১।আনন্দচন্দ্ৰ আগৰৱালা জন্ম কিমান চনৰ ক’ত হৈছিল ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা জন্ম হৈছিল ১৮৭৪ চনৰ শোণিতপুৰ জিলাৰ কলংপুৰ মৌজাৰ বৰঙাবাৰীত হৈছিল ।
২। আনন্দচন্দ্ৰ আগৰৱালা আৰক্ষী অধীক্ষক হিচাপে চৰকাৰী চাকৰিি পৰা অৱসৰ লয় কিমান চনত ?
উত্তৰঃ ১৯২৯ চনত ।
৩। কোন আছিল ‘জোনাকী’ আৰু ‘বিজুলী’ৰ প্ৰধান কবি, লেখক ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা আছিল জোনাকী আৰু বিজুলীৰ প্ৰধান কবি, লেখক ।
৪। খাটলি পীৰা শব্দৰ অৰ্থ কি ?
উত্তৰঃ খাটলি পীৰা শব্দৰ অৰ্থ হ’ল এবিধ চাৰিচুকীয়া পীৰা ।
৫। কোনে ইংৰাজী পৰা ভালেখিনি কবিতা অসমীয়ালৈ অনুবাদ কৰিছে ?
উত্তৰঃ আনন্দচন্দ্ৰ আগৰৱালা ইংৰাজী পৰা ভালেখিনি কবিতা অসমীয়ালৈ অনুবাদ কৰিছে ।
৬। নীলিমা পীৰা শব্দৰ অৰ্থ কি ?
উত্তৰঃ নীলা বৰণ ( নীলা বৰণীয়া পানী ) ।
৭। আনন্দচন্দ্ৰ আগৰৱালা কবিতা পুথি খনৰ নাম কি ?
উত্তৰঃ জিলিকনি ।
৮। ভুৱন শব্দৰ অৰ্থ কি ?
উত্তৰঃ ভুৱন শব্দৰ অৰ্থ হ’ল পৃথিৱী ।
৯। কিমান চনত আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু হয় ?
উত্তৰঃ ১৯৩৯ চনত ।
১০। আনন্দচন্দ্ৰ আগৰৱালাৰ মৃত্য়ু ক’ত হৈছিল ?
উত্তৰঃ তেজপুৰত ।
১১। আনন্দচন্দ্ৰ আগৰৱালাই কিমান চনত মঙ্গলদৈত অনুষ্ঠিত অসম সাহিত্য় সভাৰ পঞ্চদশ অধিৱেশনত সভাপতিত্ব কৰে ?
উত্তৰঃ ১৯৩৪ চনত ।
১২। ৰূপহী আইতী কিয় মৰিল ?
উত্তৰঃ বেজাৰত মৰিল ।
১৩। পানেশৈ কবিতাটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃপানেশৈ কবিতাটো আনন্দচন্দ্ৰ আগৰৱালাই ৰচনা কৰিছিল ।
১৪। কোনে কোনে মিলি ধৰাধৰি কৰি ধৰিলে গানৰ সুৰ ?
উত্তৰঃ ঢৌৱে ঢৌৱে মিলি ।
১৫। সুগন্ধি গোলাপ ক’ত ফুলিছিল ?
উত্তৰঃ সুগন্ধি গোলাপ নিজানত ফুলিছিল ।
১৬। সুগন্ধি গোলাপ ক’ত সৰি গৈছিল ?
উত্তৰঃ সুগন্ধি গোলাপ নিজানত সৰি গৈছিল ।
১৭। নীলিমাৰ মাজত কি পদুমৰ পাহি আছিল ?
উত্তৰঃ সোণালী পদুমৰ পাহি আছিল ।
১৮। পানেশৈক বাপেকে কি পীৰাত বহি ভাত খাব দিছে ?
উত্তৰঃ খাটলি পীৰাত বহি ভাত খাব দিছে ।
১৯। আনন্দচন্দ্ৰ আগৰৱালাক কি কোঁৱৰ হিচাবে জনা যায় ?
উত্তৰঃ ভাঙনি কোঁৱৰ হিচাবে জনা যায় ।
২০। বাপেকে পানেশৈক গলত কি দি যাম বুলি কৈছে ?
উত্তৰঃ বাপেকে পানেশৈক গলত হাৰ দি যান বুলি কৈছে ।