আন্তৰ্জাতিক সংস্থা-ৰাষ্ট্ৰসংঘ আৰু অন্য়ান্য়
দ্বিতীয় অধ্য়ায়
১/ ১০ ডিচেম্বৰৰ দিনটো কি অধিকাৰ দিৱস হিচাপে পালন কৰা হয় ?
উত্তৰঃ মানৱ অধিকাৰ দিৱস হিচাপে পালন কৰা হয়।
২/ ৰাষ্ট্ৰসংঘৰ চনদত মুঠ কিমান টা অনুচ্ছেদ আছে ?
উত্তৰঃ ১১১ টা অনুচ্ছেদ আছে।
৩/ৰাষ্ট্ৰসংঘৰ ছটা প্ৰধান অংগ আছে সেই কেইটা কি কি ?
উত্তৰঃ (১) সাধাৰণ সভা, (২) নিৰাপত্তা পৰিষদ, (৩) অৰ্থনৈতিক আৰু সামাজিক পৰিষদ, (৪) ন্য়াসৰজ্ক্ষী পৰিষদ, (৫) আন্তৰ্জাতিক ন্য়ায়ালয় আৰু (৬) সচিবালয়।
৪/ ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত পৰিষদৰ স্থায়ী সদস্য় আৰু অস্থায়ী সদস্য় কিমান ?
উত্তৰঃ স্থায়ী সদস্য় পাঁচজন আৰু অস্থায়ী সদস্য় ছজন ।
৫/ স্থায়ী সদস্য় ৰাষ্ট্ৰ কেইখন আৰু কি কি ?
উত্তৰঃ স্থায়ী সদস্য় ৰাষ্ট্ৰ ৬ খন আৰু সেই কেইখন হল- আমেৰিকা, গ্ৰেট বৃটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন।
৬/ সচিবপ্ৰধানৰ কাৰ্যকাল কেই বছৰ ?
উত্তৰঃ ৫ বছৰ।
৭/ ৰাষ্ট্ৰসংঘ শীৰ্ষক অনুষ্ঠানটোৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে জন্ম হৈছিল।
৮/ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কিমান চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘই সত্তৰ বছৰত ভৰি দিলে ?
উত্তৰঃ ১৯৪৫ চনত প্ৰতিষ্ঠা হোৱা ৰাষ্ট্ৰসংঘই সত্তৰ বছৰত ভৰি দিলে।
৯/ ১৯৯৩ নামে কোন খন আইনক জনা যায় ?
উত্তৰঃ মানৱ অধিকাৰ সুৰক্ষা আইন বুলি জনা যায়।
১০/ কিমান চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয় ?
উত্তৰঃ ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে আয়োগ গঠন কৰা হয়।
১১/ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ কি ?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ বৃহত্তম অংগ হল সাধাৰণ সভা।
১২/ ৰাষ্ট্ৰসংঘৰ ন্য়ায়িক অংগটো কি ?
উত্তৰঃ আন্তৰ্জাতিক ন্য়ায়ালয়।
১৩/ বিনিময় প্ৰথাত মূল্য়ৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ কি কৰিব লাগিব ?
উত্তৰঃ সঞ্চয় কৰিব লাগিব।
১৪/ দ্বিতীয় বিশ্বযুদ্ধ কিমান চনত সংঘটিত হৈছিল ?
উত্তৰঃ ১৯৩৯ চনত হৈছিল।
১৫/ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো কি ?
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি গুৰুত্বপূৰ্ণ অংগটো হ’ল নিৰাপত্তা পৰিষদ।
১৬/ ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য় সংখ্য়া কিমান আছিল ?
উত্তৰঃ ৰাষ্ট্ৰসংঘ গঠিত হোৱা সময়ত অৰ্থনৈতিক আৰু সামাজিক পৰিষদৰ সদস্য় আছিল ওঠৰজন।
১৭/ মূল্য় বুলিলে কি বুজা ?
উত্তৰঃ মূল্য় বুলিলে সা-সামগ্ৰীৰ মূল্য় বুজিব লাগিব।
১৮/ ২৪ অক্টোবৰ দিনটো বিশ্ববাসীয়ে কি দিৱস, হিচাপে পালন কৰি আহিছে ?
উত্তৰঃ ২৪ অক্টোবৰ দিনটো বিশ্ববাসীয়ে ‘ৰাষ্ট্ৰসংঘ দিৱস’ হিচাপে পালন কৰি আহিছে।
১৯/ সচিবালয় কি লিখা ?
উত্তৰঃ সচিবালয় হ’ল ৰাষ্ট্ৰসংঘৰ প্ৰাণকেন্দ্ৰ স্বৰূপ।
২০/ এটা প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সম্বলিত এই ঘোষণাপত্ৰই মূলত কেইটা উদ্দেশ্য় সাধন কৰিছে ?
উত্তৰঃ দুটা উদ্দেশ্য় সাধন কৰিছে ।
Type by- Subhas Nath