১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত ?
উত্তৰ : মফিজুদ্দিন আহমদ হাজৰিকা।
২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্রকাশিত কবিতা পুথিখনৰ নাম কি ?
উত্তৰ: তত্ত্ব-পাৰিজাত ।
৩। বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?
উত্তৰ : বিশ্বখনিকৰ বুলি লেখকে ঈশ্বৰ (সৃষ্টিকর্তা)ৰ কথা কৈছে।
৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা ?
উত্তৰ : বিশ্বখনিকৰ আধ্যাত্মিক তথা দাৰ্শনিক শ্ৰেণীৰ কবিতা।
৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি ?
উত্তৰ : জোনাকী যুগৰ কবি ৷
৬। মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত কি কবি হিচাপে জনাজাত -?
উত্তৰ : মফিজুদ্দিন আহমদ হাজৰিকা অসমীয়া সাহিত্য জগতত ‘জ্ঞানমালিনী’ৰ কবি হিচাপে জনাজাত।
৭। পৰমেশ্বৰৰ তিনিটা গুণ কি কি ?
উত্তৰ : পৰমেশ্বৰৰ তিনিটা গুণ হ’ল – সত্ত্বঃ, ৰজঃ আৰু তমঃ।
৮। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত কি দর্শন প্রকাশ পাইছে?
উত্তৰ : মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাত চুফীবাদী দর্শন প্রকাশ পাইছে।
৯। মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটি তেওঁৰ কোনখন কাব্য গ্ৰন্থৰ পৰা তুলি দিয়া হৈছে।
উত্তৰ ঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ ‘বিশ্বখনিকৰ’ কবিতাটি তেওঁৰ ‘জ্ঞানমালিনী’ নামৰ কাব্যপুথিখনৰ পৰা তুলি দিয়া হৈছে। খ) চমু প্রশ্ন
১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।
উত্তৰ ঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য হ’ল ঃ
(ক) সহজ সৰল ঘৰুৱা ভাষাৰ প্ৰয়োগ আৰু
(খ) সহজবোধ্য ৰূপকৰ ব্যৱহাৰ ।
২। কবিয়ে ঈশ্বৰক কিয় বিশ্বখনিকৰ বুলি অভিহিত কৰিছে?
উত্তৰ : ‘বিশ্বখনিকৰ’মানে বিশ্বৰ সৃষ্টিকর্তা। এই বিশ্ব ব্ৰহ্মাণ্ডত থকা সকলোবোৰ বস্তু যেনে- জোন, বেলি, গ্রহ, তৰা, জীৱ, জন্তু, বায়ু, পানী ইত্যাদি সকলোবোৰ বস্তু ঈশ্বৰেই সৃষ্টি কৰিছে। তেৱেঁই সত্ত, ৰজঃ আৰু তমোঃ গুণৰ অধিকাৰী ৷ সেয়ে কবিয়ে ঈশ্বৰক বিশ্বখনিকৰ বুলি কৈছে।
৩। সত্ত্বঃ, ৰজঃ, তেমো গুণ কি বুজাই লিখা।
উত্তৰ : ভগৱান পৰমেশ্বৰ গুণৰ অতীত। সত্ত্বঃ বজঃ তমো সকলো গুণ তেওঁৰ অধীন। ভগৱান এই তিনি গুণৰ অধিকাৰী হৈয়ো নির্গুণ। অর্থাৎ এই তিনি গুণে ভগৱানক ক্ৰিয়া কৰিব নোৱাৰে। ‘সত্ত্বঃ গুণে জ্ঞান আৰু সুখ দিয়ে। ‘ৰজঃ’ গুণে অহংকাৰ সৃষ্টি কৰে আৰু ‘তমো’ গুণে জীৱৰ জীৱনলৈ অন্ধকাৰ নমাই আনে। এই তিনি গুণ ভগৱানৰ সৃষ্টি যদিও তেওঁ এই তিনি গুণৰ ঊর্ধ্বত থাকি বিশ্বব্ৰহ্মাণ্ড পৰিচালনা কৰি আছে।
৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্য পুথিৰ নাম লিখা ।
উত্তৰ ঃ মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম হ’ল – ‘জ্ঞানমালিনী’ আৰু ‘তত্ত্ব-পাৰিজাত’।
৫। কবিয়ে বিশ্বখনিকৰক কিয় সর্ব-ব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে?
উত্তৰ ঃ এই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা হৈছে পৰম ঈশ্বৰ ভগৱান । তেঁৱেই জোন, বেলি, গ্রহ, তৰা, সমস্ত জীৱ আৰু জড় জগত সৃষ্টি কৰিছে। তেওঁ হৈছে সৰ্বব্যাপী অৰ্থাৎ তেওঁ সৃষ্টিৰ সকলোতে বিৰাজমান। তেওঁৰ পৰাই সকলো বস্তুৰ উৎপত্তি হৈছে আৰু তেওঁতেই সকলো লীন হয়। তেওঁ মহা শক্তিশালী। তেওঁৰ প্ৰভুত্ব সকলোতে আছে। আমি তেওঁৰ আকাৰ দেখা নাপাওঁ যদিও সৃষ্টি জগতৰ মাজত তেওঁৰ অস্তিত্ব অনুভৱ কৰিব পাৰি ।
সেয়ে করিয়ে বিশ্বখনিকৰ সৰ্বব্যাপী সর্বশক্তিমান বুলি আখ্যা দিছে।
৬। বিশ্বখনিকৰক খেপিয়ালে কিয় পোৱা নাযায় ?
উত্তৰ : বিশ্বব্ৰহ্মাণ্ডৰ খনিকজন তেওঁৰ সৃষ্টি সকলোবাৰ বস্তুৰ আঁৰত লুকাই আছে অর্থাৎ আমাৰ মাজত থাকিও ওৰণিৰে মূখ ঢাকি আছে বাবে তেওঁক খেপিয়ালে পোৱা নাযায়।
(গ) দীঘল প্রশ্ন
১। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰ : ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাজেৰে কবিয়ে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকর্তা পৰম ঈশ্বৰৰ কথা কৈছে। ‘বিশ্বখনিকৰ’ মানে বিশ্বৰ সৃষ্টিকর্তা। এই বিশ্বব্ৰহ্মাণ্ডত থকা সকলোবোৰ বস্তু তেৱেঁই সৃষ্টি কৰিছে। তেৱেঁই সত্তঃ, ৰজঃ আৰু তমো গুণৰ অধিকাৰী। এই তিনি গুণৰ অধিকাৰী হৈয়ো তেওঁ এই তিনি গুণৰ ঊর্ধ্বত অৰ্থাৎ তেওঁ এটাতো লিপ্ত নহয় । এই বিশ্বব্ৰহ্মাণ্ডত তেওঁৰ বাদে কোনো বস্তুৰ অস্তিত্ব নাই। তেৱেঁই সকলো জুৰি আছে। সকলোৰে মূল কাৰণ তেৱেঁই। মাত্ৰ আমাৰ দেখাৰ ভ্ৰম ।
এই ভাবটোৱেই কবি মফিজ উদ্দিন হাজৰিকাদেৱে ‘বিশ্বখনিকৰ’ কবিতাটিৰ মাজেৰে প্ৰকাশ কৰিছে।
২। সকলোতে আছে তেওঁ কিন্তু নেদেখে কেওঁ ওৰণিৰে মুখ ঢাকি থাকে ওচৰত।’ এই কবিতাফাকিৰ মাজেৰে কৰিয়ে কি ভাব প্ৰকাশ কৰিব বিচাৰিছে লিখা।
উত্তৰ : উক্ত কবিতাফাকিৰ মাজেৰে কবিয়ে ক’ব বিচাৰিছে যে ভগৱান নিৰাকাৰ হৈয়ো সকলোতে বিৰাজ কৰি আছে।
বিশ্বব্ৰহ্মাণ্ডৰ সকলোতে ভগৱানৰ অস্তিত্ব বিৰাজমান । তেওঁ জড়-জীৱ সকলোতে আছে। জগতৰ প্ৰতিটো অণু- পৰমাণুতে ঈশ্বৰৰ অস্তিত্ব আছে। কিন্তু আমাৰ চৰ্ম চক্ষুৰে তাক দেখিবলৈ নাপাওঁ। তেওঁ সকলোতে আছে অথচ নিজক লোক চকুৰ পৰা অদৃশ্য থাকি সৃষ্টি জগতৰ মাজেৰে নিজৰ মহিমা প্রকাশ কৰি আছে। অর্থাৎ তেওঁ আমাৰ ওচৰতে আছে কেৱল নিজৰ ৰূপটোহে যেন অৱগুণ্ঠনেৰে ঢাকি ৰাখিছে।
৩। বিশ্বখনিকৰ’ কবিতাটোৰ মূলভাৱ লিখা ।
উত্তৰ : ‘বিশ্বখনিকৰ’ মানে বিশ্বৰ সৃষ্টিকর্তা। এই বিশ্বভ্ৰমাণ্ডত থকা বস্তু যেনে- জোন, বেলি, গ্রহ, তৰা, জীৱ, জন্তু, বায়ু, পানী ইত্যাদি সকলোবোৰ বস্তু তেৱেঁই সৃষ্টি কৰিছে। তেৱেঁই সত্ত্বঃ, ৰজঃ আৰু তমোগুণৰ অধিকাৰী। এই তিনি গুণৰ অধিকাৰী হৈয়ো তেওঁ এই তিনি গুণৰ ঊর্ধ্বত অৰ্থাৎ তেওঁ এটাতো লিপ্ত নহৈ গোটেই বিশ্বব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছে। তেওঁ নিৰাকাৰ হৈয়ো সকলোতে জুৰি আছে। সকলোৰে মূল কাৰণ তেৱেঁই। মাত্র আমাৰ দেখাৰ ভ্ৰম।
৫। প্রসঙ্গ সংগতি দর্শাই ব্যাখ্যা কৰা :
(ক) তেঁৱে কাম, তেঁৱে কৰ্মী, তেঁৱে কাৰিকৰ নিশ্চয় নিশ্চয় তেঁৱে বিশ্বখনিকৰ । ‘ নাইবা “নিশ্চয় নিশ্চয় তেৱেঁ সৰ্ব্বব্যাপী সর্ব শক্তিমান।”
উত্তৰ ঃ উদ্ধৃত কবিতাৰ পংক্তিটো আমাৰ অসমীয়া পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ত সন্নিবিষ্ট কৰা মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
পৰমেশ্বৰে বিশ্বব্ৰহ্মাণ্ড সৃষ্টি কৰি কেনেদৰে তাক পৰিচালিত কৰি আছে তাকে ক’বলৈ যাওঁতে কবিয়ে উক্ত পংক্তিটো উল্লেখ কৰিছে।
ভগৱান পৰমেশ্বৰে এই বিশ্ব ব্ৰহ্মাণ্ড আৰু ইয়াৰ মাজত থকা জড়-জীৱ জগতক সৃষ্টি কৰি ইয়াক পৰিচালিত কৰি আছে। অৰ্থাৎ তেওঁ স্ৰষ্টা আৰু পালনকর্তা। তেঁৱেই অদৃশ্যত থাকি বিশ্বৰ সকলোবোৰ বস্তু সৃষ্টি কৰি কৰ্মৰ যোজনা প্ৰস্তুত কৰিছে আৰু সেইমতে বিশ্বব্ৰহ্মাণ্ড পৰিচালিত কৰি আছে। আন কথাত তেঁৱেই কাম, তেঁৱেই সেই কামৰ কৰ্মী আৰু সকলো কামৰে নিপুণ শিল্পী। তেঁৱেই বিশ্বখনিকৰ ।
(খ) ‘সত্তঃ, ৰজঃ তমোঃ গুণ সকলোতে নিৰগুণ বোলে হুনু বিশ্ব-গিৰি সেই মহাজন।’
উত্তৰ : উদ্ধৃত কবিতাৰ পংক্তিটো আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভ ত সন্নিবিষ্ট কৰা মফিজুদ্দিন আহমদ হাজৰিকাদেৱৰ দ্বাৰা ৰচিত ‘বিশ্বখনিকৰ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে।
পংক্তিটোৰ জৰিয়তে ভগৱান সকলোতে বিৰাজমান হৈয়ো যে নির্গুণ তাকে বুজাব বিচাৰিছে।
ভগৱান পৰমেশ্বৰ গুণৰ অতীত। সত্ত্বঃ ৰজঃ তমো-এই সকলো গুণ তেওঁৰ অধীন। ভগৱান এই তিনি গুণৰ অধিকাৰী হৈয়ো নির্গুণ। অর্থাৎ এই তিনি গুণে ভগৱানক ক্ৰিয়া কৰিব নোৱাৰে। ‘সত্ত্বঃ’ গুণে জ্ঞান আৰু সুখ দিয়ে। ‘ৰজঃ’ গুণে অহংকাৰ সৃষ্টি কৰে আৰু তমো’গুণে জীৱৰ জীৱনলৈ অন্ধকাৰ নমাই আনে। এই তিনি গুণ ভগৱানৰ সৃষ্টি যদিও তেওঁ এই তিনি গুণৰ ঊর্ধ্বত থাকি বিশ্ব ব্ৰহ্মাণ্ডখন পৰিচালনা কৰি আছে।০০০
Type By Suman Bora