ভাৰতীয় গনতন্ত্ৰ
প্ৰথম অধ্য়ায়
১/ পৃথিৱীত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰথম প্ৰৱৰ্তন কোনখন যুক্তৰাষ্ট্ৰত হৈছিল ?
উত্তৰঃ আমেৰিকা যুক্তৰাষ্ট্ৰত হৈছিল।
২/ আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ স্বাধীনতা লাভ কৰাৰ আগতেই হৈছিল।
৩/ আমাৰ দেশত সংবিধান প্ৰণয়নৰ প্ৰস্তুতি কেতিয়া আৰম্ভ হৈছিল ?
উত্তৰঃ স্বাধীনতা লাভ কৰাৰ আগতে।
৪/ সংবিধান সভাৰ প্ৰথম বৈঠকত সভাপতিত্ব কোন আছিল ?
উত্তৰঃ ড° সচ্ছিদানন্দ সিন্হাই।
৫/ সংবিধানখন প্ৰস্তুত কৰা সম্পৰ্কত এই সভাৰ মুঠ কিমান খন বৈঠক বহিছিল ?
উত্তৰঃ ১১ খন বৈঠক বহিছিল।
৬/ ভাৰতবৰ্ষই কিমাণ চনত বৃহৎ গনতান্ত্ৰিক ৰাষ্ট্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল ?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে।
৭/ খচৰা কমিটিখনৰ অধ্য়ক্ষ কোন আছিল ?
উত্তৰঃ ড° বি আৰ আম্বেদকাৰ আছিল।
৮/ সংবিধান খচৰা কমিটিৰ সদস্য়সকল কোন কোন লিখা ?
উত্তৰঃ ১) ড° বি আৰ আম্বেদকাৰ (সভাপতি) (২) এন গোপালস্বামী আয়েংগাৰ (৩) আলাদি কৃষ্ণস্বামী আয়াৰ (৪) কে এম মুন্সি (৫) চৈয়দ মহম্মদ চাদুল্লা (৬) এন মাধৱ ৰাও (৭) ডি পি খৈটান।
৯/ সাৰ্বভৌম ৰাষ্ট্ৰ বুলি কোনখন ৰাষ্ট্ৰক কৈছে ?
উত্তৰঃ সাৰ্বভৌম ৰাষ্ট্ৰ বুলি ভাৰতবৰ্ষ ৰাষ্ট্ৰক কোৱা হৈছে।
১০/ ব্ৰিটিছ চৰকাৰে কিমান চনৰ আৰু কি মাহত ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠালে ?
উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত পঠালে।
১১/ গৃহভূমি বুলি কোনখন যুক্তৰাষ্ট্ৰক কোৱা হৈছে ?
উত্তৰঃগৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হৈছিল।
১২/ প্ৰকৃততে যুক্তৰাষ্ট্ৰৰ ইংৰাজী প্ৰতিশব্দটো কি শব্দৰ পৰা আহিছে ?
উত্তৰঃ লেটিন শব্দৰ পৰা আহিছে।
১৩/ এখন স্বাধীন আৰু গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে কিহৰ প্ৰয়োজন ?
উত্তৰঃ এখন সংবিধানৰ প্ৰয়োজন।
১৪/ কিমান চনত ‘ছাৰকাৰিয়া আয়োগ’ গঠন কৰা হৈছিল ?
উত্তৰঃ ১৯৮৩ চনত ।
১৫/ ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠাইছিল ?
উত্তৰঃ ১৯৪৬ চনৰ মাৰ্চ মাহত।
১৬/ কেবিনেট মিছন কি ?
উত্তৰঃ কেবিনেট মিছন আছিল ইংলেণ্ডৰ তিনিজন কেবিনেট মন্ত্ৰীৰে গঠিত এটা গোট।
১৭/ খচৰা কমিটি কেতিয়া গঠন হৈছিল ?
উত্তৰঃ ১৯৪৭ চনৰ ২৯ আগষ্টতত।
১৮/ প্ৰস্তাৱনাত থকা গুৰুত্ৱপূৰ্ণ শব্দ কেইটা ?
উত্তৰঃ ৫টা।
১৯/ কিমান চনত ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল ?
উত্তৰঃ ১৯৩৫ চনত।
২০/ ভাৰতৰ সংবিধানখন কিমান চনৰ কিমান তাৰিখে বলৱৎ কৰা হয় ?
উত্তৰঃ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে।
Type by- Subhas Nath