১। উভতি নহাৰ কবিতা পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ : ‘উভতি নহাৰ কবিতা’টি নৱকান্ত বৰুৱাৰ ‘দলঙত তামীঘৰা’ নামৰ কাব্য সংকলনৰ পৰা সংগ্ৰহ কৰা হৈছে।
২। কোনখন কবিতা পুথিৰ বাবে নৱকান্ত বৰুৱাই সাহিত্য একাদেমি বঁটা লাভ কৰিছিল ?
উত্তৰ : নৱকান্ত বৰুৱাই ‘ককাদেউতাৰ হাড়’ উপন্যাসখনৰ বাবে সাহিত্য একাদেমি বঁটা লাভ কৰিছিল ৷
৩। ৰোমান্টিক কবিতা আৰু আধুনিক কবিতাৰ মাজত এটি পার্থক্য লিখা ।
উত্তৰ : ৰেমান্টিক কবিতা অতি কল্পনা প্ৰৱণ । আনহাতে আধুনিক কবিতা বাস্তৱবাদী ।
৪। উভতি নহাৰ কবিতা’ কোন শ্ৰেণীৰ কবিতা ?
উত্তৰ : ‘উভতি নহাৰ কবিতা’ আধুনিক বাস্তৱবাদী কবিতা ।.
৫। তোমীঘৰা’শব্দটিৰ অৰ্থ লিখা ।
উত্তৰ : ‘তামীঘৰা’শব্দৰ অৰ্থ হ’ল – তম্বু।
৬। “হে অৰণ্য হে মহানগৰ’ কাব্যগ্ৰন্থখনৰ ৰচক কোন ?
উত্তৰ ঃ “হে অৰণ্য হে মহানগৰ’ কাব্যগ্ৰন্থখনৰ ৰচক হ’ল নৱকান্ত বৰুৱা ।
৭। কিমান চনত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল ?
উত্তৰ : ১৯২৬ চনত নৱকান্ত বৰুৱাৰ জন্ম হৈছিল।
৮। ‘কবিৰ জীয়াই থকাৰ মন্ত্ৰ কি ?
উত্তৰ : কবিৰ জীয়াই থকাৰ মন্ত্ৰ হ’ল – যন্ত্ৰণা ।
৯। কপিলী পৰীয়া সাধু’ উপন্যাসখনৰ ৰচক কোন ?
উত্তৰ ঃ ‘কলিপীৰীয়া সাধু’ উপন্যাসখনৰ ৰচক হ’ল – নৱকান্ত বৰুৱা।
১০। এটি দুটি এঘাৰটি তৰা’ কাব্য পুথিখন কোনে ৰচনা কৰিছে?
উত্তৰ : ‘এটি দুটি এঘাৰটি তৰা’ কাব্যগ্ৰন্থখন নৱকান্ত বৰুৱাই ৰচনা কৰিছে ।
১১। নৱকান্ত বৰুৱাই জার্মান মহা কৰি গোটে কোনখন পুথি অসমীয়ালৈ অনুবাদ কৰিছিল ?
উত্তৰ : নৱকান্ত বৰুৱাই মহাকবি গ্যেটে ‘দ্য ফাউষ্ট’ পুথিখন অসমীয়ালৈ অনুবাদ কৰিছিল ।
১২। নৱকান্ত বৰুৱাই সম্পাদনা কৰা এখন শিশু আলোচনীৰ নাম লিখা ।
উত্তৰ : নৱকান্ত বৰুৱাই সম্পাদনা কৰা এখন শিশু আলোচনীৰ নাম হ’ল – ‘জোনবাই”।
১৩। নৱকান্ত বৰুৱাই গ্ৰহণ কৰা ছদ্ম নামটো কি আছিল ?
উত্তৰ : নৱকান্ত বৰুৱাই গ্ৰহণ কৰা ছদ্ম নামটো আছিল ‘এখুদ ককাইদেউ’।
১৪। পৃথিৱীৰ প্ৰতি নৱকান্ত বৰুৱাৰ দৃষ্টিভঙ্গী কেনে আছিল ?
উত্তৰ ঃ পৃথিৱীৰ প্ৰতি নৱকান্ত বৰুৱাৰ দৃষ্টিভঙ্গী আছিল – তেওঁ পৃথিৱীখনক প্ৰাণভৰি ভাল পায় ৷
খ) চমু প্রশ্ন
১। নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম লিখা।
উত্তৰ : নৱকান্ত বৰুৱাৰ তিনিখন কবিতা পুথিৰ নাম হ’ল ঃ ‘হে অৰণ্য হে মহানগৰ’, ‘এটি দুটি এঘাৰটি তৰা, আৰু ‘মোৰ আৰু পৃথিৱীৰ’।
২। নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাসৰ নাম লিখা ।
উত্তৰ ঃ নৱকান্ত বৰুৱাই ৰচনা কৰা দুখন উপন্যাস নাম হ’ল : ‘কপিলীপৰীয়া সাধু’ আৰু ‘ককাদেউতাৰ হাড়’।
৩। ‘নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰ : নৱকান্ত বৰুৱাই শিশু আৰু চেমনীয়াৰ উপযোগীকৈ ৰচনা কৰা দুখন গ্ৰন্থ হ’ল : ‘আখৰৰ জখলা’ আৰু ‘ভত উকাৰে ভু’।
৪। কবিৰ মতে পৃথিৱীলৈ ‘নতুন মানুহ আহিলে’ কি পৰিৱৰ্তন হ’ব?
উত্তৰ : কবিয়ে উপলব্ধি কৰিছে যে তেওঁৰ পিছত আন কোনোৱাই (নতুন মানুহে) জন্ম গ্ৰহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তা-ধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব ।
৫। কবিৰ বাবে জীয়াই থকাৰ মন্ত্ৰ কি ? জীয়াই থকাৰ ধেমালিটো কৰিয়ে কেইবাৰ খেলিছে?
উত্তৰ: কবিয়ে যন্ত্ৰণাক জীয়াই থকাৰ মন্ত্ৰ বুলি কৈছে। কবিয়ে জীয়াই থকাৰ ধেমালিটো মাত্ৰ এবাৰ খেলিছে। কবিয়ে পৃথিৱীক ভাল পায়। কিন্তু তেওঁ পৃথিৱীলৈ দুনাই উভতি আহিবলৈ হাবিয়াস কৰা নাই। কাৰণ তেওঁ জানে যে মৃত্যুয়েই মানৱ জীৱনৰ শেষ পৰিণতি । সেয়ে তেওঁ পৃথিৱীখনক এবাৰতেই যিমান পাৰে উপভোগ কৰি গৈছে। কবিৰ ভাষাত ঃ ‘জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গ’লোঁ।’
(গ) দীঘল প্রশ্ন
১। কবিয়ে কিয় পৃথিৱীলৈ উভতি নাহে বুলি ভাবিছে, বুজাই লিখা ।
উত্তৰ ঃ কবি নৱকান্ত বৰুৱা পৰম্পৰাগত হিন্দু ধর্ম দৰ্শনৰ পৰা আঁতৰি আহিছে। তেওঁ বাস্তৱবাদী। আজিলৈকে তেওঁ কোনো মানুহকে মৃত্যুৰ পিছত দুনাই পৃথিৱীলৈ ঘূৰি অহা দেখা নাই। তেওঁ উপলব্ধি কৰিছে যে মৃত্যুয়েই হৈছে মানৱ জীৱনৰ শেষ পৰিণতি। ইয়াৰ পিছত একো অৱশিষ্ট নাথাকে। সেয়ে কবি নৱকান্ত বৰুৱাই পৃথিৱীলৈ উভতি নাহে বুলি কৈছে।
২। উভতি নহাৰ কবিতাটি ‘ৰ মূলভাব লিখা।
উত্তৰ : মানৱ জীৱন ক্ষন্তেকীয়া। পৃথিৱীলৈ মানুহৰ জন্ম- মৃত্যুৰ অন্তহীন সোঁত বৈ আছে। ইয়াত কোনোবাই মৃত্যু বৰণ কৰিছে আৰু কোনোবাই জন্ম গ্রহণ কৰিছে। ইয়াত জন্ম গ্ৰহণ কৰা সকলো ব্যক্তিয়েই নিজৰ ভালপোৱা ধৰণে কাম কৰি গৈছে। মৃত্যৰ পিছত কেনোৱেই দুনাই এই পৃথিৱীলৈ উভতি নাহে। সেয়ে জীয়াই থকা কালছোৱাত প্রত্যেকেই ভালপোৱা ধৰণে নিজৰ নিজৰ কাম কৰি যাব লাগে।
৩। কবিয়ে নতুন দিনত তেওঁৰ একো চিন কিয় নাথাকিব বুলি ভাবিছে, বুজাই লিখা ।
উত্তৰ : কবিয়ে জানে যে মানৱ জীৱন ক্ষন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব। তেওঁৰ পিছত আন কোনোৱাই জন্ম গ্ৰহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন নতুন কবিতা বা গীতৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তা-ধাৰণাই ঠাই পাব ৷ সেয়ে কবিয়ে কৈছে যে তেওঁ মৰি যোৱাৰ লগে লগে তেওঁৰ কোনো চিন নাথাকিব ।
৪। উভতি নহাৰ কবিতা ও পৃথিবীৰ প্ৰতি কবিৰ ভালপোৱা কেনেদৰে প্ৰকাশ পাইছে বুজাই লিখা ।
উত্তৰঃ কৰিয়ে পৃথিবীখনক অতি ভাল পায়। পৃথিবীর প্রতি কবিৰ ভালপোৱা অনুভূতিটো তেওঁৰ কাম-কাজৰ মাজেদি প্ৰকাশ কৰি গৈছে। পৃথিৱীৰ প্ৰতি কবিৰ ভালপোৱা অনুভৱটো বহুত বাৰ তেওঁৰ কবিতা, গীত আদিৰ মাজেদি প্ৰকাশ কৰিছে। তেওঁ পৃথিৱীত বহুত যন্ত্রণাও পাইছে, তথাপি তেওঁ পৃথিৱীখনক ভাল পায়। পৃথিৱীৰ জাবৰ-জোথৰৰ পৰা তেওঁ তেওঁৰ ভাললগা বস্তুও সংগ্রহ কৰিছে। কিন্তু তেওঁ মৃত্যুৰ পিছতো এইখন পৃথিৱীক ভাল পাই থাকির যদিও তেওঁ দুনাই এইখন পৃথিৱীলৈ উভতি নাহে।
৫। প্রসংগ-সংগতি দর্শাই ব্যাখ্যা কৰা ঃ
(ক) যন্ত্ৰণা মোৰ জীয়াৰ মন্ত্ৰ সেই মন্ত্রকে গালোঁ জীয়াই থকাৰ ধেমালিটো মই এবাৰেই খেলি গলোঁ।।’
উত্তৰ: উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। দুখ-যন্ত্ৰণাৰ মাজতো কবিয়ে যে পৃথিৱীখনক ভাল পায় সেই প্রসংগত কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
পৃথিৱীখনত জন্ম গ্ৰহণ কৰি কবিয়ে বহুতো দুখ-শোক, যন্ত্রণা আদি পাইছে। এই দুখ-যন্ত্ৰণাৰ মাজেদি তেওঁ জীয়াই থকাৰ প্ৰেৰণা লাভ কৰিছে। অর্থাৎ যন্ত্রণাই হৈছে কবিৰ বাবে জীয়াই থকাৰ প্ৰেৰণা। তেওঁৰ সৃষ্টিকৰ্মৰ মাজেদি সেই যন্ত্ৰণাৰ মন্ত্ৰকেই বাৰে বাৰে গাইছে। তেওঁৰ মতে জীয়াই থকাটো হৈছে এক যন্ত্রণাময় ধেমালি । এই ধেমালি তেওঁ যিমান পাৰে সিমান খেলি গৈছে। কাৰণ তেওঁ জানে যে মানৱ জীৱনটো ক্ষন্তেকীয়া। তেওঁ এদিনাখন মৰি যাব আৰু দুনাই এইখন পৃথিৱীলৈ ঘূৰি নাহে। তেওঁ তেওঁৰ সকলো খেল এবাৰতেই খেলি গ’ল অৰ্থাৎ তেওঁ এবাৰতেই যিমান পাৰে সিমান পৃথিৱীখনক উপভোগ কৰি গ’ল ।
(খ) ‘কোনোবা আহিব মোৰ দৰে কোনো দিনা ? মোৰ সুৰতেই বাজিব নতুন বীণা ? ওহোঁ সেয়া হ’ব নতুন মানুহ সেই দিনো হ’ব নতুন দিন মোৰ তাত একো নাথাকে চিন।’
উত্তৰ : উত্তৰ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভৰ অন্তৰ্গত নৱকান্ত বৰুৱাই ৰচনা কৰা ‘উভতি নহাৰ কবিতা’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
পৃথিৱীখনত যে লানি লিছিগা মানুহৰ জন্ম-মৃত্যুৰ কালচক্র চলি থাকিব- সেই ভাবধাৰা প্ৰকাশ কৰিবলৈ কবিয়ে কবিতাফাকিৰ অৱতাৰণা কৰিছে।
কবিয়ে জানে যে মানৱ জীৱন ক্ষন্তেকীয়া। মানুহ এজনৰ মৃত্যুৰ লগে লগে সকলো শেষ হৈ যায়। তেওঁ কোনো দিনেই উভতি নাহে। কবিকো মানুহে পাহৰি যাব । তেওঁৰ পিছত আন কোনোৱাইজন্ম গ্ৰহণ কৰিব। সিও কবিৰ দৰে নিজে ভালপোৱা ধৰণে নিজৰ কাম কৰি যাব। হয়তো কবিৰ দৰে নতুন ‘নতুন কবিতা, গীত আদিৰ জন্ম দিব। নতুন দিনত নতুন নতুন চিন্তাঞ্চধাৰণাই ঠাই পাব। সেই নতুন দিনত কবিৰ কোনো চিন নাথাকিব। ০ ০ ০
Type By Suman Bora