাঠ-বাঁজীজনী আশী বছৰ বয়সত ঢুকাল।
কাণ পাত (শুনিবলৈ সাজু হ) : কোনেনো কান্দিছে কাণ পাতি শুনাচোন ।
কাণত ধৰি ক (শপত খাই ক) : তুমি কাণত ধৰি ক’লেও তোমাৰ কথাটো মই বিশ্বাস নকৰো।
কাণ সৰালি মাৰ (নুশুনাৰ ভাও জোৰ) : তুমি কাণ সৰালি মাৰি থাকিলে নহ’ব মোৰ ভাগটো দিব লাগিব ।
কাণ সমনীয়া (ডেকা) : কাণ সমনীয়া হৈয়ো নিজৰ দায়িত্ব নিজে নুবুজিলি,হে ৰাম
কাণ বাগৰা (লোকৰ মুখে শুনা) : কাণ বাগৰা কথাত মই বিশ্বাস নকৰো।
কাণে কাণ মাৰি (কোনোমতে – ) : ৰামে কাণে কাণ মাৰি দুৰ্ঘটনাৰ পৰা ৰক্ষা পালে ।
কঁকালত টঙালি বান্ধ (কামলৈ সাজু হ) : লাচিত বৰফুকনে নৰিয়া গাৰেই কঁকালত টঙালি বান্ধি মোগলৰ বিৰুদ্ধে থিয় দিছিল ।
কাঁহ পৰি জীণ যা (নিশ্চুপ হৈ থকা ) ঃ কৰিম গুচি যোৱাৰ লগে লগেই কোঠাটোত কাঁহ পৰি জীন যোৱাৰ দৰে হ’ল।
গাই বাই চা (যত্ন কৰি চা) : পৰীক্ষাত ফেল কৰিলি বুলি কি হ’ল, আকৌ গাই বাই চাচোন ।
গা টঙা (নৰিয়াৰ পৰা উঠা) : নৰেনে বহু দিন কষ্ট ভোগ কৰাৰ পিছতহে গা টঙালে।
গা চাই ফুৰ (সাৱধান হৈ ফুৰ) : আচহুৱা ঠাইত গাঁ চাই ফুৰিবি ।
ঘৰ পাত (বিয়া কৰ)ঃ চাকৰিটো হ’ল যেতিয়া, এতিয়া ঘৰ পাতিব পাৰা ৷
ঘৰ গোনা (সদায় ঘৰতে বহি থকা ) : হেৰা ৰাম,এইদৰে ঘৰ গোনা হৈ বহি থাকিনো কি কৰিবি, কিবা এটা কৰ।
চকুত লগা (ধুনীয়া, মৰম লগা) : তুমি নিশ্চয় ধন্যবাদৰ পাত্ৰ – কি যে চকুত লগা বাৰীখন তৈয়াৰ কৰিলাঙ্গ
চকু মুদ (মৃত্যু হোৱা) : মামনি ৰয়চম গোস্বামীয়ে বহু দিন জীয়াতু ভূগি অৱশেষত চকু মুদিলে।
চকু মুদা কুলি (প্ৰৱঞ্চক): আদিত্যক কোনে বিশ্বাস কৰে, তেওঁ চকু মুদা কুলিহে ।
চকুৰ কুটা (অপ্রিয় শত্রু) : তুমিনো কেনেকৈ সকলোৰে চকুৰ কুটা হ’লা ?
চকুত ধূলি মাৰ (ফাঁকি দিয়া) ঃ তেওঁ চকুত ধূলি মাৰি মোৰ পৰা দহ টকা সৰকালে ।
চকু চৰহা (লোকৰ ভাল দেখিব নোৱাৰা ) : চকু চৰহা লোককনো কোনে শ্রদ্ধা কৰে ?
চকুৰ মণি (অতি আদৰৰ) : মৃগেন সকলোৰে চকুৰ মণি ।
মুখৰ ছাই গুচা (মৃতকৰ শ্রাদ্ধাদি কৰি শুচি হ)ঃ এসপ্তাহ মান আগতে খুৰাদেউৰ মুখৰ ছাই গুচাই উঠিলো ।
মুখৰ ওপৰত ক (ভয় নকৰি সন্মুখতে কথা ক) : হেৰ ল’ৰা, এনেকৈ ডাঙৰৰ মুখৰ ওপৰত কথা ক’ব নাপায় ।
হাত লৰ (চোৰ স্বভাৱৰ) : হে ললিত, তোমাৰ হাত লৰ স্বভাৱটো এৰি দিয়া ।
হাত দীঘল (ক্ষমতাশালী) : পণ্ডিত জৱাহৰলাল নেহৰু এজন হাত দীঘল নেতা আছিল ।
হাত সাবটি থাক (কামত প্ৰকৃত নোহোৱাকৈ থাক) : হাত সাবটি বহি থাকিনো কি কৰিবি, কিবা এটা কৰাচোন ৷
হাত টান (কৃপণ) : দীপাৰ ওচৰত একো আশা কৰিব নোৱাৰি, তাই হাত টান ছোৱালী ।
হাতত সাৰে ভৰিত সাৰে (মনে মনে, গোপনে) : সিদ্ধাৰ্থই ল’ৰা-তিৰোতা এৰি হাতত সাৰে ভৰিত সাৰে প্ৰসাদৰ পৰা ওলাই গ’ল ।
হাড়ক মাটি কৰা (কঠোৰ পৰিশ্ৰম কৰা) : কনকে হাড়ক মাটি কৰি ছোৱালীজনীক পঢ়ুৱাই আছে।
পেট ভাটৌ (প্ৰকাশ নকৰি পেটত কথা লুকাই ৰাখি থোৱা মানুহ ) : তেওঁক প্ৰশ্ন কৰি লাভ নাই সি পেট ভাটৌহে।
পেটে ভাতে খা (সঞ্চয় কৰিব নোৱাৰি কোনো মতে খাই বৈ থকা ) : এতিয়ানো কি কৰিম, কোনোমতে পেটে ভাতে খাই আছো।
পানীত হাঁহ নচৰা (অতি বিপদ হোৱা ) ঃ দেউতাকৰ মৃত্যু হোৱাত সিহঁতৰ অৱস্থা পানীত হাঁহনচৰাৰ দৰ হ’ল।
পানীৰ তলৰ কাঁইট (নেদেখা শত্রু) : আজিহে গম পালোঁ সি আছিল তোমাৰ পানীৰ তলৰ কাঁইট।
মাটিৰ মানুহ (অতি সহজ সৰল লোক) : কমিক বেয়া নুবুলিবা সি এজন মাটিৰ মানুহ।
হাড় পেলা (মৃত্যু হ) ঃ সংগীত সূৰ্য ভূপেন হাজৰিকাই যোৱা বছৰ হাড় পেলালে।
হাড়ে ছালে লগা (ক্ষীণ, দুর্ব্বল)ঃ এই হাড়ে ছালে লগা ল’ৰাটোৰ যত্ন লোৱা উচিত।
হাড়ত বন গজা (বহুত দিন আগেয়ে মৰা ) : এতিয়া তেওঁৰ খবৰ লৈ লাভ নাই, তাৰ হাড়ত বন গজিল।
হাড়ক মাটি কৰ (কঠোৰ পৰিশ্ৰম কৰ) : অসমৰ কৃষকে হাড়ক মাটি কৰি পথাৰত কাম কৰে।
কথা চহকী (বেছিকৈ কথা কোৱা লোক) ঃ শ্ৰী হাজৰিকা এজন কথা চহকী লোক।
বুকু ডাঠ (সাহসিয়াল) : আমাৰ বুকু ডাঠ ডেকা ল’ৰাবোৰৰহে প্রয়োজন।.
ভৰি নচুৱাই থাক (কাম বন নকৰি বহি থাক) ঃ ভৰি নচুৱাই থাকিলে নহ’ব কিবা এটা কৰ ।
আঁকোৰ-গোজালি (একেটা কথাতে লাগি থাক )ঃ তোমাৰ আঁকোৰ-গোজালি স্বভাৱৰ বাবে জীৱনত একো কৰিব নোৱাবিলা।
অমাতৰ মাত (শুৱলা মাত ) : শিশুৰ অমাতৰ মাত কোনেনো ভাল নেপায় ?
অলপ ধতুৱা (সামান্য সাহ) : অলপ ধতুৱা ল’ৰাটোক তালৈ নপঠিয়াবা, সি একো কৰিব নোৱাবে।
আহুকাণে-পহুকাণে (ইকাণে-সিকাণে) : আহুকাণে- পহুকাণে শুনিলো- তুমি হেনো পৰীক্ষাত ফেল কৰিলা?
আকাশত চাং পতা (অস্বাভাৱিক কল্পনা কৰা) : ৰমেনে আৰুনো কি কৰিব, সি আকাশত চাং পতা ল’ৰা।
আলাসৰ লাড়ু (অতি মৰমৰ ) : সন্তান-সন্ততি মা- দেউতাকৰ আলাসৰ লাড়ু।
আলৈ আথানি (অৱহেলিত, নিৰাশ্রয়)ঃ মাক ঢুকাবৰে পৰা ল’ৰা-ছোৱলী কেইটাৰ আলৈ আথানি হ’ল।
আঁচলৰ ধন (অতি আদৰৰ) : ললিতা তাইৰ মাকৰ একমাত্ৰ আঁচলৰ ধন।
আঁঠু ৱাৰ তলৰ মহ (অধীন লোক)ঃ জাফৰনো কি স্বাধীনতা আছে, সি দেখোন খুৰায়েকৰ আঁঠুৱাৰ তলৰ মহ।
আলপৈচান ধৰ (সেৱা-শুশ্রূষা কৰা ) : গুৰুজী আহিল, আলপৈচান ধৰিবি।
আপোন পেটা (স্বাৰ্থপৰ) : তোমালোকৰ দৰে আপোন পেটা ডেকাচামৰ দ্বাৰা সমাজৰনো কি লাভ হ’ব?
আলৈ-বিলৈ (দুখ-দুৰ্গতি)ঃ পিতৃহীন হোৱাৰ পৰা ল’ৰা কেইটাৰ আলৈ-বিলৈ হ’ল।
আমা-ডিমা (নিচেই সৰু) : আমা-ডিমা ল’ৰা কেইটাই আমন-জিমনকৈ বহি আছে।
অজৌ গছৰ বজৌ গুটি (অতি দুষ্ট)ঃ ৰাজেনৰ কথানো আৰু কি ক’বা, সি হ’ল আজৌ গছৰ বজৌ গুটি।
ঊনৈশত বা বলা (আনন্দত আত্মহাৰা হোৱা ) : চাকৰিটো পাই সি ঊনৈশত বা বলিবলৈ ল’লে।
উলহ-মালহ (অতিশয় আনন্দ ) : উৰুকাৰ দিনাইল’ৰা- ছোৱালী কেইটাৰ উলহ-মালহ লাগিল।
এলাপেচা (সামান্য) ঃ ৰামক দোষী লাভ নাই, সি এলাপেচা লোক নহয় ।
এলাই বাদু (অকাজী ) : একাই বাদু ছোৱালী বিয়া কৰাই কোনো লাভ নাই।
গুডতগোৰে নাচ (বৰ দুষ্টালি কর) ঃ তেওঁ ইয়ালৈ আহিওভতগোবে নাচিবলৈ ল’লে
কণাৰ লাখুটি (একমাত্র সহায় ) : নাতিনীজনীয়েই বুঢ়াটোৰ কণাৰ লাখুটি।
খাই পাত ফলা (অশলাগী, উপকাৰীৰ উপকাৰ স্বীকাৰ নকৰা): তোমাৰ দৰে খাই পাত ফলা লোকৰ পৰা সাৱধানে থকাই শ্রেয়।
গাখীৰতে ম’হৰ খুটি (মহা সুখ) ঃ এনেয়ে অতি ধনী ঘৰৰ ল’ৰা, তাতে চাকৰিটো পাই গাখীৰতে ম’হৰ খুটি যেন পালে।
গোট গৰু (মূর্খ)ঃ তেওঁক বুজাই লাভ নাই, সি গোট গৰু চকুত
সৰিয়হ ফুল দেখা (বৰ বিমোৰত পৰা) ঃ গৰুটো হেৰালত সি চকুৱেদি সৰিয়হৰ ফুল দেখা আৰম্ভ কৰিলে ।
চুক-ভেকুলী (একো নজনা) : হিৰেনক একো সুধি লাভ নাই সি দেখোন চুক-ভেকুলী।
চুঙাৰ বাদুলি (অনভিজ্ঞ মানুহ) : চুঙাৰ বাদুলি হৈ ৰাজনীতিলৈ মন নেমেলিবা ।
চিলিম ছিল (উপায় নাইকীয়া হ) : চাকৰিটো হেৰালত তেওঁৰ চিলিম ছিগিল ।
টুপাই বুৰ মাৰ (সমূলি মিছা মাত ) : তেওঁক খবৰটো সোধাত সি টুপাই বুৰ মাৰিলে ।
ডাল দৰিদ্ৰ (অতি দুখীয়া ) : এইজন কৌটিপতি এসময়ত ডাল দৰিদ্ৰৰ ল’ৰাহে আছিল ।
ডলাৰ বগৰী (সঘনে ঠাই সলোৱা মানুহ) : তাক আৰু ক’ত পাবা, সি ডলাৰ বগৰীহে।
ঢৌতে খৰ মাৰি (ব্যস্ততাৰ মাজত সময় উলিয়াই)ঃ মোৰ নিজা কাম থকা সত্বেও ঢৌতে খৰ মাৰি তোমাৰ কামটো কৰিলো।
থৈয়া-নথৈয়া (ভয়ানক) : পানীপথত ইব্রাহিম লোডী আৰু বাবৰৰ মাজত থৈয়া-নথৈয়া ৰণ হৈছিল।
দোপত দোপে (ক্রমে ক্রমে) : মহিমে ব্যৱসায়ত দোপত দোপে উন্নতি কৰিবলৈ ল’লে।
দুখে কুলাই-পাচিয়ে নধৰা (অতিশয় দুখ হোৱা) : মাকৰ মৃত্যু হোৱাত ল’ৰাহঁতৰ দুখে কুলাই পাচিয়ে নধৰা হ’ল।
ধোঁৱা-খুলীয়া (অতিপাত খৰচী)ঃ তেওঁনো ক’ৰ পৰা পইচা সাঁচিব, সি ধোঁৱা-খুলীয়াহে।
ধোদৰ পচলা (অকামিলা) : ধোদৰ পচলাই উন্নতিকৰিব নোৱাৰে।
নলে-গলে লগা (অতি ঘনিষ্ট, পৰম ) : ৰাম আৰু ৰাহি দুয়ো নলে-গলে লগা বন্ধু।
নলা ভোত লাগ (অযথা মূৰ পাতি ল) : কৰিমে নলতা জেভাত লাগি অযথা বহুত অসুবিধাৰ সন্মুখীন হ’ল।
নপতা ফুকন (নিজকে নিজে ডাঙৰ বুলি ভবা ) : ৰাকেশৰ কথা আৰু নক’বা, সি নপতা ফুকন হৈ বহি আছে।
পানীৰ মিঠে (কাল্পনিক কথা): তোমাৰ পানীৰ মিঠৈয়ে আমাক ভুলাব নোৱাৰে।
পাবত গজা (মূল নোহোৱা) : আমাৰ সমাজত পাবত গজা নেতাৰ অভাৱ নাই।
পোতক তোল (প্রতিশোধ লোৱা) : চাবা, সি এইবাৰ তোমাৰ অসভ্যালিৰ পোতক তুলিব।
ফুটুকাৰ ফেন (অস্থায়ী, অথলে যোৱা) : তোমাৰ সকলো প্ৰচেষ্টা ফুটুকাৰ ফেনত পৰিণত হ’ল।
বিধি পথালি দিয়া (বাধা দিয়া) : মোৰ কামত বিধি পথালি নিদিবা ।
বিনা মেঘে বজ্রপাত (অকস্মাৎ বিপদ) : দেউতাৰ মৃত্যুৰ খবৰ পৰিয়ালটোৰ কাৰণে বিনা মেঘে বজ্ৰপাতৰ দৰে হ’ল।
বগলী ভকত (বাহিৰে সাধু ভিতৰে অসৎ)ঃ ৰমেশক বিশ্বাস কৰিব নোৱাৰি সি বগলী ভকতহে।
বাপতি সাহোন (পৈত্রিক সম্পত্তি) : সৌ লাখুটিডাল মোৰ বাপতি সাহোন ।
মৰণত শৰণ দি (প্ৰাণপণে ) ঃ লাচিতে শৰাইঘাটত মৰণত হৰণ দি যুঁজিছিল।
মূৰত সৰগ ভাগি পৰ (ঘোৰ বিপদত পৰা) : চাকৰিটো হেৰালত তেওঁৰ মূৰত সৰগ ভাগি পৰিল ।
সান্দহ খোৱা বালি তল যা (সুবিধা সমূলি নাশ হোৱা) ঃ এইবাৰ সকলো দালালৰ সান্দহ খোৱা বালি তল পৰিল ৷
হৰিৰ্ভৰ দিয়া (সন্মতি দিয়া) : তোমাৰ সিদ্ধান্তত সদায়ে আমি হৰিভৰ দি আহিছো, এইবাৰো দিম। ০ 00
Type By Suman Bora