১। ড০সত্য়েন্দ্ৰনাথ শৰ্মা অসম সাহিত্য় সভাৰ কি আছিল ?
উত্তৰঃ ড০সত্য়েন্দ্ৰনাথ শৰ্মা অসম সাহিত্য় সভাৰ সভাপতি আছিল ।
২। আলঙ্গাৰিক শব্দৰ অৰ্থ কি ?
উত্তৰঃ আলঙ্গাৰিক শব্দৰ অৰ্থ হ’ল অংকাৰ শাস্ত্ৰৰ আলোচক-পণ্ডিত ।
৩। ৰস কেই প্ৰকাৰৰ ?
উত্তৰঃ ৰস ন প্ৰকাৰৰ ।
৪। ন বিধ ৰসৰ নাম কি কি ?
উত্তৰঃ ন বিধ ৰসৰ নাম হ’ল শৃঙ্গাৰ, হাস্য়, কৰুণ, বীৰ, ভয়ানক, অদ্ভুত, ৰৌদ্ৰ, বীভৎস আৰু শান্ত ।
৫। অৰুণৰাগ শব্দৰ অৰ্থ কি ?
উত্তৰঃ অৰুণৰাগ শব্দৰ অৰ্থ হ’ল সূৰ্যৰ ৰঙা বৰণ ।
৬। সুৰাসুৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ সুৰাসুৰ শব্দৰ অৰ্থ হ’ল দেৱতা আৰু দৈত্য়সকল ।
৭। ভগৱান কৃষ্ণৰ প্ৰতি ভক্তৰ ৰতি কেই প্ৰকাৰৰ ভক্তিৰসত পৰিণত হয় ?
উত্তৰঃ পাঁচ প্ৰকাৰৰ ।
৮। প্ৰপন্নজনতাৰণ শব্দৰ অৰ্থ কি ?
উত্তৰঃ প্ৰপন্নজনতাৰণ শব্দৰ অৰ্থ হ’ল শৰণাগত বা ভক্তিমন্তজনক উদ্ধাৰ কৰোঁতা ।
৯। কায়ক্লেশ শব্দৰ অৰ্থ কি ?
উত্তৰঃ কায়ক্লেশ শব্দৰ অৰ্থ হ’ল দৈহিক কষ্ট ।
১০। ড০সত্য়েন্দ্ৰনাথ শৰ্মা কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ড০সত্য়েন্দ্ৰনাথ শৰ্মা ১৯১৭ চনত জন্ম হৈছিল ।
১১। ড০সত্য়েন্দ্ৰনাথ শৰ্মা কিমান চনত কটন কলেজত অসমীয়া বিভাগৰ অধ্য়াপনাৰ কামত সোমায় ?
উত্তৰঃ ১৯৪২ চনত ।
১২। বৰিষ শব্দৰ অৰ্থ কি ?
উত্তৰঃ বৰিষ শব্দৰ অৰ্থ হ’ল বৰ্ষ, বছৰ ।
১৩। ড০সত্য়েন্দ্ৰনাথ শৰ্মা কিমান চনত মৃত্য়ু হয় ?
উত্তৰঃ ১৯৯৯ চনত ।
১৪। ড০সত্য়েন্দ্ৰনাথ শৰ্মা দেৱে তেওঁৰ গ্ৰন্থ ‘ৰামায়ণৰ ইতিবৃত্ত’ৰ বাবে কিমান চনত অসম প্ৰকাশন পৰিষদৰ বঁটা লাভ কৰে ?
উত্তৰঃ ১৯৮৮ চনত ।
১৫। পাঁচ প্ৰকাৰৰ ভক্তিৰসৰ নাম কি কি ?
উত্তৰঃ শান্ত ভক্তিৰস, বাৎসল্য় ভক্তিৰস, দাস্য় ভক্তিৰস, সখ্য় ভক্তিৰস আৰু শৃঙ্গাৰাত্মক ভক্তিৰস ।
১৬। বাৎসল্য় ভক্তিৰসৰ নাট কেইখনৰ নাম কি ?
উত্তৰঃ অৰ্জুন-ভঞ্জন, চোৰ-ধৰা, পিম্পৰা-গুচুৱা, আদি ।
১৭। কোনে কীৰ্ত্তনৰ ৰাসক্ৰীড়া বৰ্ণনা প্ৰসঙ্গত লিখিছিল ?
উত্তৰঃ মহাপুৰুষ শঙ্কৰদেৱে লিখিছিল ।
১৮। দাসৰূপ ভক্ত আৰু স্বামীৰূপ কৃষ্ণক অৱলম্বন বিভাবৰূপে লৈ নাট ৱা কাব্য় ৰচিত হ’লে কি ভক্তিৰস সৃষ্টি কৰিব ?
উত্তৰঃ দাস্য়ভবাত্মক ভক্তিৰস সৃষ্টি কৰিব ।
১৯। ড০সত্য়েন্দ্ৰনাথ শৰ্মা দেৱে কিমান চনৰ পৰা গুৱাহাটী বিশ্ববিদ্য়ালয়ৰ অসমীয়া বিভাগৰ অধ্য়াপক আছিল ?
উত্তৰঃ ১৯৪২ চনত ।
২০। ড০সত্য়েন্দ্ৰনাথ শৰ্মা দেৱে আধুনিক ভাৰতীয় ভাষা বিভাগৰ কাৰ আসনৰ অধ্য়াপক ৰূপে নিযুক্ত হয় ?
উত্তৰঃ ৰবীন্দ্ৰনাথ ঠাকুৰৰ আসনৰ অধ্য়াপক ৰূপে নিযুক্ত হয় ।