১। শঙ্কৰদেৱৰ বাল্য়কালৰ কথাখিনি কৰ পৰা লোৱা হৈছে ?
উত্তৰঃ শঙ্কৰদেৱৰ বাল্য়কালৰ কথাখিনি গুৰুচৰিতৰ পৰা লোৱা হৈছে ।
২। কচ্ছপ শব্দৰ অৰ্থ কি ?
উত্তৰঃ কচ্ছপ শব্দৰ অৰ্থ হ’ল কাছ ।
৩। শংকৰদেৱৰ পিতৃ নাম কি ?
উত্তৰঃ শংকৰদেৱৰ পিতৃ নাম হ’ল কুসুম্বৰ শিৰোমণি ভূঞা ।
৪। খগচৰ নগধৰ শব্দৰ অৰ্থ কি ?
উত্তৰঃ খগচৰ নগধৰ শব্দৰ অৰ্থ হ’ল পৃথিৱী, পাতাল,বৈকুণ্ঠ,স্বৰ্গ ।
৫। আহোমসকলে অসম অধিকাৰ কৰাৰ পূৰ্বে উজনিৰ উত্তৰ ভাগৰ কেইটা খণ্ড কৰি সেইবোৰৰ একো একোজন অধিপতি হৈছিল ?
উত্তৰঃ বাৰটা খণ্ড কৰি ।
৬। সিধা শব্দৰ অৰ্থ কি ?
উত্তৰঃ ৰান্ধি খাবৰ নিমিত্তে দিয়া কেঁচা খাদ্য়বস্তুসসমূহ ।
৭। কুসুম্বৰ ভূঞা কি ভূঞাৰ বংশধৰ ?
উত্তৰঃ বাৰ ভূঞাৰ বংশধৰ ।
৮। ৰিচ শব্দৰ অৰ্থ কি ?
উত্তৰঃ ৰিচ শব্দৰ অৰ্থ হ’ল ঋক্ মন্ত্ৰ ।
৯। শংকৰদেৱৰ বিৰচিত প্ৰথম গ্ৰন্থখনৰ নাম কি ?
উত্তৰঃ হৰিচন্দ্ৰোপাখ্য়ান ।
১০। আওতাই শব্দৰ অৰ্থ কি ?
উত্তৰঃ আওতাই শব্দৰ অৰ্থ হ’ল অঁতাই, প্ৰস্তুত কৰি ।
১১। পাসৰি শব্দৰ অৰ্থ কি ?
উত্তৰঃ পাসৰি শব্দৰ অৰ্থ হ’ল পাহৰি ।
১২। সূৰ্যবৰৰ পত্নী নাম কি ?
উত্তৰঃ সূৰ্যবৰৰ পত্নীৰ নাম হ’ল খেৰশুতি ।
১৩। ছাত্ৰশাল শব্দৰ অৰ্থ কি ?
উত্তৰঃ পঢ়াশালি ।
১৪। পিহ্ৰা শব্দৰ অৰ্থ কি ?
উত্তৰঃপিহ্ৰা শব্দৰ অৰ্থ হ’ল পীড়া ।
১৫। কুসুমদেউ সম্পূৰ্ণ নামটো কি ?
উত্তৰঃ কুসুমদেউৰ সম্পূৰ্ণ নামটো হৈছে কুসুম্বৰ শিৰোমণি ভূঞা ।
১৬। ছৱাটি শব্দৰ অৰ্থ কি ?
উত্তৰঃ ছৱাটি শব্দৰ অৰ্থ হ’ল ল’ৰাটি ।
১৭। দাবি দি শব্দৰ অৰ্থ কি ?
উত্তৰঃ দাবি দি শব্দৰ অৰ্থ হ’ল ধমক দি ।
১৮। মাৰ্কণ্ডেয় পুৰাণৰ ৭ম আৰু ৮ম অধ্য়ায়ৰ আধাৰত ৰচিত কি গ্ৰন্থত বিষ্ণুৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ বিচৰা হৈছিল ?
উত্তৰঃ হৰিচন্দ্ৰোপাখ্য়ান ।
১৯। বটা শব্দৰ অৰ্থ কি ?
উত্তৰঃ বটা শব্দৰ অৰ্থ হ’ল এবিধ সৰু চৰাই ।
২০। বাটি শব্দৰ অৰ্থ কি ?
উত্তৰঃ বাটি শব্দৰ অৰ্থ হ’ল ভগাই দিয়া ।