১। প্ৰাক শংকৰী যুগৰ এগৰাকী উল্লেখযোগ্য় কবি নাম কি ?
উত্তৰঃ হেম সৰস্বতী ।
২। হেম সৰস্বতীৰ কি অসমীয়া সাহিত্য়ৰ প্ৰথম লিখিত কাব্য়-নিদৰ্শন ?
উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ ।
৩। এখন সৰু বৰ্ণনাত্মক কাব্য় নাম লিখা ?
উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ ।
৪। দানৱৰাজ হিৰণ্য়কশিপুৰ পুতেকৰ নাম কি ?
উত্তৰঃ প্ৰহ্লাদ ।
৫। প্ৰহ্লাদ কাৰ ভক্ত আছিল ?
উত্তৰঃ বিষ্ণু ভক্ত আছিল ।
৬। কোন খন পুৰাণত বিষ্ণুৰ নৰসিংহ অৱতাৰ গ্ৰহণ আৰু শিশু প্ৰহ্লাদৰ বিষ্ণুৰভক্তিৰ বিৱৰণ পাবলৈ নাই?
উত্তৰঃ প্ৰাপ্ত আৰু প্ৰকাশিত বামন পুৰাণখনত।
৭। মাতঙ্গ শব্দৰ অৰ্থ কি ?
উত্তৰঃ মাতঙ্গ শব্দৰ অৰ্থ হ’ল মতা হাতী ।
৮। হেম সৰস্বতীয়ে কি পুৰাণ চাই হিৰণ্য়কশিপু আৰু প্ৰহ্লাদৰ তৰ্ক-বিতৰ্কৰ পৰা আৰম্ভ কৰি হিৰণ্য়কশিপু বধলৈ বৰ্ণনা কৰিছে ?
উত্তৰঃবামন পুৰাণ চাই ।
৯। মলচখু শব্দৰ অৰ্থ কি ?
উত্তৰঃ বেয়া বা লেতেৰা দৃষ্টি।
১০। নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়কশিপুক কিহেৰে বধ কৰিছিল ?
উত্তৰঃ নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়কশিপুক নখেৰে বধ কৰিছিল ।
১১। তৰাস শব্দৰ অৰ্থ কি ?
উত্তৰঃতৰাস শব্দৰ অৰ্থ হ’ল ভয় ।
১২। দানৱৰজা হিৰণ্য়কশিপুৰ বধ কাৰ হাতত হৈছিল ?
উত্তৰঃ নৰসিংহৰূপী বিষ্ণুৰ হাতত হৈছিল ।
১৩। ফটিক শব্দৰ অৰ্থ কি ?
উত্তৰঃ বৰ বগা বহুমূলীয়া পাথৰ ।
১৪। কাৰ তেজে বসুন্ধৰা তল যায় ?
উত্তৰঃ হিৰণ্য়কশিপুৰ তেজে বসুন্ধৰা তল যায় ।
১৫। হেম সৰস্বতী কবিয়ে কমতাধিপতি দুৰ্লভ নাৰায়ণৰ ৰাজ্য়ত আৰু সম্ভৱতঃ তেওঁৰ পৃষ্ঠপোষকতা লাভ কৰি ৰচনা কৰা দুখন কাব্য়গ্ৰন্থৰ নাম কি ?
উত্তৰঃ প্ৰহ্লাদ চৰিত্ৰ আৰু হৰগৌৰী-সংবাদ ।
১৬। প্ৰহ্লাদ চৰিত্ৰ কবিতাটো কোনে ৰচনা কৰিছিল ?
উত্তৰঃ হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ কৰিতাটো ৰচনা কৰিছিল ।
১৭। নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়কশিপুক বধ কোনতো সময়ত মাৰিছিল?
উত্তৰঃ নৰসিংহৰূপী বিষ্ণুয়ে দানৱৰজা হিৰণ্য়শিপুক বধ সন্ধিয়া সময়ত মাৰিছিল ।
১৮। জোজন শব্দৰ অৰ্থ কি ?
উত্তৰঃ আঠ মাইল দূৰত্ব ।
১৯। বিষ্ণুয়ে হিৰণ্য়কশিপুক মাৰিবলৈ কি ৰূপ গ্ৰহন কৰিছিল ?
উত্তৰঃ বিষ্ণুয়ে হিৰণ্য়কশিপুক মাৰিবলৈ নৰসিংহ ৰূপ গ্ৰহন কৰিছিল ।
২০। হিৰণ্য়কশিপু কাৰ ৰজা আছিল ?
উত্তৰঃ হিৰণ্য়কশিপু অসুৰৰ সকলৰ ৰজা আছিল ।