অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ
অধ্য়ায় ৩
১/ এই বিদ্ৰোহ কিমান চনৰ পৰা চলিছিল?
উত্তৰঃ ১৮৮১-৮২ৰ এবছৰ কাল ধৰি এই বিদ্ৰোহ চলিছিল।
২/ কিমান তাৰিখে মিৰাটত বিদ্ৰোহ ঘোষণা কৰিছিল?
উত্তৰঃ ১৮৫৭ চনৰ ১০ মে তাৰিখে মিৰাটত বিদ্ৰোহ ঘোষণা কৰিছিল।
৩/ মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক কিমান তাৰিখে ফাঁচী দিয়া হৈছিল?
উত্তৰঃ ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত যোৰহাট কাৰাগাৰত দুয়োজনকে ৰাজহুৱাকৈ ফাঁচী দিয়া হৈছিল।
৪/ মণিৰাম দেৱান কি নামেৰে পৰিচিত?
উত্তৰঃ মণিৰাম বৰভাণ্ডাৰ বৰুৱাই মণিৰাম দেৱান নামেৰে পৰিচিত।
৫/ জয়ন্তীয়া ৰাজ্য কিমান চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰপৰা ইংৰাজৰ হাতলৈ যায়?
উত্তৰঃ জয়ন্তীয়া ৰাজ্য ১৮৩৫ চনত ৰজা ৰাজেন্দ্ৰ সিঙৰ হাতৰপৰা ইংৰাজৰ হাতলৈ যায়।
৬/ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ উল্লেখ কৰা?
উত্তৰঃ অসমৰ ১৮৫৭ চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ তলত আলোচনা কৰা হল –
(১) অসমৰ বিদ্ৰোহীসকলৰ সংখ্যা অতি তাকৰিয়া আছিল। মণিৰাম দেৱানৰ সমৰ্থকসকল যোৰহাট আৰু শিৱসাগৰতে সীমাবদ্ধ আছিল। নগাঁও, কামৰূপ আৰু গুৱাহাটীত বিশেষ সমৰ্থন লাভ কৰা নাছিল।
(২) বিদ্ৰোহৰ নেতাসকলৰ সময় জ্ঞান নাছিল কিয়নো তেওঁলোকে প্ৰস্ততি সম্পূৰ্ণ কৰিও সময়ত কাৰ্যকৰী কৰা নাছিল। যাৰ ফলত ইংৰাজ চৰকাৰে প্ৰতিৰক্ষাৰ প্ৰস্ততিৰ বাবে যথেষ্ট সময় লাভ কৰিছিল।
(৩)বিদ্ৰোহৰ মুখ্য সংগঠক মণিৰাম দেৱান বিদ্ৰোহস্থলীৰপৰা বহু যোজন দূৰৈত অৱস্থান কৰিছিল। সেই সময়ৰ পৰিপ্ৰেক্ষিতত কলিকতা অসমৰপৰা বহু দূৰৈত আছিল আৰু তাৰপৰা চিঠি-পত্ৰৰ যোগেদি বা আদেশ পঠিয়াই বিদ্ৰোহ পৰিচালিত কৰাটো বাস্তৱসন্মত নাছিল। মণিৰাম দেৱান যিমান সোনকালে পাৰে কলিকতাৰ পৰা উভতি আহিব লাগিছিল। প্ৰশাসনিক অভিজ্ঞতা থাকিলেও বিদ্ৰোহৰ নেতৃত্বৰ বাবে প্ৰয়োজনীয় দক্ষতা দেৱানৰ নাছিল। বিদ্ৰোহৰ নেতৃত্ব দিয়াজনে প্ৰতিপক্ষক দুৰ্বল বুলি অৱজ্ঞা কৰা বা ক্ষমতা তথা বুদ্ধিমত্তাক হেয়জ্ঞান কৰিলে কি পৰিণাম হয় মণিৰাম দেৱান তাৰ এটি উৎকৃষ্ট নিদৰ্শন আছিল।
(৪) সমাজৰ প্ৰতিটো শ্ৰেণীৰ মানুহকে বিদ্ৰোহত জড়িত কৰিবলৈ মণিৰাম দেৱান তথা তেখেতৰ সহযোগীসকলে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। নগাঁও আৰু গুৱাহাটীত অসমৰ নতুন মধ্যবিত্ত শ্ৰেণীৰ লোকসকল বিদ্ৰোহৰ প্ৰতি অলপো সহানুভূতিশীল নাছিল। সেই সময়ত নতুনকৈ বিকশিত হৈ উঠা মধ্যবিত্ত অসমীয়া বুদ্ধিজীৱী শ্ৰেণীৰ লোকসকলে বাঙালী মধ্যবিত্ত শ্ৰেণীৰ জীৱনধাৰাৰ প্ৰতিহে বেছি আকৰ্ষিত হৈছিল। পুৰণি আহোম ৰাজতান্ত্ৰিক শাসন ব্যৱস্থাৰ অধীনলৈ পুনৰাই উভতি যোৱাৰ কোনো ইচ্ছা তেওঁলোকৰ নাছিল। গতিকে ১৮৫৭ চনৰ বিদ্ৰোহত অসমৰ এই শ্ৰেণীৰ লোকে কোনো সমৰ্থন বা সহানুভূতি প্ৰদৰ্শন কৰা নাছিল। ফলত অসমত বিদ্ৰোহৰ বুৰবুৰণিহে হৈছিল, বিস্ফোৰণ ঘটিবলৈ পোৱা নাছিল।
(৫) অসমৰ বিদ্ৰোহীসকলে তেওঁলোকৰ কাৰ্যপন্থাৰ গোপনীয়তা ৰক্ষা কৰাত ব্যৰ্থ হৈছিল। ফলস্বৰূপে সমগ্ৰ পৰিকল্পনা ব্ৰিটিছ চৰকাৰৰ অৱগত হৈছিল আৰু বিদ্ৰোহ নিৰ্মূল কৰাত চৰকাৰ সফল হৈছিল।
(৬) অসমৰ বিদ্ৰোহীসকলে প্ৰয়োজন অনুযায়ী অস্ত্ৰ-শস্ত্ৰৰ যোান পোৱা নাছিল। মণিৰাম দেৱানে যদিও অস্ত্ৰৰ যোগান দিয়াৰ কথা আছিল, কিন্ত তাৰ আগতেই তেওঁ ধৰা পৰিছিল।
(৭) ভাৰতবৰ্ষৰ অন্যান্য প্ৰান্তৰ দৰে অসমতো ব্ৰিটিছ সৈন্য বাহিনীত থকা ভাৰতীয় সৈন্যই মূল চালিকাশক্তি হিচাপে বিদ্ৰোহত অংশ লোৱা নাছিল। অসমৰ বিদ্ৰোহীসকলে মিৰাট, দিল্লী, লক্ষ্নৌ আদিৰ দৰে চিপাহীসকলৰ সমৰ্থন আদায় কৰিব পৰা নাছিল।
৭/ ১৮৫৭ চনৰ বিদ্ৰোহৰ গুৰুত্বসমূহ আলোচনা কৰা?
উত্তৰঃ ১৮৫৭ চনৰ বিদ্ৰোহ যদিও ব্ৰিটিছ চৰকাৰে কঠোৰ হাতেৰে দমন কৰিবলৈ সক্ষম হৈছিল, অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে এক সৰ্বভাৰতীয় ঐতিহাসিক ঘটনাৰ লগত অসন জড়িত হৈছিল।
দ্বিতীয়তে, ১৮৬১ চনৰ পৰা অসমত আৰম্ভ হোৱা কৃষক বিদ্ৰোহসমূহ ১৮৫৭ চনৰ বিদ্ৰোহৰদ্বাৰা কিছু পৰিমাণে অনুপ্ৰাণিত হৈছিল।
তৃতীয়তে, অসমতো হিন্দু আৰু মুছলমান এই দুটা প্ৰধান সম্প্ৰদায়ে একগোট হৈ বিদ্ৰোহত অংশগ্ৰহণ কৰি জাতীয়তাবোধৰ বিকাশত ইন্ধন যোগাইছিল।
১৮৫৭ চনৰ বিদ্ৰোহৰপৰা ভাৰতীয় স্বাধীনতা আন্দোলনৰ অন্যান্য সংগ্ৰামীৰ দৰে অসমীয়া সংগ্ৰামীসকলেও মণিৰাম দেৱান তথা সহযোগীসকলৰ কৰ্মৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল।
৮/ ফুলগুৰি ধাৱাৰ গুৰুত্বসমূহ আলোচনা কৰা?
উত্তৰঃ প্ৰথমতেই ফুলগুৰি কৃষক বিদ্ৰহত ঘাইকৈ লালুং (তিৱা) জনজাতি আৰু মাছমৰীয়া সম্প্ৰদায়ৰ আন্তৰিক যোগদানে আদায় কৰিবলৈ সক্ষম হৈছিল। কিয়নো মাটিৰ খাজনা বৃদ্ধিৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা শিক্ষিত আৰু আঢ্য়ৱন্ত অসমীয়া মধ্যবিত্ত শ্ৰেণী, ব্য়ৱসায়ী, মৌজাদাৰ কিছুমানে পৰোক্ষভাৱে হলেও বিদ্ৰোহীসকলক সহায়-সমৰ্থন কৰিছিল। তদানীন্তন অসমৰ কমিছনাৰ হপ্কিনছনে স্বীকাৰ কৰিছিল যে তেজপুৰৰ দ্বিতীয় লাইট ইনফেণ্ট্ৰিৰ ৫০ জন সৈন্য আৰু গুৱাহাটীৰ ৮০ জন সৈন্য আনি বিদ্ৰোহটো দমন নকৰা হলে বিদ্ৰোহটো সম্প্ৰসাৰিত হৈ গৈ থাকিলহেঁতেন। সেই অৱস্থাত ইয়াক দমন কৰাটো কঠিন হলহেঁতেন। সামগ্ৰিকভাৱে এই বিদ্ৰোহ সফল হৈছিল বুলি কব পাৰি, কিয়নো বিদ্ৰোহৰ পিছত চৰকাৰে আৰু কেতিয়াও তামোল-পাণ খেতিৰ ওপৰত কৰ বহুওৱা নাছিল।
দ্বিতীয়তে, ফুলগুৰি বিদ্ৰোহ ব্ৰিটিছ সাম্ৰাজ্যবাদৰ কৱলৰপৰা মুক্ত হোৱা সাধাৰণ জনগণৰ প্ৰয়াসৰ এক নিদৰ্শন আছিল। ১৮৫৭-৫৮ চনৰ বিদ্ৰোহত অসমৰ আহোমৰ ৰাজতন্ত্ৰৰ অধীনৰ অভিজাত শ্ৰেণীৰ কিছু লোক যিসকলে ব্ৰিটিছ শাসনৰ অধীনত আগৰ সা-সুবিধাৰপৰা বঞ্চিত হৈছিল তেওঁলোকে বিদ্ৰোহত যোগ দিছিল।
তৃতীয়তে, ফুলগুৰিৰ কৃষক বিদ্ৰোহে অসমৰ অন্যান্য় অঞ্চলৰ কৃষকসকলকো তেওঁলোকৰ দুৰ্দশাৰ কথা সাংগঠনিকভাৱে ভাবিবলৈ অনুপ্ৰেৰণা যোগাইছিল। ইয়াৰ কিছু বছৰৰ পিছতে সেয়েহে দৰং আৰু কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ কৃষকে ব্ৰিটিছ চৰকাৰৰ শোষণ তথা বঞ্চনাৰ বিদ্ৰোহ ঘোষণা কৰি এলানি কৃষক বিদ্ৰোহৰ সূচনা কৰিছিল।
৯/ ৰঙিয়া কৃষক বিদ্ৰোহ কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৮৯৩ চনৰ ২৪ ডিচেম্বৰৰ দিনাখন ৰঙিয়া বজাৰ লুট-পাতেৰে কৃষক বিদ্ৰোহৰ আৰম্ভণি হয়।
১০/ ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতিসমূহ কি কি?
উত্তৰঃ ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতিসমূহ যেনে – লৰ্ড ওৱেলেচ্লিৰ বশ্যতামূলক মিত্ৰতা নীতি, লৰ্ড ডেলহাউচীৰ স্বত্ববিলোপ নীতি আদিয়ে বিভিন্ন ভাৰতীয় ৰাজ্যক ব্ৰিটিছৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল।
১১/ উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল কত আছিল?
উত্তৰঃ উত্তৰ কাছাৰৰ বিদ্ৰোহৰ কেন্দ্ৰস্থল আছিল মাইবং।
১২/ ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতিসমূহ কি কি?
উত্তৰঃ ব্ৰিটিছ সাম্ৰাজ্যবাদী নীতিসমূহ যেনে – লৰ্ড ওৱেলেচ্লিৰ বশ্যতামূলক মিত্ৰতা নীতি, লৰ্ড ডেলহাউচীৰ স্বত্ববিলোপ নীতি আদিয়ে বিভিন্ন ভাৰতীয় ৰাজ্যক ব্ৰিটিছৰ সাম্ৰাজ্যত অন্তৰ্ভুক্ত কৰিছিল।
১৩/ মণিপুৰৰ ৰজা কোন আছিল?
উত্তৰঃ মণিপুৰৰ ৰজা কুলচন্দ্ৰ আছিল।
১৪/ মণিৰাম দেৱানে কিমান চনত নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল?
উত্তৰঃ মণিৰাম দেৱানে ১৮৪৪ চনত নিজেই যোৰহাটত চাহ বাগিচা খুলিছিল।
Type – Boby Bora
Post ID: DABP004800