১। হেমচন্দ্ৰ গোস্বামীৰ জন্ম কিমান চনৰ ক’ত হৈছিল ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ জন্ম ১৮৭২ চনৰ গোলাঘাট মহকুমাৰ অন্তৰ্গত গৌৰাংগ সত্ৰত হৈছিল ।
২। কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ অন্য়তম প্ৰতিষ্ঠাতা ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ অন্য়তম প্ৰতিষ্ঠাতা ।
৩। চোঁ-ঘৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ চোঁ-ঘৰ শব্দৰ অৰ্থ হ’ল সাজ ঘৰ ।
৪। অ.ভা.উ.সা. সভাৰ মুখপত্ৰ জোনাকীৰ প্ৰকাশত কোনে কোনে আগভাগ লৈছিল ?
উত্তৰঃচন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীয়ে আগভাগ লৈছিল ।
৫। কাঁচলি শব্দৰ অৰ্থ কি ?
উত্তৰঃ কাঁচলি শব্দৰ অৰ্থ হ’ল কোমল ৰ’দৰ চেৰেঙা ।
৬। চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী এই তিনিগৰাকী কবি সাহিত্য়িকক কি বুলি কোৱা হয় ?
উত্তৰঃ জোনাকীৰ ত্ৰিমূৰ্তি বুলি এই তিনি গৰাকী কবিক কোৱা হয় ।
৭। কুকুৰাঠেঙ্গীয়া শব্দৰ অৰ্থ কি ?
উত্তৰঃ কুকুৰাঠেঙ্গীয়া শব্দৰ অৰ্থ হ’ল কোমল পাতৰ এবিধ বনৰীয়া সৰু গছ ( বেয়া সৰু আখৰ বুজাবলৈ ) ।
৮। কি নামৰ প্ৰেমৰ কবিতাৰে হেমচন্দ্ৰ গোস্বামী কবিতা জগতত পৰিচিত হয় ?
উত্তৰঃ ‘জোনাকী’ত প্ৰকাশিত ‘কাকো আৰু হিয়া নিবিলাওঁ’ নামৰ প্ৰেমৰ কবিতাৰে হেমচন্দ্ৰ গোস্বামী কবিতা জগতত পৰিচিত হয় ।
৯। কোন অসমীয়া সাহিত্য়ত প্ৰথম ছনেট ৰচোঁতা ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্য়ত প্ৰথম ছনেচ ৰচোঁতা ।
১০। কিমান চনত গুৱাহাটীৰ নিজ ঘৰত হেমচন্দ্ৰ গোস্বামীৰ পৰলোকপ্ৰাপ্তি ঘটে ?
উত্তৰঃ ১৯২৮ চনত ।
১১। হেমচন্দ্ৰ গোস্বামী সাহিত্য় সভাৰ ( তেজপুৰ অধিৱেশন -১৯২০ ) কিমান গৰাকী সভাপতি আছিল ।
উত্তৰঃ চতুৰ্থগৰাকী সভাপতি আছিল ।
১২। পুৰণি পুথি সম্পাদনাৰ ক্ষেত্ৰত কাৰ নাম স্মৰণ কৰিবলগীয়া ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ নামত স্মৰণ কৰিবলগীয়া ।
১৩। প্ৰিয়তমাৰ চিঠি কবিতাটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ প্ৰিয়তমান চিঠি কবিতাটো হেমচন্দ্ৰ গোস্বামীয়ে ৰচনা কৰিছিল ।
১৪। কি কুঁহিপাত ৰ’দত লেৰেলে ?
উত্তৰঃ বসন্তৰ কুঁহিপাত ।
১৫। কাৰ বুকুত কাঁচলি উদঙ্গাই ?
উত্তৰঃ সৌন্দৰ্য্য়ৰ বুকুত ।
১৬। গোলাঘাটৰ মহকুমাত অন্তৰ্গত এখন সত্ৰৰ নাম কি ?
উত্তৰঃ গৌৰাংগ সত্ৰ ।
১৭। গৌৰাংগ সত্ৰত জন্ম হোৱা এজন কবিৰ নাম কি ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।
১৮। কাৰ দ্বাৰা ৰচিত কেইটিমান কবিতা ‘ফুলৰ চাকি’ কবিতা পুথিখনিত সন্নিৱিষ্ট হৈছে ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামীৰ দ্বাৰা ৰচিত ।
১৯। অসমৰ সাহ্য়িত সভাৰ ১৯২০ চনত হোৱা চতুৰ্থগৰাকী সভাপতি জনৰ নাম কি ?
উত্তৰঃ হেমচন্দ্ৰ গোস্বামী ।
২০। হৃদয়ত হেঁপাহৰে কি তৰা জ্বলে ?
উত্তৰঃ হৃদয়ত হেঁপাহৰ ভোটাতৰা জ্বলে ।