পৃথিৱীৰ ভূগোল
অধ্য়ায় ৩
১) পৃথিৱীত সৰ্মুবঠ কিমানখন দেশ আছে ?
উত্তৰঃপৃথিৱীত সৰ্মুবঠ ১৯৭খন দেশ আছে ।
২) মহাদেশসমূহৰ ভিতৰত কোনখন মহাদেশ সৰ্ববৃহৎ ?
উত্তৰ ঃ মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশখন সৰ্ববৃহৎ ।
৩) মহাসাগৰসমূহৰ ভিতৰত কোনখন মহাসাগৰ সৰ্ববৃহৎ ?
উত্তৰ ঃ মহাসাগৰসমূহৰ ভিতৰত প্ৰশান্ত মহাসাগৰ সৰ্ববৃহৎ ।
৪) ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংস্যা কিমান ?
উত্তৰ ঃ ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংস্যা ৭৩০ কোটি বা ৭.৩ মহানিযুত।
৫) জনমণ্ডল কাক বোলে ?
উত্তৰ ঃ ভূ-পৃষ্ঠৰ সাগৰ-মহাসাগৰকে ধৰি নদ-নদী, হ্ৰদ আদিৰ পানীৰে আগুৰি তকা বৃহৎ অংশকে জলমণ্ডল বুলি কোৱা হয় ।
৬) স্থলমণ্ডন কাক বোলে ?
উত্তৰ ঃ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা ভূ-পৃষ্ঠৰ আন এটা বৃহৎ অংশক স্থলমণ্ডল বুলি কোৱা হয় ।
৭) এছিয়া মহাদেশত কিমানখন দেশ আছে ?
উত্তৰ ঃ এছিয়া মহাদেশত ৫১খন দেশ আছে।
৮) প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰঃ প্ৰশান্ত মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৫০০০ মিটাৰ ।
৯) পৃথিৱীৰ মুঠ মাটিকালি কিমান?
উত্তৰ ঃ পৃথিৱীৰ মুঠ মাটিকালি প্ৰায় ৫১০ নিযুত বৰ্গ কিলোমিটাৰ ।
১০) আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা কিমান ?
উত্তৰ ঃ আটলাণ্টিক মহাসাগৰৰ গড় গভীৰতা প্ৰায় ৩০০০ মিটাৰ।
১১) গড় হিচাপে মহাসাগৰৰ গভীৰতা কিমান ?
উত্তৰ ঃ গড় হিচাপে মহাসাগৰৰ গভীৰতা প্ৰায় ৪০০০মিটাৰ ।
১২) আটাইতকৈ জনবহুল দেশ কোনখন ?
উত্তৰ ঃ আটাইতকৈ জনবহুল দেশ হ’ল চীন ।
১৩) আফ্ৰিকা মহাদেশত মুঠতে কিমান খন দেশ আছে?
উত্তৰঃ আফ্ৰিকা মহাদেশত মুঠতে ৫৩খন দেশ আছে।
১৪) আটাইতকৈ কম জনসংখ্যা থকা দেশ কোনখন ?
উত্তৰঃ আটাইতকৈ কম জনসংখ্যা থকা দেশ খন হ’ল ভেটিকান চিটি।
১৫) পৃথিৱীৰ কিমান শতাংশ স্থলভাগ আৰু কিমান শতাংশ জলভাগে আৱৰি আছে ?
উত্তৰ ঃ পৃথিৱীৰ ২৯ শতাংশ স্থলভাগ আৰু ৭১ শতাংশ জলভাগে আৱৰি আছে।
১৬) ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰ ঃ ২০১৫ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি পৃথিৱীৰ মুঠ জনসংখ্যা হ’ল ৭৩০ কোটি ।
১৭) টেথিছ সাগৰ বুলিলে কি বুজা ?
উত্তৰ ঃ কিছুকাল অতিক্ৰম কৰাৰ পিছত পেঞ্জিয়াৰ প্ৰায় সোঁমাজেৰে পূবা-পশ্চিমাকৈ এটা সংকীৰ্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল । ইয়াকে টেথিছ সাগৰ বোলে ।
১৮) পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় কিমান শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে ?
উত্তৰ ঃ পৃথিৱীৰ মুঠ জনসংখ্যাৰ প্ৰায় ৯০ শতাংশই উত্তৰ গোলাৰ্ধত বাস কৰে।
১৯) ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা কিমান ?
উত্তৰ ঃ ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি দক্ষিণ আমেৰিকা মহাদেশৰ মুঠ জনসংখ্যা ৪০৭ নিযুত।
২০) সমগ্ৰ বিশ্বত মুঠতে কিমান খন দেশ আছে ?
উত্তৰঃ সমগ্ৰ বিশ্বত মুঠতে ১৯৭ খন দেশ আছে।
Type : Dimpi Bora
Post ID :DABP005789