১। শংকৰী যুগৰ কবি জনৰ নাম কি ?
উত্তৰঃ ৰামসৰস্বতী ।
২। শংকৰী যুগৰ কবি ৰামসৰস্বতী অসমীয়া সাহিত্য়ত কি ৰূপে পৰিচিত ?
উত্তৰঃ অসমীয়া ব্য়াস ৰূপে পৰিচিত ।
৩। মহাভাৰতৰ প্ৰধান কবি জনৰ নাম কি ?
উত্তৰঃ মহাভাৰতৰ প্ৰধান কবি জনৰ নাম হ’ল ৰামসৰস্বতী ।
৪। বৃষভ শব্দৰ অৰ্থ কি ?
উত্তৰঃ বৃষভ শব্দৰ অৰ্থ হ’ল বলধ ।
৫। ৰামসৰস্বতী মহাভাৰতৰ বনপৰ্বৰ ঘটনাৰ আধাৰত একশ্ৰেণীৰ কি কাব্য় ৰচনা কৰিছিল ?
উত্তৰঃ লঘু কাব্য় ৰচনা কৰিছিল ।
৬। আচান্ত শব্দৰ অৰ্থ কি ?
উত্তৰঃ আচান্ত শব্দৰ অৰ্থ হ’ল মুখ ধোৱা ।
৭। শিৱৰ কৃষিকৰ্ম কাৰ নামৰ লঘু কাব্য় এখনৰ পৰা উদ্ধৃত ?
উত্তৰঃ ভীম চৰিত নামৰ লঘু এখনৰ পৰা উদ্ধৃত ।
৮। আৰাৱ শব্দৰ অৰ্থ কি ?
উত্তৰঃ আৰাৱ শব্দৰ অৰ্থ হ’ল চিঞৰ ।
৯। শিৱৰ বুঢ়া বলধটো ৰাখিবলৈ কোন গৰখীয়াৰূপে শিৱৰ ঘৰত আছিল ?
উত্তৰঃ ভীম গৰখীয়াৰূপে শিৱৰ ঘৰত আছিল ।
১০। ভীমৰ খাদ্য়ৰ যোগান ধৰি কোন ভাগৰি পৰিছিল ?
উত্তৰঃ ভীমৰ খাদ্য়ৰ যোগান ধৰি পাৰ্বতী ভাগৰি পৰিছিল।
১১। দুষ্কৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ দুষ্কৰ শব্দৰ অৰ্থ হ’ল অসাধ্য় ।
১২। শিৱৰ কৃষি-কৰ্ম কবিতাটো কৰ পৰা লয় ৰামসৰস্বতীয়ে ৰচনা কৰিছিল ?
উত্তৰঃ ভীম চৰিতৰ পৰা লয় ৰামসৰস্বতীয়ে ৰচনা কৰিছিল ।
১৩। বদতি শব্দৰ অৰ্থ কি ?
উত্তৰঃ বদতি শব্দৰ অৰ্থ হ’ল ক’লে;কয় ।
১৪। শিৱৰ কৃষি-কৰ্মৰ কথা কি ভাষাৰে বৰ্ণনা কৰা হৈছিল ?
উত্তৰঃ শিৱৰ কৃষি-কৰ্মৰ কথা ৰসপূৰ্ণ ভাষাৰে বৰ্ণনা কৰা হৈছিল ।
১৫। কৃত্তিবাস শব্দৰ অৰ্থ কি ?
উত্তৰঃ কৃত্তিবাস শব্দৰ অৰ্থ হ’ল শিৱৰ আন এটা নাম; (কৃত্তি -বাঘৰ ছাল, বাস- বস্ত্ৰ) ।
১৬। আঁৰে শব্দৰ অৰ্থ কি ?
উত্তৰঃ আঁৰে শব্দৰ অৰ্থ হ’ল লুকাই, মনে মনে ।
১৭। ৰামসৰস্বতীৰ প্ৰসিদ্ধ বধকাব্য় কেইখনমানৰ নাম কি ?
উত্তৰঃ ৰামসৰস্বতী ৰ প্ৰসিদ্ধ বধকাব্য় কেখনলানৰ নাম হ’ল বঘাসুৰ বধ, খটাসুৰ বধ, অশ্বকৰ্ণ বধ, জঙ্ঘাসুৰ বধ আৰু কুলাচল বধ আদি ।
১৮। খোবা-খোবি শব্দৰ অৰ্থ কি ?
উত্তৰঃ এহাল ভূত-ভূতুনী ।
১৯। টঙ্কিলা শব্দৰ অৰ্থ কি ?
উত্তৰঃ টঙ্কিলা শব্দৰ অৰ্থ হ’ল খং কৰা ।
২০। মুণ্ডমালী শব্দৰ অৰ্থ কি ?
উত্তৰঃ শিৱৰ আন এটা নাম ।